নাৰীৰ বেষ্টফ্ৰেণ্ড এলোভেৰা

নাৰীৰ বেষ্টফ্ৰেণ্ড এলোভেৰা

 

ঘৰলৈ আদৰি আনক এই বেষ্টফ্ৰেণ্ডক
আৰু হওক সঁচা অৰ্থত সুন্দৰী

কৃষ্ণা দাস ছিদ্দিকা

আমাৰ দৈনন্দিন জীৱনৰ লগত এলোভেৰাৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে৷ এলোভেৰা এতিয়া শুকান ছালখন হাইড্ৰেট কৰা, বয়সৰ লগত জড়িত বলিৰেখা, দাগ, ব্ৰণ বা ৰ’দত পোৰা (Sun burn) আদি সমস্যা নিবাৰণৰ বাবে এটা সাধাৰণ নাম৷ এলোভেৰাৰ পাল্পৰ পৰা তৈয়াৰী ৰস ছালৰ স্থিতিস্থাপকতা বৃদ্ধিত ফলপ্ৰসূ৷ মাইগ্ৰেইন, ভোক কমি যোৱা, ৰক্তহীনতা আদিৰ পৰাও পৰিত্ৰাণ পাবলৈ ই এক স্বাস্থ্যকৰ দৰৱ সদৃশ৷ অৰ্থাৎ আমাৰ ছাল আৰু চুলিৰ ই বেষ্ট ফ্ৰেণ্ড৷ গতিকে এই বেষ্ট ফ্ৰেণ্ডজনক অলপ যত্ন লৈ আমাৰ ঘৰলৈ আদৰি আনিব নোৱাৰিনে? ইয়াত ঘৰতে এলোভেৰা গছৰ খেতি কৰিবলৈ কিছুমান টিপছ আগবঢ়োৱা হ’ল৷ এলোভেৰা এবিধ অতি সৰল উদ্ভিদ৷ গতিকে যিসকলে ঘৰতে এই প্ৰথম বাৰী এখন কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে মাত্ৰ কেইটামান কথা মনত ৰাখিব লাগিব৷

তাপমাত্ৰা আৰু সূৰ্যৰ পোহৰ
এই উদ্ভিদে বেছি ঠাণ্ডা সহ্য কৰিব নোৱাৰে৷ সাধাৰণতে ই গ্ৰীষ্মমণ্ডলীয় বা উষ্ণ বতৰৰ গছ৷ ভাল বৃদ্ধিৰ বাবে ইহঁতক মধ্যমীয়া সূৰ্যৰ পোহৰৰ প্ৰয়োজন৷ গতিকে দিনৰ ভাগত আপুনি এই গছজোপা ঘৰৰ বেলকনি বা খিৰিকীৰ গ্ৰীলত ৰাখিব পাৰে৷ য’ত দিনটোত কমেও ২ ৰ পৰা ৩ ঘণ্টা প্ৰত্যক্ষ সূৰ্যৰ পোহৰ থাকে৷ ২৫ ৰ পৰা ৪৫ ডিগ্ৰী উষ্ণতা এই উদ্ভিদৰ বাবে উপযোগী৷

মাটি
মৰুভূমিৰ উদ্ভিদ হোৱাৰ বাবে শুকান মাটি ইয়াৰ বাবে উপযোগী৷ মন কৰিব যাতে মাটিত বহু পৰিমাণে বায়ুছিদ্ৰ থাকে৷ বাগিচাৰ মাটি কিছু বালি, কোকো পিট আৰু গোবৰ মিহলাই এই মাটি প্ৰস্তুত কৰক৷ মাটিখিনি ঢিলা হোৱাটো নিশ্চিত কৰিব লাগে যাতে শিপাবোৰ সোমাই ভালকৈ গজিব পাৰে৷

পানী
যিহেতু এই উদ্ভিদৰ পাতত থকা পাল্পত পানীৰ পৰিমাণ বেছি, গতিকে এই গছজোপাক অত্যধিক পানী দিয়াৰ প্ৰয়োজন নাই৷ সাধাৰণতে সপ্তাহত এবাৰ পানী দিলেই যথেষ্ট৷ এই গছৰ পাত পৰীক্ষা কৰিলেই বুজিব পাৰি যে কিমান পানীৰ প্ৰয়োজন৷ অতিমাত্ৰা পানী খোৱাৰ লক্ষণসমূহ হ’ল হালধীয়া বা ৰঙা পৰা, কোমল হোৱা, পাত তললৈ হাউলি যোৱা বা পাতত দাগ পৰা৷ আকৌ যদি পাতবোৰ শুকান হয়, তেতিয়া বুজিব লাগে যে পানী দিয়াত কম হৈছে৷

সাৰ আৰু কীটনাশক
এই গছজোপা বেলেগকৈ সাৰ দিয়াৰ বিশেষ প্ৰয়োজন নহয় যদিও বছৰত এবাৰকৈ ফছফৰাছ সমৃদ্ধ পানী সাৰ হিচাপে ব্যৱহাৰ কৰিলেই যথেষ্ট৷ কিন্তু বহু সময়ত কীট-পতংগ আৰু বিভিন্ন পোক-পৰুৱাৰ আক্ৰমণত গছবোৰৰ ক্ষতি হয়৷ তেনে ক্ষেত্ৰত গছজোপাত নিম স্প্ৰে’ কৰিব পাৰে৷ তেতিয়া গছজোপা ঠিকেই থাকিব৷

এলোভেৰা কেৱল ছালৰ আৰু চুলিৰেই বেষ্ট ফ্ৰেণ্ড নহয়, ই প্ৰদূষণ বিৰোধী উদ্ভিদো৷ এই গছজোপা যদি আপুনি ঘৰত ৰোপণ কৰে তেন্তে ই ঘৰত ৰং আৰু গ্ৰীজৰ ফলত হোৱা প্ৰদূষণো শোষণ কৰিব৷ ইয়াৰ উজ্জ্বল সেউজীয়া পাতবোৰে আপোনাৰ আৰু আপোনাৰ ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিব৷

গতিকে পলম কিহৰ? আজিয়েই পৰিকল্পিতভাবে আগবাঢ়ক এলোভেৰাক বন্ধুত্বৰ প্ৰকৃত মৰ্যাদা দিবলৈ৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *