বিশিষ্ট লেখিকা দীপাঞ্জলি কাকতি হাজৰিকা
________
বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ । প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো । জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন ইত্যাদি ।
উ: সকলো পাঠক-পাঠিকাক মোৰ আন্তৰিক নমস্কাৰ জনাইছো। মোৰ নাম দীপাঞ্জলি কাকতি হাজৰিকা। বৰ্তমান গুৱাহাটী হেঙেৰাবাৰী বৰবাৰীৰ বাসিন্দা।
মোৰ জন্ম নগাওঁ জিলাৰ ৰহাৰ হাৰিয়ামুখ দিহিং সত্ৰত। দেউতা স্বৰ্গীয় সুৰেণ কলিতা আৰু মা স্বৰ্গীয়া গুনমাই কলিতা।
প্ৰাথমিক শিক্ষা হাৰিয়ামুখ নিম্ন বুনিয়াদী বিদ্যালয়ত লোৱাৰ পাছত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হওঁ। তাৰ পাছত নগাওঁ কলেজৰ পৰা বি এচ চি পৰীক্ষাত উত্তীৰ্ণ হৈ জোঙাল বলহু গড় হাইস্কুলত গণিত আৰু বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাবে শিক্ষকতাৰ জীৱন আৰম্ভ কৰো। তাত থাকোতেই বি টি পাছ কৰো। তাতে দহ বছৰ চাকৰি কৰাৰ পাছত মই দন্দুৱা হাইস্কুললৈ বদলি হৈ আহো। ছুটী লৈ এম এ পাছ কৰো প্ৰথম শ্ৰেণীত। মৰিগাওঁ কলেজত আঠবছৰ কাল অংশকালীন প্ৰবক্তা হিচাবে শিক্ষা বিজ্ঞান পঢ়াওঁ । শেষত দন্দুৱা হাইস্কুলৰ পৰা সহকাৰী শিক্ষক হিচাপে অৱসৰ লওঁ।
হাইস্কুলত পাঁচ বছৰ চাকৰি কৰাৰ পাছতে মৰিগাওঁ চহৰৰ ওচৰৰ তেলাহী. ভকত গাঁৱৰ শ্ৰীযুত প্ৰতাপ কুমাৰ হাজৰিকাৰ লগত বিয়া হয়। তেখেতে মৰিগাওঁ কলেজৰ পৰা প্ৰাণীবিজ্ঞানৰ সহযোগী অধ্যাপক হিচাবে ৰিটায়াৰ হৈছে।
বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ হিচাবে কৰ্মৰত তিনি সন্তানৰ মাতৃ মই। দুয়োজনী বোৱাৰীও ডাক্তৰ। একমাত্ৰ জোঁৱাই চাৰ্টাৰ্ড একাউন্টেন্ট।
বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো । কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল ?
উ: সাহিত্যিক জীৱন আৰম্ভ কৰা মোৰ বহুত পলম হ’ল। কিবাকিবি লিখিলেও লাজ কৰি কাকো নেদেখুৱাই লুকুৱাই থৈছিলো। অৱশ্যে ঘৰুৱা পৰিবেশৰ কাৰণেই সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিছিল।
সন্তানকেইটাৰ লগত পঢ়াত সময় দিব লগা হোৱাত মোৰ কিতাপ পঢ়া বা লেখাৰ কথা ভাবিবলৈ সময় পোৱা নাছিলো। তিনিওটা মেডিকেলত ভৰ্তি হোৱাৰ পাছত অলপ অলপ লিখিবলৈ ল’লো। স্থানীয় বাতৰি কাকতত এটা দুটা কবিতা প্ৰকাশ পাইছিল। প্ৰথম এটা ভৌতিক গল্প প্ৰকাশ পাইছিল ৰহস্য আলোচনীত ২০০৯ চনৰ আগষ্ট সংখ্যাত। তেতিয়া ৰহস্যৰ কাৰ্য্যবাহী সম্পাদক আছিল শ্ৰীযুতা মৃদুলা শৰ্মা বাইদেউ। সেই গল্পটো পাঠকে ভাল পোৱাৰ পাছত মোৰ হাত আৰু থমকি ৰ’ব লগা হোৱা নাই। বিভিন্ন বাতৰি কাগজ আৰু আলোচনীত মোৰ লেখা একেৰাহে প্ৰকাশ হ’বলৈ ধৰিলে। এতিয়ালৈকে মোৰ প্ৰকাশিত কবিতা, গল্প, প্ৰবন্ধ আদিৰ মুঠ সংখ্যা প্ৰায় ৬০০(ছয় শ)।
বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে ? কিমানখন গ্ৰন্থ ৰচনা কৰিলে ? গ্ৰন্থকেইখনৰ বিষয়ে অলপ কওকচোন ! গ্ৰন্থকেইখনকলৈ আপুনি সন্তুষ্টনে ?
উঃ. মোৰ লিখি ভাল লাগে। আনকো লিখিবলৈ যিমান পাৰো উৎসাহ দিওঁ। মোৰ নিজৰ প্ৰকাশিত লেখাৰ সংখ্যা বহুত যদিও মোৰ গ্ৰন্থ মাত্ৰ দুখনহে ৰাইজৰ হাতত তুলি দিবলৈ সমৰ্থ হৈছো।
কিতাপ দুখনৰ এখন প্ৰকাশিত গল্প সংকলন
নামটো “অশ্লীলতাৰ শেষত ” আৰু আনখন শিশু কবিতা সংকলন “কনমাইনাৰ এমুঠি পদ্য ”।
দুয়োখন কিতাপ ৰাইজে ভাল পোৱা কাৰণে মই যথেষ্ঠ অণুপ্ৰাণিত হৈছো।
বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি সেয়া জানিব বিচাৰো ।
উ: সাহিত্য কি বুলি সুধিলে এটা বাক্য বা এষাৰ কথাৰে প্ৰকাশ কৰিব নোৱাৰি। বিভিন্নজন স্বনামধন্য লেখকে বিভিন্ন সময়ত নিজস্ব শৈলীৰে সাহিত্য ৰচনা কৰি আমাৰ সাহিত্য জগতখন চহকী কৰি থৈ গৈছে। মই ভাবো সাহিত্য হৈছে মনৰ দাপোন। নিজৰ মনলৈ অহা ভাৱৰাশিক লিখিত ৰূপত সুন্দৰভাৱে প্ৰকাশ কৰিব পৰাটো প্ৰত্যেকৰে নিজস্ব বৈশিষ্ট। তাকে কৰিবলৈ নিজৰ কল্পনা শক্তি সমৃদ্ধি কৰিবলৈ মহান লেখকসকলৰ গ্ৰন্থ অধ্যয়ন কৰিব লাগে।
বিন্দুঃ বৰ্তমান অসমৰ সাহিত্যজগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে লেখকসকলে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে ?
উ:প্ৰশ্নটোৰ উত্তৰ দিয়াতো অলপ কষ্টকৰ। কাৰণ আজিকালি বহুত নতুন নতুন লেখক সৃষ্টি হৈছে। সকলোৱে গুণসম্পন্ন ৰচনা কৰিছে বুলি মোৰ মনে নকয়। তথাপি সাধনা কৰিলে নিশ্চয় প্ৰত্যেকেই সিদ্ধি লাভ কৰিব পাৰিব। যথেষ্ট অধ্যয়ন আৰু অভিধান ব্যৱহাৰ কৰিলে আমি সফলকাম হ’ব পাৰিম নিশ্চয়।
বিন্দুঃ এগৰাকী গল্পকাৰ হিচাপে আপুনি গল্পত কোনবোৰ কথাক প্ৰাধান্য দিয়ে ?
উ:- মই সাধাৰণতে সামাজিক বিষয়বস্তু লৈয়ে গল্প লিখো। ভৌতিক গল্প বহুতকেইটা লিখিছো। সেইবোৰৰ বহুতখিনি আইতা-ককাদেউতাৰ মুখত শুনা আৰু কিছুমান কাল্পনিক।
বিন্দুঃ বৰ্তমান সময়ত বিশ্বজুৰি হিংসা, হত্যা, সন্ত্ৰাস, আগ্ৰাসন, যুদ্ধ বিগ্ৰহ আদিয়ে সমগ্ৰ মানৱ জাতিলৈকে কঢ়িয়াই আনিছে এক দুৰ্ঘোৰ সংকট । মূল্যবোধৰ অৱক্ষয় হৈছে । মানৱতা ভূলুণ্ঠিত হৈছে । এনে সময়ত সাহিত্যৰ ভূমিকা আপুনি কিদৰে নিৰূপন কৰিব ?
উ:- বৰ্তমানৰ সমাজত যিবোৰ বেয়া ঘটনা ঘটি আছে সেইবোৰৰ ক্ষেত্ৰত সাহিত্যই এক ভাল ভূমিকাগ্ৰহণ কৰি আহিছে। সাহিত্যিকসকলে লিখে, কিন্তু পাঠকৰ সংখ্যা কম যেন অনুমান হয়। সেয়েহে সাহিত্যৰ গুৰুত্ব এইবোৰ ক্ষেত্ৰত তাকৰ।
বিন্দুঃ শেহতীয়াভাবে ৰাজ্যত নাৰী সম্পৰ্কীয় এনে কিছু হিংসাত্মক ঘটনা দৈনিক পোহৰলৈ আহিব লাগিছে যিবোৰ আমাৰ সমাজৰ বাবে একেবাৰে খাপ নোখোৱা ধৰণৰ । এইক্ষেত্ৰত অবলা নাৰীও পিছপৰি থকা নাই । অপুনি এনে অবাঞ্চিত ঘটনাবোৰৰ সম্পৰ্কত কি বক্তব্য ৰাখিব ?
উ:এইটো এটা বৰ স্পৰ্শকাতৰ বিষয়। নাৰী আৰু পুৰুষ উভয়েই এইক্ষেত্ৰত সমানে জগৰীয়া। আৰ্থিক দৈনতাও এইবোৰ ক্ষেত্ৰত জগৰীয়া। তথাপি নিজে সাৱধান হোৱাৰ বাহিৰে আন উপায় আছে বুলি মনে নকয়।
বিন্দুঃ সাহিত্য চৰ্চাৰ উপৰি আন কি কামত জড়িত আপুনি ? আঁজৰি সময়ত কৰি ভালপোৱা কিছু কামৰ বিষয়ে কওকচোন !
উ: লিখা-পঢ়া কৰি ভাল পাওঁ। তাৰোপৰি ৰন্ধা-বঢ়া কৰা, ঘৰ চাফা কৰা, কাপোৰ – কানি ধোৱা, ফুৰিবলৈ যোৱা মোৰ ভাল লগা কাম । আটাইতকৈ ভাল লগা কাম হ’ল মোৰ নাতি-নাতিনীহতৰ লগত খেলি ধূলি সময় পাৰ কৰা।
বিন্দুঃ এগৰাকী শিক্ষক হৈছে একোখন সমাজৰ ভাগ্যনিয়ন্তা, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যৎ বহু পৰিমানে এজন শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰে । আপুনিও শিক্ষকতা কৰিছিল । এগৰাকী শিক্ষক হিচাপে আপুনি নিজকে সফল বুলি ভাবেনে ?
উ:- এগৰাকী মানুহ নিজে সফল হৈছে নে নাই তাক সমাজখনেহে নিৰূপণ কৰে। মই শিক্ষক হিচাবে ছাত্ৰ-ছাত্ৰীক যিমান পাৰো আন্তৰিকতাৰে শিকাবলৈ যত্ন কৰিছিলো। তেওঁলোকৰ সুখ, দুখ সকলোৰে খবৰ লৈ যিমান পাৰো সহায় কৰিছিলো। তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিয়ে মোক আনন্দ দিয়ে। অৱসৰ গ্ৰহণ কৰা আঠ বছৰ পিছতো যেতিয়া ফোন কৰি খবৰ লয় মই নিজকে বৰ ভাগ্যশালী বুলি অনুভৱ কৰো।
বিন্দুঃ আপুনি কটাই অহা সময়ৰ শৈক্ষিক পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত কেনেকুৱা পাৰ্থক্য আপুনি অনুভৱ কৰে ?
উ:- বৰ্তমানৰ শৈক্ষিক পৰিবেশক মই কটাই অহা শৈক্ষিক পৰিবেশৰ লগত তুলনা কৰিবই নোৱাৰি। বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো কিবা যান্ত্ৰিক যেন লাগে যিটো আগতে নাছিল। এই বিষয়ে পাছত দীঘলীয়াকৈ লিখিম।
বিন্দুঃ জীৱন আৰু প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা ?
উ:- জীৱন আৰু প্ৰেমৰ সম্পৰ্ক অভিন্ন। সকলোৰে জীৱনতে প্ৰেম আছে। প্ৰেম মানেই জীৱন আৰু জীৱন মানেই প্ৰেম।
বিন্দুঃ প্ৰিয় ফুল ?
উ:- গোলাপ ।
বিন্দুঃ প্ৰিয় মানুহ ?
উ:মোৰ স্বামী।
বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা।
উ:জৱাহৰলাল নেহৰু।
বিন্দুঃ প্ৰিয় ৰং ?
উ:আকাশী নীলা।
বিন্দুঃ প্ৰিয় ঠাই ?
উ:নিজৰ ঘৰখন।
বিন্দুঃ প্ৰিয় কিতাপ ?
উ:অনুৰাধাৰ দেশ।
বিন্দুঃ প্ৰিয় ব্যঞ্জন ?
উ:টেঙা।
বিন্দুঃ প্ৰিয় সময় ?
উ:অকলে থকা সময়।
বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনলো । আপোনাৰ কলমৰ নিচিগা ধাৰ বৈ থাকক সদায়।