(কুমাৰ ভৱেশ । নামেই যাৰ পৰিচয় । আজি তিনিটা দশক ধৰি অসমৰ সংগীত জগতত “আনতকৈ বেলেগ” ৰূপত নিজক উপস্থাপন কৰি অহা শিল্পীগৰাকীৰ ব্যতিক্ৰমী গীতবোৰে আজিও মোহাচ্ছন্ন কৰি আহিছে শ্ৰোতা দৰ্শকক । আহকচোন আজি শিল্পীগৰাকীৰ পৰা তেওঁৰ নিজৰ বিষয়ে জানিবলৈ যত্ন কৰো । যুগুতাই আগবঢ়াইছে– দীপলি হাজৰিকাই ।)
*চানী লিওনীৰ সৈতে কি সম্পৰ্ক কুমাৰ ভৱেশৰ ?
*কেকোঁৰা- পলু কিয় পোহে কুমাৰ ভৱেশে ?
*এই বয়সতো কিয় ইমান হেণ্ডচাম কুমাৰ ভৱেশ ?
প্ৰশ্নঃ নমস্কাৰ ভৱেশদা, প্ৰথমে ৰঙালী বিহুৰ ওলগ জনালো আপোনালৈ ।
উত্তৰঃ নমস্কাৰ । মোৰ ফালৰ পৰাও ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন থাকল আপোনালৈ তথা বিন্দুৰ পৰিয়াললৈ ।
প্ৰশ্ন: আপুনি কিমান বয়সৰ পৰা গানৰ সৈতে জড়িত হৈ পৰে ?
উত্তৰ : ১৮ বছৰ বয়সৰ পৰাই গানৰ লগত জড়িত।
প্ৰশ্ন : আপুনি অনুপ্ৰেৰণা কাৰ পৰা পাইছিল?
উত্তৰ – মোৰ মা-দেউতা, ভাইটি – ভন্টি আৰু বন্ধু বান্ধৱী সকলোৰে পৰা।
প্ৰশ্নঃ নাযাবা নাযাবা শীৰ্ষক গীতটোক আপুনি আপোনাৰ সংগীত জীৱনৰ টাৰ্নিং পইন্ট বুলি ভাবে নে ?
উত্তৰ : হয়, দেহাজানৰ পৰায়েই মই কেৱল অসমৰেই নহয় অসমৰ বাহিৰৰ শ্ৰোতাৰো মৰম পাবলৈ সক্ষম হৈছিলোঁ।
প্ৰশ্নঃ আপুনি সততে সময়োপযোগী গীত গাই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে । শেহতীয়াভাবে কোভিড লৈ, বানপানীকলৈ আৰু বনভোজকলৈ গোৱা গীতকেইটা চুপাৰ ডুপাৰ হিট হোৱা দেখা গৈছিল । এই ক্ষেত্ৰত আপোনাৰ নিজৰ প্ৰতিক্ৰিয়া কি ?
উত্তৰ: তেনে বিষেষ একো নাই । আগৰ কথাবোৰ বেলেগ আছিল আৰু কৰোনা সময়ৰ দুৰ্যোগৰ কথা আমাৰ সকলোৰে জ্ঞাত। সেই সময়ত বহু কষ্ট হৈছিল…. কোনোধৰণৰ অনুষ্ঠান হোৱা নাছিল, ষ্টুডিঅ বন্ধ সেয়ে গীত বাণীবদ্ধ হোৱা নাছিল সকলো সময়তে ঘৰত থাকিব লগা হৈছিল। তেতিয়া আমি বহু কষ্টৰে “বানপানী” “কৰুনা ভেকচিন” এই গীত কেইটা ঘৰতে থাকি, গাঁওতে ছুটিং কৰি , বহু কম খৰছত প্ৰস্তুত কৰি ওলিয়াইছিলো। মূখ্যত গাঁৱলীয়া জীৱনক লৈ সৃষ্টি কৰাৰ কাৰণে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা বুলি মই ভাবোঁ।
প্ৰশ্নঃ বৰ্তমান সময়লৈ আপোনাৰ বহুকেইটা গীত অতি জনপ্ৰিয় হৈছে । ইয়াৰ আঁৰৰ ৰহস্য কি ?
উত্তৰ: “বানপানী” আৰু বনভোজৰ “বগামাটি” গীত দুটিৰ কথা সন্মানীয় ৰাতুল দাস শৰণীয়াৰ, সংগীত মোৰ নিজৰ। কৰোনা ভেকচিন ক লৈ লিখা গীতটোৰ সংগীত আৰু কথা মোৰ। ভাল লাগিছে যে ৰাইজে মোৰ গীতকেইটা ইমান সুন্দৰভাবে আদৰি লৈছে। তাৰবাবে ধন্যবাদ সকলোকে।
প্ৰশ্নঃ আপোনাৰ মঞ্চৰ অনুষ্ঠানসমূহ আন সংগীত শিল্পীতকৈ ব্যতিক্ৰম । বহুতে আপোনাক মঞ্চৰ হিৰো বুলিও ক’ব খোজে । এয়া কেনেকৈ সম্ভৱ হৈছে বাৰু ?
উত্তৰ: মই কেতিয়াও নাভাবো নিজকে হিৰো বুলি । আচলতে মোৰ অনুষ্ঠান পৰিবেশন কৰাৰ ভংগিমা টো অলপ ব্যত্তিক্ৰম, মই কেতিয়াও মঞ্চত উঠি প্ৰথম গীতটো আৰম্ভ নকৰোঁ, মই তলৰ পৰায়েই গীত গাই গাই যাওঁ আৰু দ্বিতীয়তে মই কেতিয়াও চাই চাই গীত নাগাও । যিখিনি সময় মই অনুষ্ঠান পৰিবেশন কৰোঁ সেই সময় খিনি দৰ্শকৰ সহযোগত কথা – বতৰা পাতি, হাঁহি ধেমালি কৰি অনুষ্ঠান টো শেষ কৰোঁ।
প্ৰশ্নঃ এসময়ৰ চুপাৰষ্টাৰ জ্যেষ্ঠ শিল্পীসকলক নতুন প্ৰজন্মৰ শিল্পীসকলে সন্মান দিব নোখোজে বুলি এটা অভিযোগ আছে । আপুনি কি কয় ?
উত্তৰ: যি সকলে সন্মান নিদিয়ে এবাৰতে মই ভুল বুলি কম। প্ৰকৃততে তেওঁলোক সন্মানৰ যোগ্য। তেখেত সকলক আমি সদায় সন্মান দি যাব লাগে। তেখেত সকলৰ পৰা আমাৰ শিকিব লগীয়া বহুত আছে।
প্ৰশ্নঃ যদিহে সংগীতক আদৰি নললেহেঁতেন তেন্তে কি হ’লহেঁতেন আপুনি ?
উত্তৰ:তেতিয়া মই অভিনেতা হলোঁ হয়। সৰুৰে পৰাই মোৰ লক্ষ্য আছিল হয় অভিনেতা অথবা গায়ক হোৱাৰ।
প্ৰশ্নঃ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ? এইবাৰ বিহুত কিবা নতুন গান আছে নেকি ?
উত্তৰ: শেহতীয়াকৈ বগামাটি আৰু এটা গোৱালপৰীয়া গীত release হৈছে। বৰ্তমান একো পৰিকল্পনা নাই যিহেতু আমাৰ বিহুৰ অনুষ্ঠানৰ কাৰণে আখৰা চলি আছে এতিয়া।জুন মাহত ৪ টা নতুন গান আহি আছে।
প্ৰশ্নঃ আপুনি সততে সৰু সৰু খাটিখোৱা শ্ৰমজীৱি মানুহৰ বুকুৰ কথাবোৰ গানৰ মাজেৰে তুলি ধৰি আহিছে । আপোনাৰ জনপ্ৰিয়তাৰ কাৰণ সেয়াই নেকি ?
উত্তৰ: হ’ব পাৰে। মোৰ বেছিভাগ গানতেই শ্ৰমজীৱি মানুহৰ বুকুৰ কথাবোৰেই থাকে আৰু মোৰ ভাল লাগে এনে গান গায়। মোৰ আহিব লগীয়া নতুন গীত সমূহো গাঁৱলীয়া চহা মানুহৰ ওপৰতেই লিখা।
প্ৰশ্নঃ আপুনি বহু হিন্দীগীতো গাইছে । ভোজপুৰীও গাইছে অলেখ । সংযোগবোৰ কেনেকৈ হয় বাৰু ?
উত্তৰ: বহু বছৰ হল ভোজপুৰী গীত গোৱা। মোৰ গানৰ সুৰ অলপ বেলেগ ধৰণৰ…. বিহাৰ, পাটনা ৰ পৰা মোক যোগাযোগ কৰিছিল আৰু মই তাত গৈ বিভিন্ন কাম কৰিছিলোঁ। এতিয়াও যোগাযোগ চলি আছে, এতিয়া কাম কৰা পদ্ধতিও সহজ যিহেতু ইণ্টাৰনেটৰ যুগ। ইয়াতে বাণীবদ্ধ কৰি তেওঁলোকলৈ পঠাই দিলেই হৈ যাব।
প্ৰশ্নঃ আপুনী এটা ভোজপুৰী গীতত চানি লিওনীৰ কথা উল্লেখ কৰিছিল । মানুহে বু বু বা বা কৰে যে ব্যক্তিগতভাবে হেনো আপুনি তেওঁক লগ পাইছিল । কথাষাৰ কিমান সঁচা ?
উত্তৰ: নাই নাই মই ব্যক্তিগত ভাৱে লগ পোৱা নাই। মই কেৱল দিল্লীৰ যুৱক পৱন ৰাজে লিখা গীতটিত কণ্ঠদানহে কৰিছিলোঁ। এতিয়াও বিহাৰ, পাটনাত হোৱা বিভিন্ন সংগীতানুষ্ঠানত বিভিন্ন গায়কে এই গীতটো পৰিবেশন কৰে।
প্ৰশ্নঃ আপুনি আজিলৈ কিমান গীত গালে ?
উত্তৰ: তেনেকৈ মই হিচাপ কৰা নাই। আগৰ সময়ৰ কথাবোৰ বেলেগ আছিল, বছৰত ৪/৫ টা এলবাম থাকে যত এটাত ৮ টাকৈ গীত থাকে। কিন্তু বৰ্তমান সময়ৰ কথা একেবাৰেই বেলেগ । এতিয়া বছৰত ৩/৪ তা গান ইউটিউব ত আপলোড কৰা হয় তাৰ বাহিৰে আন কোনো উপায় নাই। এটা কথা ঠিক যে আজিৰ কণ্ঠশিল্পীতকৈ আমাৰ দিনৰ কণ্ঠশিল্পীৰ গানৰ পৰিমাণ বেছি আছিল।
প্ৰশ্নঃ উঠি অহা কণ্ঠশিল্পীসকলৰ গীতবোৰকলৈ আপুনি আশাবাদী নে ? তেওঁলোকক আপুনি কি পৰামৰ্শ দিব ?
উত্তৰ: বৰ্তমান বেছিভাগেই আনক অনুসৰণ কৰে। এতিয়াৰ গান বোৰ দূৰৰ পৰা শুনিলে এবাৰতে গায়কৰ নাম কবলৈ দিগদাৰ হয়। আগৰ গানবোৰ এবাৰতে কব পাৰি কোনে গাইছে বহু নিলগৰ পৰা শুনিলেও ।
এটাই অনুৰোধ নিজস্বতা বজাই আগবাঢ়িব লাগিব, আত্ম পৰিচয় দিব পাৰিব লাগিব। আনক আগত থৈ নিজৰ পৰিচয় দিব নালাগে।
প্ৰশ্নঃ এটা মুকলি প্ৰশ্ন– আপুনি মদ খায় নে ?শিল্পীবোৰে গান গোৱা সময়ত মদ খোৱাটো প্ৰয়োজন নে আভ্যাস ?
উত্তৰ: নিঃসংকোচে কৈছোঁ “খাওঁ”, কিন্তু এইটো মোৰ অভ্যাস নহয়। যিহেতু অব্যাহতভাবে মঞ্চত বিভিন্ন অনুষ্ঠান কৰি থকা যায়… টোপনি ক্ষতি হয় সেয়ে মই দুই পেক খাই গীত পৰিবেশন কৰোঁ, এইটো সকলোৰে জ্ঞাত। কিন্তু ষ্টুডিঅত কোনোদিনে মদ খাই প্ৰবেশ নকৰোঁ ।
প্ৰশ্নঃ অলপতে জুবিন গাৰ্গে- “গীত গাবলৈ মন নাই” বুলি মঞ্চৰ পৰা নামি গুছি গৈছিল । এই সম্পৰ্কে আপুনি কি ক’ব ? আপোনাৰ জীৱনত এনে ঘটনা হৈছে নে কেতিয়াবা ?
উত্তৰঃ মোৰ এতিয়ালৈ এনে হোৱা নাই। হয়তো জুবিনৰ গা বেয়া হ’ব পাৰে যিহেতু বহুত ব্যস্ত হৈ থাক, সেয়ে তেনেকৈ কলে। কেতিয়াবা মইও টেবলেট খাই গীত পৰিবেশন কৰোঁ য’ত কমিটীৰ মানুহে টেবলেট আনি দিয়ে।
প্ৰশ্নঃ আপুনি যে নিৰহংকাৰী আৰু সহজ সৰল মানুহ তাৰ প্ৰমান মন্টু আলীক নিজৰ ঘৰলৈ আদৰ সাদৰ কৰি মাতি নি আপ্যায়ন কৰা কাৰ্যই প্ৰতীয়মান কৰে । নিজে কি বুলি ভাবে ?
উত্তৰ: মোৰ দৃষ্টিত ধনী – দুখীয়া, জাতি – ধৰ্ম এনুকোৱা একো ভিন্নতা নাই। মই মানুহ বহুত বেছি ভাল পাওঁ আৰু মোৰ কাৰণে সকলো সমান, মই সকলোকে সন্মান দিওঁ।
প্ৰশ্নঃ আপুনি ৰন্ধা বঢ়া কৰা ভিডিও চ’ছিয়েল মিধিয়াত ভাইৰেল হৈছে । তেনে কৰি বৌক সহায় কৰি দিয়ে নে নিজে কৰি ভাল পায় বাবে কৰে ?
উত্তৰ: মই ৰন্ধা – বঢ়া কৰি খুবেই ভাল পাওঁ বিশেষকৈ গাঁৱলীয়া খাদ্য ৰান্ধি।
প্ৰশ্নঃ আপুনি কেকোঁৰা পোহে । কেকোঁৰাৰ প্ৰতি এই মৰম কেতিয়াৰ পৰা ?
উত্তৰ: মই কেঁকোৰা, পলু এই সকলোবোৰ পোহো । আচলতে মই স্বাস্থ্যোপযোগী খাদ্য খায় খুবেই ভাল পাওঁ।
প্ৰশ্নঃ আপুনি এই বয়সতো নিজক ইমান হেণ্ডচাম কৰি ৰাখিছে । বাকী পুৰুষসকলকো এই কিটিপটো শ্বেয়াৰ কৰিব নেকি ?
উত্তৰ: মই স্বাস্থ্যক লৈ সদায় সচেতন। সেয়ে সদায় ৰাতিপুৱা exercise কৰি দিনটোৰ আৰম্ভণি কৰোঁ। মই প্ৰায়েই বইল খাওঁ, বেছিকৈ সেউজীয়া শাক – পাচলি খাও।
প্ৰশ্নঃ আপোনাৰ পাৰিবাৰিক জীৱনৰ বিষয়ে কওকচোন ?
উত্তৰঃ পৰিয়াল বুলিবলৈ মই আৰু মোৰ পত্নী । আমাৰ এজনী মাইনা । তাই চানভি । আৰু মা ।
প্ৰশ্নঃ ধন্যবাদ । ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিলে আপুনি ।
উত্তৰঃ মোৰ ফালৰ পৰাও ধন্যবাদ থাকিল ।
বিন্দুৰ হৈ সাক্ষাৎগ্ৰহণ কৰিলে দীপলি হাজৰিকাই ।