এই মাহৰ অতিথি যুৱ কবি ৰঞ্জিত পাটগিৰি

এই মাহৰ অতিথি যুৱ কবি ৰঞ্জিত পাটগিৰি

 

(অসমৰ কবিতাৰ পথাৰত নিজস্ব শৈলীৰে আত্মপ্ৰকাশ কৰা কবিসকলৰ ভিতৰত অন্যতম এগৰাকী কবি হৈছে ৰঞ্জিত পাটগিৰি । সকলো স্তৰৰে পাঠকৰ অন্তৰ স্পৰ্শ কৰিব পৰা আকৰ্ষণীয় শব্দচয়নেৰে তেওঁৰ কবিতা সমৃদ্ধ । তেওঁৰ কবিতা পঢ়ি অনুভৱৰ সাগৰত নুডুবি উপাই নাই । আহকচোন, আজি তেওঁৰ কিছু মনৰ কথা জানিবলৈ যত্ন কৰো । তেওঁৰ সৈতে বিন্দুৰ হৈ কথা পাতিছে বিন্দুৰ সম্পাদনা সহযোগী দীপ্তি দেৱী কোৱৰে ।)

 

প্ৰশ্নঃ আপোনাৰ দৃষ্টিত “কবিতা” কি ? কবি, কবিতা আৰু সামাজিক দায়বদ্ধতা– এই তিনিওটাৰে যোগসূত্ৰ আপুনি কেনেদৰে অনুভৱ কৰে ?

® কবিতা কি বুলি সুধিলে বিভিন্নজনে বিভিন্নভাৱে ক’ব।কবি-পাঠক-সমালোচক ভেদে এই সংজ্ঞা ভিন্ন। কিন্তু ব্যক্তিগতভাৱে কবিতা সম্পৰ্কে মোৰ ধাৰণা সুকীয়া। কবিতা মোৰ বাবে মন-মগজুৰ চিন্তাৰ কিছু বহি:প্ৰকাশ। সাধাৰণতে যিবোৰ কথাই মোৰ অন্তৰত বাৰুকৈয়ে খুন্দিয়াই পৰবৰ্তী সময়ত সেইবোৰেই কবিতা হৈ ধৰা দিয়ে। কিন্তু তেনে সকলো কথাই স্বাভাৱিকতে কবিতা হ’বই নোৱাৰে। সেই বিশেষ চিন্তাক ব্যক্তিগতৰ পৰা সামাজিকতালৈ উত্তৰণ ঘটাব লাগিব, লগতে থাকিব লাগিব বিশেষ বাৰ্তা। প্ৰতিগৰাকী কবিৰে সামাজিক দায়বদ্ধতা থকাটো উচিত। কিন্তু এনে বহু কবি আছে,যিসকলৰ লিখনিৰ লগত কথা-কামৰ কোনো সামঞ্জস্য নাথাকে। এইয়া কবি সত্তাৰে সীমাবদ্ধতা ৰ পৰিচয়।

প্ৰশ্নঃ
সৰ্ব ভাৰতীয় পৰ্যায়ত অসমীয়া কবিতাই জ্ঞানপীঠ পৰ্যায়ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে । বিশ্ব প্ৰেক্ষাপটত অসমীয়া কবিতাৰ মান সম্পৰ্কে আপোনাৰ অভিমত কি ?

®অসমীয়া কাব্য ক্ষেত্ৰ পূৰ্বৰ পৰাই চহকী। কিন্তু বিশ্ব প্ৰেক্ষাপটত অসমীয়া কবিতাৰ মান নিৰূপন কৰিবলৈ হ’লে অনুবাদৰ কথাটো প্ৰথমেই আহি পৰে। অন্য ভাষাৰ মানুহে অসমীয়া কবিতা পঢ়িবলৈ অনুবাদৰ গত্যন্তৰ নাই। অনুবাদৰ জৰিয়তে অসমীয়া কবিতাক বিশ্বৰ অন্য ভাষাৰ পাঠকৰ সৈতে চিনাকি কৰি দিয়াত অধিক গুৰুত্ব দিব লাগিব।

প্ৰশ্নঃ
যোৱা ১৯ জানুৱাৰীত আমাৰ মাজৰ পৰা আঁতৰি গ’ল কাব্যঋষি নীলমনি ফুকন ! এই বিয়োগক এগৰাকী উত্তৰসূৰী হিচাপে আপুনি কেনেদৰে গ্ৰহণ কৰিছে ?

®কাব্যঋষি নীলমণি ফুকন আছিল সমগ্ৰ দেশৰে কবি। জ্ঞানপীঠ বিজয়ী কবি গৰাকীৰ মহাপ্ৰয়ান মানেই সাহিত্য ক্ষেত্ৰৰ অপুৰণীয় ক্ষতি। আমি ভাগ্যৱান যে,এনে এগৰাকী মহান কবিৰ আশীৰ্বাদ লাভ কৰিবলৈ সামৰ্থ হৈছিলোঁ।

প্ৰশ্নঃ
সামাজিক মাধ্যম অহাৰ পৰা নতুন প্ৰজন্মৰ কবি এচাম তোষামোদৰ বলি হৈছে– আপুনি একমত নে ?

®সামাজিক মাধ্যমে কবিতাক অধিক জনমুখী কৰিছে। বিশেষকৈ ফেচবুকত সাহিত্যৰ অন্য দিশতকৈ কবিতাৰ চৰ্চা বেছি হয়। কাব্য সাহিত্যৰ বাবে নিশ্চিতভাৱে এইয়া অতিকৈ ভাল খবৰ। কিন্তু তোষামোদ সকলো ক্ষেত্ৰতে ক্ষতিকাৰক। হকে বিহকে প্ৰশংসাৰে উপচাই দিয়াতকৈ ভালৰ লগতে বেয়াখিনিও দেখুৱাই দিয়াটোহে প্ৰতিগৰাকী সচেতন পাঠকৰ দায়িত্ব হোৱা উচিত।

 

প্ৰশ্নঃ কোৱা হয় অসমীয়া কবিতাৰ অনুষ্ঠানত কবিসকলেই আনৰ কবিতা শুনাৰ ধৈৰ্য নাৰাখে । কিন্তু একে সময়তে হিন্দী বলয়ৰ কবিতাৰ অনুষ্ঠানবোৰলৈ যদি চাও তেন্তে দেখো কুমাৰ বিশ্বাসৰ দৰে কবিৰ কবিতা শুনিবলৈ লাখৰ হিচাপত শ্ৰোতাৰ আগমন হয় । ঘটনাটো কি ?

®ধৈৰ্যৰ অভাৱ। তদুপৰি আমাৰ বহুতে নিজে বহুত ভাল লিখি থকা বুলি আত্মমগ্ন হৈ থাকে। যাৰ বাবে নিজৰ কবিতা পাঠ কৰাৰ পাছতে উঠি যায়।আনৰ কবিতা শুনাতকৈ অনুষ্ঠানৰ পৰা অলপ আঁতৰি গৈ এমুঠি মন মচন্দৰ মানুহৰ লগত কথাৰ মচগুল মৰাত ব্যস্ত থাকি বহুতে ভিতৰি অনাৰ্থক আনন্দ অনুভৱ কৰে।

প্ৰশ্নঃ
‘অধুনিক কবিতা সৰ্বসাধাৰণৰ বাবে নহয়, বৰঞ্চ ই এচাম বিশেষ শ্ৰেণীৰ লোকৰহে বিষয় ।’ -এই ক্ষেত্ৰত আপোনাৰ কিবা দ্বিমত আছে নেকি ?

®আমাৰ চামৰে বহুতে জোৰ কৰি ইচ্ছাকৃত ভাবে খুব জটিল ভাবে লিখিবলৈ অহৰহ চেষ্টা চলাই থকা দেখা যায়। জটিলকৈ লিখা মানেই তেওঁলোকে লিখা বুলি ভাবে। যাৰ বাবে কবিতাৰ পৰা সাধাৰণ পাঠক আঁতৰি যাবলৈ বাধ্য হয়। জটিল বিষয়ক অতি সাধাৰণ ভাবে কবিতাৰ জৰিয়তে কব পৰাটোহে ডাঙৰ কথা। কবিতা হ’ব লাগে সকলোৱে বুজি পোৱা ধৰণৰ। কবিয়ে মনত ৰখা দৰকাৰ, কবিতা সমালোচকৰ বাবে নহয়,কবিতা পাঠকৰ বাবেহে।কবি সদায় আগে আগে,সমালোচক কবিৰ পাছতহে।

প্ৰশ্নঃ
আপুনি কেতিয়াৰ পৰা কবিতা লিখিবলৈ লয় ? কবিতাৰ দৰে বিষয় এটাৰ প্ৰতি কেনেদৰে আগ্ৰহ জন্মিছিল ?

®নজনাকৈয়ে কবিতাৰ প্ৰেমত পৰিছিলো। স্কুলীয়া দিনত পঢ়ি থাকোতে মোৰ প্ৰথম কবিতাটো সাদিনত প্ৰকাশ পাইছিল। কবি হম বুলি কোনোদিন লিখা নাই। আনক কব নোৱাৰা কথাবোৰকে কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ সদায় চেষ্টা কৰি আহিছো।

প্ৰশ্নঃ
আপোনাৰ প্ৰতিটো কবিতাই এক গীতিময় ছন্দৰ লয়লাস প্ৰকাশ । প্ৰতিটো কবিতা পঢ়ি উঠাৰ পিছত অবুজ আমেজ এটাই বাস্তৱৰ পৰা মনক বেছ কিছুসময় অন্যমনস্ক কৰি ৰাখে । আপুনি নিজে এনে আমেজ অন্য কোন কবিৰ কবিতা পঢ়ি অনুভৱ কৰে বাৰু ?

®মোৰ অতিকৈ প্রিয় কবি হীৰেন ভট্টাচাৰ্য। হীৰুদাৰ কবিতাৰ চমকপ্ৰদ প্ৰকাশে প্ৰতিবাৰেই মোক এক বুজাব নোৱাৰা ধৰণৰ আনন্দ দিয়ে। নীলিম কুমাৰে কবিতাত সৃষ্টি কৰা চমকেও মোক আকৰ্ষণ কৰে।

প্ৰশ্নঃ
আপুনি ইতিমধ্যে চাৰিখনকৈ কাব্যসংকলন প্ৰকাশ কৰিলে । চাৰিওখনেই অসমীয়া কাব্যজগতৰ বাবে উল্লেখযোগ্য অৱদান । আপুনি নিজে কি অনুভৱ কৰে ?

®এতিয়ালৈকে মোৰ চাৰিখন কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰে প্ৰথমখন কাব্যপুথি ‘ন কৈ বিয়া হোৱা ছোৱালীজনী’য়ে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। কিন্তু পৰৱৰ্তী ‘বিষাদৰ নাও’, ‘প্রিয় বৰ্ণ’ আৰু শেহতীয়া ‘ছেফটিপিন’ কাব্যসংকলন যথেষ্ট সংখক পাঠকে পঢ়িছে। পঢ়ি ভাল লগা বুলিও বহুতে কৈছে। পাঠকৰ এনে মৰম আৰু সমৰ্থনে মোক লিখিবলৈ অধিক উৎসাহিত কৰে। পাঠকে বিচাৰালৈ লিখি থাকিম।

প্ৰশ্নঃ আপোনাৰ শেহতীয়া কাব্যসংকলন “চেফটিপিন”ৰ বিষয়ে কওকচোন ! সংকলনখনিৰ প্ৰতি পাঠকৰ সহাৰি কেনে ?

®যোৱা প্ৰায় এটা দশকত লিখা অৰ্ধশতাধিক কবিতা ছেফটিপিনত সন্নিৱিষ্ট হৈছে। সংকলনখনত সন্নিৱিষ্ট অধিকাংশ কবিতাই প্ৰেমৰ। একপ্ৰকাৰ এই খন মোৰ প্ৰেমৰ কবিতাৰ একত্ৰ সংকলন। গুৱাহাটীত শেহতীয়াভাবে অনুষ্ঠিত গ্ৰন্থমেলাত এই গ্ৰন্থখন উন্মোচন হৈছিল। চিনাকি-অচিনাকি বহু লোকে কিতাপখন কিনিছে। বহুতে ইতিমধ্যে পঢ়ি ভাল লগা বুলি মোক ফোনযোগেও কৈছে। সকলো সুহৃদ পাঠকৰ ওচৰত মই চিৰকৃতজ্ঞ।

প্ৰশ্নঃ
কবিতা লিখাৰ প্ৰতি আগ্ৰহ অনুভৱ কৰি নতুনকৈ কলম তুলি লোৱাসকলৰ প্ৰতি আপোনাৰ কবলগীয়া কি থাকিব ?

®যোৱা এটা দশকতকৈ বেছি সময় ধৰি কবিতাৰ সৈতে অতি ওত:প্ৰত:ভাবে জড়িত হৈ আছোঁ। আমাৰ পাছত বহুতে নতুনকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছে। বহু নতুন কবিয়ে ভাল ভাল কবিতা লিখি আছে। যিমানে কবিতা পঢ়া যায় সিমানে কবিতা লিখিব পাৰি।নবীন কবিসকলে অসমীয়াৰ লগতে আন আন ভাষাৰো কবিতা পঢ়ক।

প্ৰশ্নঃ শেষত এটি বিশেষ প্ৰশ্ন ।আপোনাৰ কবিতাকলৈ আপুনি আশাবাদী নে ?

®পাঠকে ভাল পোৱা ধৰণে মই সদায় লিখিবলৈ যত্ন কৰি আহিছো। কিন্তু ইয়াতকৈ আৰু ভাল লিখিবলৈ চেষ্টা কৰি আছো।

 এইখিনি সময় দিয়া বাবে আপোনাক অশেষ ধন্যবাদ ।

ধন্যবাদ ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *