কাঁচৰ পাত্ৰ ধুনিয়াকৈ ৰাখিব পাৰি

কাঁচৰ পাত্ৰ ধুনিয়াকৈ ৰাখিব পাৰি

 

কাঁচৰ বস্তুবোৰ দীৰ্ঘদিনলৈ মনোগ্ৰাহী আৰু জিলিকি থকাকৈ উজ্জ্বল কৰি ৰাখিবলৈ সঠিক ৰক্ষণাবেক্ষণৰ অতি প্ৰয়োজনীয়।

বহুতে ডিনাৰ চেট হিচাপে কাঁচৰ পাত্ৰ পছন্দ কৰে। ইয়াৰ উপৰিও কিছুমান কাঁচৰ বস্তু দৈনন্দিন ব্যৱহাৰৰ বাবেও ৰখা হয়। কিন্তু যি কাৰণতেই নাৰাখক কিয়, কাঁচৰ বস্তুবোৰ দীৰ্ঘদিন ব্যৱহাৰ কৰিলে ই নিজৰ স্বচ্চতা আৰু জিলিকনি হেৰুৱাই পেলায়। তদুপৰি যদি উপযুক্ত যত্ন লোৱা নহয় তেন্তে কাঁচৰ বস্তুবোৰ আঁচোৰ খাই বেয়া হৈ যায়। কেতিয়াবা কাঁচৰ বস্তুবোৰ শেঁতা বা হালধীয়া হৈ পৰে। অলপ অসাৱধান হ’লে ভাঙি যোৱাৰ আশংকাও থাকে। গতিকে অন্য সামগ্ৰীতকৈ আমি কাঁচৰ বস্তুবোৰ যথেষ্ট সাৱধানতাৰে ব্যৱহাৰ কৰিব লগা হয়। কিন্তু সকলো সমস্যাৰ যিদৰে সমাধান আছে সেইদৰে ইয়াৰ সমাধানো আছে। ইয়াত কাঁচৰ বস্তু চিৰ নতুন কৰি ৰখাৰ কিছু পৰামৰ্শ আৰু সঠিক সংৰক্ষণৰ কেইটামান টিপছ দিয়া হ’ল ।

কি কৰিব লাগে
১. কাঁচৰ বস্তু পৰিষ্কাৰ কৰিবলৈ চাৰি চামুচ নেমুৰ ৰস কুহুমীয়া পানীৰ লগত মিহলাই তাত কাঁচৰ বস্তুবোৰ আধা ঘণ্টা তিয়াই থ’ব লাগে। তাৰ পিছত কোমল চাবোনেৰে (এমোনিয়া মুক্ত) ধুব লাগে। কাঁচৰ বস্তু কেতিয়াও স্কোয়াৰ বা ধাতুৰ স্ক্ৰাবাৰেৰে স্ক্ৰাব নকৰিব। বাচন-বৰ্তনবোৰ ফাটি যাব পাৰে বা আঁচোৰ লাগিব পাৰে আৰু ইয়াৰ উজ্জ্বলতা ম্লান পৰিব পাৰে। তাতকৈ কোমল স্পঞ্জেৰে পৰিষ্কাৰ কৰক। তেতিয়া বাচন-বৰ্তনবোৰ ঠিকেই থাকিব। কাঁচৰ পাত্ৰবোৰ এটা এটা কৈ ধুই টাৱেল এখনত ৰাখক । এনে কৰিলে সহজে ভাঙিব নোৱাৰে। কাঁচৰ বস্তু সহজে লেতেৰা নহয়; কিন্তু খাদ্যত অধিক তেল-মছলা ব্যৱহাৰ কৰিলে দাগ পৰে । এনে অৱস্থাত চাবোনেৰে ধোৱাৰ পাছত পুনৰ ভিনেগাৰ মিহলি পানীৰে ভালদৰে ধুব লাগে। আপুনি দেখিব যে তেলীয়া অনুভৱটো নিমিষতে নাইকিয়া হৈ গৈছে। পৰিষ্কাৰ কপাহী কাপোৰ এখনত অলপ ভিনেগাৰ ঢালিও বাচনবোৰ মচিব পাৰে। বাচন-বৰ্তনবোৰ নতুনৰ দৰে জিলিকি উঠিব। কাঁচৰ বস্তুবোৰ চাউল ধোৱা পানীত অলপ সময় ডুবাই থৈ পিছত ধুই পেলালেও বস্তুবোৰ জিলিকি উঠে। কিন্তু পানীৰ পৰা উঠোৱাৰ পিছত বেছি সময় নাথাকিব। লগে লগে মচি পেলাওক, বাচন-বৰ্তনত পানীৰ দাগ নাথাকিব। বাচন-বৰ্তন মচিবলৈ স্পঞ্জ বা তেনেধৰণৰ কাপোৰৰ সলনি কাগজৰ টাৱেল ব্যৱহাৰ কৰক। ই কম বীজাণু বিয়পায়।

২. কাঁচৰ কাপ আৰু প্লেটত বহুদিন ব্যৱহাৰ কৰিলে প্ৰায়ে হালধীয়া দাগ পৰে। এনে অৱস্থাত পানীত অলপ সময় তিয়াই থ’ব লাগে। তাৰ পিছত কাপ আৰু প্লেটখন নিমখ আৰু স্পঞ্জেৰে পৰিষ্কাৰ কৰক। হালধীয়া দাগবোৰ নাইকিয়া হৈ যাব।

৩. কাঁচৰ বস্তুবোৰ বহুদিন ব্যৱহাৰ কৰাৰ পিছত প্ৰায়ে নিস্তেজ হৈ পৰে। এটা বাটিত পানী অলপ লৈ তাত বৰেক্স পাউদাৰ দিব। এই মিশ্ৰণেৰে কাঁচৰ বস্তু ধুই চাবচোন, বস্তুবোৰে পুনৰ নিজৰ উজ্জ্বলতা ঘূৰাই পাব ।
যদি কাপৰ ঠাৰিডালত দাগ পৰিছে তেন্তে কুহুইয়া পানীত বেকিং চোডা অলপ মিহলাই তাত কাপটো অলপ সময় তিয়াই থওক। তাৰ পিছত পানীৰে ভালদৰে ধুব। দাগটো গুচি যাব।

৪. গিলাচ চাফা কৰি থাকোঁতে গিলাচটোত অলপ বগা ভিনেগাৰ ঢালি তাত চাউল এচামুচ দিব। গিলাচটোৰ ওপৰত হাতৰ তলুৱাৰে ঢাকনি দি ভালদৰে জোকাৰি পিছত আয়ৰণমুক্ত সাধাৰণ পানীৰে ধুই পেলাব । দেখিব গিলাচটো জিলিকি উঠিছে।

৫. কাঁচৰ গিলাচ বা কাপত গৰম পানীয় ঢালি দিওঁতে পাত্ৰটোত চামুচ এখন থৈ ল’ব । ইয়াৰ ফলত পাত্ৰটো ফাটি নাযায়।
কাঁচৰ বস্তুবোৰ ভালকৈ জাপি ৰাখিবলৈ যাওতে প্ৰায়ে আঁচোৰ খায় বা ভাগি যায়। সেয়ে দুখন প্লেট বা দুটা গিলাচৰ মাজত কাগজৰ নেপকিন ৰাখক, তাৰ পিছত সংৰক্ষণ কৰক। তেতিয়া ঘহনি খাব নোৱাৰিব।
সৰু চশমাবোৰ প্ৰায়ে ডাঙৰ চশমাত আবদ্ধ হৈ পৰে।

কথাবোৰ সাধাৰণ দৃষ্টিত তেনেই সৰু । কিন্তু ঘৰ এখন ধৰি ৰখা গৃহিনী এগৰাকীৰ বাবে এইবোৰ সৰু সৰু কথাই অতি গুৰুত্বপূৰ্ণ । পৰিস্কাৰ-পৰিচ্ছন্নতাৰে নভগা-নুটুটাকৈ মৰমৰ ৰান্ধনীশালখনৰ সৰু বৰ প্ৰতিটো সম্পদ আটোমটোকাৰীকৈ ৰাখিব পৰাটোৱেই হৈছে পাকৈট গৃহিনীৰ চিন । তেনেকৈয়ে গৃহস্থৰ মৰমো আদায় কৰিব পাৰি । নহয় জানো ??

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *