আপুনিও ল’ৰা সন্তান বিচাৰি আছে নেকি?
ইচ্ছাকৃতভাবে ল’ৰাসন্তান জন্ম দিব পাৰিনে?
ডাঃ জলি অৰোৰা
Dr. Jolly Arora
Sexologist/ 37 Years Exp.
MBBS, MCCEE, Fellowship in Sexual Medicine
কিছুমান মানুহৰ পুত্ৰ সন্তানকলৈ এক বেলেগ ধৰণৰ উন্মাদনা থাকে৷ তেওঁলোক ইমানেই উন্মাদ যে পুত্ৰ সন্তান জন্মৰ বাবে বিভিন্ন কৌশল আৰু টিপছ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে৷ কিছুমান প্ৰতিকাৰ ইমানেই জনপ্ৰিয় যে ইয়াক বেছিভাগ মানুহেই সমাধান হিচাপে গ্ৰহণ কৰি লৈছে৷ আচলতে এনে প্ৰেছক্ৰিপচনৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷ এনে কিছুমান ভুল ধাৰণা আৰু ভুৱা প্ৰতিকাৰৰ বিষয়ে এই লেখাত আলোচনা কৰা হৈছে৷ লেখাটোৰ মূল ইংৰাজী ডাঃ জ’ল্লি অৰোৰাৰ৷ অৱুবাদ কৰি আমালৈ পঠাইছে- মাধুৰীমা কলিতাই৷
প্ৰথমেই আমি জানি লোৱা উচিত যে কিহৰ ওপৰত ভিত্তি কৰি সন্তান এটা ল’ৰা বা কন্যা সন্তান হিচাপে পৃথিৱীলৈ আহে! আচলতে ল’ৰা হ’ব নে ছোৱালী হ’ব সেয়া নিৰ্ভৰ কৰে পিতৃগৰাকীৰ ওপৰত৷ কিয়নো পিতৃৰ শুক্ৰাণুত X ৰ সৈতে Y ক্ৰমোজমো থাকে৷ আনহাতে মাতৃৰ ডিম্বাণুত কেৱল XX ক্ৰোমোজম থাকে৷ পিতৃৰ X আৰু মাতৃৰ Y মিলি কন্যা সন্তানৰ জন্ম হয়৷ পিতৃৰ Y আৰু মাতৃৰ X মিলি ল’ৰা সন্তানৰ জন্ম হয়৷ সেয়ে ল’ৰা বা কন্যা সন্তান হোৱাটো পিতৃৰ ওপৰত নিৰ্ভৰশীল, ইয়াত মাতৃগৰাকীৰ কোনো দোষ নাথাকে৷ কিন্তু ইচ্চাকৃতভাৱে ল’ৰা সন্তান জন্ম দিব পৰা যায় নে? পুৰুষৰ Y ক্ৰোমোজম যদি পৰিকল্পিত ভাৱে স্ত্ৰীৰ X ক্ৰোমোজমৰ সৈতে মিলাব পৰা যায় তেন্তে সেয়া সম্ভৱ হ’ব পাৰে নেকি?
ল’ৰা সন্তান জন্ম দিয়াৰ বাবে প্ৰচলিত কিছুমান জনপ্ৰিয় ধাৰণা
শ্বাটল পদ্ধতি
১৯৬০ চনৰ পৰাই এই শ্বাটল পদ্ধতি ব্যৱহাৰ হৈ আহিছে৷ শ্বাটল পদ্ধতি ভ্ৰুণৰ লিংগ নিৰ্ণয়ৰ অধ্যয়নৰ সৈতে জড়িত৷ বিবাহিত দম্পতীয়ে দাবী কৰে যে ইয়াৰ সফলতাৰ শতকৰা হাৰ ৭৫ শতাংশতকৈও অধিক৷ শ্বাটল পদ্ধতিত ভ্ৰূণৰ লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত যৌন সম্পৰ্কৰ পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ৷ লিংগ নিৰ্ণয় কৰাত যৌন অৱস্থানে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই পদ্ধতিত জন্ম লোৱা শিশুটিৰ লিংগ ল’ৰা হ’বলৈ হ’লে যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত পুৰুষ আৰু মহিলাৰ শৰীৰৰ অৱস্থান এনেকুৱা হ’ব লাগে যাতে পুৰুষৰ শুক্ৰাণুৱে মহিলাগৰাকীৰ ডিম্বাণুক গভীৰভাৱে নিষিক্ত কৰিব পাৰে৷ উদাহৰণস্বৰূপে, যদি কোনো মহিলাই পুৰুষৰ ওপৰত বহি যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে ল’ৰা জন্ম দিয়াৰ সম্ভাৱনা বাঢ়ি যায়৷ ইয়াৰ বাবে ডিম্বাণু নিঃসৰণৰ আশে-পাশে থকা দিনকেইটা নিৰ্বাচন কৰি লোৱাটো বাঞ্ছনীয়৷
যৌনতাৰ সময়
শিশুৰ লিংগ নিৰ্ভৰ কৰে Y ক্ৰম’জমৰ আচৰণৰ ওপৰত৷ কোৱা হয় যে Y ক্ৰম’জম থকা শুক্ৰাণু সৰু আৰু অধিক শক্তিশালী৷ যদি ডিম্বাণু নিঃসৰণৰ শেষ দিনা বা পিছদিনা সংগম কৰা হয় তেন্তে ল’ৰা জন্ম হোৱাৰ সম্ভাৱনা বেছি৷ ডিম্বাণু নিঃসৰণৰ দিনা যোনিৰ পৰা নিৰ্গত স্ৰাৱ মসৃণ আৰু ডাঠ হয়৷ লিকেজৰ এই লক্ষণৰ ভিত্তিত ডিম্বাণু নিঃসৰণৰ দিনটো চিনাক্ত কৰিব পাৰি৷
উষ্ণতাৰ প্ৰভাৱ
পুৰুষে বক্সাৰ বা শ্বৰ্ট পিন্ধিলে শুক্ৰাণু বৃদ্ধিৰ বাবে ভাল বুলি বিশ্বাস কৰা হয়৷ শ্বৰ্ট বা বক্সাৰ পিন্ধিলে অণ্ডকোষৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে৷ ইয়াৰ কাৰণে অণ্ডকোষত পৰ্যাপ্ত পৰিমাণৰ শুক্ৰাণু উৎপন্ন হয়৷ অতি টান আণ্ডাৰৱেৰ পিন্ধিলে অণ্ডকোষৰ উষ্ণতা বৃদ্ধি পায় আৰু শুক্ৰাণুৰ উৎপাদন হ্ৰাস কৰিব পাৰে৷
ইয়াৰ সৈতে জড়িত ভ্ৰান্তিসমূহ
[ক] বহু সময়ত কোৱা হয় যে ল’ৰা হ’বলৈ হ’লে মহিলাগৰাকীয়ে গৰ্ভধাৰণ আৰু যৌন সম্পৰ্কৰ পূৰ্বে কাহৰ ঔষধ খাব লাগে৷ এনে ভুল ধাৰণা বিয়পাই দিয়াসকলে কয় যে ইয়াৰ ফলত Y ক্ৰোমোজম গ্ৰহণৰ ক্ষমতা বৃদ্ধি পায়৷ কিন্তু এইটো এটা ভ্ৰান্ত ধাৰণা মাথোঁ৷
[খ] আজিকালি বহু ঔষধ ব্ৰেণ্ড হিচাপে বিক্ৰী কৰি ল’ৰা সন্তান জন্মৰ নি(য়তা দিয়া দেখা যায়৷ আজিলৈকে কোনো বিজ্ঞানী বা লেবে এনে কোনো ঔষধ তৈয়াৰ কৰাত সফল হোৱা নাই যিয়ে ল’ৰা সন্তান জন্মৰ নি(য়তা দিব পাৰে৷ বহুতে কিছুমান ঔষধ, বনৌষধি বা বনৌষধৰ গুড়ি দিয়ে, যিবোৰে ল’ৰা জন্মৰ নি(য়তা দিয়াটো বাদেই তাৰ বিপৰীতে মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱহে পেলায়৷
[গ] কিছুমান মানুহৰ মতে যদি কোনো বিশেষ সময়ত যৌন সম্পৰ্ক কৰা হয় তেন্তে ল’ৰা সন্তান হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷ নাই৷
[ঘ] কিছুমান মানুহৰ মতে যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত যদি মিছনেৰী বা ডগি ষ্টাইল গ্ৰহণ কৰা হয়, তেন্তে ল’ৰাৰ জন্ম নিশ্চিত৷ কিন্তু তেনেকুৱা একো নহয়৷
[ঙ] পুৰুষৰ তুলনাত মহিলাৰ অৰ্গাজমত বিলম্ব হোৱাটো এটা প্ৰতিষ্ঠিত সত্য৷ এনে পৰিস্থিতিত যৌন সম্পৰ্কৰ সময়ত যদি মহিলাৰ অৰ্গাজম আগতীয়া হয়, তেতিয়া ল’ৰা সন্তান পোৱাৰ সম্ভাৱনা বাঢ়ি যায় বুলি বিশ্বাস কৰা হয়৷ কিন্তু এনে কোনো কৌশলৰ ফলত ল’ৰা হ’ব পৰাকৈ বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই৷
[চ] আন এটা টিপছ ব্ৰেকফাষ্টৰ সৈতে জড়িত৷ বহু সময়ত কোৱা হয় যে ল’ৰা এটা পাবলৈ হ’লে মহিলাসকলে নিয়মীয়াকৈ ব্ৰেকফাষ্ট কৰিব লাগে৷ এনে কৰিলে ল’ৰা জন্ম হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়৷ গৰ্ভাৱস্থাত মহিলাসকলে নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰাটো খুবেই ভাল; কিন্তু ইয়াৰ লগত শিশুৰ লিংগৰ কোনো সম্পৰ্ক নাই৷ ব্ৰেকফাষ্টে ল’ৰা বা ছোৱালীৰ লিংগত কোনো প্ৰভাৱ পেলাব নোৱাৰে৷
[ছ] দেশৰ বহু অঞ্চলত বাওঁফালে কাটি হৈ শোৱা মাতৃসকলৰ পুত্ৰ সন্তান জন্ম হোৱাৰ সম্ভাৱনা বেছি বুলি ভুল ধাৰণা এটা থকা দেখা গৈছে৷ এইটো সঁচা যে এই ভ্ৰান্ত ধাৰণাৰ ফলত যদি এগৰাকী নাৰীয়ে মাত্ৰ এটা ফালে শুই থাকে তেন্তে তেওঁৰ শৰীৰত বিষ অনুভৱ হ’ব পাৰে কিন্তু গৰ্ভস্থ সন্তানৰ লিংগৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই৷
[জ] বহু সম্প্ৰদায়ৰ মাজত ভুল ধাৰণা আছে যে যদি যৌন সম্পৰ্কৰ দিনবোৰ যুগ্ম সংখ্যাৰ তাৰিখত হয় তেন্তে শিশুটি ল’ৰা হয়৷ অৰ্থাৎ যদি দম্পতীহালে ২, ৪, ৬, ৮ আদি তাৰিখত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে সন্তানটো ল’ৰা হ’ব৷ বাস্তৱত ই সত্যৰ বাহিৰত আৰু কেৱল এটা ভ্ৰান্ত ধাৰণা মাথোঁ৷
[ঞ] একাংশ লোকে এইটোও বিশ্বাস কৰে যে যৌন সম্পৰ্ক স্থাপন কৰাৰ আগতে যদি আপুনি যথেষ্ট পৰিমাণে মদ্যপান কৰে তেন্তে ল’ৰা জন্ম হোৱাৰ সম্ভাৱনা বেছি হয়৷ এয়া এচাম পুৰুষৰ মদ খোৱাৰ অজুহাতহে, তাৰ বাহিৰে অন্য একো নহয়৷
ভাৰতীয় সমাজ আজি হয়তো প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি গৈছে, কিন্তু এতিয়াও বহুত মানুহ আছে যিয়ে কন্যা সন্তানতকৈ পুত্ৰসন্তান বেছি কামনা কৰে৷ বিয়াৰ পিছত যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হয় তেতিয়া পৰিয়াল আৰু চুবুৰীৰ মানুহৰ মাজত এক বেলেগ কৌতূহল আৰু উৎসাহ দেখা যায়৷ আজিও এইসকল লোকৰ অধিকাংশই বিচাৰে নাৰীয়ে কেৱল পুত্ৰ সন্তান জন্ম দিয়ক৷ মানুহৰ চিন্তাবোৰ এনেকুৱাই৷ তেওঁলোকে অনুভৱ কৰে যে ল’ৰা সন্তানে বংশটোক আগুৱাই লৈ যায় আৰু বৃদ্ধ বয়সত সাৰথি হয়৷ মানুহৰ এই হেঁপাহৰ বাবেই বহু ভণ্ড মানুহ আৰু ৱেবছাইটে নাৰীক পুত্ৰ সন্তান জন্ম দিয়াৰ বহু উপায় আগবঢ়াই আহিছে, যিবোৰ মাথোঁ ছলনা-প্ৰৱঞ্চনাৰ বাহিৰে একো নহয়৷ সেয়া লাগিলে ল’ৰা জন্ম দিয়াৰ ঘৰুৱা উপায় হওক বা চিকিৎসা বিজ্ঞানৰ ভিত্তি থকা বুলিয়েই কওক৷ আচলতে এই পদ্ধতিসমূহৰ কোনোটোৱেই প্ৰমাণিত হোৱা নাই৷ শিশুটিৰ লিংগ নিশ্চিত কৰিবলৈ দম্পতীৰ কৰণীয় প্ৰায় একো নাথাকে৷ যদি আপুনি এনে কোনো পৰামৰ্শ শুনিছে বা পঢ়িছে, তেন্তে তৎক্ষণাত সেই পৰামৰ্শ নাকচ কৰক আৰু সেই ব্যক্তি বা ৱেবছাইটৰ কোনো কথাত গুৰুত্ব নিদিব৷
ল’ৰাই হওক বা ছোৱালীয়েই হওক, প্ৰতিটো শিশু ভগৱানৰ উপহাৰ৷ মানুহৰ কৌতূহলৰ বাবেই এই লেখাটো লিখা হৈছে৷ ইয়াৰ উদ্দেশ্য কাকো উৎসাহিত কৰা বা শিশুৰ লিংগ নিৰ্ণয়ৰ কোনো পদ্ধতি প্ৰদান কৰা নহয়৷ …..