ৰন্ধন প্ৰকৰণ
কেইটামান ব্যতিক্ৰমী জুতি
কংকনা দেৱনাথ
উলহ মালহেৰে মাঘ বিহু পাৰ হৈ গ’ল৷ উৰুকাৰ দিনা জাতি-ধৰ্ম, ধনী-দুখীয়া সকলোৱে মিলি আনন্দেৰে এসাজ খোৱাটো অসমীয়া নিয়ম৷ আপোনালোকেও নি(য় ভেলাঘৰত বহি তৃপ্তিৰে এসাজ খালে, মেজি পুৱালে, অগ্নী দেৱতাৰ আশিস ল’লে৷ আজিকালি বিভিন্ন মাধ্যমত তৰহে তৰহে ৰন্ধন পদ্ধতি উভৈনদী৷ পিছে উৰুকাৰ ভাতসাজ সকলোৱে নিজৰ কৌটিকলীয়া পৰম্পৰাৰেই গ্ৰহণ কৰি ভাল পায়৷ আপোনালোকো নি(য় তাৰ ব্যতিক্ৰম নহয়৷ সেয়ে উৰুকা পাৰ হৈ যোৱাৰ পিছত আন এক খাদ্যৰ জুতি আপোনালোকৰ বাবে লৈ আহিছো৷ পাৰিলে চেষ্টা কৰি চাবচোন, নি(য় সুকীয়া স্বাদ এটা পাব পাৰিব৷
চ্ছিকেন স্কলপিনি
উপকৰণ: হাড়বিহীন চিকেন ব্ৰেষ্ট 1 কেজি, আটা 1/3 কাপ, বগা সৰিয়হৰ তেল 1/4 কাপ, বাটন মাচৰুম [কাটি লোৱাা] 8 টটুকুৰা, নহৰু ২ কোঁহ, মাখন ২ টেবুল চামুচ, হোৱাইট ৱাইন 3/4 কাপ, নেমুৰ ৰস 1 চাহ চামুচ, পনিৰ [গ্ৰেট কৰা] 1/2 কাপ, জলকীয়াৰ গুড়ি 1/2 চাহ চামুচ, সোৱাদ অনুসৰি নিমখ আৰু জোখ অনুসৰি হালধি৷ গাৰ্নিচিঙৰ বাবেঃ পাৰ্ছলে শাক [Parsley leaves) 1/2 চাহ চামুচ, লেমন জেষ্ট 1/2 চাহ চামুচ ৷
পদ্ধতিঃ কুকুৰাখিনিৰ ওপৰত নিমখ আৰু জলকীয়া গুৰি ছটিয়াই সানি লওক৷ তাৰ পিছত ময়দাৰে কোট কৰক৷ এতিয়া এটা ডাঙৰ কেৰাহীত মধ্যমীয়া জুইত বগা সৰিয়হৰ তেল গৰম কৰক৷ তাত চিকেনখিনি 4/5 মিনিট ব্ৰাউন হোৱালৈকে ভাজিব৷ একেদৰে টুকুৰা টুকুৰ কৰা মাচৰুম আৰু নহৰুখিনি ভাজক৷ হোৱাইট ৱাইনখিনিও ঢালি দিব৷ জুই কমাই মাখন আৰু নেমুৰ ৰস দি অলপ সময় লৰাই দিব৷ এতিয়া এইখিনিৰে ভজা কুকুৰাখিনি কোট কৰক৷ তাৰ ওপৰত কুটি লোৱা পনিৰ, পাৰ্চলি পাত আৰু নেমুৰ ৰস দি সজাই লওক৷ চ্ছিকেন স্কলপিনি ৰেডি৷
মাটন কিমা মতিৰ হালিম
উপকৰণ: কুটি লোৱা মাটন ৩০০ গ্ৰাম, পিঁয়াজ [কটা] ৩ টা, আদা-হালধিৰ পেষ্ট 1 চাহ চামুচ, বিলাহী [কটা] ৰটা টমেটো পিউৰি ২ চাহ চামুচ, কেঁচা জলকীয়া ৩ টা, বেউলি ডাল ৩ টেবুল চামুচ, মুগ দাইল ৩ টেবুল চামুচ, মচুৰ দাইল ৩ টেবুল চামুচ, গৰম মছলাৰ গুড়ি 1 চাহ চামুচ, ডালিয়া 1/2 কাপ, বাৰ্লি 1 টেবুল চামুচ, চাউল 1 টেবুল চামুচ, শুকান জলকীয়া গুড়ি 1 টেবুল চামুচ, হালধিৰ গুড়ি 1/2 চাহ চামুচ, ৰোষ্টেড পাউদাৰ বনাবলৈঃ জিৰা গুড়ি 1 চাহ চামুচ, ইলাচি ৩ টা, ডালচেনি 1 টা, শুকান জলকীয়া 1 টা, কেঁচা জলকীয়া 5/6 টা, নেমুৰ ৰস 1 টেবুল চামুচ, ধনীয়া পাত ২ টেবুল চামুচ, টেঙা দৈ 1 টেবুল চামুচ, কাজু বাদাম 5-6 টা, বগা সৰিয়হৰ তেল 1/2 কাপ, ঘিঁউ 1 চাহ চামুচ আৰু একাপ ক্ৰীম৷
পদ্ধতিঃ সকলোকেইবিধ দাইল কমেও দুঘণ্টা পানীত তিয়াই ৰাখিব৷ আন এটা বাটিত মাটন মিন্স [৫০ বা ১০০ গ্ৰাম] লওক৷ তাৰ লগত আদা-নহৰু পেষ্ট, শুকান মৰিচাৰ গুড়ি, গৰম মছলা গুড়ি মিহলাই লওক৷ অলপ তেল দি এটা মণ্ড তৈয়াৰ কৰি লওক৷ এতিয়া তাৰ পৰা সৰু সৰু বল বনাই তেলত ভাজক৷ তাৰ পিছত কটা পিঁয়াজ ভাজি বেৰেষ্টা (Barista) কৰি লওক৷ অৱশিষ্ট কিমাখিনিত বগা সৰিয়হৰ তেল, কটা বিলাহীখিনি, কটা পিয়াজখিনি, হালধি গুড়ি আৰু শুকান জলকীয়াৰ গুড়িখিনি মিহলাওঁক৷ কেইবাবাৰো টছ কৰক৷ কুকাৰত 1 কাপ পানীৰে ৩টা চিটি দিব৷ পানীৰ পৰা তৰিয়াই থোৱা দাইল, ডালিয়া আৰু অলপ হালধি দিয়ক৷ দাইল আৰু কিমা মিশ্ৰণটো কম জুইত ৰান্ধিব৷ শেষত মিহলাই লওক৷ গৰম মছলা গুড়ি, ৰ’ষ্ট কৰা কাজু বাদাম ছটিয়াই বেৰেষ্টা আৰু কুটি লোৱা ধনীয়া পাতৰ সৈতে পৰিবেশন কৰক৷ প্ৰয়োজন হ’লে অলপ ঘিঁউ মিহলাই দিব পাৰে৷
ৰোজী মোচা ক্ৰেপছ বেকে
উপকৰণ: ময়দা 3/4 কাপ, কৰ্ণফ্লাৱাৰ ২ টেবুল চামুচ, চেনি 4 টেবুল চামুচ, কণী 1 টা, ভেনিলা এচেন্স অলপ, কফি ২ টেবুল চামুচ, ক’ক’ পাউদাৰ ২ টেবুল চামুচ, গাখীৰ ৫০ মিলিলিটাৰ, ক্ৰেপ ভাজিবলৈ মাখনৰ কিউব ২-৩ টা, প্ৰয়োজন অনুসৰি বগা সৰিয়হৰ তেল৷
ফিলিং আৰু বাইণ্ডিং কাষ্টাৰ্ডৰ বাবেঃ গাখীৰ ২৫০ মিলিলিটাৰ, ভেনিলা কাষ্টাৰ্ড পাউদাৰ ৩ টেবুল চামুচ, চেনি 5 টেবুল চামুচ, কফি 1/2 টেবুল চামুচ, ক’ক’ পাউদাৰ 1/2 টেবুল চামুচ, অৰেঞ্জ মাৰ্মেলেড ২ টেবুল চামুচ৷ আইচিঙৰ বাবেঃ গুড়ি চেনি 1/2 টেবুল চামুচ, ডালচেনি আৰু ইলাচিৰ গুড়ি মিহলোৱা 1/2 টেবুল চামুচ, কফি 1 চাহ চামুচ, ক’ক’ পাউদাৰ 1 চাহ চামুচ৷
পদ্ধতি: প্ৰথমে ক্ৰেপৰ বাবে এটা বাটিত কণী, গাখীৰ, চেনি আৰু ভেনিলাৰ এচেন্স একেলগে মিহলাই ভালদৰে ফেটি লওক৷ কৰ্ণফ্লাৱাৰ, ময়দা আৰু অলপ নিমখ একেলগে মিহলাই লওক৷ কণীৰ মিশ্ৰণটো অলপ অলপকৈ ঘুটি মধ্যমীয়া ঘনত্বৰ বাটাৰ বনাই ল’ব৷ তাতে কফি আৰু ক’ক’ পাউদাৰ দিব৷ প্ৰয়োজন হ’লে অলপ পানী দিব পাৰে৷ মিহলোৱাৰ সময়ত বুদবুদ নুঠিবলৈ সাবধান হওক৷ এতিয়া এখন তাৱাত প্ৰয়োজন অনুসৰি মাখন আৰু তেল দিব৷ পূৰ্বতে প্ৰস্তুত কৰা তাত প্ৰস্তুত কৰি থোৱা মিশ্ৰণটোৰ এচামুচকৈ দি পাতল আৰু সৰু আকাৰৰ পেনকেক ভাজক৷ আনহাতে, এটা পাত্ৰত গাখীৰ উতলাই লওক৷ কাষ্টাৰ্ড পাউদাৰ ২ চামুচ গাখীৰখিনিৰ লগত মিহলাই দিয়ক৷ এতিয়া গাখীৰত চেনি আৰু কাষ্টাৰ্ড ডাঠকৈ মিহলাই দিয়ক৷ কাষ্টাৰ্ড অৰেঞ্জ মাৰ্মেলেডখিনি মিহলাই দিয়ক৷ এতিয়া কাষ্টাৰ্ড দুটা সমান ভাগত ভাগ কৰি এটা ভাগত কফি আৰু ক’ক’ পাউদাৰ ভালদৰে মিহলাই লওক৷ ক্ৰেপৰ ভিতৰত এচামুচ কফি আৰু ক’ক’ কাষ্টাৰ্ড দি পেনকেকৰ দৰে ৰোল কৰক৷ প্ৰতিটো পেটিৰ ওপৰত আৰু এক চামুচকৈ ভেনিলা কাষ্টাৰ্ড মিহৱি কৰক৷ এতিয়া দীঘলীয়া শাৰীকৈ দুটা-তিনিটা পাটিছাপ সাজি, আৰু এটা পাটিচাপ ৰোল দিব৷ চাৰ্ভিং প্লেটত বাটাৰ পেপাৰ থৈ তাৰ ওপৰত চেট কৰক৷ এতিয়া বাকীবোৰ ঘূৰণীয়া কৰি চাৰিওফালে আঠা লগাই দিব৷ প্ৰয়োজন হ’লে ভিতৰত কাষ্টাৰ্ড দি বান্ধিব পাৰে৷ বৃত্তবোৰৰ সমান আকাৰৰ চেলোফেন কাটি চৌদিশে আঠা লগাই দিব৷ ফ্ৰীজত অলপ সময় ৰাখি চেলোফেন খুলি ওপৰত আইচিং পাউদাৰ ছটিয়াই পৰিবেশন কৰক৷
হানি চিলি কবিৰ বল
উপকৰণ: সৰু আকৃতিৰ বন্ধা কবি 1টা [কাটি লোৱা], কৰ্ণফ্লাৱাৰ ২ টেবুল চামুচ, সোৱাদ অনুসৰি নিমখ, কুটি লোৱা আদা 1 ইঞ্চি, কাটি লোৱা পিঁয়াজ ২ দুটা, মৌ 1 টেবুল চামুচ, বিলাহী চচ 1 টেবুল চামুচ, চয়া চচ 1 টেবুল চামুচ, চিলি ফ্লেকছ 1 টেবুল চামুচ, তিল ২ টেবুল চামুচ, পানী ২-৩ টেবুল চামুচ, ভাজিবৰ বাবে তেল ৰ টেবুল চামুচ ৷
পদ্ধতিঃ কাটি থোৱা কবিখিনি নিমখ মিহলোৱা পানীত ৩০ মিনিট তিয়াই থওক৷ তাৰ পিছত পানীৰ পৰা তৰিয়াই লৈ মিক্সাৰ বাটি এটাত থৈ দিব৷ তাত কৰ্ণফ্লাৱাৰ আৰু নিমখ মিহলাই লওক৷ মিশ্ৰণটোৰ পৰা সৰু সৰু বল তৈয়াৰ কৰক৷ কেৰাহীত তেল গৰম কৰি কবিৰ বলবোৰ ভাজিব৷ এতিয়া একেখন কেৰাহীতে আৰু অলপ তেল দি তাত আদা আৰু পিয়াজ ভাজিব৷ পিঁয়াজখিনি বাদামী ৰং হ’লে তাত চিলি ফ্লেক্স, টমেটো চচ, চয়া চচৰ লগত ভালদৰে মিহলাই দিয়ক৷ ভজা বলবোৰত সোৱাদ অনুসৰি নিমখ আৰু মৌ দিয়ক৷ চচৰ সৈতে বলবোৰ ভালদৰে কোট কৰিবলৈ লৰাই থাকিব৷ ওপৰত তিল ছটিয়াই গৰম হানি চিলি কবিৰ বল’ পৰিবেশন কৰক৷