ডিমৰু আৰু খেজুৰৰ আইচক্ৰীম চেণ্ডউইচ
উপকৰণ:
হুইপড ক্ৰীম (Whipped Cream) ১ কাপ, গাখীৰ/ফ্ৰেছ ক্ৰীম ১ কাপ, খেজুৰ ১০-১২, ডিমৰু (Fig) ৮-১০ টা, পাওদাৰ গাখীৰ ১/৪ কাপ।
পদ্ধতিঃ
হুইপড ক্ৰীমখিনি মিক্সাৰ বাটি এটাত লৈ ১০ৰ পৰা ১৫ মিনিট ফ্ৰীজত থৈ দিব। খেজুৰৰ গুটি উলিয়াই পৰিষ্কাৰ পানীত ধুই ল’ব। ডিমৰুবোৰ বাকলি গুচাই গ্ৰেট কৰি লওক। এতিয়া ব্লেণ্ডাৰত কিছুপৰিমাণৰ খেজুৰ আৰু ডিমৰু লৈ পেষ্ট বনাওক। আন এটা বাটিত ঠাণ্ডা হোৱা ক্ৰীমখিনি হুইপ কৰি লওক। পাওদাৰ গাখীৰ, গাখীৰ/ফ্ৰেছ ক্ৰীম এবিধ এবিধকৈ আৰু শেষত খেজুৰ আৰু ডিমৰুৰ পেষ্টখিনি দি আৰু এবাৰ বিট কৰক। তাৰ পিছত বাকী থকা খেজুৰ আৰু ডিমৰুৰ লগত ভালদৰে মিহলাই লওক। এতিয়া গোটেই মিশ্ৰণটো এয়াৰ টাইট বাটি এটাত লৈ ফ্ৰীজত ১০ মিনিট ৰাখিব। ঠাণ্ডা কৰি পৰিবেশন কৰক।
চয়াবিনৰ জুতি
উপকৰণ:
চয়াবিন (গুড়ি কৰি লোৱা) ১ বাটি, ঘিউ ১ চামুচ, গাখীৰ ১ কাপ, খিৰ ২ চামুচ, চেনি ২ চামুচ, চাউলৰ গুড়ি ১ চামুচ, কেশৰ (গাখীৰত তিয়াই লোৱা) ১/২ চামুচ। সজাবৰ বাবে: কাজু গুড়ি ১ চামুচ, কিচমিচৰ গুটি ১০-১২ চামুচ।
পদ্ধতিঃ
প্ৰথমে চয়াবিনৰ গুড়ি, গাখীৰ আৰু ঘিউ এটা কেৰাহীত দি লৰাই থাকিব । উতলিবলৈ আৰম্ভ কৰিলে গাখীৰখিনি দিব। ডাঠ হ’লে চেনি আৰু চাউলৰ গুড়িখিনি দি ভালদৰে লাৰি দিব। ইয়াৰ পিছত গাখীৰত তিয়াই থোৱা কেশৰখনি দিব। ওপৰত কাজু গুড়ি আৰু কিচমিচ ছটিয়াই পৰিবেশন কৰক।
পালেঙৰ জুতি
উপকৰণ :
পালেং ১ মুঠা, ক্ষীৰ ২০০ গ্ৰাম, চানা ১০০ গ্ৰাম, চেনি ৫০ গ্ৰাম, জাইফল অলপ, ঘী ২ চামুচ, পিষ্টা আৰু কাজু বাদাম অলপ।
পদ্ধতিঃ
পালেংখিনি ভালদৰে কুহুমীয়া পানীৰে ধুই লওক। তাৰ পিছত বৰফজলৰ সৈতে মিক্সিত দি মিহিকৈ পেষ্ট বনাব। কেৰাহীত সামান্য পৰিমাণৰ ঘিউ দিব। পেষ্টখিনি তাতে দি লৰাই থাকিব। ডাঠ হ’লে তাত জাইফলৰ গুড়ি, চানা, ক্ষীৰ আৰু সোৱাদ অনুসৰি চেনি ঢালি দিয়ক। তাৰ পিছত ডাঠ হ’লে প্লেট এখনত ঘিউ লৈ তাত এই মিশ্ৰণটো ৰাখক । পচন্দৰ আকৃতিত কাটি পিষ্টা আৰু কাজুৰে সজাই পৰিবেশন কৰক।
পাণৰ জুতি
উপকৰণঃ
পাণৰ ৩ খিলা, চাউলৰ গুড়ি ১ বাটি, ময়দা ১ বাটি, চুজি ১/২ বাটি, ক্ষীৰ ১ বাটি, গুলকাণ্ড ১/২ বাটি, ইলাচি গুড়ি ১/২ চামুচ, প্ৰয়োজন অনুসৰি পানী, মাখন ২-৩ চামুচ ।
পদ্ধতিঃ
প্ৰথমে এটা বাটিত ২০ মিলিলিটাৰ পানী লৈ পাণকেইখিলা পিহি তাৰ ৰস উলিয়াব। এতিয়া কেৰাহীত ১ চামুচ মাখন দিব। তাৰপিছত ক্ষীৰখিনি দিব । অলপ সময় লৰোৱাৰ পিছত কোমল হ’লে গুলকাণ্ড দিব। ভালদৰে মিহলাই অভেনৰ পৰা উলিয়াই থ’ব। তাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত চাউলৰ গুড়ি, ময়দা, চুজি, পাণৰ ৰসখিনি আৰু প্ৰয়োজন অনুসৰি পানী মিহলাই মধ্যমীয়া ঘনত্বৰ বাটাৰ বনাব। পোন্ধৰ মিনিট ৰাখিব। এতিয়া ননষ্টিক কেৰাহীত অলপ মাখন দিব। তাত বাটাৰ (প্ৰায় ৩ চামুচ) ঢালি দিব আৰু গোটেই কেৰাহীৰ তলিত সমানে বিস্তাৰিত কৰি বহলাই দিব। অলপ পিছত এফালৰ পৰা গুলকান্দ- ক্ষীৰৰ মিশ্ৰণ অলপ দি ৰোল কৰি ল’ব। কেৰাহীৰ পৰা উলিয়াই গৰমে গৰমে পৰিবেশন কৰক।
মালভা পুডিং
উপকৰণ:
পুডিং বনাবলৈ: ময়দা ১ কাপ, চেনি ১ কাপ, বেকিং চোডা ১ চামুচ, ৰুচি অনুসৰি নিমখ, ৩টা কণী, এপ্ৰিকোট বা কমলা জাম ১ চামুচ, ভিনেগাৰ ১ চামুচ, গাখীৰ ১ কাপ।
চচ বনাবলৈ: হেভি ক্ৰীম ১ কাপ, চেনি ১ কাপ, মাখন ১/২ কাপ, গৰম পানী ১/২ কাপ, ভেনিলা নিৰ্যাস ১ চামুচ।
পদ্ধতিঃ
প্ৰথমে এটা বাটিত ময়দা, চেনি, বেকিং চোডা আৰু এচিকুট নিমখ একেলগে ভালকৈ সানি লওক। আন এটা বাটিত তিনিটা কণী বিট কৰি লওক। তাৰ সৈতে এপ্ৰিকোট বা কমলাৰ জাম, ভিনেগাৰ আৰু গাখীৰখিনি মিহলাওক । তাৰ পিছত দুয়োটা পাত্ৰৰ মিশ্ৰণখিনি একেলগ কৰি ভালদৰে মিহলাই লওক। এতিয়া কেৰাহী গৰম কৰক। তাতে ষ্টেণ্ডৰ সহায়ত বেকিং ডিচ এটা ৰাখক। বেকিং ডিচত বেটাৰ ঢালি দি কেৰাহীখন ঢাকি দিব। কম জুইত ৩০-৪০ মিনিট বেক কৰক, যেতিয়ালৈকে পুডিংটো লাহে লাহে ব্ৰাউন নহয়। আনহাতে, এটা চচপেনত চচৰ সকলো উপাদান ভালদৰে একেলগে মিহলাই লওক, যেতিয়ালৈকে চেনি সম্পূৰ্ণৰূপে দ্ৰৱীভূত নহয়। এতিয়া পুডিং বেক হ’লে ওপৰত চচ ঢালি অলপ সময় ৰাখিব। ভেনিলা আইচক্ৰীমৰ স্কুপেৰে সজাই পৰিবেশন কৰক।