এই সংখ্যাৰ অতিথি ৰুমী কলিতা দত্ত

এই সংখ্যাৰ অতিথি  ৰুমী কলিতা দত্ত

কবিতা হৈছে মানুহৰ মনৰ স্বতঃস্ফুৰ্ত প্ৰকাশ

 

সাক্ষাৎগ্ৰহণ-পুতুমা মহন্ত শৰণীয়া

বিন্দুঃ বাইদেউ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ । প্ৰথমে আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো । কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল ?
উঃ- মই সৰুৰে পৰা সাহিত্য চৰ্চা কৰি বৰ ভাল পাইছিলোঁ । কেতিয়াবা দুই-এটা লিখিছিলোঁ যদিও এই লিখা বিলাক বহীৰ ভাঁজতে আছিল । কোনোৱে আমাক গুৰত্ব নিদিছিল । সৰুতেই মাক হেৰুৱাই দিশহাৰা হৈ পৰিছিলোঁ । এসময়ত বিবাহিত জীৱনত মই বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ ল’লোঁ । এই নিসংগতাবোৰক খেদিবলৈকে মই হাতত কলম তুলি লৈছিলোঁ আৰু পিছত লাহে লাহে কাকত-আলোচনীলৈ পঠিয়াবলৈ ধৰিলোঁ ।

বিন্দুঃ এতিয়ালৈকে আপুনি কিমানখন গ্ৰন্থ ৰচনা কৰিলে ?
উঃ- ৪ খন কাব্যগ্ৰন্থ ক্ৰমে ,”হৃদয়ৰ আধালিখা দস্তাৱেজ’,”কেন্দুঘাটৰ ৰেঙণি”, দিহিংপৰীয়া বনফুল” আৰু অনুভৱৰ আছুতীয়া ৰং”।

বিন্দুঃ সাহিত্য চৰ্চাৰ উপৰি আন কি কামত জড়িত আপুনি ? অলপ বহলাই কওকচোন ।

উঃ-মই এগৰাকী গৃহিণী ,ঘৰৰ সমষ্ট কাম মোৰ ওপৰতে পৰে,মই বোৱা-কটা,চিলাই কৰা, মোৰ ফুলনিৰ ফুলবিলাকৰ যত্ন লৈ বৰ ভাল পাওঁ । আমি যিহেতু কৃষিজীৱি পৰিয়াল সেয়ে ১২ মাহেই কৃষিৰ সৈতে জড়িত হৈ থাকি লগতে পশুপালনো কৰিছোঁ । তাৰোপৰি সমাজৰ কাম-কাজতো থমকি নৰওঁ ।বৰ্তমান “কৃষ্ণচূড়া আত্মসহায়ক গোট”ৰ সম্পাদিকা,”ধৰিত্ৰী উৎপাদক গোট”ৰ কোষাধ্যক্ষ,আৰু ”গাওঁৰক্ষী বাহিনী””ৰ সম্পাদিকাৰ পৰা এতিয়া সদস্যা হৈ দায়িত্ব পালন কৰিছোঁ । ফেচবুকতো কেইবাটাও গোটৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছোঁ ।

বিন্দুঃ কৃষক পৰিয়ালৰ সৈতে জড়িত গৃহিণী হিচাপে আপুনি কেনেদৰে সহযোগিতা আগবঢ়াই আহিছে ?
উঃ- গৃহিণী এগৰাকীৰ কাম ঘৰখনত দিনটো কৰি থাকিলেও শেষ নহয়,সন্তানৰ দায়িত্ব পালন উপৰিও মহিলাগৰাকীয়ে ঘৰৰ প্ৰতিজন মানুহকে আদৰ-যত্ন ল’ব লগা হয় । মই পুৱা সোনকালে উঠি ঘৰ-চোতাল চাফ-চিকুণ কৰোঁ ।তাৰপিছত সকলোৰে বাবে খোৱাৰ যোগাৰ কৰি নিজ নিজ কৰ্মলৈ মানুহবিলাকক আজৰি কৰি দিওঁ। আগবেলাতেই ভিতৰৰ-বাহিৰৰ কাম সমাধা কৰি পিছবেলা খেতি-পথাৰত ব্যস্ত হৈ পৰোঁ আৰু তাৰ মাজতেই পশুবিলাকৰো যত্ন ল”ব লগা হয় । নৱেম্বৰ-ডিচেম্বৰ মাহত আমি প্ৰায়েই ৰাতি ১২/১ বজালৈও পথাৰত কাম কৰি থাকোঁ।

বিন্দুঃ কৃষকসকলৰ বাবে বানপানী এটা ডাঙৰ সমস্যা । এই সমস্যা সমাধানৰ বাবে আপোনাৰ পৰামৰ্শ কি থাকিব ?
উঃ–হয় ,বানপানীৰ সমস্যা সমাধান কৰিবলৈ হ’লে খৰালিয়েই মথাউৰি বিলাকৰ মেৰামতি কৰিব লাগিব । নদ-নদী বুকু খনন কৰি গভীৰ কৰি তুলিব লাগিব তাৰোপৰি দ-পিটনি বিলাক খান্দি গভীৰতা বৃদ্ধি কৰিব লাগিব ।

বিন্দুঃ আপোনাৰ দৃষ্টিত কবিতানো কি সেয়া জানিব বিচাৰো ।

উঃ- কবিতা হৈছে মানুহৰ মনৰ স্বতঃস্ফুৰ্ত প্ৰকাশ ,মানৱৰ বৈচিত্ৰময় জীৱনৰ জটিল সৃষ্টি । মানুহৰ মনৰ ছন্দোবদ্ধ প্ৰকাশ বুলি ভৱা হয় । কবিতা সুন্দৰ চিত্ৰকল্পৰে হৃদয়ৰ অনুভূতি ।

বিন্দুঃ বৰ্তমান কাব্যজগতকলৈ আপুনি সন্তুষ্টনে?
উঃ–নহয় ।

বিন্দুঃ আধুনিক কবিতা কেনে হ’ব লাগে বুলি আপুনি ভাৱে? এটা সাৰ্থক কবিতা লিখিবলৈ এজন কবিয়ে কিদৰে অনুশীলন কৰিব লাগে? 

উঃ-নতুন যুগৰ চিন্তা চেতনা যি সাহিত্যত প্ৰতিবিম্বিত হ’য় সেয়াই আধুনিক কবিতা বুলি ভাবো । আধুনিকতাৰ বিচাৰ কৰাটো ইমান সহজ নহয় । এজন লেখকৰ মনৰ অনুভূতি আৰু কবিতা এজন পাঠকৰ মনত যেতিয়া নতুন চেতনাৰে অনুভূতিৰ আদান-প্ৰদান হয় তেতিয়াই আধুনিকতাই স্মীকৃতি পায় । এটা সাৰ্থক কবিতা
লিখিবলৈ হ’লে কবিতা সম্পৰ্কীয় গ্ৰন্থবোৰ পঢ়ি সুন্দৰ চিত্ৰকল্পৰে কম শব্দৰে কথিত আৰু ঘৰুৱা শব্দৰে প্ৰয়োগ কৰি নাটকীয় ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিব লাগে ।

বিন্দুঃ বৰ্তমান সময়ত কবি আৰু কবিতাৰ সঠিক মূল্যাংকন হৈছে বুলি আপুনি ভাৱেনে?
উঃ-নাভাবোঁ

বিন্দুঃ আপুনি বৰ্তমান একাধিক কবিতাৰ সংকলন প্ৰকাশ কৰিছে। সংকলনকেইখনৰ বিষয়ে কওকচোন । সংকলনকেইখনকলৈ আপুনি সন্তুষ্টনে ?
উঃ– নৱেম্বৰ ২০২০ চনত প্ৰকাশ হয় মোৰ জীৱনৰ প্ৰথম গ্ৰন্থ–”হৃদয়ৰ আধালিখা দস্তাৱেজ “। জীৱনৰ দুখ-যন্ত্ৰণাৰে সানমিলনি কিছু অনুভৱ প্ৰকাশ হয় । অক্টোবৰ ২০২১ ত প্ৰকাশ হয় –“কেন্দুঘাটৰ ৰেঙণি” ।মোৰ গাঁৱৰ নাম কেন্দুগুৰি এখন একেবাৰে পিছপৰা গাওঁ । মই এই গাঁৱৰ নামেৰেই নামাকৰণ কৰিলোঁ””কেন্দুঘাটৰ ৰেঙণি “। তৃতীয় আৰু চতুৰ্থ দুয়োখনেই প্ৰকাশ হয় ডিচেম্বৰ ২০২২ ত। আটাইকেইখন গ্ৰন্থ মাজুলিৰ মণিকাঞ্চন প্ৰকাশনতেই দিয়া হৈছিল । অৱশ্যে প্ৰথম গ্ৰন্থ দুখন মোৰ মনপুত নহ’ল । তৃতীয়খন নাম–দিহিংপৰীয়া বনফুল । মই দিহিংপাৰৰ জীয়াৰী আৰু বোৱাৰীও । মোক মোৰ বৰদেউতাই নাম দিছিল বনফুল । সেয়ে নামাকৰণ হ’ল “দিহিংপৰীয়া বনফুল” আৰু চতুৰ্থখন–“অনুভৱৰ আছুতীয়া ৰং” বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে মই অনুভৱবোৰ বুটলি সাঁচি ৰাখিছিলোঁ গুপুতে । সেয়ে এইখনৰ নাম–“অনুভৱৰ আছুতীয়া ৰং ।

বিন্দুঃ কবিতাৰ উপৰি অপুনি অন্য ৰচনা লিখিছেনে ? সেই বিষয়ে কওকচোন ।
উঃ- হয় , কবিতাৰ উপৰিও চুটিগল্প,অণুগল্প,লিমাৰিক,প্ৰৱন্ধ কিছু লিখিবলৈ চেষ্টা নকৰা নহয় কৰি আছোঁ। মই শুদ্ধকৈ লিখিছোঁ বুলিও ক’বলৈও নাযাওঁ । এইবিষয়ে পাঠক সমাজে বিচাৰ কৰিব ।

বিন্দুঃ আপোনাৰ প্ৰিয় কবি আৰু গল্পকাৰ কোন?
উঃ- প্ৰিয়কবি বুলি ক’বলৈ গ’লে বহুতো আছে তাৰ ভিতৰত ‘অতিন্দ্ৰীয় কবি” নলিনীবালা দেৱী আৰু “বিহগী কবি” ৰঘূনাথ চৌধাৰী । প্ৰিয় সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ।

বিন্দুঃ নতুনকৈ কলম হাতত লোৱা কবিসকলক আপুনি কি ক’ব?
উঃ-তেওঁলোকে উচ্চশিক্ষাৰে শিক্ষিত হৈ অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰক । অসমীয়া ভাষাটো শুদ্ধ ৰূপত লিখিবলৈ একো একোটা সাৰ্থক কবিতাৰ সৃষ্টি কৰক । সাহিত্য জগতৰ বহু নজনা কথা জানিবলৈ যত্নপৰ হওক । সৎকৰ্মৰে ,শুদ্ধ পথেৰে অসমীয়া ভাষাটোক জিলিকাই ৰাখক তাৰেই কামনা কৰোঁ । তেখেতসকল সাহিত্য সম্ভাৰেৰে চহকী হৈ পৰক ।
নতুন কবিসকলে বিভিন্ন ভাষাৰ অনুবাদ কবিতাবোৰ পঢ়িব লাগে ।একে সময়তে বিশিষ্ট সমালোচকসকলৰ সমালোচনাও পঢ়িব লাগে । আৰু নতুন কবিসকলে নিজৰ কবিতাসমূহো সমালোচনাত্মক দৃষ্টিভংগীৰে চাই লিখিবলৈ চেষ্টা কৰিব লাগে । অধ্যয়নপুষ্ট হ’ব লাগিব,সাম্প্ৰতিক কবিতাৰ গতি কি উপলব্ধি কৰিব লাগিব । একেটা সময়তে আমি ঐতিহ্যৰপৰা বিচ্ছিন্ন হৈ যাবও নালাগিব।

বিন্দুঃ সাহিত্য -সংস্কৃতি আদি সকলো দিশতে বিশৃংখলতাই দেখা দিয়া বৰ্তমান সমাজখনৰ প্ৰতি কিবা বাৰ্তা দিব খোজেনে ?
উঃ- হয় .সমাজখন দিনে দিনে বিশৃংখল হৈ পৰিছে । সামাজিক বিশৃংখলতা বা অনান্য অপৰাধৰ কাৰণ হৈছে মাদকদ্ৰব্য । এই বস্তবিলাক দূৰ নকৰিলে সমাজ কেতিয়াও শৃংখলাবদ্ধভাবে আগুৱাই যাব নোৱাৰে । উচ্চশিক্ষিত মানুহবিলাকে যদি সমাজৰ বিশৃংখলতা দেখি মনে মনে বহি থাকে তেনে সমাজ বেছিকৈহে বিশৃংখল হৈ পৰিব । পিছে চৰকাৰে চৰকাৰী বিদ্যালয় বন্ধ কৰিছে আৰু সুৰাৰ বিপণী খুলি দিছে ।

বিন্দুঃ শেহতীয়াভাবে ৰাজ্যত নাৰী সম্পৰ্কীয় এনে কিছু হিংসাত্মক ঘটনা দৈনিক পোহৰলৈ আহিব লাগিছে যিবোৰ অসমীয়া সমাজৰ বাবে একেবাৰে খাপ নোখোৱা ধৰণৰ । অপুনি এনে অবাঞ্চিত ঘটনাবোৰৰ সম্পৰ্কত কি বক্তব্য ৰাখিব ?

উঃ-নাৰী সম্পৰ্কীয় ঘটনাবোৰ খুবেই নিন্দনীয়।
ইয়াৰ অন্তৰালত বহু কাৰণ আছে। এই চমু সাক্ষাৎকাৰত সকলো কথা সাঙুৰি কোৱাটোও অসুবিধা।
মানুহৰ জীৱন দুদিনীয়া,মৰিবৰ সময়ত কোনেও এসোপা লৈ যাব নোৱাৰে । তথাপি ইমান খোৱা-কামোৰা কিহৰ বাবে ?
সকলোৱে যদি সমিল মিলেৰে একগোট হৈ নাথাকো অসমীয়া শেষ হৈ যাব পাৰে । নাৰীক সন্মান কৰিবলৈ শিকক, নাৰী অবিহনে সকলো আধৰুৱা । নাৰী শাৰিৰীক ভাবেহে দূৰ্বল।মানসিক ভাবে হয়তো দূৰ্বল নহয়। নাৰীয়ে নাৰীক কিয় ঈৰ্ষা কৰে ? ধনে কোনোদিনেই নোজোৰে,যি আছে তাতেই সন্তোষ থাকিবলৈ শিকিব লাগে ।

বিন্দুঃ প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা ?
উঃ- প্ৰেম স্বৰ্গীয় অনুভূতি,আপুনি-আপুনি প্ৰেম হৈ যায় । যেনেকৈ কবিতা হৃদয়ৰ পৰা নিগৰি নিগৰি ওলাই ভালপোৱা এক বিশ্বাস,ভৰষা স্বাৰ্থবিহীন হৃদয়ৰ পৰা প্ৰতিফলিত হয় ।

বিন্দুঃ প্ৰিয় ফুল ?
উঃ-গোলাপ

বিন্দুঃ প্ৰিয় মানুহ ?
উঃ-“মা”

বিন্দুঃ প্ৰিয় ৰং ?
উঃ-বগা আৰু ৰঙা

বিন্দুঃ প্ৰিয় ঠাই ?
উঃ-জন্মভূমি

বিন্দুঃ প্ৰিয় কিতাপ ?
উঃ-“নামঘোষা”

বিন্দুঃ প্ৰিয় সময় ?
উঃ-ৰাতিপুৱা

বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনলো । আপোনাৰ কলমৰ নিচিগা ধাৰ বৈ থাকক সদায়।
উত্তৰঃ ধন্যবাদ ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *