এগৰাকী ভাৰতীয়ৰ গৌৰময় যাত্ৰা
✍️ ৰাতুল দাস শৰণীয়া
(IT sector ত আজি ভাৰত বহু আগুৱাই গৈছে । বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ প্ৰায়ভাগ মূখ্য কাৰ্যবাহী বিষয়া (CEO) আজি ভাৰতৰ বা ভাৰতীয় মূলৰ । এই সখ্যাত আগবঢ়োৱা হৈছে Youtube ৰ মূখ্য কাৰ্যবাহী বিষয়া নীল মোহন সম্পৰ্কে ।)
যিসকলৰ ইউটিউব চেনেল আছে তেওঁলোকে জানে, ইউটিউবৰ পৰা যিবোৰ মেইল আহিছিল তাৰ তলত মেইল প্ৰেৰক হিচাপে নাম আছিল Susan Woscicki ৰ । সেয়া আছিল ১৬ ফেব্ৰুৱাৰী ২০২৩ ৰ আগৰ কথা । কিন্তু এতিয়া কাৰ নাম আহে চাইছেনে ? তেওঁ হৈছে নীল মোহন । এগৰাকী ভাৰত মাতাৰ সুযোগ্য সন্তান । আমাৰ গৌৰৱ ।
নীল মোহনে ইউটিউবৰ চতুৰ্থ তথা বৰ্তমানৰ CEO হিচাপে যোগদান কৰে যোৱা ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখে । ১৯৭৩ চনত এটা তামিল হিন্দু পৰিয়ালত নীল মোহনৰ জন্ম হয় । সেন্ট ফ্ৰান্সিছ কলেজত পঢ়ি থাকোতে তেওঁ যিকেইটা দিন ভাৰতত কটাইছিল তাৰ আগত তেওঁ আমেৰিকাৰ মিছিগান আৰু ফ্লোৰিডাত ডাঙৰ দীঘল হৈছিল । ভাৰতত ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লাভ কৰাৰ পিছত কলেজীয়া শিক্ষা শেষ কৰি ১৯৯০ চনৰ আগতে তেওঁ পুনৰ আমেৰিকালৈ গুচি যায় আৰু ইউটিউবৰ সৈতে জড়িত হোৱালৈ তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে ।
স্নাতক ডিগ্ৰী লাভৰ পিছত নীল মোহনে Accenture ত কাম কৰিবলৈ লয় । স্বত্বাধিকাৰী আছিল Auther Andersen. ইয়াৰ পিছত Net Gravity নামৰ Startup প্ৰতিষ্ঠান এটাত যোগদান কৰে । প্ৰতিষ্ঠানটিৰ পৰিচালনাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সকলোৰে আস্থাভাজন হৈ পৰে নীল মোহন ।
১৯৯৭ চনত Net Gravity নামৰ প্ৰতিষ্ঠানটো Double Click ৰ হাতলৈ যায় । নীল মোহনে কেলিফ’ৰ্ণিয়াৰ পৰা নিউয়ৰ্ক স্থিত প্ৰতিষ্ঠানটিৰ মূক্য কাৰ্যালয়লৈ গুচি যায় । কিছু দিনৰ ভিতৰতে তাতো নীল মোহনে নিজৰ দক্ষতা প্ৰতিপন্ন কৰি সকলোৰে ভৰসাৰ পাত্ৰ হৈ পৰে আৰু ব্যৱসায় পৰিচালনাৰ উপাধ্যক্ষ পদ লাভ কৰিবলৈ সক্ষম হয় ।
২০০৩ চনত MBA কৰাৰ বাবে ষ্টেন্দফোৰ্ডলৈ উভতি আহে । এই ষ্টেন্দফ’ৰ্ডত থকা কালতে Doubleclick ৰ এক গুৰুতৰ সমস্যা হয় । প্ৰতিষ্ঠানটো Abacus Direct এ অধিগ্ৰহণ কৰাকলৈ জটিল পৰিস্থিতিৰ সৃষ্টি হ’য় ।
হেলমেন (Hellman) আৰু ফ্ৰীডমেন (Friedman) ৰ দ্বাৰা এই অধিগ্ৰহণত বাধা প্ৰদান কৰা হৈছিল আৰু ইয়াৰ পৰা তেওঁলোকে Abacus Direct ক পৃথক কৰি দিয়ে । হেলমেন আৰু ফ্ৰীডমেনে অনুৰোধ কৰে যে কম্পেনীৰ বিভাজনলৈ দৃষ্টি ৰাখি দীৰ্ঘদিন কাৰ্যবাহীৰ পদত থকা ডেভিদ ৰোচেনব্লেট (David Rosenblatt) Doubleclick ৰ CEO হ’ব লাগে । ৰোচেনব্লেটে এই প্ৰস্তাৱ স্বীকাৰ কৰি লয় আৰু ইতিমধ্যে MBA কৰি উঠা নীল মোহনকো জড়িত কৰি লয় । নীল মোহনে চৰ্ত আৰোপ কৰে যে তেওঁ কেলিফৰ্ণিয়াতে থাকিব । তেওঁৰ এই চৰ্ত মঞ্জুৰ হয় ।
নীলমোহন আৰু ৰোচেনব্লেটে মিলি Doubleclick ক বিজ্ঞাপন বিনিময়, মূখ্য বিজ্ঞাপন প্ৰায়োগীকি আৰু এক ব্যাপক বিজ্ঞাপন নেটৱৰ্ক আধাৰিত কম্পেনীৰ দিশে আগবঢ়াই নিবলৈ ফলপ্ৰসু পৰিকল্পনা যুগুত কৰি লয় ।
২০০৭ চনৰ ১৩ এপ্ৰিলত Doubleclick ৩.১ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত Google ৰ হাতলৈ যায় । Google ৰ কাৰ্যবাহী Susan Wojcicki য়ে এই হস্তান্তৰ প্ৰক্ৰিয়াত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । Yuotube লৈ যোৱাৰ আগত নীল মোহনে Google ত Senior vice president of display আৰু বিজ্ঞাপন সচিব হিচাপে কৰ্মৰত আছিল ।
২০১৫ চনত নীল মোহন ইউটিউবত মূখ্য উৎপাদ অধিকাৰী (Chief Product Officer) হিচাপে যোগদান কৰে । ২০১০ ৰ পৰা ২০২০ ৰ ভিতৰত তেওঁ ইউটিউব সংগীত, ইউটিউব টিভি, ইউটিউব প্ৰিমিয়াম, ইউটিউব চৰ্টচ্ আৰু YoutubeNFTs কে ধৰি অন্যান্য বহু ব্যৱস্থা সংযোগ কৰে । আৰু এইদৰেই ১৬ ফেব্ৰুৱাৰী (২০২৩) দিনা তেওঁ Susan Wojcicki ৰ ঠাইত ইউটিউবৰ CEO ৰ পদত অধিষ্ঠিত হয় । উল্লেখ্য যে নীল মোহনে Microsoft তো কাম কৰাৰ উপৰি বৰ্তমান Stitech Fix আৰু 23andMe ৰ বোৰ্ডৰ কামো চোৱা চিতা কৰে ।
Doubleclick ত থাকোতেই নীলমোহন বিবাহ পাশত আবদ্ধ হয় হেমা চৰিন মোহনৰ সৈতে যিয়ে দুটাকৈ দশক ধৰি Non profit আৰু Public welfare sector ত কাম কৰি আহিছে ।
এগৰাকী ভাৰতীয়ৰ এই কৃতিত্বত আমি সকলোৱে প্ৰেৰণাৰ উৎস হিচাপে গ্ৰহণ কৰো আহক ।