✍️ বৰষা কাশ্যপ
মোবাইল ফোনৰ পৰা আৰম্ভ কৰি লেপটপলৈকে আমি সকলোৱে এতিয়া ভাৰ্চুৱেল জগতৰ সৈতি জড়িত হৈ পৰিছো । সকলো ক্ষেত্ৰতে ভাল আৰু বেয়া- দুয়োটাই থকাৰ দৰে ভাৰ্চুৱেল জগতখনতো আছে । আজিকালি আমি প্ৰায়ে শুনো চাইবাৰ ক্ৰাইমৰ কথা । চাইবাৰ অপৰাধীসকলে সুবিধা বুজি নানা জঘন্য কাৰ্য কৰি অহা কথা আমি সকলোৱে জানো । এনে কাৰ্যৰ পাকচক্ৰত পৰি কিমান যে মানুহ আজি সৰ্বস্বান্ত হ’ব লগা হৈছে বা মান-সন্মান হেৰুৱাই নগুৰ নাকটি হ’ব লগা হৈছে সেয়া শুনিলে গাৰ নোম শিয়ৰি উঠে । বিশেষকৈ মহিলাসকল এনে অপৰাধৰ বলি হোৱা ঘটনা বৃদ্ধি পাইছে । তেনে ক্ষেত্ৰত মহিলাসকলৰ কৰণীয় কি ? তেওঁলোকে কি কৰা উচিত? কোনটো উপায়েৰে আইনী সহায় লাভ কৰিব পাৰি? আহক, আজি তাৰেই আলোচনা কৰো ।
চাইবাৰ সুৰক্ষাৰ বাবে দেশৰ আইন
তথ্য প্ৰযুক্তি আইন ২০০০
এই আইনখনে যিকোনো ধৰণৰ পৰ্ণগ্ৰাফী আৰু অশ্লীল দৃশ্য তথা কাৰ্যকলাপক অপৰাধমূলক বুলি গণ্য কৰে। ভাৰ্চুৱেল জগতত মহিলা বা শিশুৰ কোনো আপত্তিজনক দৃশ্য আপলোড কৰিলে, কাৰোবাক ব্লেকমেইল কৰিলে বা আন এজনলৈ শ্বেয়াৰ কৰিলে ভুক্তভোগীয়ে এই আইনৰ জৰিয়তে গোচৰ ৰুজু কৰিব পাৰে। কোনো ব্যক্তিৰ ব্যক্তিগত অংগৰ ছবি ইণ্টাৰনেট বা ছ’চিয়েল মিডিয়াত অনুমতি অবিহনে পোষ্ট কৰাটোও এই আইনৰ অধীনত অপৰাধ বুলি গণ্য কৰা হয়। ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ড সামৰি লোৱা হৈছে, যেনে—
ধাৰা ৪৩:
অনুমতি অবিহনে কাৰোবাৰ ব্যক্তিগত বৈদ্যুতিক গেজেট (কম্পিউটাৰ, মোবাইল)ত শাৰীৰিক বা ভাৰ্চুৱেলভাৱে প্ৰৱেশ কৰাটোও শাস্তিযোগ্য অপৰাধ।
ধাৰা ৬৬ (ক)
অনুমতি অবিহনে কাৰোবাৰ গেজেটত প্ৰৱেশ কৰা (ধাৰা ৪৩) আৰু ভুক্তভোগীৰ কোনো ধৰণৰ ক্ষতি কৰাৰ ক্ষেত্ৰত সৰ্বাধিক তিনি বছৰৰ কাৰাদণ্ড বা সৰ্বাধিক পাঁচ লাখ পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা আছে।
ধাৰা ৬৬(খ)
পুৰণি বিক্ৰী হোৱা ডিভাইচৰ পৰা ব্যক্তিগত তথ্য আহৰণ কৰি অসৎ কামত ব্যৱহাৰ কৰা ব্যক্তিক এক লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
ইণ্ডিয়ান পেনেল কোড
মহিলাক যৌন নিৰ্যাতন আৰু অপৰাধমূলক কাৰ্যকলাপৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰা সংশোধন কৰা হৈছে। ইয়াৰে তিনিটাই ভাৰ্চুৱেল অপৰাধৰ পৰা মহিলাক সুৰক্ষা প্ৰদান কৰে—
৩৫৪(ক)
যদি কোনোবাই যৌন নিৰ্যাতনমূলক কাৰ্য্যকলাপত লিপ্ত হয় (Explicit sexual behaviour), যৌন অনুগ্ৰহ বিচাৰে বা পৰ্ণগ্ৰাফী দেখুৱায়, তাইৰ বিষয়ে কোনো যৌনগন্ধী মন্তব্য কৰে (sexually coloured remarks) তেন্তে ৩ বছৰৰ কাৰাদণ্ড, জৰিমনা বা দুয়োটাই হ’ব পাৰে।
৩৫৪(গ)
যদি কোনো মহিলাৰ ব্যক্তিগত কাম-কাজৰ অডিঅ’, ভিডিঅ’ কোনো ব্যক্তিয়ে তেওঁৰ অজ্ঞাতে ৰেকৰ্ড কৰি ব্লেকমেইল কৰে তেন্তে ইয়াক ভয়ৰিজম (Voyeurism) বোলা হয়। ঘটনাৰ গুৰুত্ব বিবেচনা কৰি তেনে ব্যক্তিক জেল বা জৰিমনা বিহা হ’ব পাৰে।
৩৫৪ (ঘ)
এই ধাৰা অনুসৰি কোনো অচিনাক্ত ব্যক্তিয়ে যদি এগৰাকী মহিলাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি ভাৰ্চুৱেল বা ছ’চিয়েল চাইটত দীৰ্ঘদিন ধৰি অনুসৰণ কৰে তেন্তে সেয়া শাস্তিযোগ্য অপৰাধ। যদিহে নিৰ্দিষ্ট মহিলাগৰাকীয়ে নিজৰ অসন্মতি প্ৰকাশ কৰে আৰু তাৰ পিছতো বিভিন্ন ছ’চিয়েল চাইটত একে কাৰ্যৰে পুনৰাবৃত্তি হয় তেন্তে ব্যক্তিগৰাকীয়ে জৰিমনা, পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড বা দুয়োটাৰে সন্মুখীন হ’ব পাৰে।
ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইন, ২০২৩
শেহতীয়াকৈ ভাৰতত ব্যক্তিগত তথ্য সুৰক্ষিত কৰাৰ বাবে আন এখন নতুন আইন প্ৰণয়ন কৰা হৈছে। এতিয়ালৈকে এজন ব্যক্তিৰ তথ্য অনলাইনত কি কামত ব্যৱহাৰ কৰা হৈছে, আৰু কেতিয়া ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে কোনো স্পষ্ট নিয়ম নাছিল। সেইটোৱেই হৈছে ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইনত দিয়া ধাৰণা। যদি অনুমতি অবিহনে ব্যক্তিগত তথ্য (ফটো, কণ্ঠ, বেংকিং পৰিসংখ্যা) ব্যৱহাৰ কৰা হয়, তেন্তে থানাত অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও ‘Data Board’ নামৰ এটা প্লেটফৰ্ম তৈয়াৰ কৰা হৈছে, তাতো যিকোনো ধৰণৰ জালিয়াতিৰ খবৰ দিব পাৰিব। যদি কৰ্পৰেট পৰ্যায়ত ব্যক্তিগত তথ্যৰ বৃহৎ হেতালি খেলা হয়, তেন্তে অভিযুক্ত সংস্থাটোৱে দোষী সাব্যস্ত হ’লে দুশ কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। এই ক্ষেত্ৰত যদি চৰকাৰৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ উত্থাপন হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধেও গোচৰ ৰুজু হ’ব পাৰে।
সাৱধানতা
প্ৰথমতে এটা কথা মনত ৰখা উচিত যে আজিৰ প্ৰযুক্তিৰ যুগত কেৱল ভৌতিক সুৰক্ষাই নহয়, ভাৰ্চুৱেল জগতখনত নিজকে সুৰক্ষিত ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ। আৰু তাতেই আহিছে ডাটা ছিকিউৰিটিৰ বিষয়টো। শেহতীয়াকৈ ডিপফেক কাণ্ডই স্পষ্টভাৱে দেখুৱাইছে যে মহিলাসকলে নিজৰ ভাৰ্চুৱেল ডাটা সুৰক্ষিত ৰখাটো অতি গুৰুত্বপূৰ্ণ । দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত চাইবাৰ অপৰাধৰ আটাইতকৈ বেছি বলি হয় মহিলাসকল। গতিকে চাইবাৰ অপৰাধ কেনেকৈ হ’ব পাৰে সেই বিষয়ে তেওঁলোকৰ এটা স্পষ্ট ধাৰণা থাকিব লাগে। আপুনি যেনেকৈ এটা আলমাৰীত আপোনাৰ মূল্যৱান সামগ্ৰী তলা মাৰি থয়, ঠিক তেনেকৈ ভাৰ্চুৱেল জগতখনতো আপোনাৰ ব্যক্তিগত তথ্য তলা মাৰি ৰাখা প্ৰয়োজন। প্ৰশ্ন হয় আচলতে সেয়া কেনেকৈ সম্ভৱ ?
ইয়াত কেইটামান টিপচ দিয়া হ’ল
১) সঠিক পৰীক্ষণ অবিহনে কোনোবাই বিচাৰিলে বুলিয়ে কোনো লোকৰ লগত নিজৰ তথ্য শ্বেয়াৰ নকৰিব।
২) এতিয়া সংঘটিত হৈ থকা আটাইতকৈ সাধাৰণ অপৰাধৰ ধৰণটো হ’ল মহিলাৰ বিকৃত ছবি আপলোড কৰা বা এমএমএছৰ জৰিয়তে ব্লেকমেইল কৰা। গতিকে কোনো অচিনাকি ব্যক্তিৰ পৰা Social media friend request গ্ৰহণ নকৰিব। অচিনাকি মানুহৰ পৰা ভিডিঅ’ কল ল’ব নালাগে।
৩) নিজৰ প্ৰফাইল পিকচাৰ, ব্যক্তিগত ছবি, ভিডিঅ’ ছচিয়েল মিডিয়াত লক কৰি ৰাখিব লাগে।
৪) কোনো গোপন ফটো এবাৰ ভাইৰেল হোৱাৰ পিছত তাক ডিলিট কৰিলেও যিকোনো ব্যক্তিয়ে ক্ষতিকাৰক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। গতিকে এনেধৰণৰ ছবি সতৰ্কতাৰে ছ’চিয়েল মিডিয়াত আপলোড কৰা উচিত।
৫) বহু যুৱতী-মহিলাৰে কৌতুহলবশতঃ নিজৰ শৰীৰৰ উলঙ্গ ফটো বা ভিডিঅ’ বনাই নিজে চোৱা অভ্যাস থাকে । তেনে কৰোতে অত্যন্ত সতৰ্ক হোৱা উচিত কিয়নো প্ৰপাৰলী ডিলিট কৰিব নাজানিলে সাধাৰণভাবে ডিলিট কৰাৰ পিছতো ই ডিভাইচত ৰৈ যায় যিয়ে পিছত বিপদত পেলাব পাৰে ।
৬) বহু বিবাহিতা মহিলাই কৰ্মৰ খাতিৰত দূৰত থকা স্বামীৰ অনুৰোধত নিজৰ গোপন ফটো বা ভিডিঅ’ স্বামীলৈ প্ৰেৰণ কৰে । বিষেষ সাৱধানতা অৱলম্বন নকৰিলে ইয়াৰ পৰাও বিপদ ঘটিব পাৰে ।
৭) বয়ফ্ৰেণ্ডৰ অনুৰোধ ৰক্ষা কৰোতেও লক্ষণ ৰেখা অতিক্ৰম কৰা অনুচিত ।
৮) বিক্ৰী কৰাৰ আগত ফোনটো সম্পূৰ্ণৰূপে ফৰ্মেট কৰক। যদি ফোনত কোনো গোপনীয় তথ্য থাকে, তেন্তে ইউএছবি কানেক্টৰৰ জৰিয়তে আন এটা ডিভাইচলৈ ট্ৰেন্সফাৰ কৰি ফোনটোৰ পৰা সম্পূৰ্ণৰূপে ডিলিট কৰি পেলাওক। দোকানত ফোনটো মেৰামতি কৰিব দিয়াৰ পিছতো মানুহৰ ব্যক্তিগত তথ্য চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছে। গতিকে এইবোৰ বিষয়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰক।
বিজ্ঞান- প্ৰযুক্তি যিদৰে আগবাঢ়িছে, সেইদৰে ভৱিষ্যতে আৰু অধিক চাইবাৰ অপৰাধৰ আশংকাও বাঢ়ি গৈছে । বিশেষকৈ ডিপফেকৰ দৰে ঘটনাই সাধাৰণ মানুহৰ গোপনীয়তাত প্ৰত্যাহ্বান হৈ ঠিয় দিছে । কৃত্ৰিম বুদ্ধিমত্তা (Artificial Inteligency) ই এনে এটা পৰ্যায় পাইছেগৈ যে ই এতিয়া প্ৰায় মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত। ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ইন্টাৰনেট ব্যৱহাৰকাৰী দেশ। আৰু ইয়াত প্ৰতিদিনে মহিলাসকল অপৰাধৰ বলি হয়। সেয়েহে চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে নতুন আইন প্ৰণয়নৰ প্ৰয়োজন। অৱশ্যে দেশৰ চাইবাৰ নিৰাপত্তা অধিক শক্তিশালী হৈ পৰিছে। তথাপি প্ৰশ্ন হয়, বিজ্ঞান-প্ৰযুক্তিৰ এই সম্প্ৰসাৰণ প্ৰকৃততে এখন সুস্থ আৰু সুৰক্ষিত সমাজৰ বাবে কিমান আশীৰ্বাদস্বৰূপ ? কিন্তু এটা কথা ঠিক যে “নিজৰ সজাগতাই নিজৰ সুৰক্ষা ।”