কুসংগত পৰিছে নেকি আপোনাৰ সন্তান?

কুসংগত পৰিছে নেকি আপোনাৰ সন্তান?

আপোনাৰ সন্তানৰ বন্ধুবোৰ

কুসংগত পৰিছে নেকি আপোনাৰ সন্তান?

গৰীমা ৰাজবংশী

বন্ধু-বন্ধৱীৰ আচৰণ আৰু জীৱনশৈলীয়ে সৰু ল’ৰা-ছোৱালীৰ মনোজগতত সহজেই গভীৰ প্ৰভাৱ পেলাব পাৰে৷ আৰু এটা নিৰ্দিষ্ট বয়সৰ পিছত বন্ধু-বান্ধৱীবোৰ পিতৃ-মাতৃতকৈও যেন ঘনিষ্ঠ হৈ পৰে৷ কি কাপোৰ পিন্ধিব, কি খাদ্য খাব আদিবোৰ কথাত বন্ধুৰ পচন্দইহে অগ্ৰাধিকাৰ পাবলৈ ধৰে৷ বন্ধু-বান্ধৱীৰ অনুমোদন অবিহনে কোনো সিদ্ধান্তই যেন সম্পূৰ্ণ হ’ব নোৱাৰে৷

…এই যে ঋত্বিকা৷ কলেজত ভৰ্তি হৈছিল মাত্ৰ৷ কিন্তু তাইৰ কলেজলৈ যাবলৈ মন নাই৷ কাৰণ তাইৰ সকলো যান্ধৱীৰ বয়ফ্ৰেণ্ড আছে৷ একেলগে ফুৰে, খাবলৈ ওলাই যায়, ইজনে সিজনক দামী উপহাৰ দিয়ে৷ সিহঁতৰ মাজত যেন ঋত্বিকা এজনী বাহিৰৰ প্ৰেথিৱীৰ ছোৱালী৷ ১৮ বছৰ বয়সতো প্ৰেমিক নথকাৰ বাবে যেন হীনমন্যতাৰ অন্ত নাই৷ বন্ধু-বান্ধৱীৰ কথাত ডেটিং চাইটতো পঞ্জীয়ন কৰিছে নতুন ল’ৰাৰ লগত কথা পাতিবলৈ৷ পিছে তাই হতাশ হৈছে….!

এয়া এটা উদাহৰণ মাথোঁ৷ ঋত্বিকাৰ দৰে বহুতেই সমনীয়াৰ হেঁচাৰ বলি হয়৷ কিশোৰ-কিশোৰীৰ বাবে বন্ধু-বান্ধৱীৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি৷ বেছিভাগ শিশোৱে বন্ধু-বান্ধৱীৰ পৰা পোৱা সকলো পৰামৰ্শ বেদবাক্য বুলি লয়৷ বন্ধু-বান্ধৱীৰ লগত খোজ মিলাই চলাৰ মানসিকতা এই বয়সতে গঢ় লৈ উঠে৷ কিন্তু বন্ধু বান্ধৱীৰ সকলো কথাই যে বেয়া প্ৰভাৱ পেলাই তেনেও নহয়৷ কেতিয়াবা ভাল অভ্যাসো গঢ় লৈ উঠে৷ টিভি নোচোৱাকৈ ক্লাছৰ পাঠ সকলোৱে একে উশাহতে পঢ়ি শেষ কৰা, বেষ্ট ফ্ৰেণ্ডৰ পৰা ছুডোকু সোনকালে সমাধান কৰিবলৈ শিকা বা নতুন কিবা এটা শিকি শ্ৰেণীৰ সকলোকে আচৰিত কৰা – এইবোৰ বন্ধুৰ প্ৰভাৱৰ ইতিবাচক দিশ৷ কিন্তু কম বেছি পৰিমাণে প্ৰতিজন অভিভাৱকে বুজি পায় যে নিজকে বন্ধু-বান্ধৱীসকলৰ দৰে মেচিউৰড দেখুৱাবলৈ ধূমপান কৰা, ক্লাছ খতি কৰা, প্ৰেমত পৰা আদি কেতিয়াও উচিত কথা নহয়৷ কিন্তু সেই কথা আপুনি আপোনাৰ সন্তানক কেনেকৈ বুজাব? সন্তানৰ মানসিক অৱস্থাক গভীৰভাবে অনুভৱ কৰি সুপৰিকল্পিতভাবে কাৰ্যব্যৱস্থা হাতত নললে হিতে বিপৰীত হোৱাৰহে অধিক ভয়৷ বন্ধু-বান্ধৱীৰ সৈতে সামাজিক যোগাযোগ এৰাই চলিলে ইয়াৰ প্ৰভাৱ আৰু বেছি বেয়া হ’ব পাৰে৷ বৰঞ্চ শিশুটিৰ লগত অধিক সহজ হ’বলৈ চেষ্টা কৰক৷ সৰুৰে পৰা ভাল বেয়া বিচাৰ কৰিবলৈ শিকাওঁক৷

নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলক
শিশুটিক সৰুৰে পৰাই নিজস্ব পৰিচয় গঢ়ি তোলাত সহায় কৰক৷ সমনীয়াৰ লগত তুলনা নকৰাকৈ তেওঁক নিজৰ দৰে বাঢ়ি যোৱাত উদ্‌গনি যোগাওঁক৷ আন কাৰোবাৰ ল’ৰা পঢ়াত ভাল বুলিয়েই সন্তানক ক্লাছত প্ৰথম হ’বলৈ অতিৰিক্ত হেঁচা প্ৰয়োগ নকৰিব৷ আনৰ সন্মুখত নৃত্য-গান-চিত্ৰাংকন-সাঁতোৰ আদি সকলো পাঠ্যক্ৰমৰ বাহিৰৰ কামত অংশ ল’বলৈ আপোনাৰ সন্তানক জোৰ নকৰিব৷ ইয়াৰ পৰাই কিন্তু আৰম্ভ হয় সমনীয়াৰ হেঁচা৷ পঢ়া-শুনা, খেলা-ধূলা আদিৰ দৰে চখক উৎসাহিত কৰক আৰু কোনটো চখ তেওঁ অধিক মনোযোগেৰে উপভোগ কৰে তাৰ নজৰ ৰাখক৷ সেই বিশেষ কাৰ্যকলাপটোৰ বিষয়ে আলোচনা কৰক, অধ্যয়ন কৰক যাতে তাৰ দ্বাৰা অন্য সমনীয়াৰ মাজত অনন্য হৈ তেওঁ উজ্জ্বলি উঠিব পাৰে৷ ইয়াৰ বাবে আপোনাৰ পুৰণি মানসিকতা সলনি কৰিবলগীয়া হ’ব পাৰে৷ কিয়নো প্ৰথম চৰ্তটোৱেই হ’ল আপোনাৰ সন্তানক সমনীয়াৰ ঋণাত্মক হেঁচাৰ পৰা আঁতৰাই ৰখা৷

সঠিক মূল্যবোধৰ শিক্ষা দিয়ক
জীৱনৰ বিভিন্ন জটিলতাৰ বাবে কেতিয়াবা প্ৰাপ্তবয়স্কৰ বাবেও কি উচিত আৰু কি অনুচিত সেয়া থিৰাং কৰাত কঠিন হৈ পৰে৷ ল’ৰা-ছোৱালীও ইয়াৰ ব্যতিক্ৰম নহয়! সস্তীয়া মূল্যবোধৰ ব্যৱস্থাই সিদ্ধান্ত গ্ৰহণৰ সময়ত সৰুক সদায় ভুল দিশলৈ লৈ যায়৷ সৰুৰে পৰা সন্তানৰ আগত নিজকে আদৰ্শ হিচাপে উপস্থাপন কৰাটো অতি প্ৰয়োজনীয়৷ নিজে চিগাৰেট খাই অীনক খাবলৈ বাধা প্ৰদান কৰিবলৈ যোৱাটো একেবাৰে মূল্যহীন কথা৷ সময়মতে কাম কৰিবলৈ শিকা, বয়োজ্যেষ্ঠক সন্মান কৰা, স্বাস্থ্যসন্মত অভ্যাস অনুসৰণ কৰা, নিজৰ সামৰ্থৰ ভিতৰত খৰচ কৰা ইত্যাদি অভ্যাস গঠনে শিশুক অনুশাসিত কৰি তোলে আৰু ভাল ৰুচিৰ বিকাশ ঘটায়৷

চিন্তা কৰাৰ স্বাধীনতা দিয়ক
কেতিয়াবা কৈশোৰ কালত শিশোৱে নিয়ম ভংগ কৰাৰ আনন্দতো নিয়ম ভংগ কৰে৷ অলপ সংবেদনশীল হেণ্ডলিং কৰিলে এই সমস্যা সমাধান হ’ব পাৰে৷ অলপ ডাঙৰ হোৱাৰ পিছত তেওঁলোকক কিছু আজৰি দিয়ক আৰু লগতে দায়িত্বও দিয়ক৷ তেতিয়াহে তেওঁলোকে তেওঁলোকৰ গুৰুত্ব বুজিব৷ লগতে দায়িত্ব ল’বলৈ শিকাওক৷ আপুনি সহায় কৰিব লাগিব৷ উদাহৰণস্বৰূপে, আপোনাৰ শিশুটিক মিল্কশ্বেক আৰু চকলেট শ্বেকৰ মাজৰ পৰা এটা বাছি ল’বলৈ কওক৷ তেওঁলোকৰ পছন্দ অনুসৰি বাছি লোৱাৰ পিছত কিয় সেইটোহে বাছি ললে তাৰ কাৰণ দৰ্শাবলৈ কওক৷ ইয়ে তেওঁলোকৰ নিজৰ সিদ্ধান্তৰ ওপৰত আত্মবিশ্বাস বঢ়াব৷

বন্ধু-বান্ধৱীক চিনি পাবলৈ শিকাওক
শিশুটিক সৰুৰে পৰাই ভাল বন্ধু বাছনি কৰিবলৈ শিকাওক৷ লগতে তেওঁৰ প্ৰতিও চকু ৰাখিব যাতে তেওঁ এজন ভাল বন্ধু হ’ব পাৰে৷ বন্ধুত্বৰ কোনো নিৰ্দিষ্ট মাপকাঠী নাই৷ কিন্তু কেৱল ফেমিলী ষ্টেটাছ, পঢ়া-শুনা বা খেলা-ধূলাত ভাল হোৱাৰ বাবেই কোনোবা ভাল বন্ধু নহয়৷ কিছুমান কমন ইKI×াৰেষ্ট, একেধৰণৰ মূল্যবোধ, ধুনীয়া আচাৰ-ব্যৱহাৰ, হেল্পফুল নেচাৰ, বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা – এইবোৰেই হৈছে এজন ভাল বন্ধুৰ লক্ষণ৷ বিভিন্ন কাহিনী আৰু উদাহৰণৰ জৰিয়তে এইবোৰ শিশুটিক বুজাবলৈ চেষ্টা কৰক৷ লগতে আপোনাৰ শৈশৱৰ কথা, স্কুল বা কলেজীয়া বন্ধু-বান্ধৱীৰ কাহিনীও কওক৷ ভাল অভিজ্ঞতাৰ লগতে বেয়া অভিজ্ঞতাও শ্বেয়াৰ কৰক৷ ইয়াৰ ফলত তেওঁ বন্ধুত্বৰ প্ৰকৃত অৰ্থ বুজিব৷ বাহ্যিক চাকচিক্যত আকৰ্ষিত হৈ যে বন্ধু নিৰ্বাচন কৰা অনুচিত তাক উপলব্ধি কৰাবলৈ আপোনাৰ ব্যক্তিগত অভিজ্ঞতালব্ধ জ্ঞান তেওঁলোকৰ আগত কৌশলেৰে উপস্থাপন কৰাটো অতি প্ৰয়োজনীয়৷ মাজে মাজে ল’ৰা বা ছোৱালী বন্ধুক ওচৰলৈ মাতি আনিব৷ তেওঁলোকৰ লগত কথা পাতিব৷ কোনে ক’ত থাকে, কি ভাল পায়, কেনেধৰণৰ কাম-কাজত ৰুচি আছে বা তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা সেয়া পৰীক্ষা কৰক৷ তেওঁলোকৰ মনৰ অৱস্থা অনুসৰি অভিভাৱক হিচাপে আপুনি আপোনাৰ সন্তানক পথ প্ৰদৰ্শন কৰিব পৰা অৱস্থাত থাকাটো অতীব প্ৰয়োজন৷ শিশুটিৰ বন্ধু-বান্ধৱীৰ পিতৃ-মাতৃকো চিনি পাবলৈ চেষ্টা কৰক৷ ইয়াৰ দ্বাৰা আপোনাৰ সন্তানে উপযুক্ত বন্ধু বাছি লৈছে নে নাই সেইটো বুজিব পাৰিব৷

সন্তানৰ সৈতে বন্ধুত্ব গঢ়ি তোলক
শিশুটিৰ একে বয়সৰ বন্ধু থাকিলেও আপুনিও তেওঁৰ বন্ধু হোৱাত নি(য় কোনো বাধা নাই৷ শিশুটি ডাঙৰ হোৱাৰ লগে লগে কঠোৰ অনুশাসন বা অত্যধিক মৰমৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ আৰম্ভ কৰক৷ ব্যস্ত থাকিলেও স্কুলৰ পৰা উভতি অহাৰ পিছত বা খেলা-ধূলা কৰাৰ সময়ত সংগ দিয়ক৷ তেওঁ কোৱা স্কুলৰ অভিজ্ঞতাৰ কথা, বন্ধু-বান্ধৱীৰ কথা ভালদৰে শুনক, প্ৰশ্ন কৰক আৰু অধিক ক’বলৈ উৎসাহিত কৰক৷ দ্বিধাহীনভাবে ভয় নকৰাকৈ আপোনাৰ আগত মুকলিকৈ কোৱাৰ সুযোগ দিয়ক৷ বন্ধুসকলৰ সৈতে যোগাযোগ কৰক যে যিকোনো ব্যক্তিগত সংকটৰ সময়ত আপুনি তেওঁলোকৰ বাবে আছে৷ সমনীয়াৰ লগত হোৱা সৰু সুৰা মনোমালিন্য, মন বেয়া লগা, ৰিজাল্ট ভাল নোহোৱা, যি কোনো পাৰ্ছনেল ক্ৰাইচিছ আদিৰ সময়ত আপুনি যে সিহঁতৰ লগত আছে সেয়া জনই দিয়ক৷
আপোনাক এজন ভাল বন্ধু হিচাপে পালে শিশুৰ আত্মবিশ্বাস বাঢ়িব আৰু সঠিক পথত থাকিবলৈ প্ৰেৰণা লাভ কৰিব৷ ….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *