উদীয়মান ‘শক্তি উত্তোলন’ ( Powerlifting ) খেলুৱৈ ‘অনুৰাগ ভঁৰালী

উদীয়মান ‘শক্তি উত্তোলন’ ( Powerlifting ) খেলুৱৈ ‘অনুৰাগ ভঁৰালী

উদীয়মান খেলুৱৈ অনুৰাগ ভঁৰালী

বিন্দু ৰ পাঠকসকলক আমি পৰিচয় কৰাব বিচাৰিছোঁ উত্তৰ-পূবৰ মানচেষ্টাৰ ‘শুৱালকুছি’ৰ সুযোগ্য সন্তান, নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান ‘শক্তি উত্তোলন’ ( Powerlifting ) খেলুৱৈ ‘অনুৰাগ ভঁৰালী’ৰ সৈতে । যিয়ে আৰ্থিক অনাটনৰ মাজতো নিজ প্ৰতিভাৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । আহকচোন আমি সেইগৰাকী প্ৰচুৰ সম্ভৱনাপূৰ্ণ খেলুৱৈৰ সৈতে কিছু কথা পাতোঁ ।

 

বিন্দুৰ হৈ তোমাক আন্তৰিক শুভেচ্ছা জনাইছো ।:

-বিন্দুৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ ।

তোমাৰ জন্মস্থান সম্পৰ্কে বিন্দুৰ পাঠকসকলক জনাবা ।

: মোৰ জন্মস্থান হৈছে শুৱালকুছি। পাট-মূগাৰ কাপোৰৰ কাৰণে কাৰণে বিখ্যাত এখনি গাওঁ।

তুমি আনুষ্ঠানিক শিক্ষা ক’ত গ্ৰহণ কৰিছিলা ?

: শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

কেতিয়াৰ পৰা খেলিবলৈ আৰম্ভ কৰিছিলা ?

: ২০১২ ৰ পৰা। আৰ্থিক সমস্যাৰ বাবে মাজতে ৫ বছৰ খেলৰ পৰা আতৰিe থাকিবলগীয়াও হৈছিল ।

খেলুৱৈ হোৱাৰ কথাটো কেনেকৈ মনলৈ আহিল আৰু কাৰ পৰা প্ৰেৰণা পালা ?

: দূৰদৰ্শণত ৰেচলিং এম এম এ ফাইটিং আদি চাই শৰীৰ চৰ্চাৰ কাৰণে মনত ইচ্ছা জাগিছিল । তাৰপিছত জিম জইন কৰিলোঁ । তাত গৈ আমাৰ গাঁৱৰে দুজনমানক দেখিলোঁ শক্তি উত্তোলন কৰা, আৰু তেনেকৈয়ে প্ৰেৰণা পাইছিলোঁ ।

কাৰ খেলে তোমাক অনুপ্ৰেৰণা যোগায় ?

: ‘Eddie Hall’ ৰ খেলে ।

 শাৰীৰিক বা আৰ্থিক সীমাবদ্ধতাই সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে– কথাষাৰ আপুনি কেনেদৰে গ্ৰহণ কৰি আহিছে ?

: একেবাৰে হেঙাৰ নহয় বুলি নকওঁ মই, কিয়নো শক্তি উত্তোলন এখন অতি ব্যয়বহুল খেল । আৰ্থিক সমস্যাৰ বাবে মই মাজতে ৫ বছৰ অনিচ্ছাসত্বেও খেলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। কিন্তু মনত যদি কোনো এটা কামৰ কাৰণে আগ্ৰহ থাকে তেতিয়া যিকোনো প্ৰকাৰে সফল হ’ব পাৰি ।

খেলুৱৈ হিচাপে প্ৰাপ্ত কৰা বিশেষ কৃতিত্বৰ বিষয়ে আমাৰ পাঠকসকলক জনাবা ।

: জিলা ভিত্তিক— গুৱাহাটী ২০১৩ ত ১টা ব্ৰঞ্জকে ধৰি তিনিটা সোণৰ পদক ।
ৰাজ্যিক পৰ্যায়ত— শুৱালকুছি, যোৰহাট আৰু বৰমাত ৰূপৰ পদক ।
নগাঁও আৰু অৰুণাচলত মুঠ ৪ টা সোণৰ পদক ।
ৰাষ্ট্ৰীয় পৰ্যায়ত—কৰিমগঞ্জ শিলচৰ আৰু মনিপুৰত ৩ টা সোণৰ পদক । গুৱাহাটীত দুটা আৰু দিল্লীত এটা সোণৰ পদক আৰু এটা ৰূপৰ পদক । আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰ সৰ্বশ্ৰেষ্ঠ উত্তোলক ।

খেলুৱৈ হিচাপে লাভ কৰা তিতা মিঠা অভিজ্ঞতাৰ বিষয়ে জনাবা নেকি ।

: খেলুৱৈ হিচাপে কবলৈ গলে প্ৰথমাৱস্থাত মিঠা অভিজ্ঞ তাতকৈ তিতা অভিজ্ঞতা বেছি আছিল । ‘শক্তি উত্তোলন খেল সমিতি অসম’ৰ পৰা কোনো ধৰণৰ সমৰ্থন পোৱা নাছিলোঁ । খেলিবলৈ যাওঁতে ৰেলৰ শৌচাগাৰৰ ওচৰত বহি যাবলগীয়া পৰ্যন্ত অৱস্থা হৈছিল । তাৰপিছত বেয়া আৰ্থিক অৱস্থাৰ বাবে উপায়বিহীন হৈ নিজৰ পইচাৰে টিকট কাটি যাবলগীয়া হৈছিল। দিল্লীত খেলিবলৈ যাওঁতে তাৰ খেল সমিতিয়ে অন্যায় কৰি পাবলগীয়া পদকো মোক নিদিলে । ক’বলৈ গলে কষ্ট কৰি পোৱা সফলতাৰ বাদে মিঠা অভিজ্ঞতা তেনেকৈ নাই বুলিবই পাৰি ।

বৰ্তমান সময়লৈকে তুমি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ভিত্তিত কিমানখন খেল খেলিলা ? ক’ত ক’ত খেলিলা ?

: মুঠ ১১ খন খেল খেলিলোঁ । বৰ্তমানলৈকে মই শুৱালকুছি ,বৰমা, নগাও আৰু যোৰহাটত ৰাজ্যিক পৰ্য্যায়ত । শিলচৰ, মনিপুৰ, কৰিমগঞ্জ, হিমাচল প্ৰদেশ ,চেন্নাই ,গুৱাহাটী আৰু দিল্লী ৰাষ্ট্ৰীয় পৰ্যায়ত ।

জীৱন সম্পৰ্কে তোমাৰ দৃষ্টিভংগী কি ?

: জীৱন মানে সংগ্ৰাম । সংগ্ৰাম কৰি কৰিয়েই আজি এই পৰ্যায় পাইছোঁ ।

তুমি বিশেষভাৱে কোনোবা মহান ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিতনে ?

: মা-দেউতাৰ বাহিৰে আন কাৰো পৰা অনুপ্ৰেৰণা পোৱা নাই। তাৰোপৰি মই নিজেই নিজকে অনুপ্ৰেৰণা দি আহিছোঁ ।

 আজৰি সময় কিদৰে কটাই ভাল পোৱা ?

: মটৰ চাইকেল চলাই ফুৰিবলৈ গৈ খুবেই ভাল পাওঁ ।

দৈনন্দিন জীৱনত কোনবোৰ কথাই তোমাক সাহস দিয়ে ?

: মোলৈ থকা মোৰ পৰিয়ালৰ মৰম আৰু সমৰ্থনে যথেষ্ট সাহস দিয়ে ।

 নৱপ্ৰজন্মক তুমি কি বাৰ্তা ( মেছেজ ) বাৰ্তা দিব খোজা ?

: মই ক’ব খোজোঁ— just stay fit and healthy।

তোমাৰ ভৱিষ্যত পৰিকল্পনা কি ?

: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন খেলুৱৈ হিচাপে অভিলেখ গঢ়াৰ ।

আলোচনীৰ ফালৰ পৰা তোমালৈ অশেষ শুভাকাংক্ষা জ্ঞাপন কৰিছোঁ অনুৰাগ ভৰালী । আশা কৰোঁ তুমি তোমাৰ মহৎ কৰ্মৰে সদায় আমাৰ দেশৰ উজ্জ্বল নক্ষত্ৰৰ জিলিকি থাকা ।

 

  1. সাক্ষাৎগ্ৰহণকাৰী— হিয়া দাস ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *