✍️ৰিপম দৈমাৰী
জীৱনৰ যাত্ৰা পথত বহু মানুহক লগ পোৱা যায় । বেছিভাগেই গুৰুত্বহীনভাবে স্মৃতিৰ মণিকোঠাৰ পৰা মচ খাই যায় । তাৰে মাজৰে কিছুসংখ্যক স্বয়ংক্ৰীয়ভাবে ৰৈ যায় চিৰদিনৰ বাবে হৃদয় কুঠৰীত । তেনেকুৱাই এগৰাকী ব্যক্তিত্বসম্পন্ন ব্যক্তি হ’ল শৰৎ চন্দ্ৰ বড়ো, মোৰ বাবে শৰৎদা ।
জ্ঞান হ’বৰ দিনৰে পৰা সাহিত্যৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিবলৈ লৈছিলো । মই যি পৰিৱেশত ডাঙৰ হৈছো সেই পৰিৱেশত সেই সময়ত বড়ো ভাষাৰ সাহিত্য তেনেকৈ সুগম নাছিল । পঢ়াৰ মাধ্যমো বড়ো নাছিল বাবে অসমীয়া সাহিত্যৰ চৰ্চাৰেই আৰম্ভ কৰিছিলো সাহিত্যৰ জীৱন ।
হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ যেতিয়া ডিগ্ৰী কলেজত নামভৰ্তি কৰো তেতিয়া MIL নিৰ্বাচন কৰো বড়ো । বড়ো ভাষাৰ ব্যাকৰণ আৰু বড়ো সাহিত্য জগতৰ বিষয়ে যথেষ্ট জ্ঞান নথকা স্বত্বেও ডিগ্ৰীত MIL বড়ো কৰি লোৱাৰ পাছত বিষয়টোৰ প্ৰতি বেচিকৈ মনোযোগ দিবলগীয়া হৈছিল। বড়ো ভাষাত ৰচিত পুথি আলোচনী বাতৰি কাকত স্মৃতিগ্ৰন্থ আদি যি পাইছিলো সংগ্ৰহ কৰি পঢ়িছিলো । সেই সময়খিনিতে শৰৎদাৰ সৈতে প্ৰেক্টিকেলি পৰিচিতি গঢ়ি উঠে মোৰ । সেই পৰিচিতি চাক্ষুস নাছিল, সেই পৰিচিতি গঢ়ি উঠিছিল কবিতাৰ যোগেদি যেতিয়া হাতত পৰিছিল তেওঁৰ কবিতা পুথি ”থৈচাম”খন । সেয়াই আৰম্ভনি; গঢ়ি উঠিছিল শৰৎদাৰ কবিতাৰ সৈতে নিবিড় সম্পৰ্ক । …
আন এটা কথাই মোক তেওঁৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছিল যেতিয়া গম পাইছিলো যে তেওঁ সমানে অসমীয়া কবিতাও লিখে । সেই সময়ত অসমীয়া কবিতাৰ যোগেদি খ্যাতি লাভ কৰা বিশিষ্ট কবিসকলৰ ভিতৰত অমৃত বসুমতাৰী, অনুপমা বসুমতাৰী আছিল অন্যতম । তেওঁলোকৰ কবিতা পঢ়ি আহ্লাদিত হৈছিলো যিমান, তাতোকৈ বেছি হৈছিলো গৌৰৱান্বিত । তেওঁলোকৰ মাজৰে এজন হিচাপে যেতিয়া শৰৎদাকো এদিন আৱিষ্কাৰ কৰিলো, নিশ্চিতভাবেই মোৰ আগ্ৰহ তেওঁৰ প্ৰতি তীব্ৰতৰ হৈ উঠিল আৰু অ’ৰ ত’ৰ পৰা সংগ্ৰহ কৰি পঢ়িবলৈ ললো । তেওঁৰ তেনে এটি কবিতাই মোক আজিও দুখৰ পৰত নিচুকাই, সুখৰ পৰত আবিৰ ছটিয়ায় ।–
….তুমি সিঁচনি এখন অনা হ’লে
ভালেই হলহেতেন
নিগৰি নিগৰি পুখুৰী হোৱা
জৌ জৌ অকৰা চকুলোখিনি
সিঁচিব পাৰিলোঁহেতেন
ৰৌ বৰালি নহ’লেও
ধৰিব পাৰিলোহেতেন কিজানি
এটি দুটি পুঠি দৰিকোণা….
(যুলি যুগামি)
তেওঁৰ কবিতাৰ প্ৰেমত পৰাৰ পিছত নিজেও এটি দুটিকৈ গল্প কবিতা লিখিবলৈ লৈছিলো । তেনেকৈয়ে ১৯৯৯ চনত প্ৰকাশ হৈছিল মোৰ কবিতা পুথি ৰিংচাখন । ২০০১ চনত মোৰ দ্বাৰা সম্পাদিত হৈ প্ৰকাশ হৈছিল তিনিমহীয়া আলোচনী “বুব্লি” যিখন আলোচনী চাৰিটা সংখ্যা প্ৰকাশ হৈ পাছত বন্ধ হৈ যায় । ” বুব্লি “খন প্ৰকাশ হৈ থকা সময়তে শৰৎদাৰ ঘৰলৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছিলো । কিন্তু নানা সমস্যাত পৰি যাব পৰা নাছিলো ।
শৰৎদাক কায়িকভাবে লগ পাইছিলো ৰেল যাত্ৰাৰ সহযাত্ৰী হিচাপে । ২০০২ চনত Writer academy ৰ প্ৰতিনিধি হৈ বড়ো সাহিত্য সভাৰ গয়বাৰি অধিৱেশনত অংশ লৈছিলো । গৃহাভিমুখী বাটত মোৰ সংগী আছিল কবি ৰমাকান্ত বসুমতাৰী । নলবাৰী ষ্টেশ্যনলৈ- আমাৰ সহযাত্ৰী হৈছিল শৰৎদা । ৰমাদাই তেওঁৰ সৈতে মোক চিনাকি কৰাই দিয়াৰ পাছত তেওঁলোক দুয়ো সাহিত্যৰ বিষয়ে কথা পাতাত ব্যস্ত হৈছিল । সিদিনা সমস্ত যাত্ৰা পথটো মই নীৰৱ হৈ পাৰ কৰিছিলো । শান্ত সৌম্য শৰৎদাক চাক্ষুস দেখাৰ পিছত বহু দিন আগৰে অতি চিনাকি ‘কবি’ ‘শৰৎদা’জন আহি যেন মনৰ ভিতৰত দোলা দিছিলহি, কবি শৰৎদা আৰু চকুৰ সমুখতে উপৱিষ্ট হৈ থকা বাস্তৱৰ শৰৎদাৰ মাজত যেন সামঞ্জস্য বিচৰাত লাগি দিছিল মোৰ কৌতুহলি মনটোৱে ।
দ্বিতীয়বাৰ লগ পাইছিলো তামুলপুৰত অন্বেষাই আয়োজন কৰা গ্ৰন্থমেলাত । তাতো বিশেষ কথা বতৰা নহ’ল মোৰ শৰৎদাৰ সৈতে । দুমাহমান আগতহে তামুলপুৰীয়া কবি কনক চন্দ্ৰ বড়োৰ যোগেদি শৰৎদাৰ দ্বিতীয়খন কাব্য গ্ৰন্থ ”মেগন” মোৰ হাতত পৰিছিল । শৰৎদাই
বড়ো সাহিত্য সভাৰ সন্মান “ৰাংসাৰ” বটা ( ২০০৫-২০০৬ চন ) এইখন কাব্য গ্ৰন্থৰ বাবেই পোৱা বুলি সিদিনা কনকদাৰ পৰা গম পাইছিলো । খুবেই আনন্দিত হৈছিলো মোৰ প্ৰিয় কবিজনে বটাটো পোৱাত। কনকদাও আছিল খুবেই সুখী। এতিয়াও মনত আছে, সেইদিনা আনন্দতে কনকদাই মোক ঠাণ্ডা আৰু এটা পাণ খুৱাইছিল।
ইতিমধ্যে জীৱনৰ প্ৰয়োজনত ময়ো ব্যস্ত হৈ পৰিছিলো অন্য ধৰণেৰে । এক জটিল সময়ৰ হাত ধৰি আগুৱাব লগা হৈছিল জীৱন বাটত । সেই বাটত ফুল নাছিল; বৰঞ্চ আছিল হাবি-গেজেপনি । মোৰ জীৱনৰ সেয়াও এক অন্য অধ্যায় যিটো ইয়াত উল্লেখ কৰাটো হ’ব অপ্ৰাসংগিক আত্মবিলাপ স্বৰূপ । এইখিনি সময় আছিল ২০০৮ চনৰ পৰা ২০১৫ চন । লিখা-মেলা, সাহিত্য চৰ্চা সকলো বন্ধ হৈ পৰিছিল একপ্ৰকাৰ । তেনেতে মোৰ আগ্ৰজপ্ৰতিম বন্ধু ৰাতুল দাস শৰণীয়াৰ পৰা ফোন আহিছিল । তেওঁ তেতিয়া প্ৰতিষ্ঠিত অসমীয়া মাহেকীয়া আলোচনী প্ৰতিশ্ৰুতিত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । প্ৰতিশ্ৰুতিত “প্ৰান্তীয় কবিতা” শিতানত প্ৰকাশৰ বাবে বড়ো ভাষাৰ কবিতা আৰু তাৰ অনুবাদ বিচাৰিছিল তেওঁ । সেই শিতানটোত অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ কবিতা প্ৰকাশ হোৱাৰ লগতে কবিতাসমূহৰ অসমীয়া অনুবাদ আৰু মূল কবিগৰাকীৰ চমু পৰিচিতিও প্ৰকাশ কৰা হৈছিল ।
যি নহওক, ৰাতুল দাস শৰণীয়াৰ তাগিদাত পুনৰ সাহিত্যৰ জগতখনলৈ উভতি অহাৰ প্ৰয়াস কৰিলো । এই আপাহতে পুনৰ পুৰণি সম্পৰ্কবোৰ প্ৰাণ পাই উঠিবলৈ ললে । প্ৰতিশ্ৰুতিত প্ৰকাশৰ বাবে বিভিন্নজনৰ পৰা কবিতা সংগ্ৰহ কৰি পঠাই দিলো । নিজেও প্ৰতিশ্ৰুতিত নিয়মীয়াকৈ লিখিব ললো অসমীয়া কবিতা ।
ইয়াৰ মাজতে এদিন পৰিকল্পনা কৰিলো যে শৰৎদাৰ ঘৰলৈ যাম । ইতিমধ্যে ফোনৰ মাধ্যমত আমাৰ মাজৰ আন্তৰিকতা বাঢ়ি আহিছিল । বৌৰ লগতো যথেষ্ট কথা বতৰা হৈছিল । যাওঁ যাওঁকৈ কেবাটাও তাৰিখ পাৰ হোৱাৰ পিছত এদিন ওলালোগৈ শৰৎদাৰ ৰাঙাফালিস্থিত ( নলবাৰী ) বাসগৃহলৈ ।
প্ৰথম যাত্ৰা হিচাপে তেওঁৰ ঘৰ বিচাৰি উলিওৱাত আমাৰ একো অসুবিধা নহ’ল । ফোন যোগে শৰৎদাই অহৰহ পথৰ সন্ধান দি গ’ল । মোৰ লগত আছিল মোৰ বন্ধু জগন্নাথ বড়ো ।
গাঁৱৰ অকোঁৱা পকোঁৱা আলিৰৈ গৈ এটা সময়ত শৰৎদাৰ ঘৰৰ পদূলি পাইছিলোগৈ । অন্তৰত এটা পুলক অনুভৱ কৰিছিলো । শীতকাল আছিল । গছ গছনিবোৰ লঠঙা হ’বলৈ আৰম্ভ কৰিছিল । দেখিলো আগচোতালত শাৰী শাৰীকৈ সজাই থোৱা ফুলৰ টাববোৰ উকা । পিছত অৱশ্যে গম পালো যে টাববোৰত নতুন ফুলৰ পুলি লগোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বাবেহে পুৰণি গছবোৰ আঁতৰ কৰা হৈছে ।
আমি গৈ পোৱাৰ উমান পাই দাদা বৌ দুয়োগৰাকীয়ে আদৰি নিছিল ভিতৰলৈ । আপোনভোলা পৰিয়ালটোৰ আতিথ্য গ্ৰহণ কৰি আহ্লাদিত হৈছিলো সিদিনা । জাপে জাপে কবিতাৰ বহী । বিস্ময়ত হতবাক হৈছিল । মোৰ দৰে মানুহ এজনৰ বাবে কোনোবাই যে জীৱনকালত ইমান কবিতা লিখিব পাৰে সেয়া অবিশ্বাশ্য আছিল সিদিনালৈকে । কবিতাবোৰ লিৰিকি বিদাৰি চাইছিলো, পঢ়াতকৈ স্পৰ্শৰ মাজেৰে অনুভৱ কৰিব খুজিছিলো এগৰাকী কবিৰ মনৰ ভিতৰত কল্লোলিত হৈ থকা ভাবৰ মহাসাগৰখন । হয়, সিদিনা সঁচাকৈয়ে অনুভৱ কৰিছিলো- কবিতা যদি মহাসমুদ্ৰ তেন্তে শৰৎদা সেই সমুদ্ৰ তঁটত লহৰ লেখি ৰৈ থকা অনন্তকালৰ ধ্যানমগ্ন মহাযোগী ।… নিজকে শৰৎদাৰ সমুখত সিদিনা বৰ সৰু যেন অনুভৱ হৈছিল ।
বৌৰ আদৰ আপ্যায়নৰ মাজতে চৌহদটো নিৰীক্ষণ কৰিছিলো । কৌতুহল আছিল, এগৰাকী কবিৰ ব্যক্তিগত জীৱনৰ বিষয়ে জনাৰ । এক গহীন পৰিৱেশে বিৰাজ কৰা চৌহদৰ প্ৰতিটো চুক, গছ-লতিকাত দেখিছিলো এক কাব্যিক আৱেশ । মই অভিভূত হৈছিলো । অভিনৱ আছিল সেই অভিজ্ঞতা ।
এটি মিঠা অনুভৱ বুকুত লৈ ঘৰলৈ ওভতাৰ পথত কবিগৰাকীৰ দুষ্প্ৰাপ্য মৰমখিনিও ‘জীৱনৰ এক প্ৰাপ্তি’ হিচাপে বুকুত বান্ধি লৈ আহিছিলো যিটো আজিও কঢ়িয়াই লৈ ফুৰিছো বুকুৰ অভ্যন্তৰত ।
শৰৎদা ভালে থাকক, কুশলে থাকক আৰু সৃষ্টি কৰি যাওক ন ন শব্দগাঁথা, আমাৰ বাবে উপহাৰ দি যাওক নিৰন্তৰ কবিতাৰ অমল সম্ভাৰ । এতিয়ালৈকে ষোলখন কাব্য গ্ৰন্থৰে বড়ো আৰু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা লেখক
কবি শৰৎ চন্দ্ৰ বড়োলৈ জনালোঁ মোৰ আন্তৰিক অভিনন্দন ।
(এই আপাহতে বিন্দুৰ পাঠকৰ বাবে শৰৎদাৰ সৈতে হোৱা এটি কথোপকথন আগবঢ়ালোঁ)
বিন্দু ঃ প্ৰথমে বিন্দুৰ হৈ আপোনাক নমস্কাৰ জনাহছোঁ।
শৰৎ চন্দ্ৰ বড়োঃ আপোনাক আৰু বিন্দু পৰিয়ালৰ আটাইলৈকে ময়ো আন্তৰিক নমস্কাৰ জনাইছোঁ।
বিন্দুঃ পথমেই জানিব বিচাৰিম, আপুনি কেতিয়াৰ পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছিল ?
শৰৎ চন্দ্ৰ বড়ো ঃ মই ১৯৭২ইং চনৰ পৰা অৰ্থাত নৱম শ্ৰেণীত পঢ়া সময়ৰ পৰা সাহিত্য জগতলৈ আহিছঁ। অৱশ্যে ক’বলৈ গ’লে ষষ্ঠ শ্ৰেণীৰ পৰাই মই বিভিন্ন আলোচনী আদি নিয়মীয়াকৈ পঢ়িছিলঁ। বিশেষকৈ বিস্ময়, আমাৰ প্ৰতিনিধি আদি আলোচনী নিয়মীয়াকৈ পঢ়াৰ উপৰি বিহু-পূজা আদিৰ বিভিন্ন আলোচনীৰ বিশেষ সংখ্যাবিলাক পঢ়িছিলোঁ। তেনেকৈয়ে মই এই জগতখনত সোমাই পৰিছিলোঁ ।
বিন্দু ঃ সাহিত্যৰ দিশটোত এতিয়ালৈকে কি কি কাম কৰিলে ?
শৰৎ চন্দ্ৰ বড়ো ঃ সাহিত্যৰ দিশটোত এতিয়ালৈকে কি কি কাম কৰিলোঁ বোলোতে ক’ব লাগিব- বহু কবি সন্মিলন – বহুভাষী কবি সন্মিলন আদিত আমন্ত্ৰিত হৈ বিভিন্ন ঠাইত কবিতা পাঠ কৰি আহিছোঁ। কেতিয়াবা সমলোচক হিচাপে, কেতিয়াবা পৰ্যালোচক হিচাপেও আদিৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে। এতিয়ালৈকে অৰ্থাৎ ২০২৩ ইং চনৰ ফেব্ৰুৱাৰী মাহলৈকে ১৬ খনকৈ কবিতা পুথি প্ৰকাশ কৰিলোঁ।
বিন্দু ঃ সাহিত্য চৰ্চাৰ উপৰি আপুনি আন কি কি কামৰ সৈতে জৰিত ?
শৰৎ চন্দ্ৰ বড়ো ঃ সাহিত্য চৰ্চাৰ উপৰি মই বিভিন্ন সামাজিক অনুষ্ঠান, সভা-সমিতি আদিত জড়িত থাকিবলগীয়া হওঁ। বিভিন্ন সভাবোৰত বক্তব্য ৰাখিবলগীয়া হওঁ। কেতিয়াবা পতাকা উত্তলোন, কেতিয়াবা আলোচনী, গ্ৰন্থ আদিৰ উন্মোচন, প্ৰাচীৰ পত্ৰিকা উন্মোচন, কেতিয়াবা বৃক্ষ ৰোপণ আদিৰ লগতে কেতিয়াবা কাৰোবাৰ গ্ৰন্থৰ পাতনি লিখা, অভিমত লিখা আদি ভিন-ভিন কামত জড়িত থাকি আহিছোঁ। ইয়াৰোপৰি আজৰি সময়ত মই ফুলৰ প্ৰতিপালন কৰি ভাল পাওঁ । লিচু, লেটেকু, আম, মধুৰী আম আদিৰ দৰে ফল-মূলৰ গছৰ আপদালো কৰো আৰু সেইবোৰ ওচৰ চুবুৰীয়া বা আলহি-অতিথিক ভগাই দি ভাল পাওঁ । শাক-পাচলি আদিও কম বেচি পৰিমানে কৰো নিজৰ বাবে। এবাৰ মই ১৩০ টা পানীলাও নিজৰ সহকৰ্মী, আলহী তথা ওচৰ চুবুৰীয়াক ভগাই দিছিলোঁ।
এটা সময়ত আমাৰ গাঁৱৰ মাজৰ পথটি খুবেই বেয়া আছিল । বোকা পানীৰে কদৰ্যময় আছিল । ক’ৰবাত ক’ৰবাত এক আঠুলৈকে দ’ গাত । মই নিজে কেবা বছৰো কোৰ লৈ গাতবোৰত মাটি দিছিলোঁ। আনকি দিন হাজিৰা দি মানুহ লগায়ো ঠিক কৰাইছিলো যাৰ বাবে দেউতাৰ গালিও খাইছিলোঁ- চৰকাৰী ৰাস্তাত এনেদৰে নিজৰ ধন খৰচ কৰি কাম কৰোৱা বাবে। বহুতে বক্ৰোক্তিও কৰিছিল। সমনীয়াবোৰৰ সৈতে মিলি গাঁওৰ খেল পথাৰখনো প্ৰস্তুত কৰিছিলোঁ । তাৰ বাবে মুড়ি, চিৰা চাহ আদি যোগান ধৰিছিলোঁ । মই কৰি আহা কামৰ ভিতৰত উল্লেখনীয় কামবোৰ হ’ল— ফুটবল, ভলীবল আদিৰ পৃষ্ঠপোষকতা। ‘ৰেগচু’ (REGSU- Rangafali Ever Green Sports’ Unit) নামেৰে সংগঠন এটা গঠন কৰি খেলৰ বাবে উদ্গনিমূলক কাম কৰিছিলোঁ। নিজৰ টকা-পইচাৰে ফুটবল, ভলীবল, বুটজোতা, জাৰ্চি আদি কিনি দিছিলোঁ। তেনেকৈ গান-বাজনাৰ বাবে হাৰমনিয়াম, কংগো-বংগো, তবলা আদিৰো যোগান ধৰিছিলোঁ।
বিন্দু ঃ এগৰাকী শিক্ষক হৈছে একোখন সমাজৰ ভাগ্যনিয়ন্তা, কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ ভিৱিষ্যত বহু পৰিমানে এজন শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰে। এগৰাকী ভাল শিক্ষক অৰু এগৰাকী ভাল কবি- দুয়োটাৰ মাজত ব্যৱহাৰিক জীৱনত কেনেকুৱা সামঞ্জস্য আছে বুলি ভাবে?
শৰৎ চন্দ্ৰ বড়ো ঃ এগৰাকী ভাল শিক্ষক আৰু এগৰাকী ভাল কবি- দুয়োটাৰ মাজত ব্যৱহাৰিক জীৱনত ওতঃ প্ৰোতঃ আৰু খুবেই ভাল আৰু সুদৃঢ় সম্পৰ্ক আছে বুলি মই ভাবো। কাৰণ দুয়োটাই মানুহ । দুয়োটাৰ সংমিশ্ৰণে মানুহৰ আদৰ্শ, সমাজৰ উন্নতি, সংস্কাৰ আদিৰ ক্ষেত্ৰত প্ৰভূত প্ৰভাব পেলাব পাৰে। কাৰণ ‘A Good Teacher is Worth a Thousand priests.
বিন্দু ঃ আপুনি আজৰি সময়ত কৰি ভাল পোৱা কিছু কামৰ বিষয়ে কওকচোন!
শৰৎ চন্দ্ৰ বড়ো ঃ অলপ আগত কৈছোঁৱেই যে আজৰি সময়ত মই ফুলৰ যত্ন লওঁ। ফল-মূলৰ গছৰ আপদাল কৰোঁ । তদুপৰি বৰ্তমান মই মুৰ্গী পালনো কৰি আছোঁ । সেয়ে ৰাতি পুওৱাৰ লগে লগে উঠি গৰালৰ মুৰ্গী এৰি দি চাউল পাতি, পানী আদি যোগান ধৰো । বন-বাট চিকুনাওঁ।
বিন্দু ঃ আপোনাৰ দৃষ্টিত কবিতানো কি সেয়া জানিব বিচাৰোঁ।
শৰৎ চন্দ্ৰ বড়ো ঃ কবিতানো কি- তাক সতকাই কোৱাটো সহজ নহয়। তথাপি কওঁ কবিতা হ’ল কবিৰ মানস সন্তান । ই হ’ল- আবেগ অনুভূতি, কল্পনা, বাস্তৱ জীৱনৰ অভিজ্ঞতা, গভীৰ চিন্তাৰ অনুশীলন।
বিন্দু ঃ বৰ্তমান বড়ো কাব্যজগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে কবিসকলে অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?
শৰৎ চন্দ্ৰ বড়ো ঃ ‘ফিফটি-ফিফটি’। ঠিক তেনেকৈ আগবঢ়া বুলি মনে বুজনি নামানে। তাৰ মাজেদিয়ে দুই এজনে যথেষ্ট চেষ্টা কৰা দেখা যায়। এতিয়াতো দেখিছো- বৰ’, অসমীয়া বা অন্যান্য ভাষাতো নিজৰ নাম কবিৰ তালিকাত অন্তৰ্ভু কৰাৰ বাবে কিছুমানে মনোভাব পোষণ কৰে।
নিশ্চয়কৈ কবিসকলে অধিক কৃচ্ছ্ৰসাধন কৰাৰ প্ৰয়োজন আছে। তাৰবাবে মনৰ দৃষ্টি, ভাৱ-অনুভূতিৰ গভীৰতাৰ নিতান্তই প্ৰয়োজন।
বিন্দু ঃ আধুনিক কবিতা কেনে হ’ব লাগে বুলি আপুনি ভাবে? এটা সাৰ্থক কবিতা লিখিবলৈ এজন কবিয়ে কিদৰে অনুশীলন কৰিব লাগে?
শৰৎ চন্দ্ৰ বড়ো ঃ আধুনিক কবিতা কেনে হ’ব লাগে তাক ভবাটো সহজ মন্থন মোৰ বাবে নহয়। কিয়নো- এতিয়া কবিতাৰ নিৰ্মাণ হয়। কবিতাৰ আংগিকৰ ওপৰত অহৰহ পৰীক্ষা-নিৰীক্ষা চলিয়েই আছে। এশাৰীৰ পৰা হাজাৰ শাৰীলৈকে কবিতা সৃষ্টি হৈয়ে আছে। এতিয়াতো অনুগল্পয়ো ভুমুকি মাৰিছে।
বিন্দু ঃ বৰ্তমান সময়ত কবি আৰু কবিতাৰ সঠিক মূল্যাংকন হৈছে বুলি আপুনি ভাবেনে?
শৰৎ চন্দ্ৰ বড়ো ঃ এজন সাৰ্থক কবিৰ বাবে অধ্যয়ন, অহৰহ অনুশীল, ভাব অনুভূতিৰ যথাযথ মিলন অনিবাৰ্য। কিবা এটা লিখি উঠিয়েই মস্ত কিবা এটা হ’ল বুলি আত্ম-সন্তুষ্টি লভিব নালাগে। আলেকজেণ্ডাৰ পোপে কৈছিল— ‘Keep your Writings for nine years.’
সঠিক মূল্যায়ণ হৈছে বুলি একেবাৰে নাভাৱোঁ। দেখা যায় যিবোৰ ‘প্ৰতিষ্ঠিত’ কবি বুলি জনাজাত, কাকত-আলোচনীবোৰে তেওঁলোকৰ কবিতাকহে আগস্থান দি প্ৰকাশ কৰে। যিমানেই ভাল নহওক কিয় আনৰ কবিতা প্ৰকাশ কৰোতে আগ্ৰহী হোৱা দেখা নাযায়। প্ৰতিষ্ঠিত কবিবোৰে আনৰ কবিতা পঢ়িবলৈও অনীহা প্ৰকাশ কৰে কিনি পঢ়াটো দূৰৰে কথা। মোৰ ব্যক্তিগত অভিজ্ঞতা এটাৰ বিষয়ে কওঁ— এবাৰ মই বিখ্যাত, প্ৰতিষ্ঠিত কবি এগৰাকীক মোৰ অসমীয়া পুথি এখন নে দুখন যাঁচোতে তাক হাত পাতি ল’বলৈও ইতস্থতবোধ কৰিছিল। মই ভাবিছিলো বৰ’ মানুহ হৈয়ো যিহেতু মই অসমীয়াত কবিতা লিখিছোঁ সেয়ে আগ্ৰহ প্ৰকাশ কৰিব।
বিন্দু ঃ আপুনি বৰ্তমান ডজনোধিক কবিতাৰ সংকলন প্ৰকাশ কৰিছে। সংকলনকেইখনৰ বিষয়ে কওঁকচোন। সংকলনকেইখনকলৈ আপুনি সন্তুষ্টনে?
শৰৎ চন্দ্ৰ বড়ো ঃ হয় মই ইতিমধ্যে আপোনাক কলোৱেই । এতিয়ালৈকে মই পঞ্চাশ বছৰৰো অধিক সময় ধৰি কবিতা লিখি আহিছো – বৰ’ আৰু অসমীয়া, মই দুয়োটা ভাষাকে নিজৰ মাতৃ ভাষা বুলি মানো। তদুপৰি ইংৰাজী আৰু বঙালী ভাষাতো কেইটামান কবিতা লিখিছো – প্ৰকাশো হৈছে। মোৰ সংকলনকেইখনক লৈ সামগ্ৰিকভাৱে সন্তুষ্ট বুলিয়েই ক’ম । আৰু কেইখনমান পুথিৰ জোখাৰে পাণ্ডুলিপি এতিয়াও মজুত আছে।
এতিয়ালৈকে বৰ’ আৰু অসমীয়া ভাষাত দুহেজাৰতকৈওঁ বেছি কবিতা (প্ৰকাশিত-অপ্ৰকাশিত)) ৰচনা কৰিছো।
বিন্দু ঃ আপুনি অসমীয়া ভাষাতো কবিতা লিখে। ভাব প্ৰকাশ কৰিবলৈ কোনটো ভাষাত আপুনি তুলনামূলকভাবে সহজ পায়?
শৰৎ চন্দ্ৰ বড়ো ঃ বৰ’ ভাষাত সাহিত্যৰ শব্দ এতিয়াও পৰ্য্যাপ্ত হোৱা নাই – স্বীকাৰ কৰিবই লাগিব। ভাব প্ৰকাশ কৰিবলৈ তুলনামূলকভাৱে মই অসমীয়াকে সহজ পাওঁ – কাৰণ অসমীয়াত শব্দৰ পৰিসংখ্যা যথেষ্ট বেছি।
বিন্দু ঃ আপোনাৰ আদৰ্শ কবি কোন যাৰ স্মৰণমাত্ৰকে আপুনি আত্মিক অনুপ্ৰেৰণা অনুভৱ কৰে?
শৰৎ চন্দ্ৰ বড়ো ঃ মোৰ তেনেকৈ আদৰ্শ কবি বুলি বিশেষ নাই। কবিতা অনুসৰিহে মই তাক নিৰ্দ্ধাৰণ কৰোঁ। কোনো অখ্যাত কবিৰ সাৰ্থক কবিতাও মোৰ বাবে বিশেষ বিচাৰ্য। এয়াও সঁচা – বহু পুৰণি কবিৰ কবিতাই এতিয়াও মোৰ মনত সাঁচ বহুৱাই ৰাখিছে- সিবোৰৰ মানদণ্ড, ৰচনা শৈলী অকপটভাৱে স্বীকাৰ্য।
বিন্দু ঃ কবিতাৰ উপৰি অপুনি অন্য ৰচনা লিখিছেনে? সেই বিষয়ে কওঁকচোন।
শৰৎ চন্দ্ৰ বড়ো ঃ কবিতাৰ বাহিৰে অন্য ৰচনাত হাত দিয়া নাই। অৱশ্যে এতিয়া ‘অণুগল্প’ কেইটামান লিখি থৈছোঁ।
বিন্দু ঃ এতিয়ালৈকে পোৱা সন্মানসমূহৰ বিষয়ে কওঁকচোন।
শৰৎ চন্দ্ৰ বড়ো ঃ এতিয়ালৈকে বঁটা হিচাপে— ১) ৰাংছাৰ বঁটা, ২) ৰোহিণী মেধি সোঁৱৰণী কাব্য বঁটা, ৩) কৃষ্ণ কান্ত দাস সোঁৱৰণী কাব্য বঁটা, ৪) জাহ্নৱী বৰুৱা কাব্য পুৰস্কাৰ, ৫) সংহতি কবি কাব্য বঁটা লাভ কৰিছোঁ ।
ইয়াৰোপৰি বিভিন্ন কবি সন্মিলনত ফুলাম গামোচা, আৰনাইৰ লগতে কিছুমান উপহাৰৰ সামগ্ৰীওঁ লাভ কৰিছো।
বিন্দু ঃ নতুনকৈ কলম হাতত লোৱা কবিসকলক আপুনি কি ক’ব?
শৰৎ চন্দ্ৰ বড়ো ঃ নতুনকৈ কলম হাতত লোৱা কবিসকলক মই ক’ব খোজো- তেওঁলোকে যেন অধিক অধ্যয়ণ কৰি গভীৰভাৱে চিন্তা কৰি আহৰণ, অনুশীলন কৰি হতাশ নোহোৱাকৈ একানপটীয়াকৈ লিখি যায়। বতৰৰ কবি বহুতো দেখা যায় । নিজ নিজ অঞ্চলত কোনো পূজা, বিহু বা অন্যান্য সময়ত উলিয়াব লোৱা স্মৃতিগ্ৰন্থ, অভিনন্দন গ্ৰন্থ, মুখপত্ৰ আদিলৈ বাট নাচাই, বতৰৰ কবি হ’বলৈ নগৈ সকলো সময়তে লিখি থাকিব লাগে। দুই এটা কবিতা লিখি, ক’ৰবাত প্ৰকাশ পালেই নিজকে প্ৰতিষ্ঠিত, বিশিষ্ট কবি বুলি ভাবি অহংকাৰ কৰিব নালাগে। ম’বাইলতে লিখি ম’বাইলৰ পৰা পাঠ নকৰি কাগজত লিখিহে পাঠ কৰাটো সমীচিন। কিয়নো তেতিয়াহে পৰ্যালোচকে শব্দৰ ব্যৱহাৰ, বাক্য গাথনি, বানান আদিৰ শুদ্ধাশুদ্ধি সৰ্ম্পকে বিশ্লেষণ আগবঢ়োৱাত সুবিধা হয়।
বিন্দু ঃ সাহিত্য-সংস্কৃতি আদি সকলো দিশতে বিশৃংখলতাই দেখা দিয়া বৰ্তমান সমাজখনৰ প্ৰতি কিবা বাৰ্তা দিব খোজেনে?
শৰৎ চন্দ্ৰ বড়ো ঃ সাহিত্য সংস্কৃতি আদি সকলো দিশতে বিশৃংখলতাই দেখা দিয়া বৰ্তমান সমাজখনৰ প্ৰতি মই ইয়াকে বাৰ্তা দিব খোজো- সকলো ক্ষেত্ৰতে সচেতন হ’ব লাগে। দুৰ্নীতি, ব্যাভিচাৰ আদিক প্ৰশ্ৰয় দিব নালাগে । নীতি-নৈতিকতাৰ স্খলন প্ৰতিৰোধৰ বাবে সকলো শ্ৰেণীৰ মানুহকে সষ্টম কৰি তোলাৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে।
বিন্দু ঃ শেহতীয়াভাৱে ৰাজ্যত নাৰী সম্পৰ্কীয় এনে কিছু হিংসাত্মক ঘটনা দৈনিক পোহৰলৈ আহিব লাগিছে যিবোৰ আমাৰ সমাজৰ বাবে একেবাৰে খাপ নোখোৱা ধৰণৰ। অপুনি এনে অবাঞ্চিত ঘটনাবোৰৰ সম্পৰ্কত কি বক্তব্য ৰাখিব?
শৰৎ চন্দ্ৰ বড়ো ঃ নাৰী সম্পৰ্কীয় বিশৃংখলতা আৰু হিংসাত্মক ঘটনা সঁচাকৈ অতিশয় লজ্জাজনক আৰু নিন্দনীয় । এই ক্ষেত্ৰত অকল প্ৰশাসন, চৰকাৰেই নহয়, সমস্ত মানৱ সমাজে তেনে দুষ্কৃতিকাৰীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
বিন্দু ঃ প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা?
শৰৎ চন্দ্ৰ বড়ো ঃ মানুহ বুলিয়েই নহয়, সমূহ পশুপক্ষী জীৱ কুলেই প্ৰেম অবিহনে জীয়াই থাকিব নোৱাৰে—
প্ৰেমত ফুলিছে শতদল
প্ৰেমত ঘুৰিছে ভূমণ্ডল
—এয়াই প্ৰেমৰ মহিমাৰ যথাৰ্থতা । কথা হ’ল – প্ৰেম সৰগীয়,- নাৰকীয় হ’ব নালাগে।
বিন্দু ঃ প্ৰিয় ফুল?
শৰৎ চন্দ্ৰ বড়ো ঃ সকলো সুন্দৰ ফুলেই মোৰ প্ৰিয়। তথাপি ডালিয়া, ক্ৰিচাম থিমাম, নাৰ্জি, জিনিয়া, লিলি, গোলাপ আদি।
বিন্দু ঃ প্ৰিয় মানুহ?
শৰৎ চন্দ্ৰ বড়ো ঃ নৈতিকভাবে চৰিত্ৰবান, সত্য কথা কোৱা আদৰ্শবান প্ৰতিগৰাকী মানুহেই মোৰ প্ৰিয়।
বিন্দু ঃ প্ৰিয় ৰং?
শৰৎ চন্দ্ৰ বড়ো ঃ ৰঙা, নীলা, হালধীয়া, সেউজীয়া, বগা, কমলা আদি সকলো উজ্বল ৰঙেই মোৰ প্ৰিয়।
বিন্দু ঃ প্ৰিয় ঠাই ?
শৰৎ চন্দ্ৰ বড়ো ঃ নিজৰ জন্ম ঠাই আৰু ওচৰ-পাজৰৰ ঠাই।
বিন্দু ঃ প্ৰিয় কিতাপ?
শৰৎ চন্দ্ৰ বড়ো ঃ কবিতা আৰু কবিতা পুথি মোৰ বেছি প্ৰিয়।
বিন্দু ঃ প্ৰিয় সময়?
শৰৎ চন্দ্ৰ বড়ো ঃ পৰিবেশ-পৰিস্থিতি সাপেক্ষে ই মোৰ ক্ষেত্ৰত নিৰ্ভৰ কৰে।
বিন্দু ঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনলো। আপোনাৰ কলমৰ নিচিগা ধাৰ বৈ থাকক সদায়।
শৰৎ চন্দ্ৰ বড়ো ঃ মোৰ ফালৰ পৰাও থাকিল বহু ধন্যবাদ আটাইলে।
কবিগৰাকীৰ দূৰভাষ
৯৭০৭০-৬০৩১১