আহক, নিজৰ সৈতে গঢ়ি তোলো ভালপোৱা…

আহক, নিজৰ সৈতে গঢ়ি তোলো ভালপোৱা…

আহক, নিজৰ সৈতে গঢ়ি তোলো ভালপোৱা…

বিনীতা গায়ন

নিজক ভাল পাওঁ
দাপোণত মুখ থৈ গঢ়ি তোলো
নিজৰ স’তে আত্মীয়তা

খুলি থৈ অভিমানৰ পোছাক
সংগোপনে প্ৰৱেশ কৰো নিজৰ ভিতৰত
আৰু
অৱগাহন কৰো মৌন নিৰ্জনতাত…

চেল্‌ফ লাভ, চেল্‌ফ কেয়াৰ… এইবোৰ শব্দ এতিয়াও বহুতৰে অভিধানত বিলাসীতা মাথোঁঁ৷ এই মানসিকতাৰ পৰিৱৰ্তনেৰে ২০২৪ চনৰ ভেলেKI×াইন ডে’ উদযাপন কৰো আহক৷ নিজৰ ভাল লগা, পছন্দ-অপছন্দবোৰক গুৰুত্বসহ গ্ৰহণ কৰিবলৈ লওঁ আহক৷ ৷

কম্ফ’ৰ্ট জ’নৰ বাহিৰত
জীৱনটো কিমান অনিশ্চিত হ’ব পাৰে সেয়া পাৰ হৈ যোৱা কোভিড ১৯ ৰ দুটাকৈ বছৰে আমাক দেখুৱাইছে৷ আৰু সেইবাবেই হয়তো আপুনি ৰিস্ক নলও বুলি ভাবি নিজকে সীমিত বৃত্তত অলসভাৱে আবদ্ধ কৰি ৰাখিছে; কিন্তু ইও এটা কম ৰিস্কৰ কথা নহয়! এনে নহয় যে সকলো পৰিকল্পনাই সঠিক মতে আগবাঢ়িব৷ বৰঞ্চ কেতিয়াবা অৰ্থহীনভাবে সোঁতত ওপঙি থকাটোৱেই হৈ পৰে একমাত্ৰ উপাই৷ সেইবুলি জীৱনত কোনো পৰিকল্পনা নকৰিব বা নিৰ্দিষ্ট কোনো সময়সূচী নাৰাখিব তেনেকুৱাওতো নহয়৷ যিমান পাৰি ফেকচিবল হওক৷ আৰু সৰু সুৰা কথাবোৰত অলপ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ যত্ন কৰিব পাৰে৷ হয়তো আপুনি বহুদিনৰ পৰা গীটাৰ শিকাৰ কথা ভাবি আছিল যদিও বিভিন্ন কাৰণত আপুনি পিছুৱাই আছে৷ এতিয়া গীটাৰৰ ক্লাছত নামভৰ্তি কৰক৷ যিসকল মানুহক প্ৰতিদিনে প্ৰাতঃভ্ৰমণলৈ ওলাই গ’লে দেখা পায়, কিন্তু কথা পাতিবলৈ দ্বিধাবোধ কৰে, কাইলৈ ৰাতিপুৱা এনে এজন ব্যক্তিৰ লগত নিজেই আগবাঢ়ি গৈ চিনাকি হওক৷ এতিয়ালৈকে নৰখা সকলো খবৰৰ প্ৰতি নিজক উৎসুক কৰি তোলক৷ যিকোনো এটা দিনত নিজৰ মাজতে এটা সংকল্প লওক যে ‘আজি কোনো কামকে নকৰো বুলি নকওঁ’ আৰু সেইমতে আগবাঢ়ি যাওক৷ ইয়াৰ ফলত জীৱনলৈ যে কেৱল নতুনত্বহে আহিব সেয়া নহয়, বৰঞ্চ ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব, আত্মপ্ৰত্যয় বাঢ়িব৷ ইমান দিনে কম্ফ’ৰ্ট জ’নত থাকিবলৈ বাধ্য কৰা অপ্ৰয়োজনীয় ভয়বোৰ দিন পাৰ হৈ যোৱাৰ লগে লগে নাইকিয়া হৈ যাব৷

নিজকে অগ্ৰাধিকাৰ দিয়ক
সংসাৰ, পৰিয়াল, অফিচ, আত্মীয়স্বজন, বন্ধু-বান্ধৱীৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ গৈ আমি প্ৰায়ে নিজৰ বিষয়ে চিন্তা কৰিবলৈ পাহৰি যাওঁ আৰু লাহে লাহে সেইটোৱেই আমাৰ অভ্যাস হৈ পৰে৷ নিজৰ বাবে কিবা এটা কৰা বা নিজকে সুখী কৰি ৰখাটো কেতিয়াও স্বাৰ্থপৰতা নহয়৷ কিন্তু আমি সেইটোৱেই ভাবো৷ নিজৰ আনন্দ, স্বাচ্চন্দ্যক অগ্ৰাধিকাৰ দিবলৈ গৈ বহুসময়ত আমি এক প্ৰকাৰৰ অপৰাধবোধত ভুগিবলৈ আৰম্ভ কৰোঁ, যিটো অৰ্থহীন৷ মাজে মাজে পৰিয়াল অথবা চৌপাশৰ মানুহবোৰেকা অগ্ৰাধিকাৰ দিব পাৰে, কিন্তু সেয়া ‘জৰুৰীৰ্’ হ’ব নালাগে৷ আজিৰে পৰা নিজক ভালে ৰখাৰ দায়িত্বটো নিজৰ ওপৰতে ন্যস্ত কৰক৷ ইমান দিনৰ অভ্যাস এদিনতে নি(য় সলনি কৰিব নোৱাৰি৷ প্ৰতিদিনে নিজৰ বাবে কিবা নহয় কিবা এটা কৰি এই যাত্ৰা আৰম্ভ কৰক৷ ঘৰত কোনেও খাব নিবিচাৰিলেও আপোনাৰ প্ৰিয় খাদ্য ৰান্ধক, নিজৰ চৰ্তত নিজৰ ৰুটিন নিৰ্ধাৰণ কৰক, দাম বা আনৰ পছন্দৰ কথা পাহৰি আপোনাৰ প্ৰিয় শাৰীখন কিনি লওক৷ দেখিব, ই আনৰ ওপৰত অন্যায় একচ্‌পেকটেচন সৃষ্টি নকৰে৷ সম্পৰ্কবোৰো ভালে থাকিব৷ “মই সকলোৰে বাবে কৰো কিন্তু মোৰ বাবে কোনেও একো নকৰে”- এই ধৰণৰ কথাবোৰক ঠাই নিদিব৷ আপুনি নিজকে যিদৰে ভাল পায় আৰু সন্মান কৰে, সিয়েই আনক বুজাই দিব যে আপুনি অন্যৰ পৰা কেনে ব্যৱহাৰ বিচাৰে৷ অৱশ্যে চেল্‌ফ অবচেচন বা নাৰ্চিছিজমৰ পাৰ্থক্যও জানিব লাগিব৷ কিন্তু যদি আপুনি সদায় নিজৰ সুখক বেকফুটত ৰাখে তেন্তে দিনটোৰ শেষত আপুনিও সুখী নহ’ব আৰু আপোনাৰ ওচৰ-চুবুৰীয়া মানুহবোৰো ভালে নাথাকিব৷

বি কমফৰ্টেবল ইন ইওৰ ওন স্কিন
পৃথিৱীৰ কোনো দুজন মানুহ একে নহয়৷ সকলোৰে কিবা নহয় কিবা এটা স্বকীয়তা আছে, চৰিত্ৰত, চেহেৰাত, ব্যক্তিত্বত৷ হয়তো কিছুমান তেওঁৰ পছন্দৰ হ’ব পাৰে, কিছুমান নহয় আৰু এই সকলোবোৰ লৈয়েই একোজন মানুহ স্বয়ংসম্পূৰ্ণ৷ কিন্তু নিজৰ এই ব্যক্তিত্বকলৈ অসন্তুষ্ট হোৱাৰ কোনো অৰ্থ নাই৷ নিজকে গ্ৰহণ কৰিবলৈ শিকক৷ নিজৰ প্ৰতি যত্নশীল হওক৷ আপুনি যেনে ঠিক তেনেদৰেই ধুনীয়া, আইনাখনৰ সন্মুখত থিয় হৈ প্ৰতিদিনে এই কথাষাৰ কওক৷ কেবল ক’লেই নহ’ব, অন্তৰৰ পৰা উপলব্ধি কৰিব পাৰিব লাগিব৷ বহুতে কোৱা শুনিছোঁ, ‘মোৰ ছালৰ ৰং ক’লা, ইমান ঘঁহি-পিহি কি হ’ব’, বা ‘এই বয়সত মোক কোনে চাব’… সকলোবোৰ যে কেবল আনক দেখুৱাবলৈহে বা আনৰ ভাল লগা-নলগা, পছন্দ-অপছন্দৰ ওপৰত লক্ষ্য ৰাখিহে কৰিব লী্‌গব, সেইটো কিয় ধৰি লৈছে? নিজৰ প্ৰতি লোৱা যত্নৰ একমাত্ৰ উদ্দেশ্য হ’ব লাগে নিজকে সুস্থ কৰি ৰখা, ভালে ৰখা৷ অনাগত দিনবোৰ এই নতুন দৃষ্টিভংগীৰে আৰম্ভ কৰক৷ হয়তো ৰূপচৰ্চা বা সৌন্দৰ্যৰ প্ৰতি আপোনাৰ কোনো আগ্ৰহ নাই যাৰ বাবে নিজৰ যত্ন নলয়৷ অৱশ্যে সেই সিদ্ধান্ত আপোনাৰ নিত্যান্তই ব্যক্তিগত৷ কিন্তু সমাজৰ দৃষ্টিত আপুনি যে ধুনীয়া নহয়, সেই কথা কেয়াৰ কৰি লাভ নাই, যদি আপুনি এনে মনোভাৱত বিশ্বাস কৰে তেন্তে পুনৰ বিবেচনা কৰি চাওঁক৷

নিজৰ বাবে ক্ষমাশীল হওক
জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি সকলোৱে কম বেছি পৰিমাণে ভুল কৰো৷ কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে বা সন্মুখৰ মানুহবোৰক বুজাত ভুল কৰোঁতে অনুশোচনা অনুভৱ কৰা, সেয়া স্বাভাৱিক৷ ইয়াৰ প্ৰয়োজনো আছে৷ কিন্তু সিয়ে যদি আপোনাক প্ৰতি মুহূৰ্ততে কনচাচত ৰাখেþ, আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ আত্মবিশ্বাসত আঘাত কৰে, তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি নিজৰ বিষয়ে অলপ বেছি জাজমেেKI×ল৷ প্ৰকৃততে প্ৰতিটো খোজতে মানুহে আপোনাক বিচাৰ কৰাটো চিন্তা কৰি লাভ নাই৷ বৰং ভুল কৰিলে তাৰ পৰা শিকিলে অধিক লাভ হ’ব৷ গতিকে এতিয়াৰ পৰা নিজৰ প্ৰতি অলপ দয়ালু [কম্পাশনেট] হওক৷ প্ৰতিদিনে নিজৰ বিষয়ে এটা ভাল কথা ডায়েৰীত লিখক৷ যদি আপোনাৰ মনলৈ কোনো বেয়া চিন্তা আহে তেন্তে সেইবোৰো লিখিব পাৰে৷ ছুটিৰ দিনত পঢ়ক, আপুনি নিজকে বুজিবলৈ সহজ হ’ব৷

এটাতকৈ বেছি বদভ্যাস নহয়
দৈনন্দিন ব্যস্ততাৰ মাজত আমাৰ বহু প্ৰিয় অভ্যাস বা ভাল লগা কাম-কাজ পিছ পৰি ৰয়৷ বহু অপ্ৰয়োজনীয় অভ্যাসে তাৰ ঠাই অধিকাৰ কৰে৷ বহুক্ষেত্ৰত মন আৰু শৰীৰ- এই দুয়োটা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি স্বৰূপ৷ উদাহৰণস্বৰূপে, অফিচৰ কাম শেষ কৰোঁতে ইমানেই দেৰি হৈ গ’ল যে ভাত খাব ল’গা হ’লগৈ প্ৰাই মাজনিশা৷ তাৰ পিছত নিজৰ প্ৰিয় ধাৰাবাহিকখন চাই থাকোঁতে টোপনিৰ ৰুটিনখনো ভাঙিল৷ ফলত পিছদিনা ৰাতিপুৱা দেৰিকৈ সাৰ পোৱাটো নিশ্চিত আৰু তাৰ পৰাই আৰম্ভ হয় লেট নাইটৰ ভিচিয়াছ চাইকল৷ এতিয়া প্ৰশ্ন হ’ল, কোনটো দিশ চম্ভালিব? মনটোক সুস্থ কৰি ৰাখিবলৈ আপুনি মি-টাইমক মূল্য দিব, নে স্বাস্থ্যক অগ্ৰাধিকাৰ দিব? সঁচা কথা ক’বলৈ গ’লে নিজকে ‘ভালে’ ৰাখি স্বাস্থ্যৰ লগত আপোচ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ যদি এটা ছন্দত দুয়োটাকে মিলাব নোৱাৰে, তেন্তে যিকোনো এটা অভ্যাস ত্যাগ কৰি আনটোত সীমাবদ্ধ ৰাখক৷ অৰ্থাৎ যিদিনা ৰাতি দেৰিকৈ কটাবলগীয়া হয়, সেইদিনা ভুলতেও জাংক ফুডৰ ফালে নাচাব বা ৰাতিপুৱা আধা ঘণ্টা ধৰি ব্যায়াম কৰিবলৈ নাপাহৰিব৷ যিবোৰ দিনত ব্যায়াম কৰিবলৈ সময় নাথাকে, সেইবোৰ দিনত সময়মতে খাব আৰু শুব৷ ইয়াত শৰীৰৰ ক্ষতি নিয়ন্ত্ৰণ হ’ব আৰু মনৰ কথাও অলপ শুনা যাব৷ লগতে আপোনাৰ ভাল লগা কাম এটা কৰক, যি কামৰ স্বাস্থ্যহানিৰ লগত কোনো সম্পৰ্ক নাই৷ ৰন্ধা-বঢ়া, ছবি অঁকা, সংগীত শুনা, নাচ, কিতাপ পঢ়া, বাগিচা, বজাৰ কৰা.. যিয়েই আপোনাক আনন্দ দিব পাৰে৷ ইয়াৰ ফলত মনটো ভাল হ’ব, মানসিক চাপো কমি যাব৷

নিজক আদৰ কৰাটো কোনো বিলাসীতা বা স্বাৰ্থপৰতা নহয়
মেচিন এটা যদি বহুদিন চলি থাকে তেন্তে মাজে মাজে তাৰ মেৰামতিৰ প্ৰয়োজন হয়, সেই কথা নি(য় আপোনালোকে জানে৷ আমাৰ শৰীৰ আৰু মনকো সুস্থ হৈ থাকিবলৈ কিছু ৰক্ষণাবেক্ষণ বা মেৰামতিৰ প্ৰয়োজন৷ আৰু এই মেৰামতি নিৰ্ভৰ কৰে নিজৰ মন আৰু মনোযোগৰ ওপৰত৷ কেৱল বাহ্যিক আদৰ-সাদৰৰ কথা কোৱা নাই৷ মাজে মাজে ষ্টাইলক লৈ পৰীক্ষা-নিৰীক্ষা কৰা, চুলিৰ কাট আৰু ৰং সলনি কৰা আদিৰ লগতে নিজকে উপহাৰ দিয়া, ট্ৰিট দিয়া বা আন যিকোনো ধৰণৰ আনন্দ দিয়াটোও আদৰ-সাদৰৰ অংশ হ’ব পাৰে৷ ইয়াৰ বাবে নিজকে দোষী অনুভৱ নকৰিব, বৰঞ্চ বিষয়টোক আত্মপ্ৰেৰণাৰ দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰক৷ পৰীক্ষাত ভাল ফলাফল পালে মাক-দেউতাকে যিদৰে প্ৰশংসা আৰু উপহাৰ দিয়ে ঠিক সেইদৰে নিজৰ সাফল্যবোৰত, ভাল লগা ক্ষণবোৰত নিজক প্ৰশংসাৰে উপচাই দিয়ক, উপহাৰেৰে বুৰাই দিয়ক৷ দেখিব, কঠোৰ পৰিশ্ৰম কৰিলেও ভাগৰুৱা অনুভৱ নহ’ব, বৰঞ্চ আগবাঢ়ি যোৱাৰ দুগুণ উৎসাহ পাব৷

শেষত এটা কথা ক’ম৷ অতীতলৈ নহয়, ভৱিষ্যতলৈ চাওক৷ যি ঘটি গৈছে, এতিয়ালৈকে যি হৈছে, সেইবোৰেই চলি থাকিব- সেয়া নহয়৷ জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী অলপ সলনি কৰক৷ কেতিয়াও নিজৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে৷ বৰঞ্চ কঠিন সময়ত নিজৰ প্ৰতি অলপ বেছি সহমম¹ হওক, নিজকে অলপ বেছিকৈ ভাল পাওক৷ অন্ততঃ সেই প্ৰচেষ্টাৰে সমুখৰ দিনবোৰ আৰম্ভ কৰক৷ ….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *