হিয়া দাস
9706776143
————————————————————————-
হোটেলৰ কোঠাৰ দুৱাৰখন খুলিয়েই বেগটো দলিয়াই সুসজ্জিত কোঠাটোৰ বিছনাখনত বাগৰ দিলোঁ । আজি সঁচাকৈয়ে মোৰ শৰীৰ, মন ক্লান্ত, বিষণ্ণ, অৱসাদগ্ৰস্ত ।
আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই উন্নাভ হ’ব ৰাজনন্দিনীৰ বৈধ স্বামী । হিন্দু ধৰ্মৰ ৰীতি অনুসৰি হোমাগ্নিক সাক্ষী কৰি দুয়ো হ’ব সমাজ-বিহিত স্বামী-স্ত্ৰী । চকুযুৰি পানীৰে উপচি পৰিল ।
: কিন্তু মা, এয়া কেনেকৈ…!
: অসম্ভৱ কি ? তই ইচ্ছা কৰিলেই সকলো সম্ভৱ । এক মুহূৰ্ত ৰৈ মাকে আকৌ ক’লে—
: পাহৰি নাযাবি কাৰ বাবে তই জীৱনৰ নিৰাপত্তা পাইছ, পৰিচয় পাইছ । ঘৃণা, ক্ষোভ, বিদ্বেষ সকলো নিজতে সামৰি চকুৰ আগত সেইজন লম্পট আৰু তোৰ জীৱন ৰক্ষা কৰিছোঁ । সেইদিনা তোক তাতেই পেলাই থৈ অহাহেঁতেন আজি মাৰৰ দৰে তোৰো এই ৰূপ-সৌন্দৰ্য কিমানৰ উপভোগ্য হ’লহেঁতেন কোনে জানে । মই মোৰ কাম কৰিছোঁ, এতিয়া তোৰ সময় । কথাখিনি কৈ উত্তৰলৈ বাট নাচাই কোঠাৰ পৰা ওলাই গৈছিল মা ।
সেইদিনা নিৰুত্তৰ হৈ পৰিছিলোঁ । চিৰঋণী মই এইগৰাকী মহীয়সীৰ ওচৰত । যিয়ে এজন স্খলিত, বিকৃত পুৰুষৰ কামনাৰ ফচল তুলি আনি ঠিকনা দিলে, মাতৃময়ী হাতেৰে তুলি-তালি ডাঙৰ-দীঘল কৰিলে সেইগৰাকী মানুহৰ এটি মাত্ৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিম ? ইমানো অকৃতজ্ঞ নহয় মই—-
টিং টং… টিং টং…
কলিং বেলৰ কৰ্কশ মাতত অনিচ্ছাসত্বেও উঠি গৈ দুৱাৰখন খুলি দিলোঁ । হোটেল ল’ৰা এজনে পানী এবটল মোলৈ আগবঢ়াই দি আৰু কিবা লাগিব নেকি সোধাত কফি একাপৰ অৰ্ডাৰ দিলোঁ । দুৱাৰখন জপাই খিৰিকীৰ ওচৰলৈ গ’লো । পৰ্দাখন আঁতৰাই দিয়াৰ লগে লগে স্নিগ্ধ মৃদু বতাহ এজাকে চুই গ’ল মোক ।
বাহিৰলৈ চালোঁ, সন্ধিয়া হ’বলৈ এতিয়াও আৰু এঘণ্টা বাকী । সম্মুখৰ ৰাস্তাটোৰে অবিৰাম গতিত চলিছে যান-বাহন । কেইখনমান ব্যস্ত দোকান-পোহাৰ । লাহে লাহে বিজুলী বাতৰিবোৰ জ্বলিবলৈ ধৰিছে । আৰু কেইমুহূৰ্তমান পিছতেই কৃত্ৰিম পোহৰৰ পয়োভৰত এন্ধাৰবোৰ হৈ পৰিব অস্তিত্বহীন । মূৰ দাঙি ওপৰলৈ চালোঁ, হেমন্তৰ নিৰ্মেঘ আকাশ । আকাশত এজাক চিলনী ঘূৰণীয়াকৈ উৰি আছে । অলপ আঁতৰত এটা চিলনী অকলে ইফালে-সিফালে উৰি আছে । অনুমান হয় — সিও চাগে আজি মোৰ দৰেই ক্লান্ত ।
নিঃসংগ ।
বিধ্বস্ত ।
নাই । আৰু চাই থাকিব নোৱাৰি । খিৰিকীৰ পৰা আঁতৰি আহি সুদৃশ্য বিছনাখনৰ বুকুত অৱশ শৰীৰটো এৰি দি জোৰকৈ চকুহাল মুদি দিলোঁ ।
আজি পুৱাৰে পৰা ঘৰখনত উখল-মাখল পৰিৱেশ ।
প্ৰতিটো কোঠাই আটকধুনীয়াকৈ সজাই তোলা হৈছিল । ৰাজনন্দিনীৰ অন্তৰংগ বন্ধু-বান্ধৱীবোৰ ইতিমধ্যে আহি ঘৰত উপস্থিত হৈছিল । ৰাজনন্দিনী আৰু উন্নাভ ভাৰতীৰ আঙঠি-পিন্ধোৱা অনুষ্ঠানটো অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল । দৰাৰ মাক-দেউতাক , খুৰায়েক -খুৰীয়েক আৰু খুৰায়েকৰ জীয়েক দুজনী আহিছিল । দৰাৰ বায়েকজনী একেলগে বিয়াৰ সময়তহে হেনো অসম পাবহি । কৰ্মসূত্ৰে সুদূৰ লণ্ডনত থকা বায়েকে ভিডিঅ’ কলিংযোগে আজিৰ এই বহু প্ৰত্যাশিত অনুষ্ঠানটো উপভোগ কৰিব ।
ৰাজনন্দিনীক কেইবাদিনো ধৰি উন্নাভ সম্পৰ্কীয় কথাবোৰ বুজাইছোঁ । সি গুণগুণে কেনে পোছাক পৰিধান কৰাতো বিচাৰে , কেনে ধৰণৰ মাত-কথা বিচাৰে, নাৰীৰ কি কি গুণৰ প্ৰতি সি আকৰ্ষিত হয় লগতে মোৰ ৰুচি, অভিৰুচিৰ বিষয়েও পুংখানুপুংখভাৱে জনাইছোঁ । গুণগুণ হ’ব লাগিব তাই । অৰ্থাৎ মই । মোৰ দৰেই তাই উন্নাভক অকৃত্ৰিম স্নেহেৰে, আলফুলে বুকুত আঁকোৱালি ৰাখিব লাগিব আজীৱন ।অত্যন্ত সংবেদনশীল উন্নাভ ভাৰতী । সৰু সৰু কথাতে অভিমানত উথলি উঠে । শিশুৰ দৰেই উচুপি উচুপি কান্দে । এইক্ষেত্ৰত তাই যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব । খং, গালি-গালাজ নকৰাকৈ অতি কৌশলেৰে তাৰ অভিমান ভাঙিব লাগিব ।
উন্নাভে জোৰোণৰ দিনা যি ধৰণে গুণগুণক চাব বিছাৰিছিল সেই ধৰণেই ৰাজনন্দিনীক সজাই তুলিছিলোঁ । আকাশ ৰঙৰ, পাতলকৈ গুণাৰে বছা তৰা বুটাৰ পাটৰ সাজ, কাণত জাংফাই কেৰু , ডিঙিত তিনি ধৰীয়া সোণৰ মণিত জোনবিৰি, হাতত গামখাৰু, আঙুলিত জেঠিনেজীয়া , ম’ৰাপখীয়া, পদুমকলি আৰু চিৰিপতা আঙঠি আদি অসমীয়া অলংকাৰ পিন্ধাই দিছিলোঁ । সুন্দৰকৈ খোপা বান্ধি সতেজ গোলাপেৰে সজাই দিছিলোঁ । সেওঁতাৰ সেজত চিতিপাতি, উন্নাভ কাজল সনা দুচকুত বুৰ যাবলৈ ভাল পায় সেয়ে ডাঠকৈ তাইৰ চকুযুৰি কাজলেৰে বোলাই দিছিলোঁ । ওঁঠত পাতল লিপষ্টিক, দুভৰিত ৰূপৰ পায়েল ।
আচলতে ৰাজনন্দিনীক নহয়, আজি যেন উন্নাভৰ বাবে মই মোকেই প্ৰাণভৰি সজাইছিলোঁ ।
: এই গুণগুণ , কি ভাবি আছা ? ৰাজনন্দিনীৰ মাতত উচাপ খাইছিলোঁ ।
সাজোন-কাচোনৰ অন্তত সমুখৰ পৰা ৰাজনন্দিনীৰ ফালে চাই আশ্চৰ্যত স্তম্ভিত হৈছিলোঁ । যেন সৰগৰ কোনো অপেস্বৰী ! কেইমুহূৰ্তমান মোৰ মুখলৈ চাই হঠাতে মোক আঁকোৱালি ধৰি উচুপি উঠিছিল ৰাজনন্দিনী—
: গুণগুণ , তোমাৰ এই উপকাৰ জীৱনত পাহৰিব নোৱাৰিম ।
: এনেকৈ ন’কবা নন্দু , সকলো তোমাৰেই । জন্ম-মৃত্যু-বিবাহত আমাৰ হাত নাথাকে । তুমি সুখী হোৱা । তুমি সুখী হ’লেই মই বহুত বেছি সুখী হ’ম ।
: কিয় ইমান মহান তুমি ? ৰাজনন্দিনীৰ উচুপনি বাঢ়িল । তাইৰ দুবাহুৰ মাজৰ পৰা লাহেকৈ আঁতৰি ধেমালিৰ সুৰত ক’লো—
: এই, নাকান্দিবা, কাজলবোৰ গালে-মুখে বিয়পি যাব ।
: ইচ্ নাযায় । ওৱাটাৰ প্ৰুফ হয় । এয়া চোৱা— তাই আঙুলি এটা তিয়াই চকু এটা মোহাৰি দেখুৱালে । তাইৰ ৰসিকতাত হাঁহি পেলালোঁ ।
‘জানে কাহা গয়ে ৱ দিন, কহ্ তে থে তেৰি ৰাহ মে নজৰো কো হম বিছায়েংগে…
মোবাইলত বাজি উঠিল ‘মুকেশ’ৰ কন্ঠৰ জনপ্ৰিয় গানটো । পানীৰে টলমল চকুযুৰি মেলি অস্বচ্ছ দৃষ্টিৰে দেখিলোঁ, এটা অজ্ঞাত নম্বৰ । ৰাজনন্দিনীৰ সৈতে ফোন নম্বৰ সলনি কৰাৰ পিছৰে পৰা অজ্ঞাত নম্বৰবোৰ তাইক নজনোৱাকৈ ৰিছিভ নকৰোঁ । তাইৰো একেই অৱস্থা ।
বাথৰুমলৈ গৈ মুখখন ধুই ওলাই অহাৰ লগে লগে পুনৰ কলিং বেলটো বাজি উঠিল । ল’ৰাজনে কৰ্নাৰ টেবুলখনৰ ওপৰত কফি কাপ থ’লে ।
: আকৌ কিবা লাগিব মে’ম ? ল’ৰাজনে বিনয়েৰে সুধিলে ।
: নো, থেংকছ । ল’ৰাজন যোৱাৰ পিছত দুৱাৰখন জপাই পিঠিত গাৰুটো লৈ আঁউজি বহিলোঁ । এৰি অহা দিনৰ দৃশ্যবোৰ আকৌ খণ্ড খণ্ডকৈ চকুৰ আগলৈ ভাঁহি আহিল ।
: তোৰ জন্মবৃত্তান্ত যিদিনাই গম পাব সেইদিনাৰ পৰা হয়তো তোক ঘৃণা নাইবা পুতৌৰ চকুৰে চাব । অথবা এই দুয়োটাৰ এটাও নহ’ব পাৰে । কিন্তু সত্য এদিন হ’লেও পোহৰলৈ আহিবই । এই সত্য যিদিনা পোহৰলৈ আহিব সেইদিনাই হয়তো জীৱনৰ চৰম ত্যাগ কৰিবলগীয়া হ’ব ৰাজনন্দিনী আৰু মই । য’ত আমাৰ তিলাৰ্ধ দোষ নাছিল । বেশ্যাৰ সন্তানৰ সমাজত স্থান নাথাকে । কাৰো আপোন নহয় সিহঁত । বেশ্যাৰ সন্তানক গ্ৰহণ কৰিব পৰাকৈ আমাৰ সমাজ আজিও উদাৰ নহয় । কিন্তু । কিন্তু এগৰাকী সমাজহিতৈষী হিচাপে সেয়া মই গ্ৰহণ কৰিলোঁ । ইয়াত কিন্তু ভুল তোৰ নাছিল গুণগুণ । মোৰ অথবা মাৰৰো নাছিল । গুণগুণ, আমাৰ কৰ্মফল যাতে ৰাজনন্দিনীয়ে ভোগ কৰিবলগীয়া নহয় এইটো গুৰুত্বপূৰ্ণ কথা ।
: দৰাঘৰ পালেহি আণ্টি ।
খিৰিকীৰে মনে মনে চাইছিলোঁ । উন্নাভে মোৰ পচন্দৰ বগা পাটৰ ধুতী, উজ্জ্বল মেৰুণ ৰঙৰ কুৰ্তা, ডিঙিত মেৰিয়াই লৈছে বগা পাটৰ এখনি চেলেং চাদৰ । প্ৰশান্ত মুখখনত ট্ৰীম কৰা এমুখ দাঢ়ি , ঋজু দেহ, অনবৰতে ওঁঠত বিয়পি থকা স্নিগ্ধ হাঁহিটোৰে আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী উন্নাভক কি অপূৰ্ব লাগিছিল !
‘জানে কাহা গয়ে ৱ দিন, কহ্ তে থে তেৰি ৰাহ মে নজৰো কো হম বিছায়েংগে…
মোবাইল স্ক্ৰিনত জিলিকি উঠিছে গুণগুণ, কান্দোনৰ মাজতো হাঁহি উঠি গ’ল । এতিয়াৰ পৰা যে তাই উন্নাভৰ গুণগুণ, আৰু মই হ’ব লাগিব খুলশালী– ৰাজনন্দিনী । ফোনটো ৰিছিভ কৰি কাণত হেঁচি ধৰিলোঁ ।
: ঘৰলৈ আহা গুণগুণ । এইখন চহৰততো আমাক মানুহে যমজ বুলিয়েই জানে, চিন্তা নকৰিবা ।
: আজি নাযাও ।
: প্লীজ গুণগুণ, তুমি এনেকুৱা কৰিলে নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ।
: দুদিনমান মোক অকলে থাকিবলৈ দিয়া নন্দু ।
: মাৰ জেদৰ আমি কিমান কষ্ট পালোঁ ! দুয়ো দেখিবলৈ হুবহু নহ’লে মায়ে কেতিয়াও এই সুবিধা আদায় কৰিব নোৱাৰিলে হয় । ভাগ্যৰো কি বিড়ম্বনা