শাহু আৰু বোৱাৰীঃ এক বদনামী সম্বন্ধ

শাহু আৰু বোৱাৰীঃ এক বদনামী সম্বন্ধ

 

ৰীতা দত্ত ফুকন, মাজুলী

নাৰীৰ হেনো ন টা অৱতাৰ । ৰাতিপূৱাৰ ব্যস্ত সময়খিনিত নাৰী হৈ পৰে অষ্টভূজা, ৰান্ধি-বাঢ়ি খুওৱাৰ সময়ত অন্নপূৰ্ণা, সন্তানৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত সৰস্বতী, মিতব্যয়ীতাৰে খৰচ ৰাহী কৰাৰ সময়ত লক্ষ্মী, পৰিয়ালৰ আপদৰ সময়ত পাৰ্বতী, হাতত বাঢ়নী লৈ ঘৰ সৰাৰ সময়ত দুৰ্গা, পতিয়ে নকৰিবলগীয়া বজাৰ কৰাৰ সময়ত মহাকালি, পতিৰ দ্বাৰা নিজ পিতৃ-মাতৃ সমালোচিত হ’লে ৰণচণ্ডী, পৰনাৰীৰ ফালে চোৱা পতিৰ ক্ষেত্ৰত মহিষমৰ্দিনী আৰু পৰনাৰীৰ প্ৰেমত পৰা পতিৰ বাবে চামুণ্ডা । এয়া কোনোবা ৰসিকৰ ৰস উদ্ৰেককাৰী বাখ্যা হ’লেও নাৰীৰ জীৱন কিন্তু সঁচাকৈয়ে বিচিত্ৰ অৱস্থাৰে সমাহিত । সাধাৰণ শিশুৰ দৰেই জন্মলাভ কৰা নাৰীয়ে কন্যাকাল প্ৰাপ্তিৰ পিছত লাভ কৰে গাভৰু জীৱন । তেতিয়া তেওঁলোক কাৰোবাৰ ভনী, কাৰোবাৰ প্ৰেমিকা । তাৰ পিছতে এদিন পিতৃপ্ৰধান সমাজ ব্যৱস্থাৰ ৰীতি শিৰোধাৰ্য কৰি এদিন ওলাই যায় কাৰোবাৰ পত্নী হৈ, কাৰোবাৰ বোৱাৰী হৈ । স্বামীগৃহৰ সকলো অঙহী-বঙহীৰ বাবে ভিন ভিন সম্বোধনৰ পাত্ৰী হৈ পৰে । গঢ়ি উঠে জীৱনৰ নতুন ভেটি । হোমৰ গুৰিত কুশ বন ছিঙি জন্মগৃহৰ সকলো সম্বন্ধ ছেদ কৰাৰ পিছত স্বামীগৃহই হৈ পৰে নিজৰ আপোন ঘৰ । পিছে স্বামীগৃহত বোৱাৰীৰ বাবে ৰৈ থাকে নাৰীৰেই আন এটা ৰূপ শাহুআই ।

কোৱা হয়, নাৰীৰ আটাইতকৈ জটিল সম্বন্ধটোৱেই হৈছে শাহু আৰু বোৱাৰীৰ মাজৰ সম্বন্ধটো । যদিও এগৰাকী নাৰীয়েই জীৱন চক্ৰত বোৱাৰীৰ পৰা শাহুৰ ৰূপ লয় তথাপি দুগৰাকী ভিন্ন বয়সৰ, ভিন্ন কালখণ্ডৰ নাৰীৰ মাজত গঢ়ি উঠা সম্বন্ধটোৱেই হৈছে শাহু- বোৱাৰী । আমাৰ সমাজত চিৰাচৰিতভাবে চলি আহিছে শাহু আৰু বোৱাৰীৰ মাজৰ দ্বন্দ্ব, সংঘাট । এই দ্বন্দ্ব অথবা সংঘাটৰ মূল কাৰণ কি বাৰু ? বহুতৰে মতে এয়া অধিকাৰৰ যুঁজ; এগৰাকীৰ অধিকাৰ সাব্যস্ত কৰাৰ আৰু আন এগৰাকীৰ অধিকাৰ ৰক্ষাৰ । নতুনকৈ ঘৰ এখনত প্ৰৱেশ কৰা বোৱাৰীগৰাকীৰ অন্তৰত অধিকাৰ সাব্যস্ত কৰাৰ গোপন অভিলাস এটা চলি থকাৰ বিপৰীতে শাহুগৰাকীৰ অন্তৰত চলি থাকে কৰ্তৃত্ব হেৰুওৱাৰ আতংক । ইয়াৰ সমাধান আছেনে ?
নিশ্চয় আছে । তাৰ বাবে লাগিব মাথোডুয়োপক্ষৰ পৰা পাৰিবাৰিক দায়িত্ববোধ, যোগাত্মক মানসিকতা ।

শাহুআইৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বোৱাৰীসকলে এই কেইটা টিপছ মানি চলিব পাৰে:

১/ শাহুআইক নিজৰ মাৰ দৰে সন্মান কৰক আৰু তেওঁৰ ৰায়ক গুৰুত্ব দিয়ক।
২/ তেওঁৰ বাবে সময় উলিয়াওক আৰু প্ৰয়োজনত সহায় কৰক ।
৩) তেওঁৰ লগত মুকলি মনেৰে কথাৰ আদান প্ৰদান কৰক আৰু সজ আচৰণ প্ৰকাশ কৰক।
৪/ তেওঁৰ পছন্দ-অপছন্দবোৰ বুজিবলৈ প্ৰয়াস কৰক আৰু আন্তৰিকতা গঢ়ি তোলক ।
৫/ তেওঁক ভাল পাওঁক, সমৰ্থন কৰক, আৰু তেওঁৰ লগত সময় কটাওক ।
৬) তেওঁ ফলো কৰা পৰম্পৰা আৰু সংস্কৃতিক বুজিবলৈ যত্ন কৰক আৰু সন্মান কৰক।
৭) তেওঁৰ প্ৰতি সহানুভূতিশীল হওক তথা কথা- কামেৰে আৰু আচৰণেৰে ভৱিষ্যতে সুখে দুখে যে আপুনি তেওঁৰ লগত সদায় থাকিব তাৰ ভৰসা দিয়ক ।
৮) কাৰ্যক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহ তেওঁৰ সৈতে একেলগে আলোচনা কৰি বুজিবলৈ আৰু সমাধান বিচাৰিবলৈ যত্ন কৰক ।
৯) কোনো কাম তেওঁৰ অজ্ঞাতে নকৰিব ।
১০) তেওঁৰ স্বাধীনতা আৰু স্বাভিমানক আদৰ কৰক ।

একেদৰে বোৱাৰীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ শাহুআইগৰাকীয়েও উক্ত টিপচকেইটা অনুকৰণ কৰিব পাৰে । তাৰ বাহিৰেও তলৰ কথাখিনি মনত ৰাখকঃ

১)নিজৰ ওপজা ঘৰখন, আত্মীয়-স্বজন- সকলো ত্যাগ কৰি আহি নতুন ঘৰ এখনত বোৱাৰী এগৰাকী যথেষ্ট মানসিক চাপ আৰু দোমোজাত থকাটোৱে স্বাভাৱিক । এনেক্ষেত্ৰত তেওঁৰ বাবে অনুকুল পৰিৱেশ এটা গঢ়ি তোলাৰ এশ শতাংশ দায়িত্বই হৈছে শাহুগৰাকীৰ ।
২) বোৱাৰীগৰাকীক কাৰো সৈতে তুলনামূলক বিচাৰ কৰি ডাউন নিদিব ।
৩) আনৰ আগত বোৱাৰীৰ বিষয়ে ভাল বেয়া আলোচনা কৰাৰ পৰা বিৰত থাকক ।
৪) কোনো কামত হকা বাধা কৰিবলৈ গৈ অহেতুকভাবে কৰ্তৃত্ব প্ৰয়োগ নকৰিব ।
৫) বোৱাৰী হৈ অহাৰ দিনাৰ পৰাই যে তেও ঘৰখনৰ মান-মৰ্যাদাৰ সৈতে জড়িত হৈ পৰিল সেই কথা উপলব্ধি কৰাওক ।
৬) লাহে লাহে উপযাচি ঘৰখনৰ দায়িত্ব অৰ্পণ কৰি গৈ থাকক । কোনো কাৰণতে যেন তেওঁ নিজকে এলাগি বা ‘লোকৰ মানুহ’ বুলি ভাবিব লগা নহয় তাৰ বাবে সচেতন হওক ।
৭) পুত্ৰ বোৱাৰীৰ নিবিড় মুহূৰ্তবোৰৰ পৰা নিজক কৌশলেৰে আঁতৰাই ৰাখক । আপোনাৰ উপস্থিতিয়ে যেন তেওঁলোকৰ ‘নতুন জীৱনৰ মাদকতা’ত কোনো বাধাৰ সৃষ্টি নকৰে তাৰ বাবে সচেতন থাকক ।
৮) আপুনিও এদিন ঘৰখনলৈ বোৱাৰী হৈ আহিছিল । তেতিয়া শাহুৰ পৰা আপুনি কেনে ব্যৱহাৰ কামনা কৰিছিল তাক মনত পেলাওক আৰু সেইমতে আগবাঢ়ক ।
৯)সকলো ক্ষেত্ৰতে বোৱাৰীৰ পক্ষত অৱস্থান লওক, কিন্তু দোষণীয় কিবা থাকিলে তাক পিছত মাতৃৰ মমতাৰে বুজাই দিয়ক ।
১০) কোনো কথাত ক্ষেদ ব্যক্ত কৰা, সততে আদেশ-নিৰ্দেশ কৰা আদিৰ পৰা বিৰত থাকক । বোৱাৰীৰ ওপৰত নিৰ্ভৰশীল হোৱাতকৈ তেওঁৰ ব্যস্ততাৰ প্ৰতি সমভাগি হৈ নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰক ।

কোৱা হয়, কম কথা কোৱা চিন্তাশীল লোকৰ শত্ৰু কম । গতিকে যিমানেই যি নহওক, টিপচ মুখস্তৰাখি কেতিয়াও ব্যৱহাৰিক জীৱনত চলিব নোৱাৰি যদিহে তাক হৃদয়েৰে উপলব্ধি কৰিব পৰা নাযায় । শাহু-বোৱাৰী দুয়োগৰাকীয়েই পৰস্পৰৰ প্ৰতি আত্মীয়তাৰ অনুভৱেৰে বান্ধ খোৱাৰ পিছত স্বতঃস্ফুৰ্তভাৱে সম্বন্ধ মধুৰ হ’ব । কিঞ্চিৎমান এৰাধৰা কৰিয়েই এই বদনামী সম্বন্ধটোক আমি মাতৃ-কন্যাৰ সম্বন্ধেৰে মহত্ব প্ৰদান কৰিব পাৰো ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *