দীপাঞ্জলী দাস
অৰুনা বেজবৰুৱাই সমুদ্ৰৰ বিশাল জলৰাশিৰ পৰা কিছু আঁতৰত বহি আছে,লগত হুইলচেয়াৰত বহি আছে তেখেতৰ অসুস্থ স্বামী।বাৰে বাৰে সন্মুখলৈ আহি ক্লান্ত হৈ নপৰা সাগৰৰ উত্তাল ঢৌবোৰ উপভোগ কৰি কাষতে বহি থকা ভাস্কৰ বেজবৰুৱাৰ ফালে চাই অৰুনাৰ দুচকু পানীৰে উপচি পৰিল। নিস্পাপ শিশুৰ দৰে এটাৰ পিছত এটাকৈ অহা সাগৰৰ ঢৌ বোৰ মাথো চাই আছে কিন্তু এটা শব্দও মুখেৰে উচ্চাৰণ কৰিব পৰা নাই। নিষ্ঠুৰ সময়ে কেতিয়া কাৰ জীৱনলৈ কি মূহুৰ্ত কঢ়িয়াই লৈ আহে সেয়া কোনেও কব নোৱাৰে! এখন নাৰ্চিংহোমৰ মালিক ড: ভাস্কৰ বেজবৰুৱাৰ পত্নী অৰুনাও সেইখন নাৰ্চিংহোমৰে গাইন’কলজিষ্ট। হেজাৰজন নিসন্তান দম্পতিৰ মুখত হাঁহি বিৰিঙাই তোলা বেজবৰুৱা পৰিয়াল কিন্তু নিসন্তান । বিয়াৰ তিনিবছৰ পিছতে কাশ্মীৰৰ পেহেলগামত ঘোঁৰাৰ ওপৰত উঠি ভ্ৰমনৰ আমোদ লোৱা সময়তে দুৰ্ভাগ্যবশতঃ এটা দুৰ্ঘটনাত পতিত হৈ ভাস্কৰ বহু বছৰলৈ পেৰেলাইচিচ হৈ বিচনাতে পৰি থাকিল আৰু সেই একেই দুৰ্ঘটনাতে অৰুনাই তলপেটত আঘাট প্ৰাপ্ত হৈ
ৰক্তক্ষৰন বন্ধ কৰিব নোৱাৰি ইউটেৰাচ ৰিমোভ কৰিব লগা হ’ল।অৰুনাই দুখী হৈছিল যদিও ভগবানক ধন্যবাদ জনাইছিল, সন্তান নাথাকিলেও দুয়ো দুয়োৰে কাষত টো আছে! সেয়াই যঠেষ্ট। দুৰ্ঘটনাৰ পিছত ভাস্কৰে বাকশক্তি হেৰুৱাই পেলাইছিল যদিও উন্নত চিকিৎসাৰ সহায়ত কিছুবছৰ পিছত হুইল চেয়াৰত বহি ঘৰৰ ওচৰতে থকা নাৰ্চিহোমৰ কামকাজ চাব পৰা হৈছিল, কথা কব নোৱাৰাৰ দুখটোৱে ভাস্কৰক ডিপ্ৰেচনলৈ ঠেলি দিছিল আৰু হঠাৎ কেতিয়াবা কান্দোনত ভাগি পৰিছিল। কলম কাগজত
লিখি লিখি কিছুদিন মনৰ কথা প্ৰকাশ কৰিছিল যদিও লাহে লাহে আঙুলিৰ নাৰ্ভবোৰ দুৰ্বল হোৱাত কলম ধৰিব নোৱাৰা হৈ পৰিছিল। অৰুনাই মাজে মাজে পুৰনি এলবাম বোৰ উলিয়াই ভাস্কৰক দেখুৱায়, এলবামৰ পুৰনি ছবিবোৰ চোৱাৰ পাছত কিজানি
ভগবানে ভাস্কৰৰ কিবা চমৎকাৰ দেখুৱায়েই, নাই অৰুনাৰ সকলো চেষ্টা ব্যৰ্থ হৈ যায়।কিছুদিন আগতে চেমিনাৰ এখনত ভাগ ল’বলৈ অৰুনাই উৰিষ্যালৈ আহিছে লগত ভাস্কৰকো লৈ আহিছে।
ভাস্কৰে প্ৰকাশ কৰিব নোৱৰিলেও অৰুনাক বুজি পায়, ‘তাই নিজেও হেৰোৱা নাই আৰু মোকো চোন হেৰাই যাবলৈ দিয়া নাই’ । সুখ বুলিবলৈ ইয়াতকৈ আমাৰ আছেইবা কি? নাৰ্চিংহোম দুখনত দুখীয়া নিচলাক এটকাও খৰচ নোহোৱাকৈ চিকিৎসা সেৱা আগবঢ়াই সুস্থ কৰি ঘৰলৈ পঠিওৱাৰ দায়িত্ব সামৰিয়েই সিহতে এৰি নিদিয়ে ,যাবতীয় ঔষধ পাতি পুষ্টিকৰ খাদ্যৰো যোগান ধৰে। এই সৰু সৰু সুখবোৰেই তেওলোকৰ দুজনৰ জীয়াই থকাৰ প্ৰেৰণা।
আজি দুজনেই আহি বঙ্গোপ সাগৰৰ উত্তাল ঢৌ বোৰ চাই চাই আবেগৰ চকুপানী মচি আছে।হঠাৎ অৰুনাৰ মোবাইল টো বাজি উঠাত তাই হাতত থকা ম’বাইল টো চাই প্ৰায় চিঞৰি উঠিল আৰে বন্দনা! সিহঁত দুজনৰে
বেষ্ট ফ্ৰেইন্দ বন্দনা হাজৰিকা,ততাতৈয়াকে ফোনটো ৰিচিভ কৰি সুধিলে আৰে আজি কিছুদিন ধৰি তোৰ খা খবৰ নাই, এটা ফোনো নাই আজি হঠাৎ কত আছ তই ?
মই উৰিষ্যালৈ আহিছো ছোৱালীৰ কাইলৈ ৰিং চেৰীমনি, অহা সপ্তাহত বিয়া।ল’ৰাটোৰ পৰিয়াল উৰিষ্যাত থাকে আৰু মোৰ ছোৱালীও ইয়াতেই চাকৰি পালে। আমি ছোৱালীক নিবলৈ আহিছিলোঁ কিন্তু ল’ৰাৰ ঘৰখনে এটা সৰু অনুষ্ঠান ইয়াতেই হওঁক বুলি অহাকালি সিহতৰ এংগেজমেন্ট পাৰ্টি ৰাখিছে,কাইলৈৰ ইহঁতৰ ৰিং চেৰিমনি, পৰহিলৈ আমি ইয়াৰ পৰা গুছি যাম।আচলতে মই তহতক বিয়াত মাতিবলৈ হে ফোন কৰিছোঁ জানইতো আজিকালি সকলোৰে বিজি লাইফ আৰু নিউক্লিয়াৰ ফেমিলি, ফোনেৰে নিমন্ত্ৰণ কৰা বাবে ক্ষমা বিচাৰিলোঁ।নহাকৈ নাথাকিব ভাস্কৰকো দেখা পাব লাগিব কিন্তু ! অৰুনাই ক’লে আমিও আচলতে উৰিষ্যাতে আছোঁ পৰহি উভটিম, অৰুনাৰ কথাখিনি শুনি বন্দনা চিঞৰি উঠিল আৰে …… তেনেহলে কালি তহতেও আহি যা পাৰ্টীলৈ মই ৱাটচআপত হোটেলৰ ঠিকনা দি আছোঁ,কাইলৈ কিন্তু তহতক দেখা পাব লাগিব।ফোনটো ডিচকানেক্ট হৈ যোৱাৰ পিছতো স্ক্ৰিন খনলৈ অৰুনাই বহুসময় চাই ৰল।এটা সময়ত বন্দনা আৰু ভাস্কৰ যোৰ হাতৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বেষ্ট চিংগাৰ আছিল,একেলগে গান গোৱা বাবে অৰুনাই ভাস্কৰক কম সন্দেহ কৰিছিল নে! কিন্তু বন্দনা আৰু ভাস্কৰ সচাকৈ ভাল বন্ধু আছিল আৰু আজিও আছে। সুখে দুখে তাই সদায় কাষত আহি থিয় দিয়ে। অস্তগামী সুৰুযৰ হেঙুলীয়া কিৰণ পৰি সাগৰৰ উত্তাল ঢৌ বোৰ লাহে লাহে হেঙুলীয়া হৈ আহিল।আবেগ,হতাশা,ক্ষোভবোৰ সমুদ্ৰৰ বুকুতে দলিয়াই দি এটা সময়ত সিহঁত সাগৰৰ পাৰৰ পৰা উভটি আহিবলৈ ওলাল। আকাশত পুৰ্নিমা ৰাতিৰ জোনটোৱে ভুমুকি মৰা দেখি অৰুনাৰ মনত পৰিল আজিৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা। যমুনাৰ পাৰত শ্ৰীকৃষ্ণৰ লগত গোপীসকলৰ ৰাসক্ৰীড়া।
‘শৰৎ কালৰ যাত্ৰা অতি বিতোপন।
বহবিধ পুস্পে বিকশিত বৃন্দাবন।
দেখি যোগমায়া বলে হৰিষে তহিত।
ৰাসক্ৰীড়া কৰিছে কৃষ্ণৰ ভাল চিত।…
মুখৰ ভিতৰতে ঘোষাফাকি আওৰাই অৰুনাই হুইল চেয়াৰত বহি থকা ভাস্কৰক বালিৰ ওপৰেৰে ঠেলি ঠেলি আনি গাড়ীখনত বহুৱাই দিলে।
হোটেলত সোমাই গোটেইখিনি কথা ভাস্কৰক ভালকৈ বুজাই দি পিছদিনা বন্দনাৰ ছোৱালীৰ এংগেজমেন্ট পাৰ্টিলৈ যোৱাৰ সিদ্ধান্ত ললে। সিদিনা পাৰ্টিত উপস্থিত হোৱাৰ পিছত আটায়ে কিবা নহয় কিবা পাৰফৰমেন্স কৰাৰ বাবে সাজু হোৱা দেখা পালে। কোনোবাই গান গাব কোনোবাই নাচিব, কোনোবাই শায়েৰী ক’ব, মুঠতে সকলোৱে নিজকে সজাই পৰাই ধুনীয়া হৈ আহিছে।
খুউব সুন্দৰকৈ নিজৰ নিজৰ কাৰ্য্যসুচী শেষ কৰাৰ পাছত বন্দনাৰ হ’ব লগা জোৱাই তন্ময় চেটাৰ্জীয়ে ঘোষনা কৰিলে শেষ অনুষ্ঠান বন্দনা বৰুৱাৰ এটা অসমীয়া ৰোমাণ্টিক গীত।আটায়ে হাতচাপৰি বজালে,বন্দনাই প্ৰস্তুত নাছিল যদিও
জোৱাৱেকৰ অনুৰোধত এটি পুৰনি গীত গাবলৈ মাইক্ৰোফোনটো হাতত লৈ আৰাম্ভ কৰিলে-
‘মোক এটি সূৰ কৰি তোলা
তোমাৰ প্ৰেমেৰে প্ৰেমেৰে,
মোক এটি হাঁহি কৰি দিয়া
তোমাৰ নিবিড় মায়াৰে।চুই দিয়া মোক ৰূপৰ কাঠিৰে,
চুই দিয়া মোক সোনৰ কাঠিৰে
তোমাৰ মায়াবী হাতেৰে।…
পিছৰ লাইনটো পাহৰি চৰী বুলি কৈ বন্দনাই ষ্টেজৰ পৰা নামি আহিব ধৰোতে পিছফালৰ পৰা হুইলচেয়াৰত বহি থকা ভাস্কৰে
সকলোকে আচৰিত কৰি থিয় হৈ ষ্টেজৰ ফালে এখোজ দুখোজকৈ আগবাঢ়ি যাব ধৰাত ওচৰতে বহি থকা অৰুনা আচৰিত হৈ পিচে পিচে গৈ থাকিল। এটা সময়ত ভাস্কৰে সকলোকে আচৰিত কৰি বন্দনাৰ হাতৰ পৰা মাইক্ৰ’ফন টো হাতত লৈ বন্দনাই পাহৰি যোৱা লাইনটো আৰাম্ভ কৰিলে-
‘অলকানন্দা আজি বৈ যায়
জীৱন মৰু ছায়াৰে…’
অৰুনাই ষ্টেজলৈ উঠি গৈ বন্দনাক সাবতি ধৰি হুকহুকাই কান্দি কান্দি ক’লে এয়া আজি তোৰ বাবেই চমৎকাৰ হ’ল বন্দনা, আজি ইমান বছৰে শিল হৈ যোৱা মানুহজনৰ মুখত কেনেকৈ এয়া হ’ল?
বন্দনাৰো দুচকু সেমেকি উঠিল।
(মুকং কৰোটি বাচ্ছালম পংগুম
লংঘয়তে গিৰিম।
যত- কৃপা তমহ বন্দে
পৰমআনন্দ মাধবম।।)
সচাকৈ, ভগবানৰ কৃপা দৃষ্টি হলে কথা কব নোৱাৰা বোবা মানুহ এজনৰ মুখতো মাত ওলায়, আৰু লেঙেৰা মানুহ এজনেও পাহাৰ
বগাব পাৰে । কেতিয়াবা ভগৱানৰ ওচৰত চিকিৎসাশাস্ত্ৰ ও হাৰ মানি যায় অৰুনা আজি ইমান ভাল দিন এটাত ভগবানে ভাস্কৰৰ সুন্দৰ কন্ঠ টো ঘুৰাই দিলে ইয়াতকৈ সুখ আৰু আমাক একোৱেই নালাগে।
কোঠাটোৰ সকলোৱে আচৰিত হ’ল ! কোনোবা কবি, সাহিত্যিকৰ ভাষাত কোৱা কথা ষাৰ যেন সচা প্ৰমানিত হ’ল,
শিলেও কথা কয়!….