সুলেখিকা হিয়া দাসৰ মনৰ কথা
বিন্দুৰ হৈ নতুন বছৰৰ শুভেচ্ছা জনাইছো ।
: ধন্যবাদ । বিন্দু আলোচনীৰ সমূহ কৰ্মকৰ্তা আৰু পাঠক-পাঠিকাক ইংৰাজী নৱবৰ্ষৰ অপৰিসীম শুভাকাংক্ষা জ্ঞাপন কৰিছোঁ ।
আপোনাৰ জন্ম আৰু জন্মস্থান সম্পৰ্কে বিন্দুৰ পাঠকসকলক জনাওকচোন ।
: মোৰ জন্মস্থান শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ । শুৱালকুছি এখন ইতিহাসপ্ৰসিদ্ধ নৈপৰীয়া গাঁও । পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এই গাঁওখনৰ স্থায়ী নিবাসী ৰুদ্ৰ দাস আৰু মীনা দাসৰ মই প্ৰথম সন্তান । মোৰ দেউতা এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আৰু সমাজকৰ্মী । মা গৃহিণী ।
আমি জনাত শৈশৱতে আপোনাৰ জীৱনত এটা অবাঞ্ছিত ঘটনা সংঘটিত হৈছিল । সম্যক আভাস এটা দিবনেকি ?
: তেতিয়া মোৰ বয়স আছিল ন-মাহ, আৰু মোৰ তিনি বছৰীয়া দাদা এজন । ( বৰদেউতাৰ ল’ৰা ) দুয়োৰে পানীলগা বেমাৰ হৈছিল । ঘৰলৈ চিকিৎসক মাতি আনি দুয়োকে চিকিৎসাৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল । চিকিৎসকে কোনো ধৰণৰ পৰীক্ষা নকৰাকৈয়ে আমাৰ টাইফয়েড জ্বৰ হোৱা বুলি কৈ টাইফয়েড ইনজেকশ্যন দিছিল । আৰু সেই ইনজেকশ্যনৰ পাৰ্শ্বক্ৰিয়া ইমানেই ভয়ংকৰ আছিল যে নিমিষতে দাদাজনে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল আৰু মই পংগুত্বক ।
এয়া এক অতি মৰ্মান্তিক ঘটনা । চিকিৎসকৰ চূড়ান্ত অমনোযোগিতাৰ বাবে কিমান যে মানুহৰ জীৱনলৈ কাল ধুমুহা নামি আহে তাৰ উদাহৰণ আপোনাৰ সৈতে ঘটা ঘটনাটোতকৈ আন কি লাগে ! কেৱল সেয়াই নহয়, সৌ সিদিনা আৰতি কুৰ্মীৰ নিৰ্মম হত্যাকাণ্ডক আত্মহত্যা বুলি ভুৱা ৰিপ’ৰ্ট দি এৰেষ্ট হোৱা তিনিগৰাকীকৈ চিকিৎসকৰ কলংকিত কাৰ্যই আন আন ক্ষেত্ৰতো আমাৰ মনত সন্দেহ অংকুৰিত কৰাইছে ! তেওঁলোকৰ প্ৰতি আপোনাৰ কিবা ক’ব লগা নিশ্চয় থাকিব ?*
: যেতিয়ালৈকে কিছুমান চিকিসকে ব্যৱসায়িক স্বাৰ্থ আৰু উদ্দেশ্যত চিকিৎসা বিদ্যাক ব্যৱহাৰ কৰিব তেতিয়ালৈকে এনে অবাঞ্ছিত ঘটনাৰ সৃষ্টি হৈয়েই থাকিব ।
সেই অবাঞ্ছিত ঘটনাটোৱে আপোনাৰ জীৱনলৈ অন্য এক পৰিৱৰ্তন আনি দিছিল । প্ৰথমাৱস্থাত সেই পৰিবৰ্তিত শাৰীৰীক অৱস্থাক চম্ভালি লবলৈ মানসিকভাৱে আপুনি কেনেদৰে নিজকে প্ৰস্তুত কৰিব লগা হৈছিল ?
: হয়, সেই দুৰ্ঘটনাটোৱে মোৰ সমস্ত জীৱনটোৱেই সলনি কৰি পেলাইছিল । যিহেতু মোৰ নমাহ বয়সতে ঘটনাটো সংঘটিত হৈছিল সেয়ে মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব লগা অৱস্থা হোৱা নাছিল ।
সেই ধৰণৰ জীৱনটোৰ সৈতে জ্ঞান হ’বৰ পৰাই মই অভ্যস্ত আছিলোঁ ।
ইয়াৰ মাজতে আপুনি কিছু পৰিমাণে আনুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰিছিল । সেয়া কিদৰে সম্ভৱ হৈছিল অলপ কওকচোন ?
: মোৰ শিক্ষা আচলতে অনানুষ্ঠানিক । শৰীৰৰ প্ৰতিকূল অৱস্থাৰ বাবেই মই আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা দুৰ্ভাগ্যজনকভাৱে বঞ্চিত হৈ ৰ’লো । অনানুষ্ঠানিকভাৱেহে শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ।
শৰীৰৰ প্ৰতিকুল অৱস্থা এটাক আপোন কৰি আগুৱাই যাবলৈ প্ৰথমেই প্ৰয়োজন এটা শক্তিশালী মনৰ । এনে এটা মন গঢ়ি তুলিবলৈ নিশ্চয় বিশেষ কাৰোবাৰ সংগ আৰু প্ৰেৰণাৰ প্ৰয়োজন । এনে ক্ষেত্ৰত আপুনি বিষেষভাবে কাৰ নাম ল’ব ?
: মই মা-দেউতা, প্ৰয়াত হোৱা আইতা, ভাই-ভনীৰ সংগ আৰু প্ৰেৰণা লাভ কৰিছোঁ ।
বৰ্তমান আপুনি এগৰাকী ব্যস্ত লেখক । কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিলে ? এতিয়ালৈকে কেইখন গ্ৰন্থ ৰচনা কৰিলে ?
: মই শৈশৱৰে পৰাই লিখিবলৈ আৰম্ভ কৰিছিলোঁ । বৰ্তমান সময়লৈকে দুখন গ্ৰন্থ ৰচনা হৈছে ।
লেখক হোৱাৰ কথাটো কেনেকৈ মনলৈ আহিল আৰু কাৰ পৰা প্ৰেৰণা পালে ?
: আচলতে লেখক হোৱাৰ কথা ভাবি কেতিয়াও একো লেখা নাছিলোঁ । হৃদয়ৰ তাড়নাতহে লিখি আছিলোঁ । বিভিন্ন লেখকৰ লেখনী পঢ়ি প্ৰেৰণা পাইছিলোঁ ।
আপোনাক কাৰ লেখাই অনুপ্ৰেৰণা যোগায় ?
: শ্ৰদ্ধাৰ ‘হোমেন বৰগোহাঞি’ ছাৰ, ‘মামণি ৰয়ছম গোস্বামী’, ‘চেতন ভগত’, ‘ৰীতা চৌধুৰী’, ‘অনুৰাধা শৰ্মা পূজাৰী’, ‘শৰ্মিষ্ঠা প্ৰীতম’, ৰশ্মি ৰেখা ভূঞা আদিৰ লেখাই মোক যথেষ্ঠ অনুপ্ৰেৰণা যোগায় ।
লেখাৰ জৰিয়তে আপুনি সমাজৰ কোনবোৰ দিশ উন্মোচন কৰিব বিচাৰে ?
: মই সদায় অন্যায়, অবিচাৰ, অনীতি, অন্ধবিশ্বাস, অবিদ্যা, অজ্ঞানতা মানুহৰ মনৰ নেতিবাচক আৰু অযুক্তিকৰ চিন্তা আৰু দুৰ্নীতিৰ দৰে বোকাত লুতুৰি-পুতুৰি হৈ থকা দিশবোৰ উন্মোচন কৰিব বিচাৰোঁ ।
শাৰীৰিক সীমাবদ্ধতাই সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে– কথাষাৰ আপুনি কেনেদৰে গ্ৰহণ কৰি আহিছে ?
: মই বিশ্বাস কৰোঁ যে আমাৰ ইচ্ছাশক্তি ( Self power ) তীব্ৰ হ’লে কেৱল শৰীৰৰ নহয় পৃথিৱীৰ একো সীমাবদ্ধতাই সাফল্যৰ বাটত হেঙাৰ হ’ব নোৱাৰে ।
আপুনি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰি হতাশাগ্ৰস্থসকলক আশাৰ বতৰা বিলাই আহিছে । এই মানসিক শক্তি আপুনি ক’ৰ পৰা আহৰণ কৰিলে বুলি নিজে অনুভৱ কৰে ?
: এই শক্তি মই মোৰ মাজৰ পৰাই আহৰণ কৰা বুলি অনুভৱ কৰোঁ ।
দিব্যাংগসকলৰ প্ৰতি আমাৰ সামাজিক ধাৰণা ইতিবাচক নহয় । এই ধাৰণাৰ বিৰুদ্ধে আমাৰ যুঁজখন কেনে হোৱা উচিত বুলি আপুনি ভাবে ?
: মই ভাবো আমি নিজেই নিজৰ যোগ্যতা প্ৰমাণ কৰিব লাগে । আমাৰ শৰীৰৰ এটা দুটা অংগ বিকল । সাধাৰণ মানুহতকৈ আমি সেইখিনিতে পৃথক । কিন্তু মানসিকভাৱে আমিতো শক্তিহীন নহয় । আমাৰ মাজতো লুকাই থাকে কিছুমান অসাধাৰণ প্ৰতিভা । আমাৰ প্ৰতিভাক আমি অনুধাৱন কৰি তাক বিকশিত কৰিব লাগিব । আমি ইতিবাচক চিন্তাৰে নিজক প্ৰতিষ্ঠা কৰাৰ বাবে কৰ্ম কৰিব লাগিব ।
আমাৰ যুঁজখন হ’ব লাগিব সকলো প্ৰত্যাহ্বান নেওচি নিজকে সফল ব্যক্তি হিচাপে সমাজত পৰিচয় দিয়াৰ । আমি ৰূপান্তৰ কৰিব লাগিব নিজক । সমাজৰ ধাৰণাক সলনি কৰিবলৈ হ’লে প্ৰচণ্ড মানসিক শক্তিৰে যুযুধান হ’বই লাগিব । আৰু আটাইতকৈ ডাঙৰ কথা, কৰ্মৰ বাবে মগজু, চকু আৰু কাণেই যথেষ্ট । কৰ্মইহে আমাৰ পৰিচয় । শৰীৰ বা ধৰ্ম নহয় । বৈজ্ঞানিক মনস্তত্ত্বৰে নিজক আগুৱাই নিব বিচাৰিলে নিশ্চয় সফলতা লাভ কৰিব পাৰি ।
অতিক্ৰান্ত দিনবোৰত এনে কোনো অভিজ্ঞতা হৈছেনে য’ত আপোনাৰ শাৰীৰীক অৱস্থাক লৈ কোনোবাই নেতিবাচক মনোভাব পোষণ কৰি আপোনাক দুখিত কৰিছে ?
: এনে তিক্ত অভিজ্ঞতা অনেকবাৰ হৈছে । এইক্ষেত্ৰত দূৰৈৰ কোনোবা নিৰক্ষৰ লোকেই যে নিকৃষ্ট মানসিকতা প্ৰদৰ্শন কৰিছিল তেনেকুৱা নহয়, আমাৰ নিকট আত্মীয় তথা উচ্চশিক্ষিত লোকেও সেই একেই মানসিকতা প্ৰদৰ্শন কৰিছিল । কিন্তু দুখী কৰিব পৰা নাছিল মোক । বৰং তেওঁলোকৰ তেনে নেতিবাচক মনোভাববোৰে মোক অধিক শক্তিশালী কৰি তুলিছিল । প্ৰচণ্ড জেদি আৰু আত্মবিশ্বাসী কৰি তুলিছিল । তেওঁলোকে মোলৈ নিক্ষেপ কৰা শব্দৰ বিহসনা শেলবোৰে মোক হিমালয় পৰ্বতৰ দৰে স্থিতপ্ৰজ্ঞ হোৱাত অধিক ইন্ধন যোগাইছিল ।
জীৱন সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি ?
: জীৱন বৰ সুন্দৰ । জীৱনত প্ৰতিদিনে ছাৰপ্ৰাইজ থাকে । ৰোমাঞ্চ থাকে । এডভেঞ্চাৰ থাকে । মই সুন্দৰতাৰ সাধনা কৰোঁ, সেয়ে সময়ে গচকি মাটিৰ লগত মিহলাই দিলেও পুনৰ জীৱনলৈ উভতি চাওঁ । জীৱনৰ সুন্দৰতা আৰু মাধুৰ্য্যত মই মুগ্ধ হওঁ ।
আপুনি বিশেষভাবে কোনোবা মহান ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত নে ?
: নিশ্চয় । মোৰ প্ৰেৰণাৰ উৎস হেলেন কেলাৰ, মহান বিজ্ঞানী ষ্টিফেন হকিং, নিক ভুজিচিছ… এনেকুৱা আৰু অলেখ ব্যক্তি আছিল, আছে । যিয়ে বহু বাধা, প্ৰতিকূলতা অতিক্ৰমী জীৱনক মহাজীৱন কৰি তুলিছিল । তেওঁলোকে মোক সদায়েই অনুপ্ৰাণিত কৰে । তেওঁলোকে সৃষ্টি কৰা সেই সঞ্জীৱনী মন্ত্ৰকে আওৰাই মই মোৰ প্ৰতিটো দিন যজ্ঞৰ দৰে উদ্ যাপন কৰোঁ ।
আপুনি আজৰি সময় কিদৰে কটাই ভাল পায় ?
: মোৰ আজৰি সময় নাই বুলিয়েই ক’ব পাৰি । তথাপি কিতাপ, আলোচনী, বাতৰিকাকত আদি পঢ়ি, চিনেমা চাই, গান শুনি সময় কটাবলৈ ভাল পাওঁ ।
দৈনন্দিন জীৱনত কোনবোৰ কথাই আপোনাক মনোকষ্ট দিয়ে আৰু কোনবোৰ কথাই সাহস দিয়ে ?
: যেতিয়া কোনো লোকক তেওঁৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হয়, অৱহেলিত হয়, সেই কথাবোৰে মোক বুজাব নোৱাৰাকৈ কষ্ট দিয়ে । নানা ঘাত-প্ৰতিঘাত, নানা বাধা, প্ৰতিকূলতা হেলাৰঙে পাৰ হৈ যদি কোনোবাই সফলতাৰ শিখৰত খোজ দিয়ে সেই কথাবোৰে মোক যথেষ্ট সাহস দিয়ে ।
এটা অতি ব্যক্তিগত প্ৰশ্ন, প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি ? প্ৰেম হৈছেনে কেতিয়াবা কাৰোবাৰ প্ৰতি ?
: মানৱ জীৱনক প্ৰেমেই ঋদ্ধ কৰে । প্ৰেমে অনন্য অনুভূতি জগায় । প্ৰেমে আমাৰ চৌপাশ অধিক আকৰ্ষণীয় আৰু সৌন্দৰ্যশালী কৰি তোলে । নিশ্চিতভাৱে মোৰো প্ৰেম হৈছিল ।
আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি ? দিব্যাংগসকলৰ বাবে বিশেষভাৱে কিবা কৰাৰ পৰিকল্পনা আছে নেকি ?
: বৰ্তমান এখন কিশোৰ গল্প সংকলন প্ৰকাশ কৰাৰ পৰিকল্পনা কৰি আছোঁ । দিব্যাংগসকলক তেওঁলোকৰ সামৰ্থ্য অনুযায়ী নিজৰ নিজৰ প্ৰতিভা বিকাশৰ বাবে মই ইতিমধ্যে তেওঁলোকক অনুপ্ৰাণিত কৰি আহিছোঁ । আগলৈও কৰি যাম । অনাগত দিনত তেওঁলোকৰ বাবে কিবাকিবি কৰাৰ পৰিকল্পনা আছে মোৰ ।
এইখিনি সময় দিয়া বাবে আপোনাক অশেষ ধন্যবাদ । আপোনাৰ পৰিকল্নাবোৰ বাস্তৱত ৰূপায়িত হওক তাৰেই কামনা কৰিছো । এই সৰু কথোপকথনৰ মাজেৰে আপোনাৰ যি শক্তিশালী মন আৰু জীৱনাদৰ্শৰ সম্ভেদ আমি পালো তাৰ দ্বাৰা বিন্দুৰ পাঠকসকল নিশ্চয় অনুপ্ৰাণিত হ’ব । আগলৈয়ো আজিৰ দৰেই আপুনি অসহায়সকলৰ অনুপ্ৰেৰণা হৈ থাকক তাৰে কামনাৰে আজিলৈ বিদায় লৈছো ।
: আপোনাকো অপৰিসীম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ l