হিয়া দাসৰ গল্প- এমুঠি জোনাক

হিয়া দাসৰ গল্প- এমুঠি জোনাক

হিয়া দাস
৯৭০৬৭৭৬১৪৩
————————————————

…..কইনা অভীপ্সা ওঁঠত এটি লাজুকীয়া হাঁহি লৈ গম্ভীৰ খোজেৰে আহি বিবাহ মণ্ডপত থিয় হ’ল । লগে লগে কইনাক ঘেৰি অভ্যাগতই উপহাৰ, আশীৰ্বাদ, শুভাকাংক্ষাৰে উপচাই দিলে । বহুতে কইনাৰ লগত ফটো, ছেলফি আদি ল’লে । সাংবাদিকৰ দল ইতিমধ্যে সাজু হৈছেই আছিল, তেওঁলোকো আগবাঢ়ি গ’ল ।….

 

এইমাত্ৰ নোৱাই-ধুৱাই অভীপ্সাক কলগছৰ তলৰ পৰা নিজৰ কোঠালৈ অনা হৈছে । আয়তীৰ জাউৰিয়ে জাউৰিয়ে উৰুলি, হাঁহি-ধেমালি, সৰু ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰে বেণ্ডপাৰ্টিৰ শব্দকো তল পেলাইছে ।

গুৱাহাটীৰ পৰা অহা সৌন্দৰ্য বিশেষজ্ঞৰ দল এটাই অভীপ্সাক সজাবলৈ আৰম্ভ কৰিছে ।
দৰাঘৰে জোৰোণত দিয়া সোণৰ, ৰূপৰ গুণাৰে বনকৰা বেঙেনাবুলীয়া পাটৰ সাজ, অসমীয়া আৰ্হিত গঢ়া, হীৰা খটোৱা সোণৰ গলপতা, বহুমূলীয়া ৰত্নখচিত হাৰ , পোৱালমণি আৰু সোণৰ মণিৰে গঁঠা মালাত জোনবিৰি, থুৰীয়া , মুঠিখাৰু, গোটা খাৰু, জেঠীনেজীয়া, বাবৰিফুলীয়া ম’ৰানেজীয়া আঙঠি, সেওঁতাৰ সেজত বাখৰপতোৱা চিতিপাটি পিন্ধাইছে, খোপা বান্ধি খৰিকাজাই ফুলৰ মালা আৰু গোলাপৰ কলি গুঁজি দিয়া হৈছে, দুভৰিত ৰূপৰ পায়েল আৰু আঙঠি পিন্ধোৱা হৈছে । প্ৰায় দুঘণ্টাৰ অন্তত অভীপ্সা সম্পূৰ্ণ কইনাৰ ৰূপত জিলিকি উঠিছে ।
উৰ্মিলা বিছনাখনত বহি জীয়েকলৈ তভক লাগি লাগি চাই আছে । আজি কইনাৰ সাজত কি অপূৰ্ব লাগিছে তেওঁৰ ছোৱালীজনী । যেন সৰগৰ কোনো অপেস্বৰী !
সাজোন-কাচোনেৰে সুশোভিতা তেওঁৰ ছোৱালীজনী আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই জীৱনৰ এক অনন্য, অভিনৱ পথৰ যাত্ৰী হ’বলৈ গৈ আছে ।
সঁচাকৈয়ে বৰ ভাগ্যৱান বুলি তেওঁ নিজকে অনুভৱ কৰে । ঈশ্বৰে এনে হেন ৰূপে গুণে অতুলনীয় সন্তান এটিৰ মাক হোৱাৰ সুযোগ দিছিল তেওঁক ।
আজি কিমান যে বাৰ্তা চেনেলৰ সম্মুখত কথা ক’বলগীয়া হৈছে তেওঁ ! যিফালেই গৈছে পিছে পিছে সংবাদ মাধ্যমৰ ভীৰ । বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে যদিও অতি কৌশলেৰে ঢাকি ৰাখিছে নিজৰ অতীতটো ।

নালাগে জানিব ।

কাকো নেদেখুৱাই পৰ্দা দাঙি অতীতৰ সাঁচতীয়াখিনি । থাকক । সেয়া একান্তই নিজৰ ।
হঠাৎ ফোনটো বাজি উঠাত উৰ্মিলা লৰালৰিকৈ বাহিৰলৈ ওলাই গৈ ফোনটো কাণত হেঁচি ধৰিলে ।

: মাত্ৰ কন্যাদানৰ সুযোগটো দিয়া । মোক্ষপ্ৰাপ্তিৰ এই বিৰল সুযোগকণ মোক দিয়া উৰ্মিলা, মই তোমাৰ ভৰিত ধৰিছোঁ ।

: মোৰ ছোৱালী কোনো দানৰ সামগ্ৰী নহয় । কোনো সামগ্ৰী বা পশুৰ দৰে মই তাইক দান কৰিবলৈ ওলোৱা নাই কাকতী । এয়া তাইৰ জীৱনৰ এটা অন্যতম স্তৰ, য’ত স্ব-ইচ্ছাই খোজ পেলাবলৈ বিচাৰিছে তাই । আৰু আমি আন্তৰিকতাৰে সহযোগ কৰিছোঁ । আপুনি তাৰ পৰাই মোৰ ছোৱালীজনীক আশীৰ্বাদ কৰিব । তায়েই জানো আপোনাৰ অক্ষমতাক আঁৰ দিয়া নাছিল ?

: দিছিল । আজি মই অন্তঃকৰণেৰে স্বীকাৰ কৰোঁ সেই কথা । ভুল কাৰ নহয় উৰ্মিলা…

: কিন্তু তাক উপলদ্ধি কৰোঁতে বহু পলম হ’ল নহয় ? উৰ্মিলাই বিদ্ৰূপৰ হাঁহি মাৰি মানুহজনৰ কথাৰ মাজতে প্ৰশ্ন কৰিলে ।

: মই জানো এবাৰ ক্ষমাৰ যোগ্য নহও ? যাৰ কাৰণে আজি সমাজত মূৰ তুলি জীয়াই থাকিব—
মানুহজনে আৰু কিবাকিবি ক’ব খুজিছিল যদিও উৰ্মিলাই ফোনৰ সংযোগ বিচ্ছিন্ন কৰিছিল । এতিয়া আৰু কি মূল্য সেইবোৰ কথাৰ ।
উৰ্মিলাই এবাৰ চাৰিওফালে চকু ঘূৰাই চালে । অভীপ্সাৰ বিবাহ উপলক্ষে দূৰণিবটীয়া আত্মীয়-কুটুম্বখিনি দুদিন আগতেই আহিছিল । আজি সমগ্ৰ অঞ্চলটোৰ মানুহ, জাহ্নৱীৰ শৈশৱৰ বন্ধু-বান্ধৱী, সহপাঠী, সহকৰ্মীৰে ৰভাতলী দলদোপ-হেন্দোলদোপ । জগদীশ বৰুৱা আৰু তেওঁৰ পৰিয়ালে অভ্যাগতক আদৰণি জনাই আছে । এখন্তেক ৰৈ সমগ্ৰ পৰিৱেশটো পৰ্যবেক্ষণ কৰি উৰ্মিলা প্ৰসন্ন মনেৰে পুনৰ জীয়েকৰ কোঠালৈ গ’ল ।

: অভীপ্সা, আহা । অভ্যাগতসকল ৰৈ আছে ।

কইনা অভীপ্সা ওঁঠত এটি লাজুকীয়া হাঁহি লৈ গম্ভীৰ খোজেৰে আহি বিবাহ মণ্ডপত থিয় হ’ল । লগে লগে কইনাক ঘেৰি অভ্যাগতই উপহাৰ, আশীৰ্বাদ, শুভাকাংক্ষাৰে উপচাই দিলে । বহুতে কইনাৰ লগত ফটো, ছেলফি আদি ল’লে । সাংবাদিকৰ দল ইতিমধ্যে সাজু হৈছেই আছিল, তেওঁলোকো আগবাঢ়ি গ’ল । পৰিয়ালৰ অন্যান্য লোকসকলকো সেইখিনিত বিচৰা হৈছিল । কেমেৰাৰ লেন্স জুম হৈছিল ।
সাংবাদিকে মাইক্ৰ’ফোনটো নিজৰ মুখৰ ওচৰলৈ নি বিশেষ ষ্টাইলত ক’ব ধৰিলে—

: এয়া শিক্ষক, সমাজসেৱক ‘জগদীশ বৰুৱা’ৰ পৰিয়ালবৰ্গ । চাওক কিদৰে তেওঁলোক আৱেগিক হৈ উঠিছে পালিতা কন্যা ‘অভীপ্সা নন্দ’ৰ বিদায়ৰ মুহূৰ্তত । এয়া দেখিছে কন্যাক বুকুত সাৱটি উচুপি উঠিছে মাতৃ মিতালী বৰুৱা । পিতৃৰ চকুতো চকুপানী । আৰু মাত্ৰ । আৰু মাত্ৰ কেইমুহূৰ্তমান পাছতেই আপোন মানুহজনৰ হাতত ধৰি সপোনৰ ঘৰখন সাজিবলৈ গুচি যাব ‘ভাৰতীয় প্ৰশাসনিক বিষয়া’ চমুকৈ আই এ এছ অফিচাৰ ‘অভীপ্সা নন্দ’, আমি এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম জাহ্নৱীৰ পিতৃৰ অনুভৱ ।
এখন্তেক ৰৈ সাংবাদিকজনে শিক্ষক, সমাজসেৱক জগদীশ বৰুৱাৰ মুখৰ ফালে মাইক্ৰ’ফোনটো আগুৱাই দিলে ।

: মাত্ৰ দুবছৰ বয়সতে তাই মাতৃৰ সৈতে আমাৰ মাজলৈ আহিছিল । তাইৰ মাতৃ উৰ্মিলা পূৰ্বেও আমাৰ ঘৰত কাম কৰিছিল । তাৰপাছত এদিন উৰ্মিলা নিজৰ ঘৰ-সংসাৰ কৰিবলৈ গুচি গৈছিল । আমি সকলোৱে উৰ্মিলাৰ কথা প্ৰায় পাহৰি পেলাইছিলোঁ । এদিন অকস্মাৎ পিতৃহাৰা সন্তানটো লৈ উৰ্মিলা পুনৰ আমাৰ ঘৰত উপস্থিত হ’ল । আকৌ নিজৰ কামবোৰ সামৰি ল’লে । মই আৰু মোৰ পত্নী মিতালী আলোচনা কৰি শিশুটিৰ অভিভাৱকত্ব গ্ৰহণ কৰিলোঁ । লাহে লাহে ছোৱালীজনী অক্লান্ত পৰিশ্ৰম, কঠোৰ অধ্যৱসায় জৰিয়তে বিদ্যা, বুদ্ধি, যোগ্যতা সকলো অৰ্জন কৰিবলৈ সক্ষম হ’ল । আজি তাইৰ জীৱনৰ দ্বিতীয় অধ্যায়ৰ আৰম্ভণি । আমি অতিশয় সুখী ।আপোনালোকেও আশীৰ্বাদ দিব আমাৰ ছোৱালীটিৰ অনাগত দিনবোৰ মধুৰ হওক, সুখেৰে পৰিপূৰ্ণ হওক ।
কথাখিনি কৈ এটা সন্তোষৰ হাঁহি মাৰি আঁতৰি গ’ল জগদীশ বৰুৱা ।

এইবাৰ সাংবাদিকে মাইক্ৰ’ফোনটো মিতালী বৰুৱাৰ ফালে আগবঢ়াই দিলে । মিতালী বৰুৱাই কি কৈছিল উৰ্মিলাৰ কাণত সোমোৱা নাছিল । উৰ্মিলাই জীয়েকলৈ চালে । তেওঁৰ মনলৈ আহিল সেই বিশেষ নিশাটোৰ স্মৃতি—

তমোময় জ্বৰত সেইদিনা বিছনাত ছট্ ফটাই আছিল জগদীশ বৰুৱা । ঘৰত কোনো নাছিল । জ্বৰীয়া মানুহটোৰ ওচৰত কিংকৰ্তব্যবিমূঢ় হৈ থিয় দি আছিল উৰ্মিলা । লাহে লাহে সংজ্ঞা হেৰুৱাবলৈ ধৰিছিল মানুহজনে । মাজে-সময়ে অস্পষ্ট মাতেৰে কিবা বিৰবিৰাই উঠিছিল ।
উৰ্মিলা জগদীশ বৰুৱাৰ মূৰত হাত বুলাই দিছিল ।
হঠাৎ মূৰত বুলাই উৰ্মিলাৰ হাতখন ধৰি টান মাৰি জগদীশ বৰুৱাই উৰ্মিলাক বুকুত আঁকোৱালি ধৰিছিল ।
প্ৰায় অচেতন অৱস্থাত মানুহজনক পুৱতি নিশা হছপিতালত ভৰ্তি কৰোঁৱা হৈছিল । সেই বিভ্ৰান্ত নিশাটোৰ স্মৃতি তেওঁৰ মনত ৰৈ যোৱা নাছিল ।

সাংবাদিকে এইবাৰ অভীপ্সাক প্ৰশ্ন সোধাত লাগিল । উৰ্মিলাই আনন্দত সেমেকি উঠা চকুযুৰি আঁচলৰ কোণটোৰে মোহাৰি অন্য এফালে যাবলৈ ধৰোঁতে কোনোবাই ফুচফুচাই পতা কথা কাণত পৰিল ।

: বৰুৱা দম্পতিৰ কিন্তু মহানুভৱতাৰ সলাগ ল’বই লাগিব দেই, বনকৰা মানুহৰ ছোৱালীক নিজৰ কৰি প্ৰতিপালন কৰিছে । স্বাৱলম্বী কৰি তুলিছে ইয়াতকৈ অধিক কি লাগে ?

উৰ্মিলাই এটা প্ৰসন্ন হাঁহি মাৰি জীয়েকৰ ওচৰলৈ গ’ল ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *