…..মা, মই জানো আজি জন্মদিনৰ দিনা তোমাক বৰ দুখ দিলোঁ। কিন্তু কি কৰিম কোৱা আমাৰো এখন নিজা পৃথিৱী আছে। জীয়াই থাকিবলৈ সেইখন পৃথিৱীতে থাকিব লাগিব মা। নাইবা আমাৰ যে মৃত্যু নিশ্চিত।….
নিবেদিতা পিংকি শৰ্মা
মোৰ শোৱনি কোঠাৰ বিচনাখনৰ বিপৰীত দিশত কাপোৰেৰে উপচি থকা সামান্য ভগা চকী খনতে বহি ল’লো মই। আচলতে বহি থকা বুলি ক’লে ভুল হ’ব,বহি থকাৰ নামত নিষ্ঠা আৰু একাগ্ৰতাৰে বিশেষ এক কামত নিজকে নিয়োজিত কৰি ৰাখিছোঁ। এফালৰ পৰা ৰোমন্থন কৰিব ধৰিলো অতীতত হৈ যোৱা স্মৃতিৰ টুকুৰা টুকুৰ ছবি বোৰ। যিমান বছৰ পিছুৱাই গৈ আছোঁ সিমানেই যেন মোৰ মন আৰু মগজুক অধিক সক্ৰিয় কৰি তুলিছো। ক’ৰবাত যদি কিবা ৰৈ যায়! মোৰ দুৰ্বল হৈ পৰা মস্তিষ্কৰ কোষ বোৰে যদি কোনো মুহূৰ্ত হেৰুৱাই পেলায়! নাই, নাই কোনোপধ্যে সেইবোৰ হেৰুৱাব নোৱাৰো। চকু দুটা জোৰেৰে মুদি আকৌ সুক্ষ্ম ভাৱে ঘাঁহ পাগুলা দি কথাবোৰ মনত পেলাব ধৰিলোঁ।
১৯৮৫ চনত তাইৰ জন্ম।
৫ বছৰ বয়সত তাই প্ৰথম বিদ্যালয়লৈ গৈছিল।
দশম মান শ্ৰেণী পাওঁতে তাই বিদ্যালয়ত বাচেৰে অহা-যোৱা কৰিছিল।
দ্বাদশ মান শ্ৰেণীত তাই এবাৰ লগৰ বন্ধু-বান্ধবৰ সৈতে বনভোজলৈ গৈছিল।
দ্বাদশ মান শ্ৰেণীৰ কথাটো মনত পৰাৰ লগে লগে বুকু খন মোৰ চিৰিং কৈ মাৰিলে। ভালদৰে মনত পৰিল মোৰ, অনুই সেইদিনা বনভোজৰ পৰা আহিয়েই নিজকে কিছু সময়ৰ বাবে কোঠাত আবদ্ধ কৰি ৰাখিছিল। অত্যন্ত ভাগৰৰ বাবে হেনো তেনেকৈ আছিল বুলি পিছত কৈছিল তাই। কিন্তু কথাটো মনলৈ অহাৰ পৰাই মই শান্তিত থাকিব নোৱাৰা হৈ পৰিলোঁ। তাইক কোনোবাই সেইদিনা কিবা কৰিছিল নেকি! মানে ধৰ্ষণৰ চেষ্টা। নাই, নাই কি যে কথাবোৰ ভাবো নহয়! সেয়া কোনোপধ্যে সম্ভৱ নহয়। কাৰণ কিছু সময়ৰ পিছতেইতো তাই স্বাভাৱিক হৈ পৰিছিল। নিজকে নিজেই সোঁৱৰাই দিলোঁ মই।
তেন্তে…..
এইবাৰ মই আকৌ কেইবা বছৰো আগুৱাই আহিলো। এফালৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ চকিদাৰৰ পৰা আদি কৰি শিক্ষক, গাড়ী চালক, ল’ৰা বন্ধু সকলোৰে মুখ বোৰ মনত পৰি গ’ল। কেতিয়াবা বাৰু মোৰ অজানিতে কোনোবা পুৰুষে স্পৰ্শ কৰিছিল নেকি তাইক! তাইৰ বাৰু ফুল কুমলীয়া নুচুবলগীয়া ঠাইত চুই চাইছিল নেকি! কিন্তু তাইকতো মই বেয়া স্পৰ্শ, ভাল স্পৰ্শৰ শিক্ষা সৰুতেই দিছিলোঁ। যদি তেনেকুৱা হ’লহেতেন তাই মোক এবাৰলৈ হ’লেও ক’লেহেতেন! নে তাইক কোনোবাই ভয় দেখুৱাইছিল!
“নকবি কাকো মই যে তোক চুই চাওঁ। নাইবা তোক মাৰি পেলাম”।
মুহূৰ্ততে এইদৰে কোৱা দাঁত নিকটাই অট্টহাস্য মাৰা বৃহত্তাকাৰ মানুহ এটালৈ মোৰ মনত পৰি গ’ল। কোনো অস্তিত্ব নথকা মানুহ জনক বিচাৰিবলৈ মই এইবাৰ চকী খনৰ পৰা প্ৰায় দৌৰি আহিয়েই কোঠাৰ বন্ধ হৈ থকা লাইটটো জ্বলাই দিলোঁ।মোৰ ডাঙৰ কাঠৰ বাকচ এটাত সাঁচি ৰখা আমাৰ বিশেষ মুহূৰ্ত কিছুমানৰ ‘ফটো এলবাম” বোৰ আছিল। এখন এখনকৈ সেইবোৰ খুচৰিবলৈ ধৰিলো।
চন-১৯৮৬ এলবাম নং ৩. অনুৰ “প্ৰথম জন্মদিনত’
চন-১৯৮৭ এলবাম নং ৪. ” দ্বিতীয় জন্মদিনত”
চন-১৯৮৮ এলবাম নং ৫…….
চন-১৯৮৯..এলবাম নং ৬……
.
.
.
.
চন-১৯৯৪ এলবাম নং ১১. আমাৰ “প্ৰথম গোৱা
ভ্ৰমণত”
এলবাম বোৰৰ পাত লুটিয়াই লুটিয়াই ভালদৰে চাই গ’লো অনুৰ কাষত কোন কোন পুৰুষ আছিল, তাই বাৰু কাৰোবাৰ ফালে চাই কান্দিছিল নেকি? কিন্তু প্ৰত্যেক খন ফটোতে পালোঁ তাইৰ হাঁহিমুখীয়া কোমল মুখ খন। ফটো বোৰত সকলো চিনাকি-অচিনাকি পুৰুষৰ সৈতে বেচ সহজ হৈ আছিল তাই। তাৰ পিছত আৰু এলবাম বিচাৰিলো যদিও মনত পৰি গ’ল “এওঁ” স্বৰ্গগামী হোৱাৰ পিছৰ পৰা “ডিজিটেল ফটোৰ” দিন অহাৰ আগলৈকে আমাৰ আৰু একো ফটো উঠা নহ’ল। ডিজিটেল ফটোৰ কথা মনত অহাৰ লগে লগে তাইৰ ফেচবুক একাউণ্টৰ কথাটো মনত পৰিল। জানো তাত তাইৰ আৰু মোৰ দুই, এখন ফটোৰ বাহিৰে অন্য ফটো একো নাই। তথাপিও মনৰ শান্তিৰ বাবে তন্নতন্নকৈ কিবা পোৱাৰ আশাত চাব ধৰিলো।
১.অৰ্থনীতিৰ সংজ্ঞা……
২.চাহিদা আৰু যোগান…..
৩.মুদ্ৰাস্ফীতি আৰু মুদ্ৰানীতি…….
৪.এডাম স্মিথ আৰু আলফ্রেড মাছেলেৰ গ্ৰন্থ সমূহৰ চমু আভাষ……
অসমৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশ পোৱা তাই লিখা অৰ্থনীতি বিজ্ঞানৰ প্ৰবন্ধ সমূহৰ বাহিৰে আন একো ফটো বা তথ্য বিচাৰি নাপালোঁ। মিনিটতে আকৌ গতি কৰিলো মোৰ ফ্লেচ’বেক জগত খনলৈ। কিমান সময় সেইদৰে বাকচটোৰ ওচৰত বহি পুৰণি কথাবোৰ ভাবি আছিলোঁ নাজানো। মোৰ বাইদেউৰ ফোন আহোতেহে উঠি ফোনটো ধৰিলোগৈ।
:কালিলৈ অনুৰ জন্মদিন নহয় জানো? ফোন কৰি আছিলো তাইক। ফোনটো দেখোন অফ্ পালোঁ। সেইবাবে তোক ফোন কৰিলোঁ।
বাইদেউৰ ফোনটো ধৰিয়েই এইবাৰ মই স্থিৰ হৈ থাকিব নোৱাৰিলোঁ। চেপা কন্ঠেৰে কান্দিয়ে পেলালো মই।
: বাইদেউ বহুত অশান্তিত আছোঁ জান’। কালিলৈ অনুৰ ৩৭ বছৰ পাৰ হৈ ৩৮ বছৰ বয়সত সোমাব। কালি ভিডিঅ’ কল কৰিছিলোঁ তাইক। কথাই কথাই বিয়াৰ কথা উলিয়াইছিলো মাথো। জান’ বাইদেউ তাইৰ প্ৰতিক্ৰিয়া স্বাভাৱিক নাছিল। অসম্ভৱ যেন মই বেয়া কথা কৈছিলোঁ, ঠিক তেনেকুৱাকৈ তাই মোৰ সৈতে ব্যৱহাৰ কৰিছিল। আগে পিছেও তাই বিয়াৰ কথা উলিয়ালে কিবা এটা অদ্ভূত অস্বস্তি প্ৰকাশ কৰে। কিন্তু কালিৰ ঘটনাৰ পৰা মই সাংঘাটিক ভয় খাইছো। তাইৰ জীৱনৰ সৈতে নিশ্চয় কিবা এটা হৈছে যাৰ বাবে বিয়া বুলি ক’লে তাই ভয় খায়।
: এনেকুৱা একো হোৱা নাই অ’। কামৰ বোজা হয়তো বাঢ়িছে তাইৰ যাৰ বাবে মানসিক চাপ বাঢ়িছে। সকলো ঠিক হ’ব তই চিন্তা কৰি নাথাকিবি। অ’ আৰু তাইৰ ফোনটো পালে মই শুভেচ্ছা জনোৱা বুলি কবি।
এইদৰে বুজাই বঢ়াই বাইদেউয়ে ফোনটো থৈ দিলে যদিও ভিতৰি ভিতৰি দুঃচিন্তাত ভুগি থাকিলো মই। ঘড়ীৰ কাটাই নিশা ১২ টা বজাৰ খবৰ দিয়াৰ পিছত হে মনলৈ আহিল অনুৰ জন্মদিনৰ কথা।
কেইবাবাৰো ফোন কৰিলোঁ যদিও ময়ো অফ্ পালোঁ। মোৰ প্ৰতি হোৱা তীব্ৰ অভিমানত হয়তো তাই ফোনটো অফ্ কৰি থৈছে!
“কেতিয়াবা পিতৃ-মাতৃৰ যৌন জীৱন হঠাৎ দেখা পোৱা শিশু সন্তানৰ মনত ভীতি ভাব এটাই আগুৰি ধৰে। ইয়াৰ ফলতো কিছুমানৰ বিয়াৰ প্ৰতি অনীহা আহিব পাৰে”। মনোবৈজ্ঞানিক এগৰাকীৰ টেলিভিছনৰ চেনেল এটাত দিয়া সাক্ষাৎকাৰ এটাৰ কিছু অংশ মনত পৰি গ’ল মোৰ।কিন্তু মই নিশ্চিত আছিলোঁ মোৰ আৰু “তেওঁৰ” মিলন অনুই কেতিয়াও দেখা নাচিল।
ভাবৰ মাজত বুৰ গৈ থাকোতেই হঠাৎ ফোনৰ ৰিং অহা শব্দ শুনিলো। ম’বাইলৰ স্ক্ৰীণত অনুৰ নামটো ভাঁহি আহিল।
: অনু, তোৰ কি হৈছে? মোক কিয় কথাবোৰ লুকুৱাইছ’? শুনচোন, সৰু থাকোঁতে তোক বাৰু কোনোবাই বেয়া ঠাইত স্পৰ্শ কৰিছিল নেকি? নে তই কাৰোবাক ভাল পাৱ’? ভাল পাৱ যদি ক’ মই মানি ল’ম। নে তই লিভিং টুগেদাৰৰ” দৰে কিবা পন্থা বাছি লৈছ?
ৰিচিভ কৰিয়ে একে উশাহতে প্ৰশ্নবোৰ অনৰ্গল কৰি গ’লো মই। আচলতে কথাবোৰে মনটোক ইমানেই অশান্ত কৰি তুলিছিল মোৰ আন কথাটো দূৰৰে কথা, তাইক জন্মদিনৰ শুভেচ্ছা দিবলৈও মন নগ’ল।
: তোমাৰ কথা শুনি আচৰিত হ’লো মা! তুমি ইমান তললৈ মই নামিব পাৰিম বুলি কেনেকৈ ভাবিলা?
: কিয় নাভাবিম হা?তেন্তে তই কিয় বিয়াত সন্মতি নিদিয়? কি নাই তোৰ? দিল্লী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা তই। নিজাকৈ তোৰ গাড়ী, ফ্লেট সকলো আছে। ৰূপে গুণে তই অতুলনীয়।তেন্তে কিয় বিয়ালৈ ইমান ভয় তোৰ? মই তোক বিয়া হ’বলৈ জোৰদবস্তি কৰা নাই। কিন্তু মই জানিবলৈ বিচাৰিছোঁ কিয় তই ছোৱালী জনী বিয়াৰ নাম ল’লেই অদ্ভূত আচৰণ কৰ’? কালিৰ পৰা ছট্ ফটাই আছো অ’ কিবা বিপদ হোৱা বুলি তোৰ। কালি কৰা ব্যবহাৰ তোৰ একেবাৰে স্বাভাৱিক নাছিল। কিবা সমস্যা হৈছে যদি মোক ক’বলৈ সংকোচ নকৰিবি চোন। মই তোৰ মা। মই সকলো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম বুজিছ’ নে? মোৰ কথাবোৰ শুনি তাইৰ আকৌ খঙে মূৰৰ আগ পাইছিল হবলা! মই অনৰ্গল বকি থকাৰ সময়তে আকৌ ফোনটোৰ সংযোগ নোহোৱা হৈ পৰিছিল।
ঘড়ীটোয়ে ৰাতি দুই বজাৰ সংকেত দিছিল। তেতিয়াও মই উজাগৰে আছিলোঁ অনুৰ চিন্তাত।
হুৱাটচ্ আপত মেচেজ এটা আহিল।
: মা , তুমি জানিব বিচাৰিছিলা নহয় মই কিয় বিয়াত বহিবলৈ সন্মতি নিদিওঁ। শুনা, মই আচলতে “এইচ্” হয়। এইচ্ মানে এচেক্সুৱেল। গুগলত মাৰি চাবা সবিশেষ জানিবা।
LGBTQ… Lesbian, Gay, Bisexul, Transgender, Queer.
LGBTQQIAAP2S…..Lesbian, Gay, Bisexul, Transgender, Queer, Questioning, Intersex, Asexual, Ally, Pansexual, Two-Spirit.
গুগলত চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন তালিকা ওলাল। এচেক্সুৱেল কি নাজানো যদিও গে’, লেজবীয়ান, থাৰ্দ জেণ্ডাৰ, নপুংসক এইবোৰ শব্দ পৰিচিত মোৰ।
ইয়াৰ অৰ্থ চালোঁ।
Not involving sex, not having sexual qualities, not interested in sex.
মোৰ বুকু খন পুনৰ কঁপি উঠিল। কি তাৰমানে এইবোৰ? এইখন পৃথিৱীৰ বিষয়ে মই একেবাৰে অজ্ঞাত।
পুনৰ অনুৰ এটা মেচেজ আহিল।
: মা, ইতিমধ্যে হয়তো তুমি চাৰ্চ কৰি চালা আৰু আচৰিত হ’লা নহয়নে! আৰু বহু কথাই আছে ক’বলৈ। মই মুখেৰে ক’ব নোৱাৰা কথা বোৰ লিখি পঠিয়ালো তোমালৈ। পি.ডি.এফ ফাইল এটা পঠিয়াইছো চাবা।
মই পি.ডি.এফ. ফাইলটো এক চেকেণ্ড সময় ব্যয় নকৰাকৈ খুলিলো। তেতিয়াও মই থৰ থৰকৈ কঁপি আছিলোঁ।
মা,
মই জানো আজি জন্মদিনৰ দিনা তোমাক বৰ দুখ দিলোঁ। কিন্তু কি কৰিম কোৱা আমাৰো এখন নিজা পৃথিৱী আছে। জীয়াই থাকিবলৈ সেইখন পৃথিৱীতে থাকিব লাগিব মা। নাইবা আমাৰ যে মৃত্যু নিশ্চিত।
অষ্টম শ্ৰেণীত থাকোতে প্ৰথম উপলব্ধি কৰিছিলোঁ মই যেন আন ল’ৰা ছোৱালীত কৈ কিছু পৃথক। কলেজীয়া জীৱনত যেতিয়া লগৰ বোৰে প্ৰেমিক-প্ৰেমিকাৰ সৈতে ব্যস্ত হৈ পৰিছিল মই আছিলোঁ এইবোৰৰ পৰা শ কিলোমিটাৰ দূৰত। কোনো পুৰুষৰ প্ৰতি মোৰ আকৰ্ষণ নাছিল। এদিন লগৰ এজনীয়ে কৈছিল মই হেনো আচলতে লেজবীয়ান। নিজকে চিনি পোৱা নাছিলো হেনো। কিন্তু মোৰতো নাৰীৰ প্ৰতিও কোনো আকৰ্ষণ নাছিল! এদিন লগৰ বোৰে যোৰকৈ অশ্লীল ছবি থকা আলোচনী এখন দেখুৱাইছিল। তাৰ পিছতেই মোৰ ঘৃণাত বমি হৈ গৈছিল। নিশা টোপনি অহা নাছিল মোৰ। তাৰ বহু বছৰ পিছত আবিষ্কাৰ কৰিছিলোঁ মোৰ শৰীৰৰ দুৰ্বলতাৰ। গুগলৰ সহায়ত গম পাইছিলো আচলতে মই কি। এইখন গতানুগতিক পৃথিৱীৰ যে আচলতে মই নহয়। LBGTQ কমিউনিটিৰ ভিতৰত আমি “Ace” বা “Asexual” খিনিও পৰো। লেজবীয়ানে যিদৰে ছোৱালীয়ে ছোৱালীৰ সৈতে প্ৰেম কৰে, গে’ বোৰে যিদৰে ল’ৰাৰ প্ৰেমত ল’ৰা মতলীয়া হয়, বা বাইচেক্সুয়েল বোৰে ল’ৰা বা ছোৱালী উভয়ৰে প্ৰেমত পৰে সেইদৰে আমাৰ “এইচ্” বোৰৰ যৌন ক্ষমতা নাথাকে মা। আমাৰ দৰে মানুহ এই পৃথিৱীত খুব তাকৰ। আমি সম্পূৰ্ণ অকলশৰীয়া ।
বহুতে আকৌ সমাজৰ ভয়ত কথাবোৰ লুকুৱাই কিন্তু শেষত বিপদত পৰে। চকুৰ আগতে কিমানৰ যে সংসাৰ ভঙা দেখিলোঁ! কি অধিকাৰ আছে কোৱা কোনোবাই কাৰোবাৰ জীৱন ধ্বংস কৰাৰ। গতিকে মা মই প্ৰতিজ্ঞাবদ্ধ, কাৰো জীৱন ধ্বংস কৰিবলৈ নাযাওঁ। পৃথিৱীৰ অধিক সংখ্যক লোক “ষ্ট্ৰেইট” । “ষ্ট্ৰেইট বোৰৰ ল’ৰাৰ প্ৰতি ছোৱালীৰ আৰু ছোৱালীৰ প্ৰতি ল’ৰাৰ আকৰ্ষণ থাকে। ঈশ্বৰে দেহত তেওঁলোকক যৌন ক্ষমতা দিছে । যৌনস্পৃহা সকলো ষ্ট্ৰেইট লোকৰে থাকে। দেহৰ ক্ষুধা নিবাৰণ নিশ্চয় তেওঁলোকে কৰিব বিচাৰিব। গতিকে কাৰোবাৰ সৈতে বিয়া হৈ মোৰ তেওঁৰ সেই প্ৰাপ্য খিনি কাঢ়ি আনাৰ পাপ কৰাৰ ইচ্ছা নাই। মোৰ যৌনতাৰ ওপৰিও কাৰো প্ৰতি “ৰোমাণ্টিক এট্ৰাক্সন”ও নাই। গতিকে মোক মোৰ পৃথিৱী খনত থাকিবলৈ দিয়া। যৌনতাৰ সিপাৰেও এখন অজ্ঞাত পৃথিৱী আছে। সেইখন পৃথিৱীত থাকিব পাৰিলে মই সুখী হ’ম।
তোমাৰ অনু।
এইখিনি পঢ়াৰ পিছত শিল পৰা কপৌজনীৰ দৰে থ’ৰ হৈ পৰিলোঁ মই। মোৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। দহ মাহ দহ দিন নিজৰ পেটৰ লগত সংযুক্ত হৈ থকা সন্তানৰ বিষয়ে মই এনেকে একো নাজানিলো নে? তাই চাগে কথাবোৰ কাকো ক’ব নোৱাৰি কিমান কষ্টৰ মাজেৰে আছিল আৰু মই একো কথাৰে ভু-ভা নাপালোঁ। এওঁ নোহোৱা হোৱাৰ পৰাই একোৰে অভাৱ কোনোদিন অনুভৱ হ’ব নিদিয়াকৈ তাইক ডাঙৰ-দীঘল কৰা বুলি নিজেই ভবা কথাটো এক মুহূৰ্তত মিছা বুলি প্ৰমাণিত হৈ গ’ল। প্ৰথম বাৰৰ বাবে নিজকে এগৰাকী বিফল মাতৃ যেন লাগিল মোৰ। কি হৈ আছে জীৱনটোৰ সৈতে একো বুজি নাপাই প্ৰকাণ্ড ঘৰটোৰ এটা চুকত সোমাই প্ৰচণ্ড জোৰে চিঞৰি চিঞৰি কান্দিলো। গোটেই নিশা কান্দি কান্দি পিছদিনা পুৱালৈ চুকটোতে সোমাই থাকিলোঁ মই।
২০২২ চন ০৪ ছেপ্টেম্বৰ……..
সময় পুৱা ৬ বাজি ১৫ মিনিট।
মোৰ মন মগজুক ফ্লেচবেকৰ অতীত জগতৰ পৰা আঁতৰাই, স্থায়ী ভাৱে বৰ্তমানৰ জগতত বহুৱাই লৈছোঁ। আজি অনুৰ জন্মদিন। গোঁসাই ঘৰৰ থাপনাত তাইৰ নামৰ বন্তি গজ জ্বলাই ব্যস্ত হৈ পৰিলোঁ জন্মদিন বুলি আমাৰ দুয়োৰে ফটো এখন ফেচবুকত আপলোড কৰাত।
“Happy birthday my Beautiful “Ace” daughter. তোৰ পৃথিৱীত তই অকলশৰীয়া নহয়। তোৰ সৈতে মই সদায় আছোঁ”।
ফটোৰ ওপৰত এইদৰে শিৰোনাম লিখি মই তাইক টেগ দি দিলোঁ।
এতিয়া হয়তো বহুতে মোক এইচ্ মানে কি শুধিব। জনাৰ পিছত বু-বু, বা-বা খনো কৰিব। কৰক… মই মুঠেই খাতিৰ নকৰোঁ। জানক, সকলোৱে জানক। সিহঁতৰ দৰে মানুহ যে এইখন সমাজত থাকে আৰু আমাৰ দৰেই এইখন সমাজৰে অংশ সকলোৱে জানক।
“Facebook Upload Complete” বুলি নটিফিকেশ্যনত আহি গ’ল।
এতিয়া মাথো অপেক্ষা কৰিছোঁ তাই ফটো খন চোৱালৈ…
তাই চাব আৰু কিমান যে সুখী হ’ব কথাটো ভাবিয়ে উৎফুল্লিত হৈ পৰিলোঁ মই। প্ৰথম বাৰৰ বাবে তাইৰ জন্মদিনত অমূল্য উপহাৰ দিলোঁ বুলি স্বস্তিৰ নিশ্বাস এৰিলোঁ।