আপোনাৰ সন্তানে ঘৰুৱা সহায়কাৰীগৰাকীক কেনে ব্যৱহাৰ কৰে?

আপোনাৰ সন্তানে ঘৰুৱা সহায়কাৰীগৰাকীক কেনে ব্যৱহাৰ কৰে?

শিশু আৰু ডমেষ্টিক হেল্প

 

ডালিমী বৰুৱা

বেছিভাগ অভিভাৱক আজিকালি কৰ্মব্যস্ত৷ শিশুসকল বেছিভাগ সময়তে ঘৰুৱা সহায়কাৰীৰ লগত থাকে৷ আনহাতে কৰ্মব্যস্ত হওক বা নহওক প্ৰায় সকলো পৰিয়ালতে আজিকালি বন কৰা মহিলা অপৰিহাৰ্য যেন হৈ পৰিছে৷ পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যসকলৰ নিৰ্দেশমতে তেওঁলোকে কাম কৰি যায় যিটো দেখি দেখিয়েই শিশু এটা ডাঙৰ হয়৷ ইয়াৰ প্ৰভাব শিশুসকলৰ ওপৰতো পৰে৷ তেওঁলোকৰ মনতো আদেশ বা নিৰ্দেশৰ দ্বাৰা কাম আদায় কৰাৰ প্ৰৱণতা গঢ় লৈ উঠে৷ বহু সময়ত দেখা যায় যে একোটা শিশোৱে ডাঙৰসকলৰ দৰে বন কৰা বা সহায়কাৰী মহিলাগৰাকীক নাম কাঢ়ি মাতে, গালি-গালাজো কৰা দেখা যায়৷ কৰবাত কেনেবাকৈ যেন তেনে মহিলাৰ প্ৰতি শিশুসকলৰ মনত কিবা এক অশ্ৰদ্ধাৰ ভাব গঢ়ি উঠে৷ এইবোৰ কিন্তু অস্বাভাৱিক নহয়৷ শিশোৱে যি দেখিছে তাকে অনুকৰণ কৰিবলৈ শিকে৷ ইয়াৰ ফলত ঘৰুৱা পৰিৱেশটোহে যে কেবল জটিল হৈ পৰে তেনে নহয় ই শিশুৰ সামগ্ৰিক বিকাশতো বাধাৰ সৃষ্টি কৰে৷ এনেকুৱা সময়বোৰতে শিশুক সেইবোৰ যে বেয়া কথা সেয়া বুজাই দিয়াটো অত্যন্ত জৰুৰী৷ প্ৰয়োজন প্ৰকৃত গাইডেন্সৰ৷

নিৰ্দিষ্ট সম্বোধন
প্ৰথমে শিশুটিক ঘৰত দৈনন্দিন কামত সহায় কৰিবলৈ অহা ব্যক্তিজনৰ বাবে এটা নিৰ্দিষ্ট সম্বোধন শিকাওক৷ যেতিয়া আপুনি নিজেও তেওঁক ফোন কৰে বা কামৰ সময়ত কথা পাতে তেতিয়া তেওঁক এটা নিৰ্দিষ্ট সম্বোধন ব্যৱহাৰ কৰক৷ পোনপটীয়াকৈ নামেৰে নহয়৷

শিশুৰ সন্মুখত গালা গালি বা সমালোচনা নকৰিব
শিশুৰ সন্মুখত তেওঁৰ বিষয়ে কোনো অভিযোগ বা তেওঁৰ কামৰ প্ৰতি ক্ষোভৰ প্ৰকাশ নকৰিব বা আলোচনা নকৰিব৷ দৈনন্দিন কামত কেতিয়াবা সমস্যা হ’ব পাৰে, কিন্তু কেতিয়াও শিশুৰ সন্মুখত সেই বিষয়ক লৈ অসন্তোষ ব্যক্ত কৰিব নালাগে৷ কাৰণ এনে ধৰণৰ কথাৰ পৰাই তেওঁলোকৰ প্ৰতি অসন্মানৰ ভেটি শিশুটিৰ মনত গঢ় লৈ উঠে৷

সহায়
শিশুটিক নিজৰ কামবোৰ নিজে কৰিবলৈ বাধ্য কৰাওক৷ যিমান পাৰে চেষ্টা কৰক৷ তেওঁক কওক যে ঘৰৰ সহায়কাৰীৰ কাম কেৱল সহায় কৰা৷ আচল কাম আমাৰ নিজৰ৷

বৈষম্যহীনতা
গৃহকৰ্মীৰ বিৰুদ্ধে যিকোনো ধৰণৰ বৈষম্য, ধৰক, পৃথকে মাটিত বহি খাবলৈ দিয়া, নিজে খাই এৰা বা খাবলৈ ভাল নলগা বস্তু খাবলৈ দিয়া, ভগা বা পুৰণি কাপত চাহ দিয়া আদিৰ দৰে কাম আপোনাৰ শিশুটিক কেতিয়াও নিশিকাব৷ ইয়ে শিশুৰ মনত বৈষম্যৰ বীজ অংকুৰিত কৰে৷

বন্ধুত্ব
শিশু আৰু ঘৰুৱা সহায়কাৰীৰ মাজত বন্ধুত্ব গঢ়ি তোলাটো অতি প্ৰয়োজনীয়৷ সেই পৰিৱেশ ৰচনা কৰিব লাগিব আপুনিয়েই৷ সম্পৰ্কটো অত্যন্ত সহজ কৰি তোলা দৰকাৰ৷ যেনেকৈ শিশুটিৰ বেমাৰ আজাৰৰ সময়ত ‘দিদী’ বা ‘মাহী’গৰাকীয়ে চোৱা-চিতা কৰে, তেনেকৈয়ে কেতিয়াবা তেওঁঁলোকৰ বেমাৰ আজাৰ বা আপদৰ সময়ত যাতে শিশুটিয়েও সমানে সমমৰ্মিতা অনুভৱ কৰে তাৰ শিক্ষা দিয়া উচিত৷ এনেদৰে কিছু সৰু সৰু কথাৰ মাজেৰেই বন্ধুত্বপূৰ্ণ পৰিবেশ এটা সহজেই গঢ়ি তুলিব পৰা যায়৷

প্ৰয়োজন সাপেক্ষে অনুশাসন
যদি আপুনি আপোনাৰ সন্তানক বেয়া আচৰণ কৰা দেখিছে, তেন্তে তৎক্ষণাত অনুশাসন দিয়ক৷ তেওঁক বুজাওঁক যে সেয়া ভুল৷ এই অনুশাসনৰ কিছু দায়িত্ব আপোনাৰ গৃহকৰ্মীৰ ওপৰতো দি ৰাখক৷ ইয়ে গৃহকৰ্তিকো চোৱা চিতা কৰাত উৎসাহিত কৰিব৷ কাৰণ কেবল মৰম কৰাৰ অনুমতিহে আছে অথচ শাসন কৰাৰ অধিকাৰ নাই- তেন্তে সেই মৰমত কৃত্ৰিমতাৰ বাহিৰে আন একো নাথাকে৷

বেছিভাগ ক্ষেত্ৰতে ঘৰৰ প্ৰাপ্তবয়স্কৰ আচৰণেই শিশুৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলায়৷ আৰু সঠিক সময়ত শুধৰণি নকৰিলে সি পিছলৈও ৰৈ যায়; যাৰ অন্তিম প্ৰকাশ আপুনি বৃদ্ধ বয়সতো দেখিব পাৰে৷ বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি সন্তানে কৰা অৱহেলাৰ বিষয়ে আমি যিমানে সৰৱ নহও কিয়, সেই চৰিত্ৰ কিন্তু একেদিনে আবিৰ্ভাৱ হোৱা চৰিত্ৰ নহয়৷ শিশুকালতে প্ৰাপ্ত বহু সৰু সৰু ভুল শিক্ষাৰেই ই পৰিণতি৷ সেয়ে ‘এতিয়া সৰু হৈ আছে, ডাঙৰ হ’লে ঠিক হৈ যাব’ এই অৰ্থত কোনো ভুল উপেক্ষা কৰি নাযাব৷ আমি জানো যে বালিলৈ যিপাট সুগ্ৰীৱলৈও সিপাট৷ কি ঠিক. সন্তানৰ মনত সৃষ্টি হোৱা কু আচকণৰ চিকাৰ হয়তো এদিন আপুনিও হ’ব লাগিব পাৰে৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *