ইয়াত কেতিয়াও এটা কবিতা নাছিল
———————————
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক’তো প্ৰেম হোৱা নাছিল
ইয়াত ৰং আছিল– ফাগুন
ইয়াত ফুলি আছিল–চিঙ্গি আপ্পুন
ইয়াত–লৃগাঙৰ গুমৰাগ
ঐনিতমৰ ওঁঠে ওঁঠে নামি অহা
পুৰাঙ আৰু আপঙৰ সমুদ্ৰ ৰাগী
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক’তো প্ৰেম হোৱা নাছিল
ইয়াত –গছে হাত-ভৰি মেলি দিছিল
ইয়াত –পকা পাতবোৰ ডাল এৰি
এটি এটিকৈ সৰি আছিল
ইয়াত– ধূলিয়ৰী বাটে
খোজবোৰ হেৰুৱাই আছিল
হেৰুৱাই আছিল জেকা মাটি আৰু
কেচু-কুমটিৰ কেচেমা গোন্ধ
হেৰুৱাই আছিল ঝিলিৰ মাত
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক’তো প্ৰেম হোৱা নাছিল
ইয়াত নাছিল শাওঁনৰ চোকা ৰ’দ
ফুলা নাছিল খৰিকাজাঁই-আমোলমোলাই
শীতৰ হিমবাহ খহাই
বুকু আৰু আঁঠু
কঁপি উঠা নাছিল
ইয়াত–সেউজ সম্ভাৱনা আছিল
আছিল বসন্তৰ অধীৰ অপেক্ষা।
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক’তো প্ৰেম হোৱা নাছিল।