ভেলেন্টাইন ডে’ বিশেষ/ বয়ফ্ৰেণ্ড- গাৰ্লফ্ৰেণ্ড

ভেলেন্টাইন ডে’ বিশেষ/ বয়ফ্ৰেণ্ড- গাৰ্লফ্ৰেণ্ড

ভেলেন্টাইন ডে’ বিশেষ

বয়ফ্ৰেণ্ড- গাৰ্লফ্ৰেণ্ডৰ ধাৰণা 
অসমৰ সমাজ জীৱনত ই কিমান গ্ৰহণযোগ্য

 

গাৰ্লফ্ৰেণ্ড৷ এই শব্দটোৰ কোনো স্পষ্ট সংজ্ঞা নাই আৰু ইয়াৰ প্ৰকৃত অৰ্থক লৈ এতিয়াও বিতৰ্ক চলিয়েই আছে৷ পশ্চিমীয়া সমাজত সাধাৰণতে বিশ্বাস কৰা হয় যে এহাল যুৱক-যুৱতীয়ে ডেটিং কৰিবলৈ সন্মত হোৱাৰ পিছত গাৰ্লফ্ৰেণ্ডৰ মৰ্যাদা আৰম্ভ হয়৷ ছোৱালী এজনীক ডেটিঙৰ বাবে সন্মত কৰিব পৰাটো যুৱক এজনৰ বাবে এক বৃহৎ কৃতিত্ব বুলি গণ্য কৰা হয় আৰু অন্য বন্ধুবৰ্গৰ মাজত সেই ছোৱালীজনীৰ ভাবমূৰ্তি যুৱকজনৰ সৈতে বিশেষ ধৰণে সমপৃক্ত হৈ ধৰা দিয়ে৷

ব্যৱহৃত বিভিন্ন শব্দ
কিছুমানে কয় যে “গাৰ্লফ্ৰেণ্ড“ [এটা শব্দ] আৰু “গাৰ্ল ফ্ৰেণ্ড“ [দুটা শব্দ], বা “বয়ফ্ৰেণ্ড“ [এটা শব্দ] আৰু “বয় ফ্ৰেণ্ড“ [দুটা শব্দ]ৰ মাজৰ পাৰ্থক্যটো তেনেই সূক্ষ্ম যদিও সি অতি তাৎপৰ্যপূৰ্ণ৷ বিশুদ্ধ বৈয়াকৰণ দৃষ্টিৰে ক’বলৈ গ’লে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড হ’ল এনে এজন ব্যক্তি যাৰ লগত আপোনাৰ ৰোমান্তিক সম্পৰ্ক আছে৷ আনহাতে “গাৰ্ল ফ্ৰেণ্ড“ বা “বয় ফ্ৰেণ্ড“ হৈছে কেৱল লিংগৰ দ্বাৰা চিনাক্ত হোৱা বন্ধু৷ কেতিয়াবা এই সংজ্ঞাটো কেৱল “লেডিফ্ৰেণ্ড“ বা “গাইফ্ৰেণ্ড“ বুলি কৈয়ো এই পৰিভাষাক উলংঘা কৰা হয়৷ ঘনিষ্ঠ বন্ধুত্বক বুজাবলৈও “ফ্ৰেণ্ড গাৰ্ল“ আৰু “ফ্ৰেণ্ড বয়“ শব্দটো প্ৰায়ে ব্যৱহাৰ কৰা হয়৷ এই দুয়োটাৰ মাজৰ পৰিৱৰ্তন কিশোৰ-কিশোৰীৰ বিকাশৰ এটা গুৰুত্বপূৰ্ণ দিশ৷

ইয়াৰ পিছতো “গাৰ্লফ্ৰেণ্ড“ আৰু “গাৰ্ল ফ্ৰেণ্ড“ দুয়োটা ৰূপকে বেলেগ বেলেগ অৰ্থৰে বিভিন্ন মানুহে ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে, যেতিয়া কোনো ছোৱালী বা মহিলাই অজৈৱিক আৰু অৰোমাণ্টিক প্ৰসংগত আন এগৰাকী নাৰীক বুজাবলৈ “গাৰ্লফ্ৰেণ্ড“ শব্দটো ব্যৱহাৰ কৰে, তেতিয়া ইয়াক জৈৱিক বা ৰোমাণ্টিক অৰ্থৰ বিভ্ৰান্তিৰ পৰা মুক্ত ৰাখিবলৈ কেতিয়াবা ইয়াৰ দুটা শব্দৰ ৰূপ ‘গাৰ্ল ফ্ৰেণ্ড’ শব্দটো ব্যৱহাৰ কৰা দেখা যায় যদিও তেনে কোনো নিয়ম নাই৷ শব্দটো ব্যৱহাৰৰ কৰাৰ এনে পদ্ধতিয়ে অতি ঘনিষ্ঠ বন্ধুক বুজায় আৰু ইয়াত কোনো ধৰণৰ যৌন সম্পৰ্ক জড়িত নহয়, যদিহে ইয়াক লেচবিয়ান, বাই-চেক্সুৱেল বা পেন-চেক্সুৱেল মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা নহয়৷ গাৰ্লফ্ৰেণ্ড শব্দটো এলজিবিটি সম্প্ৰদায়ৰ মাজতো ব্যৱহাৰ কৰা হয় আৰু ই যিকোনো লিংগ বা যৌনতাক বুজাব পাৰে৷

“গাৰ্লফ্ৰেণ্ড“ শব্দটোৱে যৌন সম্পৰ্কক বুজাবই লাগিব বুলি ক’ব নোৱাৰি, কিন্তু ইয়াক প্ৰায়ে এনে এগৰাকী মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিয়ে পুৰুষৰ লগত ডেটিং কৰি আছে কিন্তু তেওঁৰ লগত এংগেজমেণ্ট কৰা নাই৷ শব্দটোৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ মাজত পৰস্পৰ যৌন সম্পৰ্ক আছে৷ যৌন কাৰ্যকলাপৰ বিভিন্ন প্ৰত্যাশাৰ বাবে ডেটিং শব্দটোৱে ৰোমাণ্টিক কাৰ্যকলাপৰ ইংগিত দিব পাৰে আনহাতে কেৱল “বন্ধু“ শব্দটো ব্যৱহাৰ কৰিও ‘অন্তৰংগতা’ অৰ্থৰ পৰা আঁতৰি থাকিব পাৰি৷ ই মূলতঃ “চুইট হাৰ্ট” শব্দটোৰ সমতুল্য, যিটো মৰমৰ অৰ্থতো ব্যৱহাৰ কৰা হয়৷

আমাৰ অসমীয়া সমাজত এইবোৰ শব্দ হৈছে নকৈ আমদানীকৃত শব্দ৷ জ্যেষ্ঠ ব্যক্তি হিচাপে বহুতৰে বাবে ই আজিৰ তাৰিখতো এক অপৰিচিত শব্দ৷ বহুতে আকৌ শুনিছে যদিও ‘ছোৱালী বন্ধু’ বা ‘ল’ৰা বন্ধু’কে গাৰ্লফ্ৰেণ্ড- বয়ফ্ৰেণ্ড শব্দৰ সমাৰ্থক বুলি ভাবে৷ এই সম্পৰ্কে কিছু অভিজ্ঞতা ল‘বলৈ কেইজনমান ব্যক্তিৰ কাষ চপা হৈছিল৷ কিন্তু নিৰ্দিষ্ট দুগৰাকীমান ব্যক্তিৰ বাহিৰে খুব বেছি সঁহাৰি পোৱা নগ’ল৷ ইয়েই প্ৰমাণ কৰে যে আমাৰ অসমীয়া সমাজত ই তেনেই আচহুৱা হৈয়েই আছে৷ আহকচোন যিকেইজনে সঁহাৰি দিলে তেওঁলোকৰ মনৰ ভাবখিনি জানিবলৈ যত্ন কৰো৷

ধৰ্মেশ্বৰ শইকীয়া
বিশ্বনাথ চাৰিআলি
‘বন্ধুত্ব’ এক এৰাব নোৱাৰা এনাজৰীৰ বান্ধ৷ এই বন্ধুত্ব সকলোৰে লগত হ’ব পাৰে আৰু ই সকলো সুস্থিৰ মানুহৰ কাম্যও৷ জীৱশ্ৰেষ্ঠ মানুহৰ বাদেও ইতঁৰ জগতৰ সকলো প্ৰাণী, সেয়া ঘৰুৱাই হওক বা বনৰীয়াই হওক সকলোৰে লগত বন্ধুত্ব- ই এক স্বভাৱিক প্ৰক্ৰিয়া, ঈশ্বৰপ্ৰদত্তও৷ যুগে যুগে পৰস্পৰৰ লগত বন্ধুত্ব বিৰাজমান৷ ৰাধা-কৃষ্ণৰ বন্ধুত্বৰ কথা কোনে নাজানে৷
কিন্তু কথাটো হ’ৰ বন্ধুত্বৰ প্ৰকাৰ৷ এক স্বভাৱিক মৰম এনাজৰীৰ বন্ধুত্ব, এক সপ্ৰেম ভকতিৰ বন্ধুত্ব, বৃন্দাবনত শ্ৰীকৃষ্ণৰ গোপীৰ লগত ৰাসক্ৰীড়াত হোৱা সপ্ৰেম ভকতি, এক শ্ৰদ্ধা-ভক্তি নিহিত বন্ধুত্ব সেয়া জ্যেষ্ঠজনৰ লগতেই হওক বা কনিষ্ঠজনৰ লগতেই হওক, আৰু এক হ’ল স্বাৰ্থনিহিত প্ৰেমৰ বন্ধুত্ব৷
Boy friend Girl friend, আজিৰ যুগ ম’বাইল-ইণ্টাৰনেটৰ যুগ৷ বন্ধুত্ব তেনেই সূলভ৷ ঘৰৰ বাদেও বিদ্যালয়ত নাম ভৰ্তিৰ পৰাই প্ৰথম চিনাকিতে বন্ধুত্ব গঢ় লৈ উঠাৰ যি প্ৰক্ৰিয়া সেয়া আৱহমান কালৰ পৰাই বিৰাজমান৷
কিন্তু ম’বাইল-ইণ্টানেটৰ আগৰ ল’ৰা-ছোৱালীৰ বন্ধুত্ব আৰু পৰৱত¹ কালৰ তথা বৰ্তমানৰ বন্ধুত্বৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ বৰ্তমানৰ ল’ৰা-ছোৱালীৰ বন্ধুত্বৰ ক্ষেত্ৰত গৰিষ্ঠ সংখ্যকৰ স্বাৰ্থ নিহিত হৈ থকা দেখা যায়৷ পূৰ্বতে ইয়াৰ ব্যতিক্ৰম আছিল৷ আজিৰ ল’ৰা-ছোৱালীৰ বন্ধুত্বই সমাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ জন্ম নি(য় নিদিয়াকৈ থকা নাই? বিভিন্ন প্ৰচাৰ মাধ্যৰ জৰিয়তে যাক প্ৰত্যক্ষ কৰা যায়৷
বন্ধুত্ব বিভিন্ন প্ৰকাৰৰ যদিও ইয়াৰ দুটা ফাল– [ৰ] সকাৰাত্মক [২] নকাৰাত্মক৷ সকাৰাত্মক বন্ধুত্ব সকলোৰে বাবে নি(য় গ্ৰহণযোগ্য হ’ব পাৰে৷ ল’ৰা-ছোৱালীৰ বন্ধুত্বৰ পৰা এটা পৰিয়াল বা এখন সভ্য সমাজৰ কোনো ধৰণৰ সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া নহয়৷ পৰস্পৰে অনুধাৱন কৰি মূল্যায়ন কৰিব লাগিব৷
আজি অসমত আমি প্ৰায়ে দেখিবলৈ-শুনিবলৈ পাওঁ বন্ধুৱে বান্ধৱীক কৰা, বান্ধৱীয়ে বন্ধুক কৰা প্ৰতাৰণা, কেতিয়াবা পৰস্পৰৰ অকাল অনাকাংক্ষিত মৃত্যুৰো কাৰণ হৈ উঠে৷ এই ধৰণৰ নকাৰাত্মক বন্ধুত্ব কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷
শেষত Boy friend Girl friend ধাৰণাৰ সন্দৰ্ভত অসমৰ চহৰীয়া আভিজাত্যিক সমাজক বাদ দি হোজা-চহা অসমীয়া খাটি খোৱা অসমীয়া তথা অসমবাসী বিভিন্ন জনগোষ্ঠীৰ বাসভূমি অসমৰ সমাজ জীৱনত ইয়াৰ গ্ৰহণযোগ্যতাৰ বৰ্তমান অৱস্থাটো লোৱা হোৱা নাই বুলি ধাৰণা হয়৷ পৰিশেষত Boy friend Girl friend ধাৰণা অসমৰ গৰিষ্ঠ সংখ্যক জনতাৰ গ্ৰহণযোগ্য নহয় বুলিয়েই ধাৰণা হয়, কিছু সকাৰাত্মক বন্ধুত্বক বাদ দি৷ সকাৰাত্মক বন্ধুত্বই এক অমৰ প্ৰেমলৈ ৰূপান্তৰিত হ’লেও ক’বলৈ একো নাথাকে৷

ৰণজুশ্ৰী বৰ্মন
চানমাৰী, গুৱাহাটী
কেইবছৰমান আগলৈ অৰ্থাৎ ঊনৈশ শতিকামানলৈ ‘বয়ফ্ৰেণ্ড- গাৰ্লফ্ৰেণ্ড মানে আমাৰ ধাৰণা আছিল একেখন স্কুল বা কলেজত পঢ়া সহপাঠিসকলক অথাৰ্ৎ ছোৱালীৰ ল’ৰা বন্ধু আৰু ল’ৰাজনৰো আছিল ছোৱালী বন্ধু কিন্তু সেয়া আছিল তেওঁলোকৰ পাঠ্যপুঠি সম্পক¹য় বিভিন্ন আলোচনা-বিলোচনা কৰা, ইজনে সিজনক সহায়-সহযোগিতা কৰা ইত্যাদি ইত্যাদি৷ সেইখিনিৰ মাজতে আ্‌ছল তেওঁলোক বন্ধুত্ব সীমাবদ্ধ৷
কিন্তু যুগৰ ধামখুমীয়াৰ বাবেই হওক বা পৰিৱৰ্তনৰ বাবেই হওক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ধাৰণা কিছু সলনি হোৱা যেন পৰিলক্ষিত হয়৷ সঁচা অৰ্থত ক’বলৈ হ’লে বৰ্তমান ল’ৰাজনৰো এজনী ছোৱালী বন্ধু আৰু ছোৱালীজনীৰো এজন ল’ৰা বন্ধু থকাটো যেন এক চখলৈ পৰিৱৰ্তিত হৈছে৷ এতিয়াৰ যুগত বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড নোহোৱা বা নথকাটো যেন আ(ৰ্যৰ কথা৷ বেছি সংখ্যক যুৱক বা যুৱতীয়ে সহপাঠি অথবা সহকম¹ৰ সৈতে মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডসকলে বাহিৰৰ জগতখনলৈ ওলাই আহি ‘প্ৰেমিক-প্ৰেমিকা’ৰ দৰে আচৰণবোধ কৰে৷ ক’বলৈ গ’লে তেওঁলোক সমাজৰ দৃষ্টিত ‘প্ৰেমিক-প্ৰেমিকা’হে৷ আকৌ এনেবোৰ সম্বন্ধত কিছুসংখ্যক অভিভাৱক বিশেষকৈ মাতৃগৰাকীৰ যথেষ্ট অৰিহণা থাকে বুলিও মোৰ ধাৰণা হয়৷ অৱশ্যে বিসকল বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ড বা যুৱক-যুৱতী বিবাহপ্ৰাথ¹ তেওঁলোকৰ কথা সুকিয়া৷ তেনেধৰণৰ সম্বন্ধক সমাজে ভাল দৃষ্টিৰে চাব বা স্বীকৃতিও দিব৷
কিন্তু দেখা গৈছে যে বহু ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ এই সম্বন্ধই আনকি অসামাজিক, যেনে হোটেল বা ৰেষ্টুৰেণ্টত সুৰা অথবা ড্ৰাগচ সেৱন কৰি মাতাল হৈ গভীৰ নিশালৈ নৃত্য কৰা, লিভিং টুগেদাৰৰ দৰে কৰ্মত লিপ্ত হোৱাও দেখা যায়৷ এনেধৰণৰ কৰ্মই সমাজখনক কলুষিত কৰাৰ উপৰিও উঠি অহা প্ৰজন্মক নি(য়কৈ ক্ষতি কৰিব, এই বিষয়ে কোনো সন্দেহ নাই৷ …

ৰাতুল আহমেদ
যুৱ ব্যৱসায়ী, ভালুকপুং [অৰুণাচল]
আজিৰ পৰা দহ বছৰ আগলৈকে বয়ফ্ৰেণ্ড -গাৰ্লফ্ৰেণ্ড শব্দ দুটা আমাৰ বাবে আছিল অপৰিচিত শব্দ৷ প্ৰেমত পৰা এহাল ডেকা গাভৰুক আমি প্ৰেমিক প্ৰেমিকা বুলিয়েই কৈছিলো৷ প্ৰেমিক বা প্ৰেমিকায়ো ইজনে সিজনক ‘লাভাৰ’ বুলিয়েই কৈছিল৷ প্ৰথম যেতিয়া শব্দ দুটা শুনিছিলো তেতিয়া তাৰ অৰ্থ ছোৱালী বন্ধু আৰু ল’ৰা বন্ধু বুলিয়েই ভবিছিলো৷ মই এজন ল’ৰা হিচাপে মোৰ যিমান ছোৱালী বান্ধৱী আছে সেই সকলোবোৰেই মোৰ গাৰ্লফ্ৰেণ্ড– এয়াই আছিল আমাৰ ধাৰণা৷ কিন্তু পিছতহে লাহে লাহে বুজিবলৈ ললো যে মোৰ ধাৰণা কেৱল ভুলেই নহয়, সমান্তৰালভাবে মই মুৰ্খও৷ পলমকৈ বুজিলো যে গাৰ্লফ্ৰেণ্ড- বয়ফ্ৰেণ্ড মানে আমি আগতে কোৱা সেই প্ৰেমিক-প্ৰেমিকাই৷
কিন্তু আজিৰ তাৰিখত মোৰ এই ধাৰণাটোতো গণ্ডগোল আছে যেন লাগে৷ সঁচাকৈয়ে বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ড মানে প্ৰেমিক-প্ৰেমিকা নে? পূৰ্বতে প্ৰেমিক-প্ৰেমিকাৰ মাজত সংকোচ আছিল, গোপনীয়তা আছিল, ভয় আছিল৷ প্ৰেম-পিৰিতিক মযাৰ্দা দিলেও পৰিয়ালে বা সমাজে ইয়াক মুক্ত ভাৱে স্বীকৃতি দিয়া নাছিল৷ তাতোকৈ ডাঙৰ কথাটো হ’ল প্ৰেমিক-প্ৰেমিকাৰ মনত লাজ আছিল৷ বিপৰীত লিংগৰ সৈতে মুক্তভাবে ঘূৰা-ফিৰা কৰা বা বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা কথাটো যেন লজ্জাৰ কথা আছিল৷ কিন্তু এতিয়াতো কোনো ছোৱালীয়ে কোনো ল’ৰাক বিনা দ্বিধাই ক’ব পৰা হ’ল– এয়া মোৰ গাৰ্লফ্ৰেণ্ড বা এয়া মোৰ বয়ফ্ৰেণ্ড৷ বয়ফ্ৰেণ্ডৰ লগত যাম বুলিলে ৰাতি বাৰ বজাতো পৰিয়ালৰ লোকেই অনুমতি দিয়া হ’ল ওলাই যাবলৈ৷ যুৱক-যুৱতীৰ অবাধ মিলা মিছাত যেন সমাজেও স্বীক.তি প্ৰদান কৰিলে যদিহে তেওঁলোক বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ড হয়৷ তেন্তে কেনেকৈ ক’ম বয়ফ্ৰেণ্ড- গাৰ্লফ্ৰেণ্ড মানে ‘তাহানি’তে আমি পাই অহা প্ৰেমিক-প্ৰেমিকাকে বুজাই বুলি?
আমাৰ সমাজত সাধাৰণতে বিয়া ঠিক হৈ থকা ল’ৰা-ছোৱালীৰ মিলা মিছাৰক্ষেত্ৰত কিছু শিথিলতা প্ৰদৰ্শন কৰা হয়৷ তাকো ৰিং চেৰিমনি আদি হৈ যোৱাৰ পিছত৷ পূৰ্বৰে পৰা কোনো ল’ৰাৰ সৈতে বিয়া ঠিক হৈ থকা ছোৱালীক বাগ্‌দত্তা বুলি কৈ অহা হৈছে৷ তেন্তে বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ড মানে আমি ‘বাগ্‌দত্ত-বাগ্‌দত্তা’ বুলি বুজিম নেকি?

নীলিমা মহন্ত
আশাকম¹, চাউলধোৱা [লখিমপুৰ]
সময় দুৰন্ত৷ দুৰ্নিবাৰ৷ সময়ৰ এই গতিত তাল মিলাই চলিব নজনাজনেই বেক-ডেটেড, পুৰণি৷ আমি যদি কিবা চমৎকাৰী গুণেৰে আজি আমাৰ পূৰ্বপুৰুষসকলৰ কোনোবা এজনক পুনৰজীৱন দিও তেন্তে তেওঁ নিশ্চিতভাৱে তৎকালে পুনৰ মৃত্যু কামনা কৰিব৷ কাৰণ তেওঁ এৰি যোৱা পৃথিৱীখন আগৰ দৰে হৈ থকা নাই৷ ই ইমানেই দ্ৰুততাৰে সলনি হৈ গৈছে যে তেওঁৰ বাবে এই পৰিৱৰ্তিত সমাজখন হ’ব অচিনাকি, এডজাষ্ট্‌ কৰিব নোৱাৰা বিধৰ৷ অদ্ধৰ্ উলংগ নাৰী, নাৰী-পুৰুষৰ অবাধ মিলা মিছা আদি দেখাৰ পিছত তেওঁ বাৰু কিয় পুনৰ মৰণ কামনা নকৰিব? তেওঁলোকৰ দিনবোৰত জানো সেইবোৰ কেতিয়াবা ভাবিব পৰা কথা আছিল?
পূৰ্বপুৰুষৰ কথা এৰক৷ এতিয়া নিজৰ জীৱন কালতে সময়ৰ এনেদৰে পৰিৱৰ্তন হ’ব ধৰিছে যে একোজন পঞ্চাশোৰ্ধৰ ব্যক্তিৰ বাবেই এতিয়া ‘ফাট দিয়া বসুমতী পাতালে লুকাও’ অৱস্থা হৈছেগৈ৷ তেনে বয়সৰ লোকৰ মুখত আজিকালি প্ৰায়ে শুনা যায়– ‘ঘোৰ কলি কাল ঘোৰ কলি কাল’ অথবা ‘এইবোৰ দেখিবলৈহে জীয়াই আছো’, ‘সোনকালে মাৰি নিয়া প্ৰভু’ আদি৷ নিজৰ বিবাহিতা স্ত্ৰীৰ বাহিৰে অন্য নাৰীৰ আঙুলি স্পৰ্শ কৰাটোও য’ত পাপ গণ্য কৰা হৈছিল তাত যেতিয়া পৰ্ণ ভিডিঅ’ৰ অবাধ প্ৰচলন দেখিব, লিভিং টুগেদাৰ দেখিব তেতিয়া এনে অৱস্থা হোৱাটোৱেই স্বাভাৱিক৷ বয়ফ্ৰেণ্ড-গাৰ্লফ্ৰেণ্ডৰ পোছাক পিন্ধি আজিকালি যুৱক-যুৱতীসকলে অবাধে যৌনতাৰ সোৱাদ লৈ ফুৰিব পৰা হ’ল৷ মন মিলিলে ল’ৰা-ছোৱালীয়ে বিবাহ বহিৰ্ভূতভাবে বিবাহিত স্বামী-স্ত্ৰীৰ দৰে একেলগে থাকি জীৱনৰ ‘অনৈতিক মজা’ ল’ব পৰা হ’ল৷ বিশেষকৈ আমাৰ অসমীয়া সমাজত এনেবোৰ ঘটনা নাভূত নাশ্ৰুতেই নহয় ই অকল্পনীয়ও৷ এনে চিন্তাৰ বাবে হয়তো আমাকো সময়ে আউট ডেটেত বুলিয়েই ধৰি ল’ব৷ পুৰনি বুলি উপলুঙা কৰিব৷ কিন্তু যিয়েই নকওক আমাৰ মনে এইবোৰক হয়তো কাহানিও গ্ৰহণ কৰিব নোৱাৰিব৷ ….

[প্ৰতিবেদনখন যুগুত কৰিছে মেঘালী ডেকাই- সঃ বিঃ]

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *