পূজনীয়া মা,
এই “মা” শব্দটো মই কেতিয়াও আপোনাক হৃদয়ৰ পৰা কোৱা নাছিলো। আজি আপোনালৈ বহুত মনত পৰিছে আৰু বহুত কথা ক’বলৈ মন গৈছে। সেয়ে মুকলি আকাশৰ তলত বহি তোমালৈ একলম লিখিবলৈ লৈছো। এই চিঠিখন আপোনাৰ হাতত পৰিবগৈ নে নাই মই নাজানো! মই সেই বৃদ্ধাশ্ৰমত আছো য’ত আপুনি জীৱনৰ শেষ নিশ্বাস পেলাইছিল। নিয়তিৰ কি যে সংযোগ, মই এতিয়া আপুনি থকা কোঠাটোতে আছো। সেয়ে হয়তো আজি আপোনাক বহুত মিছ কৰিছো। ক্ষমা বিচৰাৰ অধিকাৰ মই হেৰুৱাই পেলাইছো। আনকি এই চিঠিখন লিখাৰ আধিকাৰো হয়তো মোৰ নাই; তাৰ বাবে পাৰে যদি মোক ক্ষমা কৰিব।
বিয়া হোৱাৰ পিছৰে পৰা লক্ষ্য কৰিছিলো পৰিয়ালটো আপুনি নিজৰ কৰ্তৃত্বত ৰাখি আহিছিল। মই যেন সেয়া সহ্য কৰিব পৰা নাছিলোঁ, নিজকে পৰাধীন পৰাধীন যেন লাগিছিল । মূৰৰ ওপৰত ৰক্ষক হিচাপে থকা আপোনাৰ আশীৰ্বাদৰ হাতখনৰ আমাৰ বাবে কিমান প্ৰয়োজন আছিল সেয়া বুজি পোৱা নাছিলোঁ। আগতে যেতিয়া আপুনি কৈছিল – “পাচলি কমকৈ কাটিবা” বা “অবাবত খাদ্যবস্তু অপব্যয় নকৰিবা” বুলি ” তেতিয়া মই সহ্য কৰিব পৰা নাছিলো । কিন্তু এতিয়া বুজি পাইছো যে আপুনি সেইবোৰ একো বেয়া কোৱা নাছিল!
আপুনিতো মোক নাখাই থাকিবলৈ কোৱা নাছিল। বৰঞ্চ মোক মিতব্যয়ী হোৱাৰ শিক্ষাহে দিছিল। আপোনাৰ ল’ৰাই যেতিয়া মাহিলী দৰমহাটো আপোনাৰ হাতত তুলি দিছিল, তেতিয়া মোৰ বৰ অসহ্য লাগিছিল, মনতে ভাবিছিলো আপোনাৰ পৰা কেনেকৈ মুক্তি পাম! আপোনাৰ পৰা মুক্তি পাবলৈকে মই বিভিন্ন অজুহাতত আপোনাৰ পুত্ৰক আপোনাৰ পৰা আঁতৰাই আনিছিলো তেওঁৰ কৰ্মস্থলীৰ কাষতে থকা ভাৰাঘৰলৈ। আপোনাৰ ল’ৰাই প্ৰথমে অনুমতি নিদিলেও পিছত মোক সুখী কৰিবলৈকে মোৰ জিদ তেওঁ মানি লৈছিল।
ভাৰাঘৰত দুয়ো ঠিকেই চলি আছিলো যদিও মোৰ গৰ্ভৱত্ৰ সময়ত যেতিয়া ডাক্তৰে বেড ৰেষ্ট ল’বলৈ কৈছিল তেতিয়া আপোনাৰ ল’ৰাই আপোনাক আমাৰ ভাড়াঘৰলৈ লৈ আহিছিল ।
ভাৰাঘৰলৈ আহি আপুনি ঘৰৰ সকলো কাম কৰিছিল, মোৰ শুশ্ৰূষা কৰিছিল, তথাপি মই আপোনাক সহ্য কৰিব পৰা নাছিলো । সময়ত মোৰো এজন ল’ৰা ওপজিল। সি লাহে লাহে ডাঙৰ হৈ আহিল। আপুনি তাক সকলো সময়তে লগত ৰাখি বুঢ়ী আইৰ সাধু আৰু নিচুকনি গীত আদি শুনাইছিল । মই কথাটো কোনোপধ্যে পচন্দ কৰা নাছিলো । মই মোৰ ল’ৰাক ইংৰাজী মাধ্যমৰ স্কুলত ভৰ্তি কৰাইছিলো । তাক মই পচিমীয়া শিক্ষাৰে শিক্ষিত হোৱাটো বিচাৰিছিলো । অথচ আপুনি অনৰ্গল তাক অসমীয়া ভাষাৰ সাধু, পদ্য, গীত-মাত আদিৰ শিক্ষা দিবলৈ লৈছিল । পিছত ল’ৰাটোৱেও অসমীয়া মাধ্যমত পঢ়িবলৈ জোৰ দিবলৈ লৈছিল। এই কথাটো মই একেবাৰেই মানি ল’ব পৰা নাছিলো। আমাৰ ভাড়াঘৰত দুটা কোঠা আছিল, এটা মই আৰু আপোনাৰ ল’ৰাৰ বাবে, আনটো মোৰ ল’ৰা আৰু আপোনাৰ বাবে। পুত্ৰ ডাঙৰ হৈ আহিছিল গতিকে আন এটা কোঠাৰ প্ৰয়োজন হৈছিল। আপোনাৰ ল’ৰাৰ সৈতে আলোচনা কৰি মই সিদ্ধান্ত ললো যে আমি গাঁৱৰ ঘৰ-মাটি বিক্ৰী কৰি চহৰতে নিজৰ ঘৰ সাজিম। আপুনি সন্মতি দিয়া নাছিল, কাগজ পত্ৰত চহীও দিব বিচৰা নাছিল । আপুনি কৈছিল যে সেয়া আপোনাৰ শহুৰৰ ঘৰ, তালৈ এদিন আপুনি বোৱাৰী হৈ আহিছিল, তাত আপোনাৰ বহুত স্মৃতি জড়িত হৈ আছে। কিন্তু আপোনাৰ আপত্তি নৰজিল । অৱশেষত আপুনি চহী কৰিলে।
গাঁৱৰ মাটি-বাৰী বিক্ৰী কৰি চহৰত ঘৰ সজোৱাৰ পিছত সকলোবোৰ মোৰ একান্ত নিজৰ নিজৰ যেন অনুভৱ হৈছিল আৰু তাত আপোনাৰ উপস্থিতি মোৰ বাবে কাম্য নাছিল । আপোনাক খুৱাই বুৱাই অভিভাৱক হিচাপে ৰাখিবলৈ আপুনিনো মোৰ কোনদিনাৰ কিহৰ কি- মোৰ ভাব আছিল তেনেকুৱা । সেয়ে আপোনাক বৃদ্ধাশ্ৰমলৈ পঠোৱাৰ সিদ্ধান্ত লৈছিলো। তেতিয়া আমাৰ ল’ৰা হোষ্টেলত থাকিছিল, সেয়ে এইবোৰ একো জানিব পৰা নাছিল।
তোমাক বৃদ্ধাশ্ৰমলৈ পঠোৱাৰ পিছত কেইবাবছৰ ধৰি আমি ভালেই চলি আছিলো। এদিন ফোনত মেছেজ আহিল যে আপুনি আৰু নাই । টকা-পইচা খৰচ কৰি চণ্ডাল লগাই আপোনাৰ সৎকাৰ কৰা হৈছিল । মনতে আপদ এটা গুচিল বুলি ভাবি শান্তি পাইছিলো ।
তাৰ পিছত মোৰ ল’ৰাটো ডাঙৰ হ’ল, সময়ত তাৰ বিয়াও হ’ল৷ প্ৰথমতে মই ভাবিছিলো যে মই আপোনাৰ দৰে গাঁৱলীয়া ভূত নহয়, গতিকে মোৰ বোৱাৰীৰ পৰা মই ভাল ব্যৱহাৰ পাম । মিলিজুলি চলিব পাৰিম। কিন্তু নহ’ল, মোৰ লগত যেন আপোনাৰ সৈতে মই কৰা অতীতৰ কথাবোৰৰ পুনৰাবৃত্তি হ’বলৈ ধৰিলে, মই যেন তেওঁৰ বাবে ঘৰখনত এক অবাঞ্ছিত সদস্যহে । হঠাতে এদিন আপোনাৰ ল’ৰাৰ ষ্ট্ৰোক হ’ল, আৰু তেওঁ মোক চিৰদিনৰ বাবে এৰি থৈ যায়। আমি হেঁপাহেৰে সজা ঘৰটো তেওঁলোকৰ ভাল নালাগিল, বোৱাৰীৰ ফ্লেটত থকাৰ মন । সেয়ে ঘৰটো ভাঙি এটা ফ্লেট সাজিবলৈ পৰিকল্পনা কৰিলে। সিহঁতে মোক পতিয়ন নিয়াব বিচাৰিলে যে ফ্লেট সাজিলে নিজে থকাৰ উপৰি ভাৰাটো দিব পাৰিব, যাৰ ফলত বহুত টকা আহিব। আপোনাৰ দৰে মইও চহী কৰিব বিচৰা নাছিলো। কিন্তু সিহঁতৰ হেঁচাত অৱশেষত চহী কৰিলো। ঘৰটো ভাঙি এটা বিশাল ফ্লেট নিৰ্মাণ কৰা হ’ল । মই মোৰ ল’ৰাক ক’লোঁ – মোৰ কোঠাটো ক’ত? ল’ৰাটোৱে ক’লে, “মা, তোমাক বেলেগকৈ কোঠা কিয় লাগে? তুমি আমাৰ ছোৱালীজনীৰ লগত ছোৱালীজনীৰ কোঠাতে থাকিবা।” মই মোৰ নাতিছোৱালীৰ কোঠাত থাকিবলৈ লৈছিলো, ডাঙৰ হৈ অহাৰ লগে লগে তাই মোৰ লগত বেয়া আচৰণ কৰিবলৈ লৈছিল, আচলতে তাই নিজৰ এটা সুকীয়া কোঠা বিচাৰিছিল।
গতিকে মোৰ ল’ৰা আৰু বোৱাৰীয়ে মোক বৃদ্ধাশ্ৰমত থৈ অহাৰ সিদ্ধান্ত ল’লে।
আজি মই বৃদ্ধাশ্ৰমত আছো, যিখন বৃদ্ধাশ্ৰমত এদিন আপুনি আছিল। ভাগ্যৰ কি পৰিহাস, মোৰ লগত এনেকুৱা হ’ব বুলি মই কেতিয়াও ভবা নাছিলো, তেজৰ গৰম, টকাৰ গৰম, আৰু যৌৱনৰ উন্মাদনাত আমি সকলো পাহৰি যাওঁ। পাহৰি যাওঁ যে এই পৃথিৱীত একোৱেই স্থায়ী নহয়। এই কথাটো আগতে বুজি পোৱা হ’লে হয়তো আজি মই মোৰ এই দিন দেখা নাপালোঁহেঁতেন৷ আজি আকাশৰ তৰাবোৰলৈ চাই চিঞৰি চিঞৰি কান্দিবৰ মন গৈছে । মা, প্লীজ মোক ক্ষমা কৰি দিয়ক…. প্লীজ মা মোক ক্ষমা কৰক.. !
ইতি আপোনাৰ
নিৰ্লজ্জ বোৱাৰী

