এই সংখ্যাৰ অতিথি বিশিষ্ট কবি, গল্পকাৰ, নিৱন্ধকাৰ তথা বুদ্ধিজীৱি অজিত দত্ত

এই সংখ্যাৰ অতিথি  বিশিষ্ট কবি, গল্পকাৰ, নিৱন্ধকাৰ তথা বুদ্ধিজীৱি অজিত দত্ত

 

সাক্ষাৎগ্ৰহণঃ দীপ্তি দেৱী কোঁৱৰ

বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ । প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো । জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন ইত্যাদি ।
: মোৰ তৰফৰ পৰাও “মাহেকীয়া বিন্দু আলোচনী”ৰ সন্মানীয় প্ৰকাশক, সম্পাদনা মণ্ডলি আৰু সমূহ কৰ্মকৰ্তাৰ লগতে সুহৃদ পঢ়ুৱৈ সমাজক হৃদয়ৰ নিভৃত কোণৰ পৰা জনাইছোঁ অভিনন্দন।
মোৰ জন্মঃ ডিব্ৰুগড় জিলাৰ লহোৱালৰ মদাৰখাত মৌজাৰ হাটখোলা গাওঁ।
পিতাৰ নামঃ প্ৰয়াত হেমচন্দ্ৰ দত্ত।
মাতৃৰ নামঃ প্ৰয়াত দীপেশ্বৰী দত্ত।
শিক্ষাঃ তিনিচুকীয়াৰ গোবৰ্ধন দাস গোৱেংকা প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰি স তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ পৰা মেট্ৰিক পাচ কৰো ৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী শেষ কৰোঁ।
চাকৰিঃ মই বৰ্ৰতমান তিনিচুকীয়াৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ত কাৰ্যালয় সহকাৰী হিচাপে কৰ্ম কৰি আছোঁ।
পৰিয়ালঃ মোৰ পৰিয়ালত দুটা ল’ৰা ছোৱালী আৰু পৰিবাৰ লগতে এজন দাদা,চাৰিগৰাকী বাইদেউ,এটা ভাইটি আৰু এজনী ভনী।

বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো । কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল ?
বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো । কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল ?
: মই ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকাৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিলো।সেইয়া অৱশ্যে আজিৰ পৰা ৩টা যুগ।অৰ্থাৎ ৩৬টা বছৰৰ আগৰ কথা।যি সময়ত এটা লৰাই পটলুঙৰ বুটাম খোল খাই থাকিলেও একো বুজিব বা অনুভৱ কৰিব পৰা নাছিল,সেই সময়ত মই নাবালকেও কবিতা কি বুজিব বা অনুভৱ কৰিব পৰা নাছিলো।মাথো লিখি গৈছিলো।যি বয়সত এটা লৰাই ফুল,পখিলা,জোন,বেলি,তৰাৰ কথা মনলৈ আনি খেলিব লাগিছিল!সেই সময়ত সেই ষষ্ঠ শ্ৰেণীতে কিন্তু এই অধমে এই বিষয়ৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰিবৰ্তে সমাজৰ যিকোনো বোলৰ যিকোনো মূলৰ অৱহেলিত ব্যক্তি বিশেষৰ শোকত বিহ্বল
হৈছিলোঁ ৷সেয়েহে হয়তো আজিৰ পৰা ৩টা যুগৰ আগৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰা এই বালকৰ কবিতাৰ বুকুত বিজড়িত হৈ উঠিছিল এগৰাকী বিধৱাৰ দুঃখকৰ দস্তাবেজ!
মোৰ জীৱনৰ আজিৰ পৰা ৩৬বছৰ আগতেই ষষ্ঠ শ্ৰেণীত লিখা সেই কবিতাটো আছিল……

সন্তাপ
“তাইৰ চকুত এইয়া কিহৰ জিলিকনি!
কিহৰ বাবে কান্দিছে তাই অভাগিনী!
হয়তো তাই স্বামীহীনা!
নহয় তাই পুত্ৰহীনা!
যিহৰ বাবে তাই অবলাৰ চকুৰ মণিত এনুৱা আৰণি-পুৰণি !”

এনেকৈয়ে একো জনা নজনা অৱস্থাৰ পৰা কবিতাৰ প্ৰেমত পীড়িত হৈ পৰিছিলো আৰু কবিতাক মোৰ এই জীৱনৰ উশাহ নিশাহ হিচাপে পেটে পেটে জ্ঞান কৰি আহিছিলো আৰু আজিও সেই ভাৱনাতে বিভোৰ হৈ আছো।
চৰিতাৰ্থত শব্দ মোৰ পিতাইৰ ঔৰস।
কবিতা মোৰ আইৰ গৰ্ভ।
আৰু মই কবিতাৰ আজন্ম কালৰ পূজাৰী!

বিন্দুঃ আপোনাৰ দৃষ্টিত কবিতানো কি সেয়া জানিব বিচাৰো ।

: মোৰ দৃষ্টিত কবিতা হৈছে প্ৰত্যেক ব্যক্তি বিশেষৰ হৃদয়ৰ নিৰ্বাক অনুভূতিৰ সবাক ভাবানুবাদৰ জ্বলন্ত আৰু পুৰাতনীয়া প্ৰতিকৃতি।যি প্ৰতিকৃতিত অতি অনুপম ৰূপত অবিৰোধ ঘটে সেই কবিগৰাকীৰ হৃদয়ৰ অনুভৱ,কল্পনা আৰু ছন্দৰ সীমাহীন সংপৃক্তৰ।য’ত সংঘটন ঘটে অবোধ শব্দৰ সামীপ্যৰ।প্ৰকৃত কবিতাই এজন ব্যক্তিৰ সৎ চাৰিত্ৰিক গঠনত বহু পৰিমাণে অৰিহণা যোগোৱাৰ উপৰিও জীৱনলৈ অহা দুঃখকৰ মুহূৰ্তত জীয়াই থকাৰ সাহস দিব পাৰে(এইয়া অৱশ্যে মোৰ একান্ত ব্যক্তিগত অনুভৱ)|

বিন্দুঃ আধুনিক কবিতা কেনে হ’ব লাগে বুলি আপুনি ভাৱে? এটা সাৰ্থক কবিতা লিখিবলৈ এজন কবিয়ে কিদৰে অনুশীলন কৰিব লাগে?
: কবিতা কবিতাই মোৰ দৃষ্টিত।আধুনিক কবিতা নতুবা পৌৰাণিক কবিতা বুলি একো কথা থাকিব নোৱাৰে,কিয়নো,কবিতাক এগৰাকী ন কইনাৰ লগত তুলনা কৰা হয়!সেইফালৰ পৰা চাবলৈ গলে ন কইনা ন কইনাই!
আধুনিক কবিতা বুলি আপুনি কেনেকৈ ক’ব কওকচোন!কবিতাৰ যিহেতুকে আজিলৈকে একক সংজ্ঞা ওলোৱা নাই!আনহাতে আকৌ আধুনিক শব্দটোৰ প্ৰকৃত অৰ্থ অথবা সংজ্ঞা সঠিকভাৱে আজি পৰ্যন্ত কোনেও নিৰুপণ কৰিব পৰা নাই!
যিহেতুকে কবিতা হৃদয়ৰ অনুভূতি।সেইফালৰ পৰা চাবলৈ গলে কবিতাই পঢ়ুৱৈ সমাজৰ হিয়াত হিল্লোল তুলিব পাৰিব লাগিব।সেইয়া যি সময়ৰ সৃষ্টিৰ নহওক লাগে।
কবিতাই সমাজলৈ তথা পঢ়ুৱৈ কুলৰ মাজলৈ এটা যোগাত্মক বতৰা বিলাব পাৰিব লাগিব।

বিন্দুঃ বৰ্তমান সময়ত কবি আৰু কবিতাৰ সঠিক মূল্যাংকন হৈছে বুলি আপুনি ভাৱেনে?
: বহু ক্ষেত্ৰত কবি আৰু কবিতাৰ সঠিক মূল্যায়ন হৈছে বুলি ভাবি ল’বলৈ মোৰ ফালৰ পৰা অসুবিধা হয়!
কিয়নো,কবিতাক সাধনা কৰাৰ অতিকে প্ৰয়োজন।উপযুক্ত শব্দক আহৰণ কৰাৰ অতি দৰকাৰ।কবিতাৰ স্বৰূপ অধ্যয়ন কৰাৰ খুবেই প্ৰয়োজন।
সৰহসংখ্যক কবিয়েই এই দিশসমূহৰ প্ৰতি পিঠি দি, নিশাটোৰ ভিতৰতে কবি হ’বলৈ গৈ আমাৰ কাব্য সাহিত্যৰ সূতিকা গৃহটোক বহু পৰিমাণে মলিয়ন কৰি তুলিছে।
এইক্ষেত্ৰত অৱশ্যে বহু পৰিমাণে অৰিহণা যোগাইছে… সামাজিক মাধ্যমৰ ২য় দুৱাৰেদি হাত মিলোৱাৰ দিশ, বহু বাতৰি আলোচনীৰ সম্পাদনা মণ্ডলীৰ সতে নিশাটোৰ ভিতৰতে জন্ম হোৱা বিভিন্ন কবিৰ পাছ চোতালত হোৱা ভিতৰুৱা বুজাবুজি আৰু সামাজিক মাধ্যমৰ অতি সস্তীয়া গোট সমূহৰ লগতে কবিতাক নিম্নগামী কৰা কবিসকলৰ কিছু ভিতৰুৱাকৈ হোৱা বুজাবুজিৰ মলিয়ন মনোবৃত্তিৰ কামৰ বাবে।

 

বিন্দুঃ আপোনাৰ কবিতাবোৰ আন কবিৰ কবিতাবোৰতকৈ যথেষ্ট সুকীয়া । আপুনি নিজে অনুভৱ কৰেনে ?
: এইয়া বহুজনে কোৱাৰ আগতেই মই অনুভৱ কৰিছো।কিয়নো ষষ্ঠ শ্ৰেণীৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰাৰ দিনৰ পৰাই মই মোৰ লিখনিত সচৰাচৰ ব্যৱহৃত হোৱা শব্দ কেতিয়াও ব্যৱহাৰ কৰা নাছিলো।যেনে ধৰক সকলোৱে নাৰীক তিৰোতা,মহিলা আদি শব্দৰে প্ৰকাশ কৰোতে মই কিন্তু তেতিয়াৰ পৰা এই শব্দৰ সলনি ললনা আৰু অংগনা শব্দ ব্যৱহাৰ কৰিছিলো।লগতে বহুতে বেশ্যা শব্দ ব্যৱহাৰ কৰাৰ পৰিবৰ্তে মই কিন্তু বেশ্যা শব্দৰ সলনি ৰাজহী,মাগী,বাৰ বনিতা আদি শব্দ ব্যৱহাৰ কৰিছিলো ৷ মই সাধাৰণতে শব্দৰ সলনি প্ৰতিশব্দ ব্যৱহাৰ কৰি আহিছো।যি শব্দ সচৰাচৰ বহু সংখ্যক ব্যক্তিয়ে নিজৰ লিখনিত ব্যৱহাৰ নকৰে।সাধাৰণতে মোৰ কবিতাৰ প্ৰকাশভঙ্গী তথা প্ৰকাশ শৈলীয়ে আন বহু কবিৰ কবিতাতকৈ মোৰ কবিতাৰ প্ৰতিচ্ছবি সতোদায় সুকীয়া হিচাপে অভিহিত হৈ আহিছে।

বিন্দু: আপোনাৰ সাহিত্য জগতৰ সফলতা প্ৰাপ্তিৰ কোনটো বৰ্ষ উল্লেখনীয়,অকণমান ক’বনে।
উ: ঠিক সফলতা নহয় দিয়কচোন।তথাপিও মোৰ সাহিত্য জগতৰ উল্লেখনীয় বৰ্ষ হৈছে ২০১৩ চন।কিয়নো ২০১৩ চনতেই ৭২তম বৰপেটা ৰোড অধিৱেশনত মই শ্ৰেষ্ঠ গ্ৰন্থ আৰু শ্ৰেষ্ঠ কবিতাৰ বঁটা পাবলৈ সক্ষম হৈছিলো।উক্ত বৰ্ষতেই শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা আৰু শ্ৰেষ্ঠ কাব্য গ্ৰন্থৰ বঁটা পোৱাৰ লগতে যোৰহাট জিলা সাহিত্য সভাৰ পৰাও শ্ৰেষ্ঠ কবিতাৰ বঁটা পাবলৈ সক্ষম হৈছিলো।

বিন্দু : আপুনি আপোনাৰ কবিতাৰ অনবদ্য সৃষ্টিৰে বহু কেইটা উপাধি পাবলৈ সক্ষম হৈছে।সেই উপাধি কেইটা অসমৰ সুহৃদ পঢ়ুৱৈ সমাজক অৱগত কৰিবনে বাৰু।
: নিশ্চয়কৈ কৰিম।মই এতিয়ালৈকে ৰাইজৰ আশীৰ্বাদ আৰু সুহৃদ পঢ়ুৱৈ সমাজৰ সেউজীয়া সঁহাৰিত পাবলৈ সক্ষম হোৱা উপাধি কেইটা হৈছে ……
কাব্য কেশৰী,কাব্য সৌদামিনী,কাব্য সুধা,কাব্য পুৰুষ,কাব্য বাগীশ,কাব্য সুধাকৰ,কাব্য ৰত্ন,কাব্য মহৰ্ষি,কাব্য সূৰী,কাব্য গুৰু,সংস্কৃতিৰ সূৰুয আৰু সাহিত্য পদ্ম।

বিন্দু : কবিতাৰ মূল গুণ কি বুলি ভাবে আপুনি?
: কবিতাৰ মূল গুণটোৱেই হৈছে সংগীত ধৰ্মীতা।কবিতা এটা পঢ়াৰ অথবা শুনাৰ লগেলগে তাত সংগীতৰ ৰস বিচাৰি পাব লাগিব নতুবা গীত গীত যেন অনুভৈ হ’ব লাগিব।এই সংগীতধৰ্মীতা গুণটো বিচাৰি পাবলৈ হ’লে কবিতাটোৰ বুকুত ছন্দৰ অন্তৰ্নিহিত হৈ থাকিব লাগিব।কিয়নো ছন্দত লয় বিজড়িত হৈ থাকে আৰু লয়যুক্ত বাক্য বিন্যাসে খুউব সোনকালে আৰু সহজতে এজন পাঠকৰ হিয়া মনত হিল্লোল তুলিব পাৰে।

বিন্দু : আপোনাৰ এটা বিশেষত্ব আছে যে,আপুনি থিতাতে যিকোনো বিষয়ৰ ওপৰত এটা পৈণত লিখিব পাৰে।এইটো কেনেকৈ সম্ভৱ বাৰু অকণমান আমাৈ পঢ়ুৱৈ সমাজক অৱগত কৰিবনে।
: কথাটো এনেধৰণৰ,মই ষষ্ঠ শ্ৰেণীৰ পৰাই কবিতা লিখি আহিছো আৰু সমসাময়িক ভাৱ আমাৰ অসমীয়া শব্দকোষ খন অধ্যয়ন কৰি আহিছো।সেই শৈশৱ পৰাই কবিতাক মই পূজা কৰি আহিছো আৰু লগতে শব্দ সাধন কৰি আহিছো আৰু এনেদৰে এই কবিত আৰু শব্দক পূজা আৰু সাধনা কৰি অহাৰ ফলশ্ৰুতিতে হয়তো মোৰ বাবে এই সম্ভৈ হৈ পৰিছে।যিহেতুকে কবিতা হৈছে উপযুক শব্দৰ মুকুতা মালা।যি মালা ডাল মই শয়নে সপোনে ষষ্ঠ শ্ৰেণীৰ পৰাই পৰিধান কৰি আহিছো।

বিন্দু : আপুনি এজন প্ৰতিষ্ঠিত কবি সাহিত্যিক হোৱাৰ উপৰিও এজন বিহু প্ৰতিযোগিতা,জাতীয় সাজপাৰ,প্ৰতিভা সন্ধানী,বিভিন্ন নৃত্য গীতৰ প্ৰতিযোগিতাৰ সুদক্ষ বিচাৰক।একেটা সময়তে এই দুয়োটা দিশ আপোনাৰ বাবে কেনেকৈ সম্ভৱ হৈছে।অলপ ক’বনে বাৰু।
: নিশ্চয়কৈ কম।মই চতুৰ্থ শ্ৰেণীৰ পৰাই আমাৰ গাৱঁৰ হুঁচৰি দলৰ সজোৱা নাচনী হিচাপে নাচি আহিছিলো।কিয়নো হুঁচৰি ছোৱালী নাচনীৰ অংশগ্ৰহণত বাধা আছিল আৰু তাৰ পাছৰ পৰ্যায়ত এই নাচৰ ওপৰত খুউব গভীৰ ভাৱে অধ্যয়ন কৰি গৈছিলো।লগতে সেই শৈশৱ কালৰে পৰাই বিভিন্ন ধৰণৰ নৃত্য পৰিৱেশন কৰি অহাৰ লগতে অতি নিৰৱচ্ছিন্ন আৰু নিবিড় ভাৱে যিকোনো ধৰণৰ গীত মাত হৃদয়ংগম কৰি আহিছিলো।লগতে সাজপাৰৰ ওপৰত পেটে পেটে গৱেষণা কৰি আহিছিলো আৰু সেয়েহে হয়তো মোৰ এই জাতীয় সাজপাৰৰ লেখনী সমূহো উন্নত মানদণ্ড বুলি বিবেচিত কৰি সাদিন,প্ৰিয় সখী আদি অসম ভিত্তিৰ কাকত আলোচনীত প্ৰকাশ হৈ ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

বিন্দ: এইযে আপুনি বিভিন্ন বিহু মঞ্চত বিহু প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰিছে,তাৰ ভিতৰত দুখনমান উল্লেখযোগ্য বিহু সন্মিলনৰ নাম আমাৰ পাঠক সমাজক অৱগত কৰিবনে?
: নিশ্চয়কৈ কৰিম।মও বিচাৰত হিচাপে অংশগ্ৰহণ কৰা বিহু সন্মিলন কেইখৈ হৈছে… পাণ্ডু মালি গাওঁ বিহু সন্মিলন,দুলীয়াজান তৈল নগৰী বিহু সন্মিলন,কাজিৰঙা কেন্দ্ৰীয়,ৰহা কেন্দ্ৰীয়,বাইহাটা চাৰিআলি কেন্দ্ৰীয়,লিডু কেন্দ্ৰীয়,মাকুম কেন্দ্ৰীয়,কাকপথাৰ কেন্দ্ৰীয়,দেৰগাওঁ কেন্দ্ৰীয়,যোৰহট কেন্দ্ৰীয়,নিউ গুৱাহাটী আৰু বহুতো।ইয়াৰ ভিতৰত কিন্তু দুলীয়াজান তৈল নগৰী বিহু সন্মিলনলৈ ৯বাৰকে আমন্ত্ৰিত হৈছো।

বিন্দু :আপোনাৰ এতিয়ালৈকে আমি জনাত বহু কেইখন গ্ৰন্থ প্ৰকাশিত হৈছে।সেই গ্ৰন্থ কেইখনৰ নাম উল্লেখ কৰিবচোন।
:মোৰ এতিয়ালৈকে ১২খন গ্ৰন্থ প্ৰকাশ হৈছে।তাৰেই ভিতৰত এখন গল্প সংকলন “গজলীয়া বৰষুন জাকৰ পাছত”, একাংকিকা নাটক”আহ্”, লোক সাহিত্য লোক সংস্কৃতি মূলক গ্ৰন্থ “সাহিত্য সংস্কৃতিৰ অন্বেষণ”,সাহিত্য সংস্কৃতিৰ মুকুৰ”,সংস্কৃতিৰ সাৱয়ব” আৰু “সাহিত্যৰ সাৱয়ব”। লগতে কবিতা পুথি কেইখন হৈছে…”নামী ধানৰ ছাউনি”, গছী ধানৰ গেজেৰা”, “তুলাপতত তুলিকাৰ তুহিন”, “বৰশী”, “উৰ্মিলা” আৰু “অপূৰ্ণ পিপাসা”।

বিন্দু : আপুনি বিভিন্ন মঞ্চত বিচাৰকৰ আসন শুৱনি কৰি অহা দুখন বিশেষ মঞ্চৰ নাম ক’বনে বাৰু?
: নিশ্চয়কৈ।মই এবাৰ কটন মহাবিদ্যালয়ৰ বিষ্ণু ৰাভা দেৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃ মহাবিদ্যালয়ৰ বিহু প্ৰতিযোগিতাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰাৰ লগতে এবাৰ টিয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতাৰ বিহু প্ৰতিযোগিতাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছো।

বিন্দুঃ আমি জনাত আপুনি এতিয়ালৈ বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈছে । বহু বঁটা আৰু সন্মানো আপুনি লাভ কৰিছে । এয়া নিশ্চয় আপোনাৰ কৃচ্ছ্ৰসাধনাৰ ফল । অলপ বহলাই কওকচোন ।
:কলমক মোৰ এই জীৱনৰ সৰ্বস্ব বুলি ভবা,শব্দৰ সাধনা কৰা,কবিতাক পূজা কৰা আৰু নিজাপি সাহিত্য সংস্কৃতিক স্বজাতীয় আপুৰুগীয়া সম্পদ বুলি ভবাৰ পৰিপ্ৰেক্ষিতত ২০০৯চনত এটা কবিতাই মোৰ সাহিত্য জীৱনৰ গতি সলনি কৰিছিল।যেতিয়া গুৱাহাটীৰ ৰাজ্যিক নিচা মুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদৰ পৰা ২০০৯ চনত শ্ৰেষ্ঠ কবিতাৰ বঁটা গ্ৰহণ কৰি ৩০০০টকাৰ অৰ্থ মাননি লাভ কৰিছিলো।
ইয়াৰ পাছত আৰু মই পাছলৈ ঘূৰি চাব লগা হোৱা নাছিল।২০১৫চনলৈকে অসম ভিত্তিৰ মুকলি শাখাৰ কবিতা প্ৰতিযোগিতাত ২০টাতকৈও অধিক সংখ্যকত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিলো।
এতিয়া আহোঁ আপুনি কৰা মূল প্ৰশ্নটোৰ উত্তৰৰ দিশটোলৈ ……

১/২০০৯ চনত যোৰহাটৰ দিগদৰ্শণ প্ৰকাশনৰ তৰফৰ পৰা “নামী ধানৰ ছাউনি” শীৰ্ষক কাব্য গ্ৰন্থৰ বাবে শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা।
২/অসম কবি সন্মিলনৰ ২০০৯চনৰ শ্ৰেষ্ঠ কাব্য পাণ্ডুলিপিৰ বঁটাৰ।
৩/ ২০১০বৰ্ষত যোৰহাটৰ দিগদৰ্শণ প্ৰকাশনৰ “দিগদৰ্শণ বঁটা ২০১০”।
৪/২০১১ চনত কথা বৈভৱ বঁটা\প্ৰদানকৰ্তা নতুন সুৰ প্ৰকাশন পৰিষদ,লখিমপুৰ।
৫/২০১৩ চনত ডিমৌপৰীয়া সাহিত্য বঁটা\প্ৰদানকৰ্তা খোৱাং শাখা সাহিত্য সভা,ডিব্ৰুগড়।
৬/২০১৩ চনত শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ গ্ৰন্থকাৰ আৰু শ্ৰেষ্ঠ কাব্য গ্ৰন্থৰ বঁটা।
৭/২০১৩ চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ গ্ৰন্থকাৰ আৰু শ্ৰেষ্ঠ কবিতাৰ বঁটা।
৮/২০১৩ চনত যোৰহাট জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা।
৯/২০১৪ চনত গুৱাহাটীৰ এনাজৰী সামাজিক সাংস্কৃতিক সন্থাৰ তৰফৰ পৰা কৈলাশ মল্ল বৰুৱা সোঁৱৰণি এনাজৰী সাহিত্য বঁটা।
১০/২০১৫ চনত প্ৰতিশ্ৰুত প্ৰকাশনৰ তৰফৰ পৰা শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা।
১২/২০১৬ চনত নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ,গুৱাহাটীৰ তৰফৰ পৰা নৃগোষ্ঠীয় সাহিত্য সেৱী সন্মান।
১৩/গুৱাহাটীৰ এনাজৰী সামাজিক সাংস্কৃতিক সন্থাৰ তৰফৰ পৰা চাৰু গোঁহাই সোঁৱৰণি এনাজৰী বঁটা।
১৪/২০১৬ চনত লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ তৰফৰ পৰা সাহিত্য জ্যোতি বঁটা।
১৫/২০১৭ চনতগুৱাহাটীৰ NEBCUS ৰ তৰফৰ পৰা ভূপেন হাজৰিকা নমামি বঁটা।
১৬/২০১৭চনত দৰং জিলা বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা শিল্পীশ্ৰী সন্মান।
১৭/২০১৭চনত সদৌ অসম সাহিত্য সন্মিলনৰ তৰফৰ পৰা কলাগুৰু বঁটা।
১৮/২০১৭ চনত Bharatia Dalit Hahitya Academyৰ তৰফৰ পৰা দিল্লীত BR Ambedkar National Award.
১৯/২০১৮ চনত চৰাইদেউৰ প্ৰচেষ্টা অনুষ্ঠানৰ তৰফৰ পৰা কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া সোঁৱৰণি সাহিত্য বঁটা।
২০/ ২০১৮ চনত বিন্দু আলোচনীৰ তৰফৰ পৰা বিন্দু সাহিত্য বঁটা।
২১/২০২১চনত সদৌ অসম গাড়ী চালক সন্থাৰ তৰফৰ পৰা অৱহেলিত লোকৰ পৰম বন্ধু সন্মান।
২২/২০২২ চনত অসম বংগ মৈত্ৰী সন্মিলনৰ তৰফৰ পৰা কবিগুৰু বঁটা।
২৩/২০২৩ চনত North East Duliajan Festivalৰ তৰফৰ পৰা 2022 North East Duliajan Festival Award
২৪/২০২৩ চনত NEBCUS Guwahatiৰ তৰফৰ পৰ নলিনী বালা সোঁৱৰণি বঁটা। ২৫/ ২০২৩ চনত Life Smartৰ তৰফৰ পৰা শংকৰ আজান সমন্বয় বঁটা।

বিন্দুঃ আপোনাৰ আদৰ্শ কবি আৰু লেখক কোন যাৰ স্মৰণমাত্ৰকে আপুনি আত্মিক অনুপ্ৰেৰণা অনুভৱ কৰে ?
: যতীন্দ্ৰনাথ দুৱৰা আৰু নলিনীবালা দেৱী আৰু প্ৰফুল্ল দত্ত গোস্বামী।

বিন্দুঃ অসম সাহিত্য সভা সম্পৰ্কে আপোনাৰ দৃষ্টভংগী কি ?
: সাহিত্য সভা প্ৰকৃতাৰ্থত সাহিত্য সাধনাৰ মঞ্চ হ’ব লাগে।যি স্বজাতীয় সাহিত্যই একোটা জাতিক পৰিচয়,মানদণ্ডৰ লগতে অস্তিত্ব প্ৰদান কৰে।কিন্তু বৰ্তমান সাহিত্য সভা সাধনাৰ মঞ্চৰ পৰিবৰ্তে সস্তীয়া ব্যৱসায়ৰ বজাৰ হৈ পৰিছে।যি সাহিত্যৰ পথাৰখনত অসাহিত্যিকৰ গেঁৰেলীৰে পথাৰখন পতনুৱা কৰি পেলাইছে!
এগৰাকী নাৰীয়ে মাতৃৰ ৰূপ লৈ যেনেদৰে এটা সন্তান জন্ম দিয়ে তেনেদৰে এই সাহিত্য সভাই জানো এজন কবি সাহিত্যিকক জন্ম দিব নালাগে?কিন্তু বাস্তৱিকতে জানো এই সাহিত্য সভাই কবি সাহিত্যিকক জন্ম দিব পাৰিছ?কেতিয়াও পৰা নাই!য’ত সাহিত্যৰ পথাৰখনৰ সতে জড়িত নথকা এজন পশু-পক্ষীৰ চিকিৎসকে সাহিত্য সভাৰ বিশেষ পদত অধিষ্ঠিত হয়!তেতিয়া বাৰু এই সাহিত্য সভাৰ বিষয়ে সাধাৰণ মানুহৰ মনোভাব কেনে হ’ব পাৰে!সাহিত্য সভাৰ বাকৰিখনত জানো সাহিত্য কৰ্মৰ ব্যক্তিক আগ স্থান দিয়া হয় নতুবা সাহিত্যৰ দিশত শক্তিশালী ব্যক্তিসকলক লৈ এই সমিতি গঠনত প্ৰাধান্য দিয়া হয়?কেতিয়াও নহয়!তেতিয়াহ’লে সাহিত্য সভা নিশ্চিত ৰূপত একেবাৰেই গৰিমা হেৰুৱাই আনন্দ মেলাৰ দৰে হৈ পৰা নাই জানো।সেয়েহে প্ৰকৃত সাহিত্য সাধনা কৰা লোকৰ বাবে সাহিত্য সভা একেবাৰেই অনীহাৰ অংগন হৈ পৰিছে।
তথাপিও নিজাপি সাহিত্যৰ সভা বুলি বহুজনে অনিচ্ছাকৃত ভাবে হলেও ভাল পাই আহিছে আৰু আছে!যিদৰে নিজৰ সন্তান যিমানেই বেয়া অৰ্থাৎ কণা,কুঁজা,লেঙুৰ-ভেঙুৰ নতুবা চুৰ ডকাইত,হত্যাকাৰী ধৰ্ষণকাৰী নহওক মাতৃয়ে বেয়া পাব নোৱাৰে আৰু এই দুৰ্বলতাৰ সুযোগ খিনিয়েই সাহিত্য সভাৰ বহু বিষয়ববীয়া তথা সদস্য সদস্যাই বজৰুৱা ৰূপে গ্ৰহণ কৰি আহিছে।যিটো অতিকে নিন্দনীয় তথা ঘৃণনীয়!

বিন্দুঃ নতুনকৈ কলম হাতত লোৱাসকলক আপুনি কি ক’ব?
: তেওঁলোকে কলমডালক সাধনাৰ বেদী গঢ়াৰ অস্ত্ৰ হিচাপে অভিহিত কৰক।কলমৰ পৰা সৃষ্টি হোৱা সাহিত্য আৰু সংস্কৃতিৰ সৰোবৰ খনক সাধনাৰ মঞ্চ হিচাপে বিবেচিত কৰাৰ মানসিকতা গঠন কৰক।কলমৰ পৰা জনম দিব বিচৰা বিষয়বস্তু আৰু বিষয়ৰ ওপৰত ভালদৰেই অধ্যয়ন কৰক,গৱেষণা কৰক,তাৰ স্বৰূপ অধ্যয়ন কৰক,নিজকে সেই দিশত অতি নিবিড় ভাৱে নিমজ্জিত কৰক।চৌৰ্য বৃত্তিক মন মগজুৰ পৰা একেবাৰে নিলগত ৰাখক!
বিশেষকৈ কবিতাৰ ক্ষেত্ৰত,কবিতাৰ স্বৰূপ অধ্যয়ন কৰক,উপযুক্ত শব্দ আহৰণ কৰক,যদিহে কবিতাৰে হাজাৰজনৰ হিয়াৰ হিল্লোল তুলিব বিচাৰে,তেতিয়াহ’লে কবিতাৰ বুকুত উপযুক্ত ছন্দ আৰু শব্দ তথা অৰ্থ অলংকাৰৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক।
এফালে সংস্কৃত পণ্ডিত সকলৰ ৬০ শতাংশই কবিতাত ছন্দৰ প্ৰয়োগৰ বিষয়ে মত পোষণ কৰিছে আৰু আনহাতে ছন্দত লয় অন্তৰ্নিহিত হৈ থাকে আৰু লয় যুক্ত বাক্য বিন্যাসে অতি সহজতে যিকোনো সুহৃদ পঢ়ুৱৈ কুলৰ হিয়াৰ সীৰলুত হিল্লোল তুলিব পাৰে।

বিন্দুঃ সাহিত্য -সংস্কৃতি আদি সকলো দিশতে বিশৃংখলতাই দেখা দিয়া বৰ্তমান সমাজখনৰ প্ৰতি কিবা বাৰ্তা দিব খোজেনে ?
: প্ৰথম কথা কোনো কষ্ট নকৰাকৈয়ে যেতিয়া কোনোবাই কিবা এটা পায়!তেতিয়া সেই পথাৰখন ধানৰ কণ নথকা পতান সন্নিহিত ধানৰ পথাৰ হৈ পৰে! দ্বিতীয় কথা হৈছে,বৰ্তমান এই সাহিত্য সংস্কৃতিৰ পথাৰত সৰহসংখ্যক লোকে সাধনা কৰাৰ পৰিবৰ্তে চমু পথেৰে বঁটা বাহন সংগ্ৰহ কৰি,গোট গঠনৰ মানসিকতা থকা ব্যক্তিৰ স্বাৰ্থৰ আলম লৈ বাতৰি কাকত আলোচনীত প্ৰকাশ কৰি, কেইটামান টকাৰ বিনিময়ত একেবাৰেই সস্তীয়া নৃত্যগীতৰ সমাহাৰ ঘটাই এই সাহিত্য সংস্কৃতিৰ পথাৰখন একেবাৰেই কলুষিত কৰি পেলাইছে।
এইক্ষেত্ৰত কিছু দূৰদৰ্শন, কিছু পৰ্টেল চেনেল,কিছু বাতৰি কাকত আৰু সামাজিক মাধ্যম বহু পৰিমাণে দায়ী!
এই বিশৃংখলতা দূৰ কৰিবলৈ হ’লে উপযুক্ত সংৰক্ষণ,উপযুক্ত প্ৰচাৰ,উপযুক্ত অধ্যয়ন,উপযুক্ত গৱেষণা,উপযুক্ত প্ৰদৰ্শনৰ সতে আমি সকলো মূলৰ অনুষ্ঠান প্ৰতিষ্ঠান তথা প্ৰতিগৰাকী ব্যক্তি বিশেষে নিজৰ মন মগজুত অতি নিভাঁজ ভাৱে নিমজ্জিত কৰি তুলিব পাৰিব লাগিব।
এইক্ষেত্ৰত সস্তীয়া প্ৰচাৰ,সস্তীয়া লাভালাভৰ মানসিকতা সকলোৱে পৰিহাৰ কৰিব পাৰিব লাগিব!কিয়নো নিজৰ মাতৃক সঠিক ৰূপত দেখুৱাব নোৱাৰিলে চাৰ্কাছৰ বহুৱা বনাই হাঁহিয়াতৰ পাত্ৰ কৰাৰ দৰে হ’ব!

বিন্দুঃ শেহতীয়াভাবে ৰাজ্যত নাৰী সম্পৰ্কীয় এনে কিছু হিংসাত্মক ঘটনা দৈনিক পোহৰলৈ আহিব লাগিছে যিবোৰ আমাৰ সমাজৰ বাবে একেবাৰে খাপ নোখোৱা ধৰণৰ । অপুনি এনে অবাঞ্চিত ঘটনাবোৰৰ সম্পৰ্কত কি বক্তব্য ৰাখিব ?
: এজন মহান লেখকে কৈছিল যে আধুনিক মানুহৰ কাম হ’ব পেপাৰ পঢ়া আৰু ছেক্স কৰা …বাক্যটো বৰ্তমান সময়ৰ পটভূমিত সলাই ক’ব লাগিলে আধুনিক মানুহৰ কাম হৈছে ছছিয়েল মিডিয়া ব্যৱহাৰ কৰি আৰু ছেক্স কৰা ..পৰ্ণ ছাইট বোৰৰ অবাধ ব্যৱহাৰৰ ফলত মানুহৰ মানসিকতা বিকৃত হৈ পৰিছে ..পশুক ছেৰ পেলাইছে …পৰ্ণ ছাইটবোৰেই এই ক্ষেত্ৰত আশী শতাংশ জগৰীয়া ৷

বিন্দুঃ ৰাজনীতি সম্পৰ্কে আপোনাৰ দৃষ্টভংগী কেনে ?
: আচলতে ৰাজনীতি হ’ব লাগে,প্ৰজাৰ হিত সাধনৰ বাবে ৰজাই অৱলম্বন কৰা নীতি।
আগতে ৰজাই নীতি অৱলম্বন কৰিছিল প্ৰজাৰ হিত সাধনৰ বাবে।কিন্তু আপাততঃত এই শাসন ভাৰৰ ৰাজকাৰ্যত জড়িত সকলৰ মন মগজুত দিনে নিশাই প্ৰজাৰ চিতা জ্বলাই সেই চিতাৰ অগনিৰ আলোকেৰে নিজৰ জীৱন পোহৰাই তোলাৰ নীতি।যি ৰজাৰ হিত সাধনৰ নীতিৰ পৰিবৰ্তে ৰাজনীতিৰ ঘৃণনীয় সাপ্তাহিক বজাৰলৈ পৰিবৰ্তিত হৈ পৰিছে ।যি বজাৰত দিনে নিশাই ৰাজনীতিবিদে বিভিন্ন চল চাতুৰীৰে প্ৰজাৰ সুখ,আনন্দ,হাঁহিবোৰ কিনি তেওঁলোকক প্ৰবঞ্চনা আৰু দুঃখৰ দৰিয়াত জীয়াই জীয়াই কৱৰ দিছে।

বিন্দুঃ প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা ?
অঃ প্ৰেম হৈছে সৰগীয়া সম্পদ।এই প্ৰেম ক’তযুগৰ ভাগ্যৰ ফলত পোৱা হয়।সঁচা প্ৰেমক কদাপি অৰ্থ আৰু স্বাৰ্থৰ তুলাচনীত তুলিব নালাগে।সেয়েহে এনুৱা প্ৰেমক কদাপি অনাদৰ আৰু অৱহেলা কৰিব নালাগে।অৱশ্যে এই প্ৰেম হ’ব লাগে প্ৰদূষণ মুক্ত।কদাপি প্ৰদূষণ যুক্ত হ’ব নালাগে।

বিন্দুঃ প্ৰিয় ফুল ?
: শেৱালি,গোলাপ আৰু তগৰ।

বিন্দুঃ প্ৰিয় মানুহ ?
: মোৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়েই প্ৰিয়। তথাপিও মোৰ পিতা প্ৰয়াত হেমচন্দ্ৰ ,আই দীপেশ্বৰী,মোৰ ভনী মালবিকা আৰু মোৰ দুহিতা দিদৃক্ষা।

বিন্দুঃ প্ৰিয় ৰং ?
: বগা।

বিন্দুঃ প্ৰিয় ঠাই ?
: মোৰ জন্মস্থান ডিব্ৰুগড় জিলাৰ লাহোৱালৰ “হাটখোলা গাওঁ”।

বিন্দুঃ প্ৰিয় কিতাপ ?

অঃ এয়েতো জীৱন আৰু ভাড়াঘৰ।

বিন্দুঃ প্ৰিয় সময় ?
: সন্ধিয়া

বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনলো । আপোনাৰ ধৰাল কলমৰ নিচিগা ধাৰ বৈ থাকক সদায়।
: বিন্দুৰ সম্পাদনা গোষ্ঠীকো মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা পুনৰবাৰ ধন্যবাদ জনালোঁ ৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *