এইবাৰৰ অতিথি সঙ্গীতশিল্পী জিতুমণি দাস

এইবাৰৰ অতিথি সঙ্গীতশিল্পী জিতুমণি দাস

১)বিন্দুঃ আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ কেতিয়া আৰু কেনেকৈ আহিল ?

উত্তৰ ঃ সৰুৰে পৰাই ভাল ভাল গীত শুনো৷ স্কুলীয়া জীৱনৰ পৰা গান গাই আহিছো৷ ২০০০ চনত মোৰ কথা, সুৰ আৰু কণ্ঠ সমৃদ্ধ প্ৰথম কেছেট ‘প্ৰিয়তমা তুমি মোৰ’ মুক্তি৷ উক্ত এলবামটিত জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালৰ সঙ্গীত লগতে কণ্ঠ আৰু ববিতা দাসেও কণ্ঠ নিগৰাইছিল৷ বৰ্তমান সঙ্গীতৰ ক্ষেত্ৰখনত ২৩ বছৰ সম্পূৰ্ণ৷

২)বিন্দুঃ সংগীতৰ ক্ষেত্ৰত এতিয়ালৈ আপোনাৰ অৰিহণা কেনেধৰণৰ ?

উত্তৰ ঃ সঙ্গীতৰ ক্ষেত্ৰত অৰিহণা বুলিবলৈ বিশেষ একো নাই৷ সমাজৰ হিতৰ হকে গীত গাই ভাল পাওঁ, গাই আছো৷ মুষ্টিমেয় গীত কেইটিমান লিখি গাই আহিছো আৰু অনাগত দিবলৈ এই প্ৰচেষ্টা অব্যাহত থাকিব৷ কৰণীয় বহুত আছে৷

৩)বিন্দুঃ আজিৰ গীত আৰু তাহানিৰ গীতবোৰৰ মাজত কেনেধৰণৰ পাৰ্থক্য অনুভৱ কৰে আপুনি ?

উত্তৰ ঃ সামাজিক তথা সাংস্কৃতিকভাৱে সচেতন তথা গুণী-জ্ঞানী শ্ৰোতাই ভাল গীতক সদায়ে প্ৰাধান্য দি আহিছে৷ সেয়েহে আজিৰ গীত আৰু তাহানিৰ গীত বুলিলে বিশেষ পাৰ্থক্য আছে বুলি মই নাভাবো৷ যি গীতত সাহিত্য নাথাকে, যি গীতত চহা জীৱনৰ ছবি নাথাকে, যি গীতে মানুহৰ মনৰ ভোক পলাব নোৱাৰে সেইবোৰ গীত কেতিয়াও হ’ব নোৱাৰে৷

৪)বিন্দুঃ আজিকালিৰ প্ৰাইবোৰ গীতেই ব্যক্তিগত ভাব-আবেগ প্ৰকাশৰ মাধ্যমৰ দৰে হৈ পৰিছে । আপুনি কি ভাবে ?

উত্তৰ ঃ সূৰ্য্যই কেতিয়াও নিজৰ বাবে পোহৰ নিবিলাই৷ সামাজিক তথা সাংস্কৃতিক দায়বদ্ধতাৰে গীতৰ সৃষ্টি হ’ব লাগে৷ আজিকালি বহুগীত নিৰ্মাণহে হয়, সৃষ্টি নহয়৷

৫)বিন্দুঃ গীত এটা লিখোতে আপুনি কোনটো কথাক অধিক গুৰুত্ব দিয়ে ?

উত্তৰ ঃ গীত লিখাৰ আগতে মই কাগজ আৰু কলমৰ লগত কথা পাতো৷ কাগজখিলাই কয়– ‘তোমাৰ পৰা ভাল সৃষ্টিৰ আশা কৰিছোঁ৷’ আনহাতে কলমে কয়– ‘মোক সদ্ব্যৱহাৰ কৰা৷’ এই কথাখিনিৰ দ্বাৰা নিজকে প্ৰস্তুত কৰিবলৈ কেতিয়াবা বহু সময় লওঁ আৰু গীতৰ বিষয়বস্তুৰ গভীৰতালৈ সোমাব চেষ্টা কৰোঁ৷

৬)বিন্দুঃ ভূপেনদাই সংগীতক সমাজ সংস্কাৰৰ হাথিয়াৰ হিচাপে গ্ৰহণ কৰিছিল । তেওঁৰ উত্তৰসুৰি হিচাপে অসমৰ সংগীত জগতত কাৰ নাম ল’ব বিচাৰিব আপুনি ?

উত্তৰ ঃ তেনেকুৱা খ্যাত-অখ্যাত বহু শিল্পী আছে যিয়ে সমাজ সংস্কাৰৰ হকে গীত গাই আহিছে৷ এটা নাম ল’বলৈ অসুবিধা৷ উত্তৰসুৰি হিচাপে খ্যাতিবলৈ প্ৰচুৰ কচৰতৰ প্ৰয়োজন৷

৭)বিন্দুঃ একমাত্ৰ প্ৰচাৰ লাভৰ বাবেই একাংশ সংগীত শিল্পীয়ে সস্তিয়া শব্দ সংযোজনেৰে গীত পৰিৱেশন কৰা দেখা যায় । আপুনি কি ক’ব তেওঁলোকক ?

উত্তৰ ঃ আনক সমালোচনা কৰিবলৈ যোগ্যতা মোৰ নাই৷ মোৰ দৃষ্টিত আনক সমালোচনা বা কিবা কোৱাৰ আগত মই কি কৰিছো, আগলৈ কি কৰিম সেইটোহে গুৰুত্বপূৰ্ণ৷ সকলোৱে ভাল ভাল কাম কৰক, প্ৰগতিশীল কাম কৰি যাওক৷ এয়াই মোৰ কামনা৷

৮)বিন্দুঃ পূৰ্বে সংগীত শিল্পীসকলে কেছেট বা চিডি বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰিছিল । সময়ৰ সোঁতত সেই সুবিধা আজি নাই । এতিয়া মঞ্চৰ অনুষ্ঠানেই তেওঁলোকৰ একমাত্ৰ জীৱিকা । শিল্পীসকলৰ যথেষ্ট সংকট আহি পৰা নাই নে ?

উত্তৰ ঃ হয়৷ শিল্পীসকল যথেষ্ট সংকটত ভূগিছে৷ তেওঁলোকে জীৱন-জীৱিকাৰ বাবে বিকল্প ভাল কাম কৰিব লাগে৷ কামৰ সৰু-বৰ নাই, কৰ্ম আমাৰ ধৰ্ম হওক৷

 

 

 

 

 

 

 

 

 

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *