আপোনাৰ বাথৰূমটো কেনে ?

আপোনাৰ বাথৰূমটো কেনে ?

 

বহুতৰে বাবে বাথৰুমটো হৈছে নিৰলে সময় কটাব পৰা নিৰ্ভৰযোগ্য ঠাই। কিন্তু বাথৰুম একোটা নিৰ্মাণ কৰি থকাৰ সময়ত কোনেও সেই কথা মনত নাৰাখে। ঘৰ এখনৰ এই গুৰুত্বপূৰ্ণ অংশটোৰ বাবেও আনবোৰ অংশৰ দৰেই উপযুক্ত সাজ-সজ্জা আৰু পৰিকল্পনাৰ প্ৰয়োজন।

আপুনি নিজৰ ঘৰখন সুস্থ পৰিকল্পনাৰে সুন্দৰকৈ সজাই পৰাই নিৰ্মাণ কৰিছে। বহা কোঠাৰ পৰা শোৱা কোঠালৈকে সকলোবোৰ ৰুচিসন্মতভাৱে সজাই তোলা হৈছে। আধুনিক আচবাব, টেক্সচাৰযুক্ত দেৱাল, মজিয়াৰ ডিজাইন একেবাৰে নিখুঁত। কিন্তু বাথৰুমটো? বাথৰূমটোৰ কথা কিন্তু বহুতেই চিৰিয়াছলী নাভাবে । বাথৰূমটো জানো ঘৰখনৰে এটা গুৰুত্বপূৰ্ণ আংগ নহয় ? এই অংশটোৰ কথা নাভাবিলে গোটেই ঘৰখনৰে সাজোন-কাচোন অৰ্থহীন, আধৰুৱা ! আন যিকোনো কোঠাৰ দৰে বাথৰুমটোৰো নিজস্ব স্বৰূপ আছে। ইয়াৰ বেৰ, মজিয়াৰ টাইলছ, বেচিন আদিৰ আকৃতি-প্ৰকৃতি, ৰং নিৰ্বাচন আদিতো আপোনাৰ নিজা দৃষ্টিভংগী আৰু ৰুচি প্ৰতিফলিত হয়।

এতিয়া ডিজাইনৰ কথা কওঁ। প্ৰথম অৱস্থাত দুটা বিশেষ কথাত যত্নপৰ হ’ব লাগে। মন কৰিব লাগে যে প্ৰাকৃতিক পোহৰ আৰু বায়ু প্ৰৱেশৰ বাবে যেন পৰ্যাপ্ত ব্যৱস্থা থাকে । দ্বিতীয়তে, ভিজা আৰু শুকান অংশ সদায় পৃথকে ৰাখিব লাগে। বাথৰুমটো মূলতঃ তিনিটা গুৰুত্বপূৰ্ণ ভাগত গঠিত হোৱা ভাল, চিংক, টয়লেট আৰু শ্বাৱাৰ এলেকা। কিন্তু ইয়াকে কৰিবলৈ যাওঁতে যেনি তেনি নকৰি একেখন বেৰৰে কাষে কাষে একেডাল ৰেখাত ৰাখিব লাগে। তেতিয়া প্লাম্বিঙৰ খৰচো বহুত কম হ’ব। চিংক বা বেচিনটো দুৱাৰৰ ফালে ৰাখক, কিয়নো বাথৰুমৰ পৰা ওলাই অহাৰ আগতে এইটোৱেই আপোনাৰ শেষ ‘ষ্টপ’। পেডেষ্টেল চিংক ব্যৱহাৰ কৰিলে ঠাই ৰাহি হ’ব। এই চিঙ্কৰ ওপৰত এখন ডাঙৰ আইনা ৰাখক। আইনাখনৰ লগত পোহৰৰ ব্যৱস্থা সংলগ্ন কৰিব লাগে যাতে দাড়ি- চুলি কটা বা প্ৰসাধন কৰাত অসুবিধা নহয়। দাপোনে আন এটা কামো কৰে । ডাঙৰ আইনা এখনত সৰু বাথৰুম এটাও ডাঙৰ দেখি। চিঙ্ক এৰিয়াত এটা সৰু কেবিনেট ৰাখিব লাগে। আইনাখনৰ কাষত ধুনীয়া ধুনীয়া কাঁচৰ কেবিনেট বা বেচিনৰ তলত কেবিনেট ৰাখিব পাৰে। এই কেবিনেটৰ ওপৰত শ্বেভিং কিট বা প্ৰসাধন সামগ্ৰী ৰাখিব পাৰি। সেয়ে কেবিনেটত ৰেকৰ ব্যৱস্থা থাকিব লাগে।

শৌচাগাৰ আৰু শ্বাৱাৰৰ ঠাই দুৱাৰৰ পৰা আঁতৰত ৰাখক। যদি বাথৰুমৰ দুৱাৰখন খুলিলে ক’ম’ডটো দেখা যায়, তেন্তে আপুনি চিঙ্কৰ কাষত এখন সৰু বিভাজক ৰাখিব পাৰে। বহুতে এতিয়া Wall hung ক’ম’ড আৰু concealable চিষ্টেন ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ঠাইও ৰাহি হয় আৰু দৃষ্টিগোচৰো নহয়। শৌচাগাৰৰ ওপৰৰ বেৰত গিজাৰটো ফিট কৰক। ইয়াৰ পিছত শ্বাৱাৰ এৰিয়া। বাথৰুমৰ মজিয়াখন অন্ততঃ এক ইঞ্চি প্লাষ্টাৰেৰে ঘেৰি দিয়ক যাতে গা ধোৱাৰ পানী এই ঠাইৰ পৰা বিয়পি বাহিৰলৈ যাব নোৱাৰে। বাথৰুমটো ডাঙৰ হ’লে বাথটাব ৰাখিব পাৰি। শ্বাৱাৰৰ পৰ্দা বা কাঁচৰ শ্বাৱাৰ কুবিকলও স্থাপন কৰিব পাৰে। ইয়াত গা ধোৱা পানী একেবাৰেই ছিটিকি নাযায়। প্ৰয়োজন হ’লে টেলিফোন শ্বাৱাৰ হেড ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে তাত চাবোন-শ্বেম্পু-তেল আদি ৰাখিবলৈ শ্বেল্ফৰ প্ৰয়োজন। আৰু টাৱেল অঁৰাৰ বাবে ৰড এদালো ৰাখিব। এই ৰডদাল দুৱাৰৰ ওপৰত ৰাখক। এতিয়া দেখিব আপোনাৰ আনখন বেৰ খালী। ইয়াত কেবিনেটো স্থাপন কৰিব পাৰি। ইয়াত কাপোৰ-কানি, প্ৰস্ৰাৱৰ সামগ্ৰী আদি অত্যাৱশ্যকীয় সামগ্ৰী থাকিব।

যিহেতু বাথৰুমত পানী বেছিকৈ ব্যৱহাৰ কৰা হয়, গতিকে মজিয়া আৰু বেৰ তিতিলে মলি ধৰিব পাৰে। মজিয়া আৰু বেৰত এণ্টি-স্কিড চিৰামিক টাইলছ ব্যৱহাৰ কৰিলে সহজে পৰিষ্কাৰ আৰু নন-স্লিপ কৰিব পাৰি। এই টাইলছবোৰ বিভিন্ন ৰং আৰু ডিজাইনত উপলব্ধ। এতিয়া দেৱালৰ পৰা দেৱাললৈ টাইলছও অতি জনপ্ৰিয়। বাথৰুমটো সুন্দৰ দেখিবলৈ ৰঙীন টাইলছ ব্যৱহাৰ কৰক। নীলা আৰু সেউজীয়া ৰঙে মন ভাল কৰি ৰাখে। পাৰিলে পোহৰ আৰু গাঢ় ৰঙৰ টাইলছ মিহলাই লওক। ইয়াৰ উপৰিও টেক্সচাৰযুক্ত দেৱাল আছে। মাৰ্বলৰ মজিয়াও কৰিব পাৰি, কিন্তু ৰক্ষণাবেক্ষণ অলপ কঠিন। বাথৰুমত এক্সজেষ্ট ফেন ৰাখিব লাগে। বতাহ বলিলে পানী সোনকালে শুকাই যাব। বেচিনৰ আকৃতি, আয়তন, ৰঙৰ ক্ষেত্ৰত আপুনি নিজৰ ক্ৰিয়েটিভিটি প্ৰয়োগ কৰক । আজিকালি বজাৰত ঘূৰণীয়া, বৰ্গক্ষেত্ৰ, অণ্ডাকাৰ আকৃতিৰ বেচিন উপলব্ধ। বগাৰ সলনি পাতল গোলাপী বা অলপ ৰঙা বেচিন লগালে বেয়া নহয়।

বাথৰুমৰ চিলিং বগা বা ক্ৰীম ৰঙৰ হোৱা উচিত । ই পোহৰ প্ৰতিফলিত কৰিব। বাথৰুমৰ আকাৰ আৰু খিৰিকী সাধাৰণতে আন কোঠাতকৈ সৰু হ’ব লাগে । যদি প্ৰাকৃতিক পোহৰ যথেষ্ট নহয় তেন্তে কৃত্ৰিম পোহৰ ব্যৱহাৰ কৰক। চিলিং লাইট যথেষ্ট পোৱা যায়। কিন্তু বাথৰুমটো অলপ বিলাসী কৰি তুলিব বিচাৰিলে লাইটিঙৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে। বাথৰুমত এটা উজ্জ্বল পোহৰ থাকিব লাগে। ইয়াৰ দ্বাৰা কোঠাটোও ডাঙৰ দেখা যাব, আৰু চুলি, মেক-আপ, কাপোৰৰ ৰংবোৰো প্ৰাকৃতিক ৰঙত দেখা যাব। চিএফএল আৰু কমপেক্ট ফ্লু’ৰেচেণ্ট বাল্ব ভাল বিকল্প। মনত ৰাখিব, পোহৰটো সঠিক ঠাইত ৰাখিব লাগিব। বেছিভাগ ক্ষেত্ৰতে আইনাখনৰ ঠিক ওপৰত লাইট লগোৱা থাকে। ইয়াৰ ফলত চকু, নাক আৰু গালৰ তলত ছাঁ পৰে । গতিকে দাপোনৰ বাবে সৰ্বোত্তম বিকল্প হ’ল টাস্ক লাইটিং। আপুনি কোমল, মুড লাইট বা ডিমাৰ, আনকি সৰু চেণ্ডেলিয়াৰো সংযোগ কৰিব পাৰে।

এতিয়া বজাৰত বিভিন্ন ধৰণৰ আড়ম্বৰপূৰ্ণ বাথৰুমৰ ফিটিংছ উপলব্ধ। বাথৰুমত সোমাব নোৱাৰা অতিমাত্ৰা ফিটিং স্থাপন নকৰিব। পেইন্টিংও প্ৰয়োগ কৰিব পাৰি। বাথৰুমত কিতাপ পঢ়াৰ অভ্যাস থাকিলে ওলোমা কিতাপ-ৰেক এটা লগাওক। ঠাই থাকিলে মিউজিক চিষ্টেমো স্থাপন কৰিব পাৰি। আচলতে বাথৰুমত বহু সময়ৰ প্ৰয়োজন হয়, গতিকে কিছু মনোৰঞ্জন ৰাখিব লাগে। এতিয়া বাথৰুমৰ সজ্জাৰ বাবে বিভিন্ন ধৰণৰ শুকান ফুল আৰু সুগন্ধি চাকি উপলব্ধ। ওলমা টাবতো ফুলৰ গছ ৰাখিব পাৰে। ই বাথৰুমৰ ৰূপ সলনি কৰিব, সেউজীয়াৰ স্পৰ্শই এটা সতেজ অনুভৱ কঢ়িয়াই আনিব।

বাথৰুমৰ ডিজাইনটোও নিৰ্ভৰ কৰে আপুনি বাথৰুমত কিমান সময় কটাব বিচাৰে তাৰ ওপৰত। যদি আপোনাৰ বাথৰুমত কিতাপ পঢ়াৰ অভ্যাস আছে তেন্তে কিতাপৰ আলমাৰী এখন ৰাখক। কিতাপৰ লগতে তাত বাতৰি কাকতও ৰাখিব পাৰি। প্ৰয়োজন নহ’লে আপোনাৰ বাথৰুমটোক লাইব্ৰেৰীলৈ ৰূপান্তৰিত নকৰিব, কিন্তু সদায় সংৰক্ষণ আৰু স্থানৰ সমীকৰণটো মনত ৰাখিব।

বাথৰুমটো যিমানেই সৰু নহওক কিয়, অলপ বুদ্ধিমত্তাৰে ডিজাইন কৰিলে ই আপোনাৰ বাবে নিৰলে সময় কটোৱাৰ সৰ্বোত্তম ঠাই হ’ব পাৰে।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *