ৰূপচৰ্চা/ আপোনাৰ গাৰ ছালখন ধূলিৰ পৰা কেনেকৈ ৰক্ষা কৰিব

ৰূপচৰ্চা/ আপোনাৰ গাৰ ছালখন ধূলিৰ পৰা কেনেকৈ ৰক্ষা কৰিব

আহি আছে ফাগুনৰ ধূলি
আপোনাৰ গাৰ ছালখন ধূলিৰ পৰা কেনেকৈ ৰক্ষা কৰিব

শতৰূপা চৌধুৰী

মাঘ বিহুৰ আনন্দ-উৎসাহৰ পিছত এতিয়া লাহেকৈ আহিব লাগিছে মায়াবী ফাগুন৷ ফাগুন অকলে নাহে৷ ই লগত লৈ আহে বতাহ, ধূলি আৰু শুষ্কতা; যিয়ে আপোনাৰ গাৰ ছালখনত পেলাব পাৰে নিগেটিভ প্ৰভাৱ৷ সেয়ে এই সময়ছোৱাত ছালখনক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত আহি পৰে এক বৃহৎ প্ৰত্যাহ্বান৷ অতদিনে আদৰ যত্ন কৰাৰ পিছত মোলায়েম হৈ পৰা গাৰ ছালখন বিভিন্ন সমস্যাত ভোগাতো নি(য় আপুনিও নিবিচাৰে৷ এই ক্ষেত্ৰত তলৰ কথাখিনি বিশেষভাবে মনত ৰাখিব-

-ধূলিৰ ফলত ছালৰ এলাৰ্জী হ’ব পাৰে৷ মুখত ৰঙা ৰঙা ফোহা ওলাব পাৰে৷
– ব্ৰণ বিভিন্ন কাৰণত হয় যদিও ধূলি ইয়াৰ অন্যতম প্ৰধান কাৰণ৷
-দিনটোত কেইবাবাৰো কুহুমীয়া পানীৰে মুখমণ্ডল পৰিষ্কাৰ কৰিব লাগে৷ বিশেষকৈ চকু, নাক আৰু মুখৰ ধূলি পৰিষ্কাৰ কৰিব৷
– ঘৰৰ পৰা বাজলৈযোৱাৰ সময়ত মুখত মাস্ক আৰু ছানস্ক্ৰীণ ক্ৰীম লগাব লাগে৷

ছালৰ বিশেষজ্ঞ ৰহিমা চুলতানাই কয়, প্ৰতিদিনে বাহিৰৰ পৰা উভতি অহাৰ পিছত ছালৰ যত্ন ল’ব লাগে৷ কাৰণ এই সময়ত বতাহত ধূলি বেছি৷ সেইবাবেই ছালখন পৰিষ্কাৰ কৰি ৰখাৰ প্ৰয়োজন৷ আপুনি আপোনাৰ ছালৰ প্ৰকাৰ জানি আপোনাৰ ছালৰ যত্ন ল’বলৈ আৰম্ভ কৰিব লাগে৷

তেলীয়া ছালৰ যত্ন
বিশেষকৈ তেলীয়া ছালত ধূলি জমা হয়৷ দিনটোত কমেও তিনি-চাৰিবাৰ পানী ছটিয়াই মুখমণ্ডল পৰিষ্কাৰ কৰিব পাৰে৷ দেহৰ ক্লান্তি আঁতৰ হোৱাৰ লগতে মুখমণ্ডলৰ অতিৰিক্ত তেল আঁতৰাই পেলাব৷ ফলত ব্ৰণ হোৱাৰ প্ৰৱণতা কমি যাব৷ ইয়াৰ বাহিৰেও কপাহৰ সহায়ত মুখখন টোনাৰেৰে মচিব লাগে৷ তেলবিহীন ক্লিনজিং ফেচ ৱাছৰ দ্বাৰা ছালখন পৰিষ্কাৰ কৰক৷ মুখখন লাহে লাহে মচি দিয়াৰ পিছত মইশ্ব’ৰাইজাৰ ক্ৰীম ব্যৱহাৰ কৰিব লাগে৷ ইয়াৰ বাহিৰেও আগতীয়াকৈ ঘৰতে ফেচ পেক বনাই ফ্ৰীজত ৰাখিব পাৰে৷ বেচন, শসাৰ ৰস আৰু অলপ দৈ দি মচুৰ দাইল বা পটলৰ পেক এটা বনাওক৷ এই পেকত শসাৰ ৰস বেছি হ’ব লাগে৷ পাৰিলে পেকটো দৈনিক ব্যৱহাৰ কৰক৷ ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব৷ তেলীয়াতা কমি যাব৷

কম্বিনেচন ছালৰ যত্ন
এই ধৰণৰ ছালৰ কিছু অংশ তেলীয়া আৰু কিছু অংশ স্বাভাৱিক বা শুকান৷ গতিকে কম্বিনেচন ছালত প্ৰতিদিনে টোনাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই৷ তেলীয়া ছাল কম কৰিবলৈ সপ্তাহত দুদিন ব্যৱহাৰ কৰিব পাৰি৷ প্ৰতিদিনে যিকোনো মালিচ ক্ৰীমৰ দ্বাৰা প্ৰথমে ছাল পৰিষ্কাৰ কৰক৷ প্ৰয়োজন অনুসৰি ছালখন মালিচ কৰক৷ টাৱেল এখন কুহুমীয়া পানীত তিয়াই মুখখন মচি দিব৷ তাৰ পিছত ঘৰতে বনোৱা পেক প্ৰয়োগ কৰিব পাৰিব৷ এনে অৱস্থাত তেলীয়া ছালৰ পেকটোত একে পৰিমাণৰ শসাৰ ৰস ৰাখি সৰিয়হৰ গুঞ্জিৰে এটা পেক বনাব লাগে৷ টেঙা ক্ৰীম ব্যৱহাৰ নকৰিব৷

শুকান ছালৰ যত্ন
এই ধৰণৰ ছালত টোনাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই৷ দৈনিক ব্যৱহাৰ কৰা ক্লিনজিং ফেচ ৱাছৰ দ্বাৰা মুখ আৰু ছাল পৰিষ্কাৰ কৰক৷ গাখীৰ, মৌ, সামান্য পৰিমাণৰ দৈ মিহলাই মুখত লগাই ধুব৷ ৰাতি শুই উঠাৰ আগতে ভাল মানৰ মইশ্ব’ৰাইজিং ক্ৰীম নি(য় ব্যৱহাৰ কৰিব লাগে৷ ইয়াৰ বাহিৰেও যদি আপুনি তিলৰ তেল, গাখীৰ আৰু মৌ একেলগে মিহলাই লয় তেন্তে ছালখন জিলিকি উঠিব৷ টমেটো, আলুৰ ৰসে ভাল ক্লিনজাৰ হিচাপে কাম কৰে৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *