বৰাষা কাশ্যপৰ কবিতা

বৰাষা কাশ্যপৰ কবিতা

হে পুৰুষ তোমাক নমস্কাৰ

মই নাৰী
তোমাৰ দৃষ্টিত
সেইবাবেই মই ধুনিয়া
সেইবাবেই মই নাইচ
সেই বাবেই মই কিউট…

নাৰী বাবেই মই
তোমাৰ দৃষ্টিত আদৰণীয়
নাৰী বাবেই মই
তোমাৰ দৃষ্টিত লোভনীয়
নাৰী বাবেই মই তোমাৰ বাবে ক্ৰয় কৰিব পৰা সুলভ মূল্যৰ পণ্য

নাৰী বাবেই মই কছাইখানাৰ মঙহ
বাসনা জাগিলে
দৰে দামে মিলিলে
আজুৰি পিজুৰি খাব পাৰি যাক
বিনাদ্বিধাই

পুৰুষ বাবেই তুমি ধন্য
পুৰুষ বাবেই তুমি মান্য
পুৰুষ বাবেই তুমি
একেই মানুহ হোৱাৰ পিছতো ভিন্ন অথবা অনন্য

পুৰুষ বাবেই তুমি
নাৰীক দিব পাৰা পত্নীত্বৰ মৰ্যাদাহীন অধিকাৰ
পুৰুষ বাবেই তুমি নাৰীক দিব পাৰা
জন্ম জন্মান্তৰৰ বন্দীত্ব
অথবা দাসীত্বৰ উপহাৰ
তোমাৰ দৃষ্টিত
পুৰুষ অবিহনে নাই নাৰীৰ কোনো বাস্তৱ অস্তিত্ব

হেজাৰ নাৰীৰ কৌমাৰ্য হৰিও
পুৰুষ বাবেই তুমি বিচাৰিব পাৰা প্ৰমাণ
পত্নীৰ ছিদ্ৰহীন সতীত্বৰ
তোমাৰ বাবে নাৰীৰ নাথাকে
আত্মৰতিৰো অধিকাৰ

পৰুষ বাবেই
তোমাৰ বাবে পৰ্যাপ্ত ভিন্নস্বাদৰ অশ্লীল মেলা
তুমি সাজি লৈছা বেশ্যালয়
তোমাৰ বাবে খোলা আছে
ল’জ
অথবা হোটেল-ৰেস্তোঁৰা পথ-প্ৰান্তৰ

তুমি ‘পুৰুষ-পৰিচয়ে’ৰে ঢাকি ৰাখিব পাৰা নিজৰ ক্লীৱত্ব
উৰ্বৰা জৰায়ুক বন্ধ্যাত্বৰ পোছাক পিন্ধাই
দোষ জাপিব পাৰা সন্তানহীনতাৰ
তোমাৰ বাবে তেনেই মূল্যহীন নাৰীৰ নাৰীত্ব

তুমি পুৰুষ
আৰু সেই বাবেই
নাৰীৰ কপালত আঁৰি দিছা তুমি
ভাগ্য নামৰ সেন্দূৰীয়া বেনাৰ
ভাগ্যক ধিয়াই চলে নাৰীৰ জীৱন
ভাগ্যক ধিয়াই মৰহে নাৰীৰ যৌৱন
হেজাৰ হওক,
তোমাৰ মতে লাউ ডাঙৰ হলেও যে সি পাতৰ অধীন !

নাৰীৰ বাবে ৰাখি থৈছা তুমি শিষ্টাচাৰ
নাৰীৰ বাবে ৰাখি থৈছা তুমি সদাচাৰ
লক্ষীচৰিতৰ পাতে পাতে
নাৰীৰ বাবে সঠিক কৰি দিছা
লক্ষণ ৰেখা,
সভ্যতা আৰু সংস্কাৰ অথবা ষোড়শোপচাৰ

হে অহংকাৰী পুৰুষ,
তোমাক নমস্কাৰ !!

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *