শিশুৰ এনেবোৰ লক্ষণ প্ৰকাশ পালে কেতিয়াও অৱহেলা নকৰিব

শিশুৰ এনেবোৰ লক্ষণ প্ৰকাশ পালে কেতিয়াও অৱহেলা নকৰিব

শিশুৰ ৰোগ

কেতিয়াও অৱহেলা নকৰিব

ডাঃ শুভ্ৰজ্যোতি গোহাঁই

কেঁচুৱাৰ নাকৰ সমস্যা
কেঁচুৱা অৱস্থাত কেতিয়াবা শিশোৱে মুখখন হা কৈ মেলি থোৱা নিশ্চয় দেখিছে৷ ইয়াৰ কাৰণ কি অনুমান কৰে নে কেতিয়াবা? ইয়াৰ কাৰণ প্ৰকৃততে বন্ধ নাক৷ কিবা কাৰণত যেতিয়া শিশুৱে নাকেৰে উশাহ লোৱাত অসুবিধা অনুভৱ কৰে তেতিয়া অৱচেতনভাৱেই সিহঁতৰ মুখ মেল খাই অৰ্থাৎ নাকৰ বিকল্প হিচাপে মুখেৰে উশাহ ল’বলৈ বাধ্য হয়৷ এই সৰু সৰু লক্ষণবোৰক অৱহেলা কৰিলে পিছলৈ গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷

ৰোগৰ প্ৰকাৰ আৰু চিকিৎসা

জন্মগত বা Congenital সমস্যাঃ
এই ক্ষেত্ৰত দুবিধো হয় — বংশগত (Hereditary) বা জিনীয় (Genetic) সমস্যা৷ যেনে এলাৰ্জী৷ জেনেটিক এলাৰ্জী সাধাৰণতে Cold বা Dust এলাৰ্জী৷ কেতিয়াবা জেনেটিক এলাৰ্জীৰ বাবে বায়ুপথ ইমান সৰু হয় যে শিশোৱে উশাহ ল’ব নোৱাৰে৷ সেই সময়ত এন্টি এলাৰ্জিক ঔষধ প্ৰয়োগ কৰিব লাগে৷ বহুতৰে নাক এফালে বা দুয়োফালে সৰু হৈ থাকে৷ ইয়াক এট্ৰেচিয়া বোলা হয়৷ ফলত শিশুটিৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয়৷ যদি আংশিকভাৱে হয়, তেন্তে এন্টি এলাৰ্জী চিকিৎসা বা নাকৰ দুয়োফালৰ মাংস কিছু কমাই শিশুকালটো পাৰ কৰাব পাৰিলে কিন্তু তেওঁলোক সুস্থ হৈ উঠে৷ সম্পূৰ্ণ এট্ৰেছিয়াৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ বাহিৰে আন কোনো বিকল্প নাই৷ কিছুমান শিশুৰ নাক আৰু ডিঙি সম্পূৰ্ণৰূপে বন্ধ হৈ যায়৷ ইয়াক চ’য়ানেল এট্ৰেচিয়া বোলা হয়৷ নাকগহ্বৰৰ পিছফালৰ অংশটো আংশিকভাৱে বা সম্পূৰ্ণৰূপে এখন পৰ্দা বা জন্মগত হাড়ৰ স্তৰৰ দ্বাৰা বন্ধ হৈ থাকে৷ কেঁচুৱাই নাকেৰে উশাহ ল’ব নোৱাৰে৷ শৰীৰ মাৰাত্মক অক্সিজেনৰ অভাৱত ভুগি নীলা হৈ পৰে৷

ভাইৰাছৰ সংক্ৰমণঃ
ভাইৰাছৰ সংক্ৰমণৰ ভিতৰত এটা অভিজ্ঞতা আমাৰ সকলোৰে হৈ গৈছে ইতিমধ্যে৷ সেয়া হৈছে ক’ভিড ভাইৰাছ৷ এই সময়ত আন এটা ভাইৰাছ শুনা গৈছে— এডিন’ভাইৰাছ৷ এই ভাইৰাছৰ দ্বাৰা শিশুসকল আটাইতকৈ বেছি আক্ৰান্ত হয়৷ সাধাৰণতে এই ৰোগ ক্ৰছ ইনফেকচনত অধিক বিয়পে৷ লগতে আন কিছুমান সাধাৰণ চৰ্দি ভাইৰাছ আছে যেনে আৰ এছ ভাইৰাছ, এৰিনা ভাইৰাছ ইত্যাদি৷ ইয়াৰ ফলত সাধাৰণ হাঁচি, কাহ, চৰ্দি আদি হয়৷

বেক্টেৰিয়াৰ সংক্ৰমণঃ
ষ্ট্ৰেপ্ট’ককাচ [Streptococcus], ষ্টেফাইলোক’কাছ (Staphylococcus), হিম’ফিলাছ ইনফ্লুৱেঞ্জা (Haemophilus influenza), ম’ৰাক্সেলা কেটাৰেলিছ হৈছে সাধাৰণতে শিশুক সংক্ৰমিত কৰা চাৰিবিধ বেক্টেৰিয়া৷ এৰ’ছলৰ জৰিয়তে ই এটা শিশুৰ পৰা আন এটা শিশুলৈ বিয়পি পৰে আৰু ৰোগ সৃষ্টি কৰে৷ এই ধৰণৰ সংক্ৰমণক ক্ৰছ সংক্ৰমণ বোলা হয়৷ হিম’ফিলাছ ইনফ্লুৱেঞ্জা দীৰ্ঘদিন ধৰি ৰাখিলে শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে৷ গতিকে বেছি দিনলৈ অপেক্ষা নকৰিব৷ শিশুটিৰ লগতে আপুনি অৰ্থাৎ পিতৃ-মাতৃয়েও বাহিৰৰ পৰা আহি হাত-মুখ ধোৱাৰ অভ্যাস কৰা উচিত৷

ভেঁকুৰৰ সংক্ৰমণঃ
এই ধৰণৰ সংক্ৰমণ একেবাৰে শিশু অৱস্থাত হোৱা দেখা নাযায়৷ অলপ ডাঙৰ বয়সত হয়৷ ইয়াৰ লক্ষণসমূহ অতি সাধাৰণ -কিছু হাঁচি-কাহ-চৰ্দি, ভিতৰি কফ জমা হোৱা, ডিঙিত কিছু বিষ অনুভূত হোৱা¸, খুক খুককৈ কাহ উঠা, শিশুৱে মুখ মেলি শোৱা ইত্যাদি৷ কেতিয়াবা আক্ৰান্ত ল’ৰা-ছোৱালীয়েও গম নাপায়৷ ফলত বহু দিনলৈ কফ জমা হৈ ভেঁকুৰৰ সংক্ৰমণত পৰিণত হয়৷ তাৰ পিছত চিটি স্কেন কৰি চাব লগা হয় যে কিমান কফ জমা হৈছে, পলিপ আছে নে নাই৷ পলিপ হৈছে আচলতে চাইনাছৰ সংক্ৰমণৰ পৰা সৃষ্ট এক মাংসপিণ্ড যিটোৰ ৰং বগা৷ ই মুখমণ্ডলৰ হনুৰ ভিতৰত থাকে, যিটো সংক্ৰমিত হৈ নাকৰ পৰা ওলাই আহে৷ এই সংক্ৰমণ দীৰ্ঘদিন ধৰি থাকিলে চকুৰ তলৰ, হনুৰ দুয়োফালে আৰু মগজু তথা¸ নাকৰ মাজৰ হাড়বোৰ ক্ষয় যায়৷ দৃষ্টিশক্তিৰ সমস্যাও হ’ব পাৰে, আৰু এই সংক্ৰমণ মগজুলৈ বিয়পি পৰাৰ আশংকাও থাকে৷

ক’লা ভেঁকুৰঃ
covid ৰ সময়ত বিশেষকৈ দ্বিতীয় ঢৌত এই ভেঁকুৰে মাৰাত্মক ৰূপ ধাৰণ কৰিছিল যাক বৈজ্ঞানিক পৰিভাষাত ম্যুক’ৰমাইক’ছিছ বুলি কোৱা হয়৷ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবে এই ৰোগ চকু আৰু মগজুলৈ বিয়পি পৰিছিল৷ বহুতৰে প্ৰাণৰ সংশয় পৰ্যন্ত আহি পৰিছিল৷ প্ৰথমে ইয়াৰ অপাৰেচন কৰিব লাগে, তাৰ পিছত ঔষধ দিব লাগে৷ কেতিয়াবা নাক আৰু মুখৰ মাজেৰেও ক’লা কফ ওলাই আহে৷ ইয়াৰ বাবে সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ প্ৰয়োজন৷

পৰজীৱীৰ সংক্ৰমণঃ
শিশুৱে পানী ফিল্টাৰ নকৰাকৈ এটা নাকৰ ফুটাৰে পানী উলিয়াই আনটো নাকৰ ফুটাৰে বাহিৰলৈ উলিয়াই অনাৰ ফলত ই সংক্ৰমিত হয়৷ একান্থামোবিয়া, নাইগলেৰিয়া আদি এমিবা পৰজীৱীয়ে পানীত বাহ সাজে৷ এই ধৰণৰ গুৰুতৰ সংক্ৰমণ নাক আৰু মগজুৰ মাজৰ ফুটাটোৰে মগজুলৈ যাব পাৰে৷ গতিকে কেঁচুৱাক খুৱাওঁতে পানী উতলাই ঠাণ্ডা কৰক বা ফিল্টাৰ কৰা পানী ব্যৱহাৰ কৰক৷ চিকিৎসকৰ নিৰ্দেশনা অবিহনে এনে কোনো কাম নকৰাটোৱেই উত্তম৷

নাকৰ টিউমাৰ
খজুৱতিৰ বাবে শিশুৱে নাকত পেঞ্চিল, ইৰেজাৰ আদি সুমুৱাই লয়৷ শিশুৰ নাকৰ বেৰ অতি সংবেদনশীল হোৱাৰ বাবে তাত থকা টিচুবোৰৰ ক্ষতি হয়৷ নাক বন্ধ হৈ গ’লে পিতৃ-মাতৃয়েও নাকৰ এটা ফাল বন্ধ কৰি জোৰেৰে উশাহ ল’বলৈ কয়৷ ইয়াৰ ফলত নাকৰ ৰক্তবাহী নলী ফাটি তেজ ওলায়৷ এই কাৰ্য বাৰে বাৰে কৰাৰ ফলচ ৰক্তবাহী নলীবোৰ প্ৰদাহ হৈ ডাঙৰ হৈ যায়৷ ইয়াৰ পৰা এক ধৰণৰ সৰু টিউমাৰৰ জন্ম হয়, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত এঞ্জিঅ’মা বুলি কোৱা হয়৷ এঞ্জিওফাইব্ৰ’মাও জন্মগত টিউমাৰ, সাধাৰণতে ল’ৰা শিশুৰ নাকৰ পিছফালে হয়৷ হৰম’নৰ কাৰণে বয়ঃসন্ধিৰ সময়ত এই টিউমাৰবোৰ বৃদ্ধি পায়৷ এনে অৱস্থাত নাক-মুখেৰে তীব্ৰ ৰক্তক্ষৰণ হয়, মগজুলৈও বিয়পিব পাৰে৷ সাধাৰণতে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়৷ নাকৰ ছালৰ অতিমাত্ৰা বৃদ্ধি হ’লে পেপিলোমা নামৰ টিউমাৰ হ’বলৈ ধৰে৷ এই টিউমাৰবোৰ প্ৰায়ে ভাইৰাছৰ সংক্ৰমণৰ ফলত হয়৷ নাকৰ চাৰিওফালে থকা কোমল টিচুৰ জন্মগত কৰ্কট ৰোগো হয় যাক বেবড’মাইঅ’মা বুলি কোৱা হয়৷ এই সকলোবোৰ টিউমাৰৰ লক্ষণসমূহ প্ৰথম অৱস্থাত হ’ল — নাক বন্ধ হোৱা, স্বাভাৱিকভাৱে উশাহ ল’ব নোৱাৰা, হা কৰি মুখ মেলি উশাহ ল’বলৈ যত্ন কৰা আৰু পিছলৈ তেজ ওলোৱা৷ কিন্তু শিশুৰ ক্ষেত্ৰত কেন্সাৰ টিউমাৰ কম দেখা যায়৷ গতিকে প্ৰথমে আতংকিত নোহোৱাকৈ ডাক্তৰৰ ওচৰলৈ যাওক৷ কিন্তু ইনভাৰ্টেড পেপিলোমাটো যদি বহুদিনলৈ থাকে তেন্তে ই কেন্সাৰলৈ পৰিণত হ’ব পাৰে৷ এই টিউমাৰ নাকগহ্বৰৰ পৰা আৰম্ভ হৈ টিচুলৈ বিয়পি পৰে, চকু আৰু মগজুলৈও বিয়পিব পাৰে৷ ইয়াৰ লক্ষণসমূহো একেধৰণৰ৷ নাক আৰু চকুৰ চাৰিওফালে ফুলি উঠে৷ মুখখনো ফুলি উঠিব পাৰে৷
তদুপৰি নাকত হঠাৎ আঘাত পালে কেতিয়াবা নাকৰ ভিতৰত তেজ জমা হৈ সংক্ৰমণ হ’ব পাৰে৷ আঘাতৰ ফলত হাড় বেঁকা হৈ চেপটাম বিচ্যুত হ’ব পাৰে৷ শিশুৰ নাকৰ পিছফালে স্বাভাৱিক টিচু থাকে যাক এডিন’ইড বোলা হয়৷ সংক্ৰমণ বা এলাৰ্জীৰ বাবে ইয়াৰ আকাৰ বৃদ্ধি হয়৷ তাৰ পিছত ঔষধ সেৱনত ঠিক নহ’লে অস্ত্ৰোপচাৰ কৰি ঠিক কৰিব লাগে৷

পিতৃ-মাতৃয়ে কি কৰা উচিত
১. মন কৰিব যে শিশুটিয়ে বহু সময় মুখ মেলি শুই আছে নেকি৷ তিনিদিনতকৈ অধিক সময় বা দুসপ্তাহৰো অধিক সময় ধৰি এই সমস্যা চলি আছে নেকি৷ শিশুটিক চিকিৎসকৰ ঔষধ সেৱন কৰাৰ পিছতো একেই আছে নেকি৷ তেন্তে আওকাণ নকৰিব৷ শীঘ্ৰে ই এন টি ডাক্তৰৰ পৰামৰ্শ লওক৷ শৈশৱ কালৰ ৰোগৰ চিকিৎসা শৈশৱ কালতে শেষ কৰা উচিত৷
২. খুক খুক কৈ কহা বা উশাহ লোৱাত কষ্ট হ’লে ইনহেলাৰৰ সহায়ত সাময়িক সকাহ পোৱা যায়৷ কিন্তু বেছিকৈ ইনহেলাৰ গ্ৰহণ কৰিলে শিশুৰ ইনহেলাৰ নিৰ্ভৰশীলতা হ’ব পাৰে৷ প্ৰথমে হাওঁফাওঁৰ ৰোগ নে নাকৰ সমস্যা সেয়া নিশ্চিত হৈ চিকিৎসা কৰক৷
৩. শিশুক ঘৰতো মাস্ক পিন্ধাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক৷

কি কৰা অনুচিত?
১. বহু লোকে জোঙা কৰিবলৈ কম বয়সতে শিশুৰ নাক জোৰেৰে মালিচ কৰে৷ তেনেকুৱা নকৰিব৷ ইয়াৰ ফলত কোমল টিচুবোৰৰ ক্ষতি হ’ব পাৰে বা নাকৰ অস্বাভাৱিক (Abnormal) বৃদ্ধি হ’ব পাৰে৷

২. শিশুটিৰ কাণ, নাক আৰু ডিঙিৰ সমস্যা হ’লে ঠাণ্ডা পানী, আইচক্ৰীম, ঠাণ্ডা পানীয় আৰু ডাবৰ পানী খাবলৈ নিদিব৷ বহুতে নাকেৰে তেজ ওলোৱাৰ সময়ত ডাবৰ পানী খুৱালে ভাল বুলি ভাবে৷ এইটো এটা অতি ভুল ধাৰণা৷ ডাবৰ পানীয়ে ই এন টিৰ সমস্যা আৰু বেছি ভয়াৱহ কৰি তোলে৷
৩. পানীত উমলাৰ পৰা শিশুক সম্পূৰ্ণৰূপে বিৰত ৰাখক৷ যদি শিশুটিৰ ই এন টিৰ সমস্যা আছে, তেন্তে গ্ৰীষ্মকালৰ বাহিৰে আন কোনো সময়ত সাঁতুৰিবলৈ নিদিব৷

৪. পাঁচ বছৰৰ তলৰ শিশু এচিত থাকিলে কেতিয়াও তাপমাত্ৰা ২৭ ডিগ্ৰীৰ তলত ৰাখিব নালাগে৷ ৫ বছৰৰ ওপৰৰ শিশুক ২৫ ডিগ্ৰীৰ তলত ৰাখিব নালাগে৷ উষ্ণতাৰ বেছি তাৰতময হ’ব নালাগে৷
৫. যি শিশুৰ চুলি দীঘল কিন্তু হাঁচি, কাহ, চৰ্দিৰ প্ৰৱণতা বেছি তেনে শিশুক সপ্তাহত দুবাৰতকৈ অধিক মূৰ ধুৱাব নালাগে৷ তদুপৰি ১৫ মিনিটৰ ভিতৰত ভিজা চুলি শুকাই যোৱাটো নিশ্চিত কৰক৷ অতি গৰম হ’লে তিনিদিনৰ মূৰে মূৰে চুলিত পানী লগাব দিব৷ তাতকৈ বেছি নহয়৷
৬. নাকত চেলাইনৰ ড্ৰপে কফ পৰিষ্কাৰ কৰাত সহায় কৰে৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে সাময়িক সকাহৰ বাবে কোনো ড্ৰপ বা স্প্ৰে ব্যৱহাৰ কৰিব নালাগে৷
শেষত কওঁ- আতংকিত নহ’ব৷ এনে ধৰণৰ কিছুমান টিপছ মনত ৰাখি ৰোগৰ জটিলতা থাকিলেও শিশুক সুৰক্ষা দিব পাৰি৷ কিন্তু সততে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অৱশ্যেই বাঞ্ছনীয়৷ …

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *