✍️ ডাঃ ৰেইনী দেৱী
বৰ্তমান আমাৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে হোৱা এটি প্ৰধান সমস্যা হৈছে বৰ্ধিত ইউৰিক এচিডৰ সমস্যা। ইউৰিক এচিডৰ সমস্যাত ভোগা ব্যক্তিসকলে কেতিয়াবা গমেই নাপায় যে তেওঁলোকৰ এই সমস্যাটো হৈ আছে। দেখা যায় যে হঠাৎ কেতিয়াবা ভৰিৰ বুঢ়া আঙুলি এটা ফুলি গৈ বিষ হয় বা গোৰোহাত বিষ হৈ খোজ কঢ়াত অসুবিধা হয়। যেতিয়া ডাক্তৰৰ ওচৰত যায় আৰু তেজৰ পৰীক্ষা নিৰীক্ষা কৰোতেহে ধৰা পৰে যে তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি আছে। অৱশ্যে বহুতেই অন্য অসুখৰ টেষ্ট কৰাওঁতেহে কেতিয়াবা ইউৰিক এচিড বঢ়াৰ কথা গম পায়। এই ইউৰিক এচিড বোলা বস্তুটো আচলতে কি বাৰু? ইউৰিক এচিড এনে এবিধ ৰাসায়নিক পদাৰ্থ যি আমাৰ সকলোৰে শৰীৰত থাকে। আমাৰ কেতবোৰ খাদ্যত থকা পিউৰীণ নামৰ এমিন এচিডৰ বিপাকৰ ফলত ইউৰিক এচিড সৃষ্টি হয় । বেছিভাগ আমিষ খাদ্যত পিউৰীণৰ পৰিমাণ বেছি থাকে যদিও কিছুমান নিৰামিষ খাদ্যতো পিউৰীণ থাকে যেনে শুকান মটৰ, বিন জাতীয় খাদ্য, মাচৰুম আদি। আমি খাদ্যৰ যোগেদি পিউৰীণ পাওঁ যদিও আমাৰ শৰীৰেও পিউৰীণ প্রস্তুত কৰে আৰু তাৰ পৰাও ইউৰিক এচিড সৃষ্টি হয়। ইউৰিক এচিড আমাৰ প্ৰত্যেকৰে শৰীৰত এক নিৰ্দিষ্ট মাত্ৰাত থাকে। যেতিয়া সেই নিৰ্দিষ্ট মাত্ৰাতকৈ বেছি হয় তেতিয়া এনেকুৱা কিছুমান লক্ষণ দেখা দিব পাৰে। তেজত ইউৰিক এচিডৰ পৰিমাণ 2.4 to 6 mg/100ml( মহিলাৰ)আৰু পুৰুষৰ 3.4 to 7 mg/100 ml তকৈ বেছি হলে ইউৰিক এচিড বৃদ্ধি হোৱা বুলি ধৰা হয় আৰু ইয়াক তেতিয়া হাইপাৰইউৰিছেমিয়া( Hyperuricemia) বুলি কোৱা হয়। ইউৰিক এচিড কেতিয়া বাঢ়ে ? দুটা কাৰণত হব পাৰে- এটা হৈছে আমি হয়তো জোখতকৈ বেছি পিউৰীণ যুক্ত খাদ্য সেৱন কৰিছো বা আমাৰ শৰীৰত ইউৰিক এচিড উৎপাদন বৃদ্ধি হৈছে নাইবা কিডনীয়ে ফিল্টাৰ কৰি অতিৰিক্ত ইউৰিক এচিডখিনি শৰীৰৰ পৰা উলিয়াই দিব পৰা নাই। অৰ্থাৎ শৰীৰত নিশ্চয় কৰবাত কিবা এটা বিজুটি ঘটিছে। ইউৰিক এচিড বৃদ্ধি হোৱাৰ মুখ্য কাৰন কিছুমান হৈছে- মাংস, কণী, ব্ৰইলাৰ মাংস, পনীৰ, মাচৰুম, শুকান বিনজাতীয় খাদ্য আদি প্ৰতিনযুক্ত খাদ্য মাত্ৰাধিক পৰিমাণে সেৱন কৰা আৰু তাৰ অনুপাতে শাৰীৰিক পৰিশ্ৰম নকৰা, কিডনিৰ বিসংগতি বা ক্ৰনিক ৰিনেল ফেইলৰ, ফেটি লিভাৰ বা তেনেধৰণৰ লিভাৰৰ বিভিন্ন অসুখ, প্ৰিজার্ভেটিভ দিয়া খাদ্য বেছিকৈ সেৱন কৰা, ৰাসায়নিক সাৰ বা কীটনাশক দিয়া খাদ্য বেছিকৈ সেৱন কৰা, বেছিকৈ এচিডিক বা আম্লিক খাদ্য সেৱন কৰা, অত্যাধিক মদ্যপান কৰিলে( বিয়েৰ আদিত পিউৰীণ থাকে যাৰ বাবে ইউৰিক এচিড উৎপাদন বাঢ়ি যায় আৰু ইউৰিক এচিড নিষ্কাষণ বা excretion কমি যায়) ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বৰ্ধিত কলেষ্টৰল সমস্যা, হাইপ’থাইৰয়ডিজম আদিৰ বিপাকজনীত সমস্যাৰ বাবে, হঠাৎ শৰীৰৰ ওজন কমি যোৱা বা ডায়েটিং বা উপবাস কৰা (এচিডছিছৰ ফলত মাংসপেশীৰ break down হয়) বিভিন্ন ঔষধৰ পাৰ্শ্বক্ৰিয়া , কেমথেৰাপিৰ বাবে, বংশগতি বা তেনে বিভিন্ন কাৰন। বৰ্ধিত ইউৰিক এচিডৰ স্ফটিক বা ক্ৰিষ্টেল কেতিয়াবা শৰীৰৰ সৰু সৰু গাঁঠিত জমা হৈ বাতবিষৰ দৰে হয় যাক গাউৎ বুলি কোৱা হয়। সাধাৰণতে ভৰিৰ বুঢ়া আঙুলিৰ পৰাই প্ৰথম বিষৰ আৰম্ভ হোৱা দেখা যায় কেতিয়াবা হাতৰ গাঁঠি বা আঁঠুৰ বিষ বা কঁকালত বিষ হব পাৰে আৰু আৰথ্ৰাইটিছৰ দৰে লক্ষণ দেখা দিয়ে । তেনেদৰে ই কিডনিৰ পাথৰ বা কিডনি ষ্টোন কৰিব পাৰে। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। ইউৰিক এচিড বৃদ্ধি হ’লে খোৱা বোৱাত কেতবোৰ বাচ বিচাৰ কৰি নীতি নিয়ম মানি চলিলে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। ইউৰিক এচিড বৃদ্ধি হ’লে কি কি পথ্য অপথ্য বা ঘৰুৱা দিহা ব্যৱহাৰ কৰিব পাৰি তাৰে কেইটামান চমুকৈ তলত দিয়া হৈছে। আশাকৰো আপোনালোক উপকৃত হ’ব-
**ব্ৰইলাৰ মাংস, ছাগলী বা তেনেধৰণৰ জন্তুৰ মাংস, জন্তুৰ লিভাৰ, মাচৰুম, মচুৰ দাইল, ৰাজমাহ, মটৰ, বিনজাতীয় খাদ্য, চয়াবিন, সাগৰীয় খাদ্য যিমান পাৰে কমাই খোৱা উচিত।
**দুগ্ধজাত খাদ্য যেনে চিজ, বাতাৰ, পনীৰ ক্ৰীম আদিও কম পৰিমানে সেৱন কৰিব লাগে ।
**পালেং, বিট, উৰহী, বিলাহী , বেঙেনা, ফুলকবি, ৰঙালাও আদি পৰাপক্ষত কম খোৱা উচিত। এইবোৰত থকা পিউৰীণ নামৰ পদাৰ্থ বিধৰ বাবেই ইউৰিক এচিড বৃদ্ধি কৰে।
**মদ্যপান এৰাই চলা উচিত।
**অত্যাধিক নিমখ বা কেঁচা নিমখ কমাই খোৱা উচিত।
**ভিনেগাৰ, চয়া চচ বা তেনে খাদ্য সামগ্ৰী, টিন ফিছ, ময়দাৰ খাদ্য যেনে নূদলচ, মম’, ফাষ্ট ফুড, শীতল পানীয় আদিও কমাই খোৱা উচিত।
**ডায়েবেটিচ ৰোগীয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিয়া উচিত। কাৰণ ইয়াৰ লগত ইউৰিক এচিডৰ সম্পৰ্ক আছে।
**কিডনী ৰোগীয়ে পাতশাক একেবাৰে ত্যাগ কৰা উচিত। কিডনী বিকল হলে এনে খাদ্যই কিডনিৰ কাৰ্য্যত ব্যাঘাত দিয়ে যাৰ ফলত বৰ্ধিত ইউৰিক এচিড পেচাবৰ লগত ওলাই যোৱাত অসুবিধা হয়।
**মেদবহুল লোকে দেহৰ ওজন নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিয়া উচিত। ঠিক তেনেদৰে ডায়েটিং কৰোতে ও সাৱধান হোৱা উচিত। হঠাৎ ওজন কমাবলৈ চেষ্টা নকৰিব। ডায়েটিছিয়ানৰ পৰামৰ্শ লওক। BMI চাইহে ওজন কমোৱা উচিত।
**এতিয়া আহো ইউৰিক এচিড বৃদ্ধি হলে কি কি কৰা উচিত-
**এই সমস্যাত ভোগা লোকে পানী বেছি পৰিমাণে সেৱন কৰা উচিত। তেতিয়া পেচাবৰ সৈতে অতিৰিক্ত ইউৰিক এচিড ওলাই যোৱাত সহায় হয়।
**যিহেতু ইউৰিক এচিড এবিধ আম্লিক পদাৰ্থ, সেয়েহে যিমান পাৰে খাৰধৰ্মী আহাৰ সেৱন কৰা উচিত। অমিতা, স্কোৱাছ আদিবোৰ খাৰধৰ্মী পাচলি। মাজে মাজে ‘কলাখাৰ’ দিয়া ব্যঞ্জন সেৱন কৰা উচিত।
**কলপচলা ইউৰিক এচিডৰ বাবে মহৌষধ। মাজে মাজে কল পচলা সেৱন কৰি থাকিলে ইউৰিক এচিড নিয়ন্ত্ৰণ হোৱাত সহায় হয়।
**ভেদাইলতা বা ভেবেলিলতাও ইউৰিক এচিডৰ মহৌষধ। ইউৰিক এচিড সমস্যাত ভোগা লোকে মাজে সময়ে ভেদাইলতাৰ আঞ্জা বা কেঁচা ভেদাইলতাৰ ৰস অকণমান খাই থাকিলে বহুখিনি উপশম পায়।
**পনৌনোৱা, ছালকুৱৰী( aloevera) আদি বৰ উপকাৰী।
*আপেল, তিয়ঁহ, ডালিম, আদা,নহৰু আদিও বৰ উপকাৰী।ইয়াৰ উপৰিও ডাক্তৰৰ পৰামৰ্শ অনুসৰি আয়ুৰ্বেদিক ঔষধি সেৱন কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়