পাহৰা বেমাৰৰ ঔষধ আছেনে?

পাহৰা বেমাৰৰ ঔষধ আছেনে?

পাহৰা বেমাৰৰ ঔষধ আছেনে?
কি এই নেমোনিক [Mnemonic] পদ্ধতি?

 

কাজল ভূঞা

এটা শব্দও মনত পেলাব পৰা নাই? শতবাৰ চেষ্টাৰ পিছতো? ইয়াৰ সহজ সমাধান আছে৷
কম বেছি পৰিমাণে আমি সকলোৱে দৈনন্দিন জীৱনত ‘পাহৰি যোৱা’ সমস্যাত ভোগো৷ গতানুগকি ধাৰাটোৰ বাহিৰলৈ গৈ মনত ৰখাৰ এটা অন্যতম উপায় হ’ল নেমোনিক [Mnemonic] পদ্ধতি৷ যদি আপুনি ইয়াক ব্যৱহাৰ কৰিবলৈ শিকে তেন্তে আপুনি বহুতো সৰু সৰু কথা সহজে সময়মতে মনত পেলাব পাৰিব৷

সংগীত নেমোনিক [Music Mnemonic)ঃ
কালি দুপৰীয়া কি খাইছিল নি(য় মনত নাই? কিন্তু পাৰ্টিত শুনি অহা ৰীডমবোৰৰ কথা মনত পেলোওঁকচোন৷ এতিয়াও সেইবোৰ অনায়াসে আৰু সঠিকভাৱে নি(য় কাণত বাজি আছে৷ সুৰৰ জৰিয়তে কিবা এটা কথা আমাৰ সহজতে মনত ৰৈ যায়৷ সেয়ে যদি আপুনি কোনো কঠিনৰো কঠিন তথ্য বা বস্তুৰ তালিকা এখন সুৰ কৰি গাব পাৰে, তেন্তে সেইটো অতি সহজে মনত ৰৈ যাব৷

নেম নেমোনিক [Name Mnemonic)ঃ

এই পদ্ধতিত বহু শব্দ এটাৰ পিছত এটাকৈ মনত পেলাব পৰা যায়৷ যেনে ধৰক- ‘বেঘনীসেহাসুৰ’, অৰ্থাৎ এয়া হৈছে ৰামধেনুৰ সাতটা ৰং- বেঙুণীয়া, ঘন নীলা, নীলা, সেউজীয়া হালধীয়া, সুমথিৰা আৰু ৰঙা৷ আপোনাৰ ঘৰ, চিনাকি বা চৌপাশৰ প্ৰসংগৰ সৈতে সংযুক্ত কৰি বস্তুৰ নাম মনত ৰাখিবলৈ এটা মজাৰ চিত্ৰকল্পৰ সৃষ্টি কৰি ল’ব পাৰে৷ উদাহৰণস্বৰূপে ধৰি লওক আপুনি বজাৰৰ পৰা আটা, বিলাহী, ঘিঁউ আৰু মাছ কিনিব৷ মনত কল্পনা কৰক যে আপুনি বিশাল বিলাহীৰ পথাৰ এখনত পিকনিকত ৰুটিৰ বাবে আটা মাৰি আছে, ঠিক তেতিয়া হঠাতে ওচৰৰ পুখুৰী এটাৰ পৰা মাছ এটা জঁপিয়াই ওলাই আহি আপোনাৰ ঘিঁউৰ বটলটো বগৰাই দিছে৷ শুনিবলৈ বৰ অদ্ভুত যেন লাগিছে নহয়নে? কিন্তু আপুনি দেখিব যে এনে কৰাৰ ফলত আপোনাৰ কথাবোৰ মনত ৰৈ গৈছে৷

নম্বৰ নেমোনিক [Number Mnemonic]
ডাঙৰ কোনো সংখ্য মনত ৰাখিব লাগে? তেন্তে সংখ্যাটো সৰু সৰু সংখ্যাত ভাগ কৰি লওক৷ যেনে ধৰক পাইৰ মান- ৩, ১৪১৫৯, আপুনি তাক এইদৰে ভাঙক- তিনি পইন্ট চৌধ্য, পোন্ধৰ আৰু ন৷ দেখিব ইয়াৰ ফলত শব্দটো আপোনাৰ মনত সহজেই স্থায়ী হৈ গৈছে৷

ইমেজ নেমোনিক [Image Mnemonic)
নতুন কিবা শিকাৰ সময়ত তাৰ লগত যদি এখন ছবি কল্পনা কৰি ল’ব পৰা যায় তেন্তে বিষয়টো মনত ৰোৱাত সহজ হৈ পৰে৷ যেনে ধৰক এটি নতুন শব্দ লিখিছে- Patricore. যাৰ অৰ্থ হৈছে মিঠা গোন্ধ বা সুগন্ধ৷ এতিয়া আপুনি বৰষুণ পাই সজীৱ হৈ উঠা ফুলনি এখনৰ পৰা বিয়পি অহা সুগন্ধৰ কথা শব্দটোৰ সৈতে জড়িত কৰি লওক৷ আপুনি দেখিব যে শব্দটো আপোনাৰ স্মৃতিৰ মণিকোঠাত চিৰদিনৰ বাবে খোদিত হৈ ৰৈ গৈছে৷

নেমোনিকৰ বাহিৰেও আৰু বহু ফলপ্ৰসূ উপাই আছে যিবোৰৰ দ্বাৰা আপুনি ‘পাহৰি যোৱা’ অভ্যাসটোৰ পৰা হাত সাৰিব পাৰে৷
কাৰোবাৰ নাম মনত পেলাব পৰা নাই? এয়িাৰ পৰা নতুন কাৰোবাৰ লগত চিনাকি হ’লেই তেওঁৰ নামেৰে মনতে এখন ছবি তৈয়াৰ কৰক৷ যেনে সৌৰভ নামৰ কাৰোবাক লগ পালে ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ কথা ভাবক৷ তেওঁৰ লগত কথা পাতিলে বাৰে বাৰে তেওঁৰ নাম ব্যৱহাৰ কৰক৷ যেনে, সৌৰভ ডাঙৰীয়া, আমাৰ পৰৱৰ্তী সভা অমুক দিনত৷ …. এনেদৰে চেষ্টা কৰিলে সহজেই কাৰোবাৰ নাম মনত ৰাখিব পাৰিব৷

মোবাইল, চাবি, চশমা, ছাতি, কলম আদি অত্যাৱশ্যকীয় বস্তু হঠাতে কৰবাত থৈ উঠি পিছমুহূৰ্ততে বিচাৰি নি(য় আপুনিও হাবাথুৰি খাই পাইছে৷ এনে নোহোৱাৰো কিছুমান সহজ উপায় আছে৷ প্ৰথমে কিছুমান বিশেষ বস্তু কিছুমান বিশেষ ঠাইত ৰখাৰ অভ্যাস গঢ়ি তোলক৷ তেতিয়া আপুনি সহজেই বিচাৰি পাব৷ তদুপৰি আন এটা কাম কৰিব পাৰে৷ ধৰি লওক গাড়ীৰ চাবিটো খৰখেদাকৈ বিছনাত থ’লে৷ তেনে ক্ষেত্ৰত কাৰোবাক কোৱাৰ দৰে ‘চাবিটো বিছনাখনত থলো’ বুলি চিঞৰি ক’ব৷ আপুনি দেখিব যে বস্তু হেৰুৱাৰ সমস্যাৰ পৰা আপুনি লাহে লােহে মুক্ত হ’ব পাৰিছে৷
দিনটোত বহু কাম কৰিব বিচাৰিলে কামবোৰৰ এখন সূচী তৈয়াৰ কৰক আৰু বাৰে বাৰে দেখা পোৱা ঠাইত ওলোমাই থওক৷ উদাহৰণস্বৰূপে আইনাখনৰ ওচৰত ওলোমাই দিব পাৰে বা পাৰ্চত ৰাখিব পাৰে৷ ইয়াৰ ফলত কোনো এটা কাম আৰোনাৰ কৰিবলৈ ৰৈ নাযাব৷ ……

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *