এই মাহৰ অতিথি বিশিষ্টা লেখিকা ৰণজুশ্ৰী বৰ্মন (Ranjushri Barman)

এই মাহৰ অতিথি বিশিষ্টা লেখিকা ৰণজুশ্ৰী বৰ্মন (Ranjushri Barman)

#সাহিত্য হৈছে– মানুহৰ ভাব প্ৰকাশৰ বাবে এক শক্তিশালী মাধ্যম৷  সাহিত্য অবিহনে মানুহে নিজৰ ভাবনা সমূহ কেনেকৈ প্ৰকাশ কৰিলেহেঁতেন?#

 

বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ । প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো । জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন ইত্যাদি ।
উত্তৰ ঃ নমস্কাৰ৷ মোৰ জন্ম গুৱাহাটীৰ চানমাৰি নিজৰাপাৰত৷ দেউতা প্ৰয়াত ঘণশ্যাম বৰ্মন আৰু মাতৃ শ্ৰীযুত পনিত্ৰা বৰ্মনৰ কনিষ্ঠা জীয়ৰী মই৷
প্ৰাইমেৰী শিক্ষা গ্ৰহণ কৰিছিলো নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত৷ তাৰপিছতে তাৰিণী চৌধুৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলত শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্ত্তী পৰ্যায়ত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা শাখাত ‘স্নাতক’ ডিগ্ৰী লাভ কৰোঁ৷
তদুপৰি ১৯৮৯ চনত ‘অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি’ৰ পৰা হিন্দী ‘প্ৰবীণ’ পৰীক্ষাত উত্তীৰ্ণ হৈ ‘প্ৰবীণ’ উপাধি লাভ কৰোঁ৷
‘সাহিত্য চৰ্চা’ই মোৰ পেচা বৰ্তমানত৷ মই পঞ্চাষ উদ্ধৰ্ৰ এগৰাকী অবিবাহিতা মহিলা৷

বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো । কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল ?
উত্তৰঃ ২০১১ চনৰ পৰা সাহিত্য জগতত প্ৰৱেশ কৰোঁ৷

বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে ? কিমানখন গ্ৰন্থ ৰচনা কৰিলে ? গ্ৰন্থকেইখনৰ বিষয়ে অলপ কওকচোন ! গ্ৰন্থকেইখনকলৈ আপুনি সন্তুষ্টনে ?
উত্তৰঃ সাহিত্যৰ দিশত মই কি কৰিলো বুলি উত্তৰত মই মোৰ নিজৰ কথাখিনি ক’বলৈ গ’লে আত্মপ্ৰশংসা কৰাৰ দৰে হ’ব৷ কিন্তু আপোনালোকে সুধিছে যেতিয়া কওঁ বাৰু– যিহেতু মই শিশু সাহিত্যৰ ক্ষেত্ৰখনত প্ৰথমে পদাৰ্পণ কৰিছিলো৷ শিশুৰ বাবে কিবা অকণ কৰাৰ হাবিয়াস পুহি নৰখাও নহয়৷
মোৰ প্ৰথমখন গ্ৰন্থ – ‘কাজৰি কাণীৰ হাঁহি’ [গল্প সংকলন] প্ৰকাশ পায় – ২০১৩ চনত৷ দ্বিতীয়খন গ্ৰন্থ ‘বালিকা মহাৰাণী’ [শিশু অনুবাদ সাধু-২০১৫ চনত], তৃতীয়খন গ্ৰন্থ – ‘পোষ্ট মাষ্টৰ’ [অনুবাদ গল্প সংকলন ২০১৮] প্ৰকাশ পায় – ২০১৮ চনত৷ চতুৰ্থখন গ্ৰন্থ- দ্বিভাষিক কাব্যগ্ৰন্থ ‘শব্দায়মান এথুবি অনুভৱ’ -২০১৯ চনত৷ পঞ্চমখন গ্ৰন্থ ‘ৰংমনৰ জ্ঞান’ [শিশু সাধু আৰু গল্প সংকলন] প্ৰকাশ পায় – ২০২০ চনত৷ সেই একেই বৰ্ষতে [২০২০ বৰ্ষত] প্ৰকাশ পায় ষষ্ঠখন গ্ৰন্থ ‘অসমীয়া লোক-সংস্কৃতিৰ ৰহঘৰা’ [প্ৰবন্ধ সংকলন] খনো৷ ২০২১ চনত মোৰ সপ্তমখন গ্ৰন্থ মৌলিক গল্প সংকলন ‘ৰূপালী বৰা আৰু এটি কুৱা’ প্ৰকাশ হোৱাৰ দুবছৰ পিছতে অৰ্থাৎ বিগত বৰ্ষত [২০২৩] প্ৰকাশ পায় – ‘দেৱী পূজা আৰু মাহাত্ম্য’ শীৰ্ষক এখনি ধৰ্মমূলক পুথি৷
এইখিনিতে কোৱা ভাল হ’ব যে– ২০১৬ চনৰ মাৰ্চ মাহৰ সাহিত্যৰথী ৰসৰাজৰ পুণ্য তিথিত চানমাৰি কাকলি মইনা পাৰিজাতৰ পৰা ‘সাধুকথা দিৱস’ত শিশু চেমনীয়াসকলৰ ‘সাধু কোৱ’ প্ৰতিযোগিতা হৈছিল৷ সেইদিনা মই পুৰস্কাৰ প্ৰাপ্ত শিশুসকলৰ লগতে আন আন শিশুসকলৰ মাজতো মোৰ ৩৫খন শিশু পুথি৷ ‘বালিকা মাহাৰাণী’ বিতৰণ কৰিছিলো শিশুসকলক উৎসাহিত্য কৰিবলৈ প্ৰসঙ্গক্ৰমে উল্লেখ কৰিলো যে ২০১৯ বৰ্ষত শিশু সাহিত্য ক্ষেত্ৰখনত অৱদান আগবঢ়াই অহাৰ ফলস্বৰূপে ‘মৰমলেণ্ড বঁটা আৰু সাহিত্যশ্ৰী’ উপাধিও লাভ কৰিবলৈ সক্ষম হৈছিলো [মৰমলেণ্ডৰ চ’ছাইটিৰ পৰা]
তাৰপিছতে মোৰ দ্বিতীয়খন শিশুপুথি ‘ৰংমনৰ জ্ঞান’ [শিশুগল্প আৰু সাধু সংকলন] ‘জোন সুৰয জ্ঞান কাণন’ নামৰ অনুষ্ঠান এটিৰ শিশুসকললৈ এগবঢ়াও শিশুসকলৰ গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ়িবলৈ আৰু উৎসাহিত কৰিবলৈ৷
আকৌ ২০২২ চনত ‘সোণ পৰুৱাৰ হাঁহি’ আৰু সমাজ কল্যাণ পৰিষদ’ৰ বাৰ্ষিক অধিবেশনত পুৰস্কাৰপ্ৰাপ্ত শিশু তথা আমন্ত্ৰিত অতিথি শিশুসকলৰ মাজতো ‘ৰংমনৰ জ্ঞান’ বিতৰণ কৰো৷ তদুপৰি গতি অসমৰ শিশু পুথিভঁৰাললৈও মোৰ শিশুপুথি আগবঢ়াও৷
আমাৰ প্ৰকাশিত গ্ৰন্থ সমূহ গুৱাহাটীৰ কেইটিমান পুথিভঁৰালৰ উপৰিও কলিকতা নেচনেল লাউব্ৰেৰীতো সংৰক্ষণ কৰিবলৈ প্ৰেৰণ কৰা হৈছে৷
গ্ৰন্থকেইখন লৈ মই সন্তুষ্ট হ’ব পাৰিছো নে নাই সেয়া মোৰ বিচাৰ্য বিষয় নহয়৷ আচলতে আমাৰ প্ৰকাশিত-অপ্ৰকাশিত লিখনি সমূহ থুপাই থ’বলৈ বা সন্নিবিষ্ট কৰিবলৈহে গ্ৰন্থৰ আকাৰত ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ৷
অৱশ্যে এটা দিশত সন্তুষ্ট বুলি এই কাৰণেই কও যে– গ্ৰন্থ আকাৰে প্ৰকাশ কৰা বাবেহে অসম চৰকাৰৰ পৰা ‘লেখক সম্বদ্ধৰ্না’ প্ৰাপক হ’বলৈ সক্ষম হৈছিলো৷

বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি সেয়া জানিব বিচাৰো ।
উত্তৰঃ মোৰ দৃষ্টিত সাহিত্য হৈছে– মানুহৰ ভাব প্ৰকাশৰ বাবে এক শক্তিশালী মাধ্যম৷ সাহিত্য অবিহনে মানুহে নিজৰ ভাবনা সমূহ কেনেকৈ প্ৰকাশ কৰিলেহেঁতেন?

বিন্দুঃ বৰ্তমান অসমৰ সাহিত্যজগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে লেখকসকলে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে ?
উত্তৰঃ হয়, বৰ্তমান অসমৰ সাহিত্য জগতখন লৈ মুঠেই সন্তুষ্ট নহয় আমি৷ কিয়নো বহু অখ্যাত কবি-লেখকে [সকলোৱে নহয়] সাহিত্য সাধনাতকৈ প্ৰচাৰতহে বেছি গুৰুত্ব দিয়া যেন অনুভৱ হয়৷ বিশেষকৈ ফেচবুক সাহিত্য গোটৰ লেখক-কবিসকল৷ আনকি তেওঁলোকে সাহিত্য সাধনা নকৰাকৈ বঁটা-বাহন ল’বলৈও কুণ্ঠাবোধ নকৰে৷ যাৰবাবে নিৰালস্যভাৱে সাধনাত ব্ৰতী লেখকসকল প্ৰচাৰ বিমুখ হোৱা পৰিলক্ষিত হৈছে৷
মই ভাবো এইসকল লেখক কবিয়ে আৰু অধিক কৃচ্চ সাধনা কৰাৰ যথেষ্ট প্ৰয়োজন আছে৷

বিন্দুঃ আধুনিক কবিতা কেনে হ’ব লাগে বুলি আপুনি ভাৱে? এটা সাৰ্থক কবিতা লিখিবলৈ এজন কবিয়ে কিদৰে অনুশীলন কৰিব লাগে?
উত্তৰঃ আচলতে মই কবিতা খুব কমেই লিখো৷ মানে তাগিদা দিলেহে লিখাৰ দৰে৷ বিশেষকৈ মই শিশু সাহিত্য, গল্প আৰু প্ৰবন্ধহে লিখো বেছিকৈ৷ তৎসত্ত্বেও কওঁ যে- কবিতা হ’ল, এগৰাকী কবিৰ নিজস্ব অনুভূতি৷ গতিকে কেনে সময়ত কিদৰে নিজৰ ভাবধাৰাৱে এটি কবিতা সৃষ্টি কৰিব সেয়া নিৰ্ভৰ কৰে কবিগৰাকীৰ ওপৰত৷ লাগিলে সেয়া আধুনিক কবিতাই হওক বা পৌৰাণিক কবিতাই হওক!
সাৰ্থক কবিতা এটি সৃষ্টি কৰিবলৈ হ’লে কবিয়ে কবিতাৰ ব্যাকৰণ [শব্দ, ভাষা, বাক্যৰ গাঁথনি] আয়ত্ত কৰাৰ লগতে- ছন্দ, অলংকাৰ, ৰস আদিও সঠিকভাৱে প্ৰয়োগ কৰিব লাগিব৷ ইয়াৰ বাবে কবি গৰাকীয়ে যথেষ্ট অধ্যয়ন কৰাৰো দৰকাৰ৷

বিন্দুঃ এগৰাকী গল্পকাৰ হিচাপে আপুনি গল্পত কোনবোৰ কথাক প্ৰাধান্য দিয়ে ?
উত্তৰঃ সাধাৰণ অৰ্থত ক’বলৈ হ’লে– কাল্পনিক ঘটনাৰ আলম লৈ গল্প সৃষ্টি কৰা হয়, যদিও সাম্প্ৰতিক সময়ত সমকালীন সময়ৰ লগত খাপ খোৱাকৈ ৰচনা কৰা গল্পহে পাঠকৰ সমাদৰ লাভ কৰা দেখিবলৈ পাওঁ৷ গতিকে এগৰাকী গল্পকাৰ হিচাপে আমি পৰিয়াল, সমাজ তথা আন দহৰ কাৰণে বাৰ্তাবাহক অথচ বাস্তৱমুখী গল্প ৰচনা কৰাত গুৰুত্ব দিওঁ৷ লগতে আমি ৰচনা কৰা গল্পত যাতে কোনো অশ্লীল শব্দ বা যৌনতা সম্বন্ধীয় কোনো ঘটনাই স্থান নাপায়, তালৈও আমি লক্ষ্য কৰিব লাগিব৷

বিন্দুঃ আপোনাৰ আদৰ্শ কবি কোন যাৰ স্মৰণমাত্ৰকে আপুনি আত্মিক অনুপ্ৰেৰণা অনুভৱ কৰে ?
উত্তৰঃ প্ৰকৃতি, সমাজ, পথাৰ-শইচ দেশপ্ৰেমৰ কবিতাৰে মানুহৰ ঘৰ সজা, ‘সুগন্ধি পখিলা’ৰ কবি হীৰেণ ভট্টচাৰ্য আমাৰ আদৰ্শ কবি৷
পথাৰৰ প্ৰেমিক হীৰুদাৰ আছে মানুহৰ প্ৰতি ভালপোৱা৷ ‘হীৰুদা’ যেন আমাৰ বুকুৱে বুকুৱে কাহানিও পাহৰিব নোৱাৰা এটি প্ৰিয় কবিতাৰ দৰেই৷ সেয়ে ‘হীৰুদা’ স্মৰণ মাত্ৰকে আমি আত্মিক অনুপ্ৰেৰণা লাভ কৰোঁ৷

বিন্দুঃ নতুনকৈ কলম হাতত লোৱা কবিসকলক আপুনি কি ক’ব?
উত্তৰঃ নতুনকৈ কলম লোৱা কবিসকলৰ প্ৰতি মোৰ এয়ে আহ্বান–
শব্দ সংযোজন কৰি লিখিলেই এটা কবিতা সৃষ্টি হ’ব নোৱাৰে৷ শব্দ, বাক্য, ভাষা আৰু আমাৰ শৰীৰৰ যিদৰে ব্যাকৰণ আছ ঠিক তেনেদৰে কবিতাৰো ব্যাকৰণ আছে৷ গতিকে নতুনকৈ কলম লোৱা কবিসকলে কবিতা ৰচনা কৰাৰ ক্ষেত্ৰত কবিতাৰ ব্যাকৰণ আয়ত্ত বা অনুকৰণ কৰিব লাগিব৷ তদুপৰি পাঠক বা সৰ্বসাধাৰণৰ সহজবোধ্য হোৱাকৈ কবিতা সৃষ্টি কৰিব লাগিব৷

বিন্দুঃ একাধিক প্ৰতিষ্ঠিত কবিয়ে যৌনতাক কবিতাৰ সমল হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । উদাহৰণ অলেখ আছে ? এই কাৰ্যক আপুনি মান্যতা দিয়ে নে ?
উত্তৰঃ যৌনতাক কবিতাৰ সমল বিচাপে ব্যৱহাৰ কৰি কবিতা সৃষ্টি কৰা কাৰ্যক আমি কেতিয়াও মান্যতা নিদিও বা দিয়াৰ প্ৰশ্নই নাহে৷ এয়া এক গৰ্হিত কাম৷ ইয়ে সমাজৰ বাতাবৰণ কলুষিতহে কৰিব৷

বিন্দুঃ বৰ্তমান সময়ত বিশ্বজুৰি হিংসা, হত্যা, সন্ত্ৰাস, আগ্ৰাসন, যুদ্ধ বিগ্ৰহ আদিয়ে সমগ্ৰ মানৱ জাতিলৈকে কঢ়িয়াই আনিছে এক দুৰ্ঘোৰ সংকট । মূল্যবোধৰ অৱক্ষয় হৈছে । মানৱতা ভূলুণ্ঠিত হৈছে । এনে সময়ত সাহিত্যৰ ভূমিকা আপুনি কিদৰে নিৰূপন কৰিব ?
উত্তৰঃ আচলতে সাহিত্য ক্ষেত্ৰখনতেই হওক বা আন ক্ষেত্ৰতেই হওক আমাৰ সমাজখন যদি বিপথে পৰিচালিত হ’বলৈ গৈ থাকে, তেতিয়া আমি তাক শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰিব লাগিব৷ কিন্তু প্ৰশ্ন হয় আমাৰ মনত আজি আমি কেনে পৰিবেশন আছো? চৌদিশে কেবল হিংসা, দ্বেষ, হত্যা, সন্ত্ৰাস, আগ্ৰাসনে ঘেৰি ধৰিছে৷ যাৰবাবে আমি আজি মানৱজাতিয়ে দিক্‌-বিদিক্‌ হেৰুৱাই পেলাইছো৷ আজি আমি ভোগবাদ তথা বস্তুবাদৰ পিচে পিচে দৌৰিছো৷ অৰ্থাৎ অন্তৰ্মুখী হৈ পৰিছো নিজ স্বাৰ্থ পুৰণৰ বাবে৷ যাৰবাবে মূল্যবোৰ অৱক্ষয় হৈছে৷ মানৱতা ভুলুণ্ঠিত হৈছে৷
ড॰ ভূপেন হাজৰিকাদেৱে ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে…’ শীৰ্ষক গীতেৰে যিদৰে সাহিত্য-সংস্কৃতিলৈ শুভবাৰ্তা কঢ়িয়াই সমাজ তথা দেশক শুদ্ধপথলৈ আনিবলৈ চেষ্টা কৰিছিল, ঠিক তেনেদৰে আমিও কলমটোৰেই সমাজ তথা দেশখনক শুদ্ধ পথলৈ আনিবলৈ হ’লে শুভবাৰ্তা প্ৰেৰক- সাহিত্য ৰচনা কৰিবলৈ প্ৰয়াস কৰিব লাগিব৷

বিন্দুঃ শেহতীয়াভাবে ৰাজ্যত নাৰী সম্পৰ্কীয় এনে কিছু হিংসাত্মক ঘটনা দৈনিক পোহৰলৈ আহিব লাগিছে যিবোৰ আমাৰ সমাজৰ বাবে একেবাৰে খাপ নোখোৱা ধৰণৰ । এইক্ষেত্ৰত অবলা নাৰীও পিছপৰি থকা নাই । অপুনি এনে অবাঞ্চিত ঘটনাবোৰৰ সম্পৰ্কত কি বক্তব্য ৰাখিব ?
উত্তৰঃ আজি দেশত নাৰী ধৰ্ষণ, নাৰী হত্যা, নাৰী-অপহৰণ ইত্যাদি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে৷ কিন্তু এই ঘটনাবোৰ সংঘটিত কৰা প্ৰকৃত দোষীসকলক বিচাৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰাও চৰকাৰ বা প্ৰশাসনৰ যথেষ্ট দায়িত্ব আছে৷ প্ৰকৃততে দেশৰ প্ৰজা বা জনসাধাৰণক সকলো দিশতে সুৰক্ষা দিয়াতো চৰকাৰৰ অপৰিসীম দায়িত্ব বা কৰ্ত্তব্য আছে৷

বিন্দুঃ সাহিত্য চৰ্চাৰ উপৰি আন কি কামত জড়িত আপুনি ? আঁজৰি সময়ত কৰি ভালপোৱা কিছু কামৰ বিষয়ে কওকচোন !
উত্তৰঃ সাহিত্য চৰ্চাৰ বাহিৰে আন কামত তেনেকৈ হাত দিব পৰা নাই৷ যিহেতু মোৰ এগৰাকী ৰুগীয়া মাতৃ আছে৷ সেয়ে মোৰ আজৰি সময়ৰ কিছু সময় মাতৃদেৱীক সঙ্গ দিব লাগে৷ বাকী আন সময়খিনিত ৰেডিঅ’ বা ম’বাইলত গান শুনো৷ মন গ’লে কাপোৰত ফেব্ৰিক কৰো৷ শীতকালত ছুয়েটাৰ গুঁঠো৷ তাৰ মাজতে দুই এটা ভাল লগা কবিতা ভিডিঅ’ কৰোঁ৷ সেয়াই আৰু…

বিন্দুঃ এগৰাকী শিক্ষক হৈছে একোখন সমাজৰ ভাগ্যনিয়ন্তা, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যৎ বহু পৰিমানে এজন শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰে । আমি জনাত আপুনিও শিক্ষকতা কৰিছিল । কি কাৰণত এনে সন্মাজনক বৃত্তি এটাৰ পৰা আপুনি আঁতৰি আহিব লগা হ’ল ?
উত্তৰঃ স্নাতক মহলাৰ তৃতীয় বাৰ্ষিক পঢ়ি থকা সময়ছোৱাতে অৰ্থাৎ ১৯৯০ চনৰ পৰা মই স্কুলত শিক্ষকতা কৰিছিলো৷ কিন্তু হঠাৎ মোৰ কিছু ব্যক্তিগত সমস্যা [শাৰীৰিক অসুস্থতা] আহি পৰিল, যাৰবাবে শিক্ষকতা জীৱন সামৰিব লগা হৈছিল আঁতৰি অহা নাছিলো অৱশ্যে৷

বিন্দুঃ জীৱন আৰু প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা ?
উত্তৰঃ জীৱন মানে জীয়াই থকাৰ সংগ্ৰাম৷ অৰ্থাৎ সংগ্ৰাম অবিহনে জীৱন সম্ভৱ নহয়৷ কিন্তু এটা কথা ঠিক যে জীৱন মানেই কেৱল যাপন নহয়, উদ্‌যাপনো কৰিব লাগিব৷
প্ৰেম স্বৰ্গীয় অনুভূতি৷ যি অনুভূতিত স্বৰ্গীয় সুখ পোৱা যায়৷ প্ৰেম বহুত ধৰণৰ হ’ব পাৰে– পুৰুষৰ প্ৰতি নাৰীৰ প্ৰেম, পিতৃ-মাতৃ আৰু সন্তানৰ প্ৰতি প্ৰেম, জীৱ-জন্তু আৰু গছ-গছনিৰ প্ৰতি প্ৰেম ইত্যাদি৷

প্ৰিয় ফুল ?
উত্তৰঃ ৰঙা গোলাপ৷

প্ৰিয় মানুহ ?
উত্তৰঃ প্ৰয়াত দেউতা ঘণশ্যাম বৰ্মন৷

প্ৰিয় ৰং ?
উত্তৰঃ নীলা আৰু গুলপীয়া৷

প্ৰিয় ঠাই ?
উত্তৰঃ শ্বিলং৷

প্ৰিয় কিতাপ ?
উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰি’৷ হিন্দীৰ – প্ৰেমচন্দৰ উপন্যাস ‘গোদান’

প্ৰিয় ব্যঞ্জন ?
উত্তৰঃ বিলাহীৰ যিকোনো ব্যঞ্জনেই মোৰ প্ৰিয়৷

প্ৰিয় সময় ?
উত্তৰঃ আবেলি৷

বিন্দুক এইখিনি সময় দিয়া বাবে আপোনাক অশেষ ধন্যবাদ ।
উত্তৰঃ মোৰ ফালৰ পৰাও আপোনালোকক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলো৷ লগতে ‘বিন্দু’ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ৷

বিন্দুৰ হৈ সাক্ষাৎগ্ৰহণ কৰিলে দীপ্তি দেৱী কোঁৱৰে ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *