হেচ টেগ sologamy / নিজৰ সৈতে বিয়াত বহিব পাৰিনে?

হেচ টেগ sologamy / নিজৰ সৈতে বিয়াত বহিব পাৰিনে?

হেচ টেগ sologamy

নিজৰ সৈতে বিয়াত বহিব পাৰিনে?
‘স্ববিবাহ’ৰ আঁৰত কি মানসিকতা লুকাই আছে?

ববিতা কলিতা

এফালে কইনা পক্ষ৷ আনফালে দৰা পক্ষ৷ দুয়োপক্ষৰ মাজত কথা-বতৰা৷ তাৰ পিছত শুভ দিনটো চাই যুগ্ম জীৱনৰ পাতনি৷ অসম বা¸ ভাৰতবৰ্ষৰ বিবাহৰ নেপথ্য এয়া৷ বিবাহ নামৰ এই সামাজিক ব্যৱস্থাটোৰ মাধ্যমেৰে দুটি ভিন্ন প্ৰাণ এক হৈ জীৱনৰ দীঘল বাটৰ সহযাত্ৰী হয়৷ পিছে সময় সলনি হৈছে৷ যুগ যুদ ধৰি চলি অহা ‘বিয়া’ সম্পক¹য় ধাৰণাৰ পৰিৱৰ্তন ঘটিছে৷ live in ৰ দৰে ধাৰণাৰ প্ৰৱেশ¸ ঘটিছে৷ এই সকলোবোৰৰ বাবেই এৰেঞ্জ মেৰেজৰ ধাৰাটো কিছু ম্লান হৈ পৰিছে৷ কিন্তু নিজে নিজক বিয়া কৰোৱা? অলপ অদ্ভুত কথা নহয়নে? নিজৰ লগত ঘৰ সংসাৰ কৰাৰ এই যাত্ৰা আকৌ কেনেকুৱা? আহক, আজি অলপ তাৰেই আলোচনা কৰো৷

কি এই স্ববিবাহ?
এই স্ববিবাহ কি? ৱিকিপিডিয়াৰ মতে স্ব-বিবাহ বা একক বিবাহ হৈছে নিজৰ লগত বিবাহ৷ অসমীয়াত ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল ‘নিজগামীতা’৷ এচামৰ বাবে এইটোৱে হৈছে নিজৰ সুখ, আনন্দ আৰু মূল্যৰ সৰ্বোত্তম স্বীকৃতি৷ এই পদ্ধতিত বিশ্বাসীসকলৰ মতে এই বিবাহে মানুহৰ জীৱন সুখী কৰি তুলিব পাৰে৷ মানুহে নিজৰ মূল্য বুজি পোৱাৰ সুযোগ পায়৷ সঠিক ব্যক্তিত্ব প্ৰকাশ পায়৷ গতিকে এককবিবাহ বা স্ববিবাহ সমাজত এক প্ৰতিষ্ঠিত বিবাহ ব্যৱস্থা৷
একক বিবাহৰ সংখ্যা বাঢ়িছে৷ এই প্ৰৱণতা নৱপ্ৰজন্মৰ মাজত বৃদ্ধি পাইছে৷ এতিয়া প্ৰশ্ন হয়, নিজৰ লগত জীয়াই থকা আৰু নিজৰ লগত বিয়া হোৱাৰ মাজত যি সুখ বা অপৰিসীম আনন্দৰ কথা কোৱা হৈছে তাৰ বাস্তৱতাই বা কিমান দূৰলৈকে৷ কি কাৰণত বা কি পৰিস্থিতিত মানুহে এককবিবাহৰ পথত ভৰি দিয়ে? বিশিষ্ট মনোৰোগ বিশেষজ্ঞ দিব্য পালে এই সন্দৰ্ভত এটা ধাৰণা দিছিল৷ তেওঁ ভাবে, “এককবিবাহ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এক অমীমাংসিত বিষয়৷ ” অতি শেহতীয়াকৈ আমাৰ দেশত এই বিষয়টো চৰ্চালৈ আহিছে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ই যথেষ্ট ভাইৰেল হৈছে৷ গতিকে মানুহৰ একক বিবাহৰ প্ৰতি কৌতূহল বাঢ়িছে৷ নিজকে সুখী কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘নিজকে সুখী কৰি ৰখা’৷ নিজৰ অন্তৰ্নিহিত প্ৰেম, মেজাজ সকলো একত্ৰিত কৰি নিজৰ মাজত এক ইতিবাচক মনোভাৱ সৃষ্টি কৰা৷ সৰু সৰু কথাবোৰেও কেতিয়াবা আমাৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে৷ প্ৰকৃতিৰ কোলাত বহি হওক বা নীৰৱে পখীৰ কাকলি শুনাই হওক, বা পুৰণি এলবামত চকু থৈ স্মৃতিৰ বলুকাত খোজ কঢ়াই হওক- সুখ বিচাৰি পোৱাৰ লজিষ্টিক আমাৰ ভিতৰতে আছে৷ নিজকে সুখী কৰি ৰাখিবলৈ কেতিয়াও বিবাহৰ দৰে সামাজিক অনুষ্ঠানৰ প্ৰয়োজন নাই৷ বৰঞ্চ নিজৰ কামৰ মাজতে আনন্দ বিচাৰিব জানিব লাগিব৷
তেওঁ আৰু কয়, “ছ’চিয়েল মিডিয়াত এতিয়া আত্মপ্ৰচাৰ বা আত্মপ্ৰতিষ্ঠাৰ দৌৰত ব্যস্ত হৈ পৰিছে যুৱ প্ৰজন্ম৷ বাস্তৱ জীৱন এৰি ভাৰ্চুৱেল জগতখনত প্ৰতিষ্ঠা লাভৰ যুঁজ চলিব লাগিছে৷ গতিকে তেওঁলোকে বাস্তৱ জগতখনৰ পৰা আঁতৰি গৈছে ক্ৰমাৎ৷ সম্পৰ্কত ক্ৰমাৎ ঘনীভূত হৈছে অনাস্থা আৰু অনাস্থাৰ লগে লগে তেওঁলোক হৈ পৰিছে আত্মকেন্দ্ৰিক আৰু আত্মবিভোৰ৷ ”

মোক মই হৈ থাকিবলৈ দিয়ক৷
কথাটো সঁচাকৈয়ে তেনেকুৱাই নেকি? জীৱনৰ এটা সময়ৰ পাছত নিজক সজাই পৰাই ল’ব পাৰিলেহে মনটোক সুখী কৰি ৰখা সম্ভৱনে? নিজৰ ইচ্ছা-অনিচ্চাক প্ৰতিষ্ঠা কৰিবলৈ ¤বিবাহৰ আশ্ৰয় লোৱাটো ভুল নেকি? তাতে আকৌ নিজৰ লগত? এনে আলোচনাত বহু ক্ষেত্ৰত ‘আত্মপ্ৰেম’ৰ ধাৰণাটো আহি পৰে৷ অৰ্থাৎ চেল্‌ফ কেয়াৰ বা চেল্‌ফ লাভ৷ বিশেষজ্ঞসকলৰ মতে আত্মপ্ৰেম হৈছে এনে এক পৰিৱেশ য’ত ব্যক্তিয়ে নিজৰ ৰুচি আৰু পছন্দৰ ভিত্তিত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে৷ ই একপ্ৰকাৰ নিজৰ লগত জীয়াই থকাৰ যোগেদি¸ নিজকে ভালে ৰখাৰ তাগিদা৷ প্ৰতি বছৰে নৱবৰ্ষত আমি নিজকে কিছুমান প্ৰমিজ কৰো৷ এই প্ৰমিজ আচলতে নিজকে ভালে ৰাখিবলৈ গ্ৰহণ কৰা একো একোটা পদক্ষেপ মাথোঁঁ৷ গতিকে আত্মপ্ৰেম হৈছে এককবিবাহৰ সপক্ষে এটা সবল যুক্তি৷ কিন্তু ‘বিবাহ’ কিয়? নতুন প্ৰজন্মৰ কম্ফ’ৰ্ট জ’ন এৰি আঁতৰি যাব নোখোজাৰ প্ৰৱণতাই অকলে থকাৰ এই অভ্যাস বঢ়াই তুলিছে নেকি? যাৰ প্ৰতিষ্ঠানিক গুৰুত্ব বুজাবৰ বাবে তেওঁলোক ঠিয় হ’ব লগা হৈছে বিবাহৰ ছত্ৰছায়াত? দিব্যাই কথাটো আৰু অলপ বেছি সহজভাৱে বুজাই দিছে, “নিজৰ ভাল লগা আৰু ভালে থকাক প্ৰতিষ্ঠা কৰিবলৈ বিবাহ বা কোনো সম্পৰ্ক কেতিয়াও মাপকাঠী হ’ব নোৱাৰে৷ আকৌ সামাজিকভাৱে নিজৰ সত্ত্বা প্ৰকাশ কৰিবলৈও বিবাহ উপযুক্ত মাধ্যম নহয়৷ নিজকে সামাজিক একক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিজৰ কামত সৎ আৰু নিজৰ ওচৰত Clean হৈ থাকিব পৰাটো অত্যন্ত জৰুৰী৷ আকৌ, এককবিবাহৰ অৰ্থ সকলো দায়িত্বৰ পৰা আঁতৰি আহি স্বাৰ্থপৰ ব্যক্তিৰ দৰে নিজৰ বাবে জীয়াই থকাটো নহয়৷ ‘বিবাহ’ক লৈ ভাৰতীয় সমাজখন অতি কঠোৰ৷ য’ত প্ৰেম বিবাহো বহু ঠাইত অপৰাধৰ সমান, এই ধৰণৰ আধুনিক বিবাহৰ ধাৰণাক গ্ৰহণ কৰি ল’বলৈ নি(য় সময়তো লাগিবই! আশাৰ কথা এয়ে যে সময়ৰ লগে লগে মানসিকতা সলনি হৈ আহিছে৷ লাহে লাহে হ’লেও কিন্তু মানুহে নতুন নতুন কথাৰ গ্ৰহণযোগ্যতা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ আদি কৰিবলৈ লৈছে৷ সেয়ে এককবিবাহৰ গ্ৰহণযোগ্যতা সম্পৰ্কেও বিতৰ্কৰ সৃষ্টি হৈছে৷ ”
বিতৰ্ক হোৱাটো স্বাভাৱিক৷ কিন্তু যিসকলে অকলে থাকিবলৈ লৈছে বা একক বিবাহ জীৱন যাপন কৰিব বিচাৰে তেওঁলোকৰ মতামত কি?

যিসকলে নিজৰ সৈতে বিবাহত বহিছে
যোৱা ২০২৩ বৰ্ষটো এককবিবাহ বা নিজগামিতা সম্পৰ্কে যথেষ্ট চৰ্চা চলিছে৷ আৰু নচলিবনো কিয়? এককবিবাহৰ শেহতীয়া উদাহৰণতো ভাৰততে দেখিবলৈ পোৱা গৈছে! কইনাৰ নাম ক্ষমা বিন্দু৷ বয়স চৌবিশ৷ বিগত বৰ্ষৰ জুন মাহত তেওঁৰ বিয়া হৈছিল৷ গুজৰাটৰ বদোদৰাৰ এই যুৱতীৰ কাণ্ড-কাৰখানাই দেশ তোলপাৰ লগাইছিল৷ বিভিন্ন সামাজিক মাধ্যমত বিতৰ্কৰ বন্যা নামিছিল৷ গাত মাহ হালধিৰ পৰা শিৰৰ সেন্দূৰলৈকে, সম্পূৰ্ণ হিন্দুপ্ৰথা মতে তেওঁ নিজেই নিজৰ সৈতে বিয়া হৈছিল৷ বিয়াৰ পিছত তেওঁ নিজৰ ছ’চিয়েল চাইটত লিখিছিল, “নিজকে ভাল পাব পাৰিলে বিয়া কিয় কৰিব নোৱাৰি? ” এই প্ৰশ্নটো তেওঁ অগণন সমালোচকৰ মাজলৈ ঠেলি দিছিল৷ কিন্তু ভাৰতত এই ধাৰাৰ ইমানতে ইতি পৰা নাছিল৷ হিন্দী বিনোদন জগতৰ জনপ্ৰিয় অভিনেত্ৰী কনিষ্কা ছোনীয়েও ঘোষণা কৰে তেওঁৰ নিজগামিতাৰ কথা৷ বিগত বৰ্ষৰ আগষ্ট মাহত তেওঁ ছ’চিয়েল চাইটত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল৷ তেওঁ লিখিছিল, “মই নিজকে বিয়া কৰাইছো৷ জীৱনৰ আটাইতকৈ বাঞ্ছিত সময়ৰ সন্মুখত যেন থিয় হৈছোহি৷ হয়, মোৰ ভালপোৱা কেবল মোৰ বাবে৷ ” এই আপ্তবাক্যৰ সন্মুখত বহু কথাই যেন ম্লান পৰি যায়, বহু কথাই যেন যুক্তিহীন হৈ পৰে৷ ভাৰতৰ বাহিৰত অৱশ্যে এই বিষয়টো কিছু পুৰণি৷ ১৯৯৩ চন৷ আমেৰিকান মহিলা লিণ্ডা বাৰ্কাৰে একক বিবাহৰ কথা ঘোষণা কৰে৷ সম্ভৱতঃ সেয়া আছিল পৃথিৱীৰ প্ৰথম এককবিবাহ৷ ৪০ বছৰীয়া জন্মদিনত তেওঁ নিজেই বিবাহপাশত আবদ্ধ হয়৷ তাৰ পিছত আকৌ ২০০৩ চন৷ নেদাৰলেণ্ডৰ জেনিফাৰ হোছে নামৰ এগৰাকী যুৱতীয়ে নিজকে বিয়া কৰাইছিল৷ ২০১৪ চনত এজন যুৱ বৃটিছ ফটোগ্ৰাফাৰে একক বিবাহ অনুষ্ঠান পৰিৱেশন কৰিছিল৷ …

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *