জীৱন যুঁজৰ অক্লান্ত সৈনিক কথা নিবেদিতা

জীৱন যুঁজৰ অক্লান্ত সৈনিক কথা নিবেদিতা

দৃষ্টিহীনা যুৱতী কথা নিবেদিতাৰ মনৰ কথা

আজি আমি পাঠকৰ আগত পৰিচয় কৰাব বিচাৰিছোঁ কাৰ্বি আংলং জিলাৰ ডিফুৰ ‘কথা নিবেদিতা’ৰ সৈতে । স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা অৱস্থাতে দুৰ্ভাগ্যক্ৰমে নিবেদিতা সম্পূৰ্ণ দৃষ্টিহীন হৈ পৰে যদিও তেওঁ জীৱনৰ সকলো প্ৰতিকূলতাক নেওচি কৰ্মক্ষেত্ৰত নিজৰ অনন্য অৱদানেৰে উজ্জ্বলি উঠিছে । ২০১৪ চনৰ পৰা শিক্ষয়িত্ৰী হিচাপে তেওঁ আৰ্থিকভাৱে পিছপৰা লোকৰ সন্তানক বিনামূলীয়াকৈ শিক্ষাদান কৰে । তেওঁলোকৰ স্বেচ্ছাসেৱী সংস্থা ‘স্বপ্নলোক’ৰ পৰা প্ৰত্যেক শীতৰ সময়ত অভাৱগ্ৰস্ত লোকৰ মাজত উমাল বস্ত্ৰ বিতৰণ কৰা হয় । প্ৰতি দেওবাৰে ৭:৩০ বজাত স্বপ্নলোক ফেচবুকৰ পেজৰ পৰা সাক্ষাৎকাৰ অনুষ্ঠানত তেওঁ ঘোষকৰ দৰে এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে । তেওঁৰ বিভিন্ন প্ৰশ্নৰ সম্মুখীন হয় শিল্পী , সাহিত্যিক সমাজকৰ্মী, অভিনেতা-অভিনেত্ৰী বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠাপক, সম্পাদক আদি বহু লোক । আহকচোন আজি ‘কথা নিবেদিতা’ৰ জীৱনৰ কিছু কথা জানিবলৈ প্ৰয়াস কৰোঁ ।

 

বিন্দুৰ হৈ নতুন বছৰৰ শুভেচ্ছা জনাইছো ।

: বিন্দু আলোচনীৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

আপোনাৰ জন্ম আৰু জন্মস্থান সম্পৰ্কে বিন্দুৰ পাঠকসকলক জনাওকচোন ।

: মোৰ জন্মস্থান কাৰ্বি আংলং জিলাৰ ডিফু চহৰত । মোৰ শৈশৱ কৈশোৰৰ দিনবোৰ ডিফুতেই পাৰ হৈছিল। আৰু বৰ্তমানো মই ডিফুতেই আছোঁ।

 আপোনাৰ আনুষ্ঠানিক শিক্ষা বিষয়ে জনাব ?

: ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা মই স্নাতক ডিগ্ৰী লাভ কৰিছোঁ ।

আপোনাৰ শিক্ষা জীৱনৰ সময়তে এটা দুৰ্ঘটনা সংঘটিত হৈছিল । সেই ঘটনাটোৰ বিষয়ে আমি জানিব বিচাৰিম ।

সেই সময়ত আমাৰ ঘৰত গুৰুতৰভাৱে আৰ্থিক সমস্যাৰ সৃষ্টি হৈছিল । দেউতাৰ মৃত্যুৰ লগে লগেই উপাৰ্জনৰ পথ ৰুদ্ধ হৈছিল । আনহাতে মই দশম শ্ৰেণীত পঢ়ি থাকোঁতেই এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিলোঁ । ঘৰখনক কিছু সকাহ দিবলৈকে মই এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কাম কৰিবলৈ ধৰিছিলোঁ । তাৰ সমান্তৰালভাৱে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছিলোঁ । আৰু একে সময়তে মাছ কমিউনিকেশ্যনৰ ডিপ্লমা কোৰ্চ কৰি আছিলোঁ । কিন্তু
তেনে সময়তে মোৰ আনটো চকুৰো সমস্যা হ’বলৈ ধৰে । মই ঘৰলৈ উভতি আহি চকুৰ চিকিৎসা ল’বলৈ আৰম্ভ কৰিলোঁ যদিও মোৰ ওচৰত আধুনিক চিকিৎসা বিজ্ঞান হাৰ মানিবলৈ বাধ্য হ’ল আৰু তিনিমাহ ভিতৰত মই সম্পূৰ্ণ অন্ধত্বক সমগ্ৰ জীৱনৰ বাবে স্বীকাৰ কৰি ল’লো । তেনেকৈয়ে মোৰ শিক্ষা জীৱন আধৰুৱা হৈ ৰয় ।

সেই অবাঞ্ছিত ঘটনাটোৰ পিছত আপুনি অন্য এক অভাৱনীয় জীৱনলৈ উভতি গৈছিল । ক’বলৈ হ’লে এটা সাধাৰণ জীৱনৰ পৰা অসাধাৰণ জীৱনলৈ, আচলতে জটিল বুলিও ক’ব পাৰি । পৰিৱৰ্তিত সেই জীৱনৰ সৈতে কেনেদৰে অভ্যস্ত হৈছিল ?

: আচলতে সেই সময় মোৰ বাবে যথেষ্ট কঠিন আছিল । পোহৰৰ পৃথিৱীৰ পৰা অন্ধকাৰ পৃথিৱীত জীৱন অতিবাহিত কৰিবলগীয়া হোৱা কথাটো ইমান সহজ নাছিল প্ৰথমাৱস্থাত । কাৰণ আগতে মোৰ জীৱন বহুত ফাষ্ট আছিল । চিকিৎসকে জানিবলৈ দিছিল— উন্নত চিকিৎসাই হয়তো দৃষ্টিশক্তি ঘূৰাই আনিব পাৰিব কিন্তু সেয়া দীৰ্ঘম্যাদী নহ’বও পাৰে, আৰু সেই অস্ত্ৰোপচাৰ যথেষ্ট ব্যয়বহুল । আমি জানিছিলোঁ সেই বিপুল পৰিমাণৰ ধন আমি কোনোপধ্যেই যোগাৰ কৰিব নোৱাৰিম । কথাবোৰ ভাবি হতাশ হৈ পৰিছিলোঁ । মনলৈ আহিছিল ইয়াতেই সকলো খতম । তিনিমাহ ধৰি লাহে লাহে দৃষ্টিশক্তি কমি কমি একেবাৰে নোহোৱা হৈ গৈছিল । আজিও মনত পৰে এটা ঘটনালৈ, সেইদিনা অন্তৰংগ বান্ধৱী এজনী মোৰ ওচৰলৈ আহিছিল । আৰু মই তাইক দেখা নাই বুলি দুখেৰে প্ৰকাশ কৰিছিলোঁ । তাই কান্দি কান্দি এষাৰ কথা কৈছিল— ‘এতিয়াৰ পৰা তই বাৰু অকলে বাহিৰলৈ নাযাবি ।’ খুব কম সময়তে মই অনুভৱ কৰিছিলোঁ মোৰ এটা ইন্দ্ৰিয় নিষ্ক্ৰিয় হ’ল যদিও বাকী ইন্দ্ৰিয়সমূহ দ্ৰুত গতিত সক্ৰিয় হৈ উঠিছে । ঘ্ৰাণেন্দ্ৰিয়, ঘ্ৰাণেন্দ্ৰিয়, স্পৰ্শেন্দ্ৰিয় আদি ইন্দ্ৰিয়সমূহে মোক মই হিচাপে জীয়াই থকাত অবিশ্বাস্যভাৱে সহায় কৰিলে । দৃষ্টিয়ে পৰিচিত কৰাব নোৱাৰা বস্তুবোৰৰ সৈতে লাহে লাহে গোন্ধ, শব্দ, স্পৰ্শই বুজাব ধৰিলে । মই বাৰে বাৰে এটাই কথা কওঁ আমি সহজ সময়ত অনুধাৱন কৰিব নোৱাৰোঁ আচলতে আমাৰ ভিতৰত কিমান শক্তি সঞ্চিত হৈ আছে ।

 ইয়াৰ মাজতে আপুনি শিক্ষকতাৰ লগতে ৰাজহুৱা কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া কিদৰে সম্ভৱ হৈছিল জানিব পাৰোঁনে ?

: অলপ আগতে ক’লো যে মোৰ জীৱন বহুত ফাষ্ট আছিল । চিকিৎসালয়ত কাম কৰি থকা দিনবোৰত শনিবাৰ, দেওবাৰ বুলিও কোনো কথা নাছিল মোৰ জীৱনত । আছিল মাথোঁ ব্যস্ততা । কামৰ ব্যস্ততা, পঢ়াৰ ব্যস্ততা । কিন্তু তাৰ মাজতে আহি উপস্থিত হোৱা বিপৰ্যস্ত সময়ে সম্পূৰ্ণ জীৱনটোৱেই সলনি কৰি দিছিল । খাবলৈও আহৰি নোহোৱা মই জনীৰ অৱস্থা এনেকুৱা পৰ্যায়লৈ আহিছিল যে তেতিয়া সময় মোৰ বাবে অফুৰন্ত । তিনিমাহৰ ভিতৰত দৃষ্টি কমি কমি গৈ আছিল আৰু মই নিৰুপায় হৈ মাথোঁ চাই ৰৈছিলোঁ । প্ৰতিদিনে পুৱাই ৰ’দত দুহাত মেলি চাওঁ, আজি চকুৰে কিমানখিনি দেখিবলৈ সক্ষম হৈছোঁ । লাহে লাহে সকলো ধূসৰ হৈ গৈ আছিল । কিতাপ পঢ়িব নোৱাৰা হ’লো টিভি চাব নোৱাৰা হ’লো । গতিশীলতা যেন অকস্মাৎ ৰুদ্ধ হৈ পৰিল । কৰ্মহীন হৈ ঘৰতে বহি থাকিবলগীয়া হোৱাত প্ৰচণ্ড ক্ষোভ আৰু হতাশাই মনক আৱৰি ধৰিলে । ২০১৪ চন । জীৱনৰ সেই চৰম দুৰ্যোগপূৰ্ণ দিনবোৰতে এদিন কথা প্ৰসংগত কৈছিলোঁ— ‘মই কোনো কামৰ জৰিয়তে নিজক ব্যস্ত কৰি ৰাখিব খোজোঁ ।’ আৰু তাৰ ফলশ্ৰুতিত জন্ম হৈছিল স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্বপ্নলোক’ৰ । স্বপ্নলোক এটা এনে দ্বাৰা আৰ্থিকভাৱে পিছফালে ল’ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰা হয় । আজি স্বপ্নলোক সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিশ্বৰ বিভিন্ন স্থানত পৰা প্ৰৱাসী লোক জড়িত হৈছে ।

 আপোনাৰ অন্য এটা পৰিচয় আছে এংকৰ ( ঘোষক ) হিচাপে, ইয়াৰ বিষয়ে আমি জানিব বিচাৰিম ।
: সৰুৰে পৰা মোৰ এটি সপোন আছিল এংকৰ হোৱাৰ । জাৰ্ণালিষ্ট পঢ়িছিলো। মঞ্চ আৰু মাইকৰ সৈতে মোৰ প্ৰেম বহুদিনীয়া । দৃষ্টিশক্তি হেৰুউৱাৰ পিছতো কিন্তু সেই অভিলাষী সপোনটো মই অহৰহ নিজৰ মাজত কঢ়িয়াই লৈ ফুৰিছিলোঁ । এই সপোন বাস্তৱ হৈছিল ২০২০ চনৰ ২০ চেপ্তেম্বৰত । স্বপ্নলোক ফেচবুকৰ পেজৰ পৰা ‘চানডে ফ’কাচ নামৰ এটি অনলাইন সাক্ষাৎকাৰ অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছিল । বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা লোকসকলক চানডে ফ’কাচ অনুষ্ঠানৰ জৰিয়তে লাইভ টেলিকাষ্ট কৰা হয় য’ত মই এংকৰিং কৰোঁ ।

আপোনাক কিহে লেখাই অনুপ্ৰেৰণা যোগায় ?

: যিসকলে কঠিনতাৰ মাজতো জীৱনটো সুন্দৰকৈ উদ্ যাপন কৰে তেওঁলোকেই মোক অনুপ্ৰেৰণা যোগায় ।

 সমাজ সেৱাৰ জৰিয়তে আপুনি সমাজৰ কোনবোৰ দিশ উন্মোচন কৰিব বিচাৰে ?

: আটাইতকৈ ডাঙৰ কথা মানুহ শিক্ষিত হোৱাতো অতি গুৰুত্বপূৰ্ণ কথা। শিক্ষিত মানে ছাৰ্টিফিকেট গোটোৱা কাম নহয় । কাৰোবাৰ শিক্ষাৰে যদি ১০ জন উপকৃত হৈছে তেন্তে সেয়াই উপযুক্ত শিক্ষা বুলি মই ভাবো ।

আপুনি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰি হতাশাগ্ৰস্থসকলক আশাৰ বতৰা বিলাই আহিছে । এই মানসিক শক্তি আপুনি ক’ৰ পৰা আহৰণ কৰিলে বুলি নিজে অনুভৱ কৰে ?

: প্ৰথমতে কথাটো ধাৰণ কৰোঁ । তাৰ পিছত অন্যক কওঁ। মই কৈ গৈছোঁ । কিন্তু কোনে মটিভেট হৈছে সেয়া নাজানো ।

অতিক্ৰান্ত দিনবোৰত এনে কোনো অভিজ্ঞতা হৈছেনে য’ত আপোনাৰ শাৰীৰীক অৱস্থাক লৈ কোনোবাই নেতিবাচক মনোভাব পোষণ কৰি আপোনাক দুখিত কৰিছে ?

: নেটিবাচক কথা শুনিছোঁ, অনেকবাৰ শুনিছো । কিন্তু সেইবোৰ কথাই মোক দুখিত কৰিব পৰা নাই কেতিয়াও । যেতিয়া মই পঢ়ুৱাম বুলি শুনিছিল বহুতেই ইতিকিং কৰিছিল । অন্ধ মানুহে কিদৰে পঢ়ুৱাব তাক লৈ যথেষ্ট সন্দিহান হৈছিল । কিন্তু যাৰ প্ৰয়োজন আছিল তেওঁলোক আহিছিল পঢ়িবলৈ ।

জীৱন সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি ?

: জীৱন এক সুযোগ । মানুহৰ ভিতৰত যিমানখিনি সম্ভাৱনা থাকে সেই সম্ভাৱনাখিনিক লৈ আগুৱাই যোৱাৰ নামেই জীৱন।

আপুনি বিশেষভাৱে কোনোবা মহান ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত নে ?

: স্বামী বিবেকানন্দ। ৰবীন্দ্ৰ নাথ ঠাকুৰ।

 আপুনি আজৰি সময় কিদৰে কটাই ভাল পায় ?

: অডিঅ’ বুক শুনি সময় কটাও ।

 প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি ? প্ৰেম হৈছেনে কেতিয়াবা কাৰোবাৰ প্ৰতি ?

: প্ৰেম অবিহনে সৃষ্টি অসম্ভৱ । জীৱনক ভাল পাওঁ, কামক ভাল পাওঁ, কামৰ প্ৰতি মোৰ প্ৰেম আছে । কামপ প্ৰতি মোৰ অন্তৰত তীব্ৰ প্ৰেম, সেয়ে মই নিৰন্তৰ কাম কৰি থাকিব পাৰোঁ ।

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি ?

: স্বপ্নলোকক আগুৱাই নিয়া । স্বপ্নলোকৰ জৰিয়তে অসংখ্য মানৱ সম্পদ গঢ়ি তোলা আৰু লগতে নিজকো ভাল মানুহ হিচাবে গঢ়ি তুলিব পাৰোঁ যাতে সেয়াই পৰিকল্পনা । যদি মোৰ দৃষ্টিত মই বেয়া হওঁ তেন্তে ভাল হ’বলৈ নিজক বাৰে বাৰে ভাঙিম বাৰে বাৰে গঢ়িম ।

আমাৰ পাঠকসকলক আপোনাৰ বহুমূলীয়া সময় দিয়া বাবে অশেষ ধন্যবাদ জনাইছোঁ নিবেদিতা । আপোনাৰ সফল জীৱনৰ কামনা কৰিলোঁ ।

 

সাক্ষাৎগ্ৰহণঃ হিয়া দাস

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *