৷লুচিখন হাতত দি হৃদয় দাদাই তাইক বিছনালৈ নি বগাত সেউজীয়া ফুটটুত থকা পেণ্টিটো খুলি পেলালে … আৰু তাৰ পিছত হৃদয় দাদা যেন পিশাচ হৈ উঠিল৷ দুখ পাইছো … হৃদয় দাদা…৷
এটা প্ৰাণকাতৰ চিঞৰ মাৰি তাই হৃদয় দাদাক ঠেলি বাহিৰ ওলাই আহিল৷
অব্যক্ত
মুনমী শিৱম
সেই দিনটোৰ পিছত বহুদিনলৈকে তাইৰ আত্মাৰ পৃথিৱীখন ভূমিকম্পৰ তীব্ৰ জোঁকাৰণিত দুলি থাকিল৷ লাহে লাহে জোঁকাৰণিবোৰ কমিল… কিন্তু হৃদয় নামৰ সেই ল’ৰাটোৰ প্ৰতি থুপ খাই থকা ঘৃণাবোৰে নিগাজীকৈ বুকুত ঘৰ সাঁজি ল’লে৷ কথাবোৰ মনত পৰিলে আজিও তাইৰ আকাশখন আন্দোলিত হয় .. ঘৃণাত, ক্ষোভত ফাটি পৰে তাই৷ এই যেন এজাক মুষলধাৰ বৰষুণ নামি আহিব৷ পুৰুষৰ প্ৰতি থুপ খাই থকা এই ঘৃণাবোৰৰ বাবে কেতিয়াবা ককাক আৰু দেউতাকো তাইৰ ৰুঢ় ব্যৱহাৰৰ সন্মুখীন হ’ব লগা হয়৷ পিছ মুহূৰ্ততে ভাব হয় তাই ভুল কৰিছে পুৰুষ মানেই জানো হৃদয় নামৰ সেই হৃদয়হীন ল’ৰাটো৷ মৰম আৰু প্ৰত্যয়েৰে আবৰি ৰখা দেউতা নামৰ এখন বিশাল আকাশো পুৰুষ … আৰু তাইৰ সকলো কথা জানিও হাতত হাতধৰি তাইক আগুৱাই লৈ যাব খোজা তন্ময় .. তন্ময়ো পুৰুষ৷ সকলো পুৰুষ একে নহয়.. হৃদয়ৰ দৰে হৃদয়হীন নহয়৷
তেতিয়া তাইৰ বয়স কিমান আছিল বাৰু? খুউব বেছি আঠ কি ন বছৰ৷ গৰমত কষ্ট পাব বুলি আইতাকে তাইক কটা হাতৰ ফুটুকীয়া ফ্ৰক এটা চিলাই দিছিল৷ সেই ফ্ৰক পিন্ধি দৌৰি ফুৰিছিল আইতাকৰ মৰমৰ টুকটুক৷ যদিও সেয়া তাইৰ পখিলা খেদাৰ বয়সেই আছিল .. কংক্ৰিটৰ চহৰখনত তাইৰ পখিলা খেদাৰ লগহে নাছিল৷ টাবৰ ফুলকেইজোপালৈ কাচিৎহে পখিলা আহিছিল৷ কাম কাম বুলি সদাব্যস্ত মাক আৰু আইতাকৰ তাইক কোলাত তুলি মৰম কৰিবলৈ সময় নাছিল৷ গতিকে খেলৰ লগ বিছাৰি তাই কাষ চাপিছিল প্ৰতিবেশী ল’ৰা হৃদয়৷ হৃদয় দাদা তাইৰ বাবে এটা নামেই নাছিল, হৃদয় দাদা আছিল এক আস্থা আৰু বিশ্বাসৰ নাম৷ কোলাত তুলি মৰম কৰিব পৰা সেই বয়সতে হৃদয় নামৰ সেই বিশ্বাসে এটা ভোকাতুৰ বাঘ হৈ তাইক যেন নেফানেফ কৰিব খুজিছিল৷ হৃদয় দাদা ওৰফে তাইৰ লুচি বনোৱা দাদাই ঘৰত কোনো নথকাৰ সুযোগত এখন ফুলা লুচি দেখুৱাই তাইক মাতিছিল৷ টুকটুক লুচি বনাইছো আহা ….. কামত সদাব্যস্ত মাক আৰু আইতাক তাই দাদাকৰ ওচৰত আছে বুলি নিঃসন্দেহ আছিল!
এখন ফুলা লুচিৰ টোপ দি মৰম কৰাৰ ছলেৰে সি যেন তাইক অজগৰ হৈ গিলিব খুজিছিল৷ তাৰ হাত দুখন তাইৰ দেহৰ উপত্যকাত বিচৰণ কৰি ফুৰিছিল৷ সি তাইৰ কাণৰ কাষত ফুচফুচাই কৈছিল-
ঃ টুকটুক তোমাক যে মই ইম্মান মৰম কৰো এইবোৰ কথা তুমি কিন্তু কাকো ন’কবা৷ যদি কোৱা তোমাৰ মা -দেউতা, ককা-আইতা সব মৰি থাকিব৷
কথাবোৰে তাইৰ মূৰত পাকঘূৰণি খাইছিল৷ তাইক যেনিবা কোনোবাই বেছিকৈ মৰম কৰিলেই, সেই কথা ক’লেই কিয় তাইৰ মাক বাপেক ককাক আইতাক মৰি থাকিব! আৰু সৱ যদি মৰিয়েই থাকে তাই কাৰ ল’গত থাকিব৷ পিটপিটাই ফুৰা টুকটুকজনী ক্ৰমান্বয়ে ভাবুক হৈ পৰিছিল৷ কাকো ক’ব নোৱাৰা কথাবোৰ তাইৰ কণমানি মনটোৰ মাজত পাকঘূৰণি খাবলৈ ধৰিলে৷ কাৰোবাক ক’লেই যে তাইৰ মাক -দেউতাক, ককাক, আইতাক সব মৰি থাকিব৷ কিন্তু …
ককাক আৰু দেউতাকে কৰা মৰমতকৈ হৃদয় দাদাই কৰা মৰমবোৰ বাৰু বেলেগ নেকি! নাযায় আৰু তাই হৃদয় দাদাৰ তালৈ৷ কেতিয়াও নাযায় তাই৷
ভাৱনাৰ পৃথিৱীত ডুৱ গৈ থাকোঁতেই তাইক পুনৰ হ্ৰদয় দাদাই মাতিছিল৷
ঃ টুকটুক লুচি বনাইছো আহা৷
লুচিৰ নাম শুনি সকলো পাহৰি তাই লৰ ধৰিলে ৷ লুচিখন হাতত দি হৃদয় দাদাই তাইক বিছনালৈ নি বগাত সেউজীয়া ফুটটুত থকা পেণ্টিটো খুলি পেলালে … আৰু তাৰ পিছত হৃদয় দাদা যেন পিশাচ হৈ উঠিল৷ দুখ পাইছো … হৃদয় দাদা…৷ এটা প্ৰাণকাতৰ চিঞৰ মাৰি তাই হৃদয় দাদাক ঠেলি বাহিৰ ওলাই আহিল৷ সেই যে আহিল, তাই হৃদয় দাদাৰ ওচৰলৈ আৰু কেতিয়াও যোৱা নাই৷ তাই বুজিছে হৃদয় দাদাই তাইক ভাল নাপায়, মৰম নকৰে .. ন’হলে কিয় দুখ পোৱাই দিব৷
বয়স বাঢ়িল … লাহে লাহে তাই বুজি উঠিল হৃদয় দাদাৰ সেয়া মৰম নাছিল .. যৌন নিৰ্যাতন আছিল৷ ডাঙৰ মানুহৰ বাবে সেয়া যে ছেক্স তাই তেতিয়া মাথোঁঁ বুজি পৱা নাছিল৷
নাছিল … হৃদয়হঁতো আৰু এইখন চহৰত নাছিল৷ সেই যে পঢ়িবলৈ ওলাই গ’ল বিয়া বাৰু পাতি চাকৰি কৰা ঠাইতে নিগাজী
হ’ল৷ তায়ো ভালেই পালে৷ বিষ্ঠাবোৰ পদূলিমুখত থাকিলে পৰিবেশটোৱেই বিষাক্ত হৈ থাকে৷ নিৰ্মল হৈ থাকক তাইৰ চৌপাশ৷
আজি দুটা দশকৰ পিছত চহৰখনৰ ভোগালীৰ মেলাত পুনৰ তাই অনাকাংক্ষিত ভাৱে হৃদয়ক দেখিছে৷ খাদ্যৰ বিপনীখনত আত্মবিভোৰ হৈ এখন টেবুল আগত লৈ হৃদয় বহি আছে৷ লগত এগৰাকী যুৱতী৷ কথা বতৰা আৰু আত্মমগ্নতাত সহজেই ধৰিব পাৰি সেয়া তেওঁৰ প্ৰেমিকা৷ ঘৃণাত তাইৰ নাক কোঁচ খাই গ’ল৷ এইটোৱেই হৃদয় নামৰ সেই পশুটো যাৰ বাবে তাই ডিপ্ৰেছনত ভুগি চিকিৎসা কৰাবলগা হৈছিল৷ এসময়ত হতাশাৰ পৰা মুক্ত হ’বলৈ মনে মনে আনকি তাই মদৰো আশ্ৰয় লৈছিল৷
মাকে তাইৰ এই বদঅভ্যাস ধৰা পেলাই যেতিয়া এক চৰ মাৰিছিল, সেইদিনা মাকক তাই সকলো কৈ পেলাইছিল৷ অব্যক্ত কথাবোৰ কৈ তাই এক অনাবিল স্বস্তি লাভ কৰিছিল৷ মাকৰ বুজনিত তাই আস্বস্ত হৈছিল৷ মাকে বুজাইছিল সেই ফুলকুমলীয়া বয়সতে তাইৰ লগত হোৱা এই অপকৰ্মৰ বাবে তাই দায়ী নহয়৷ জীৱনৰ ছন্দ তাই ঘূৰাই পাইছিল৷ আকৌ ৰাংঢালী টুকটুক হৈ জীৱনমুখী হৈছিল তাই৷ কিন্তু আজি …. পুৰণি ঘাঁ এটুকুৰা যেন আকৌ তেজ পূজেৰে পকি উঠিছে৷ তাইৰ পৃথিৱীখন যেন আকৌ ভূমিকম্পই জোঁকাৰিছে৷
ঃ তন্ময় আমি যাওঁ ব’লা৷
অস্বস্তিৰে তাই প্ৰেমিকক অনুৰোধ কৰিলে৷
ঃ আৰে আমি দেখোন আহিছোঁহে, একো দেখোন খুৱাই নাই..
তন্ময়ৰ বিস্মিত স্বৰ৷
ঃ সন্মুখত বিষ্ঠা ৰাখি অমৃত খাব নোৱাৰি তন্ময় …
কথাষাৰ কৈ দাঁতেৰে ওঁঠ কামুৰি তাই নিৰ্দিষ্ট টেবুলখনৰ ফালে এক তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি বতাহৰ বেগেৰে বাহিৰ পালেগৈ৷
একো নুবুজিও তন্ময়ে যেন বহু কথাই বুজিলে৷
নি(য় কৰবাত কিবা এটা ঘটিছে৷ বাধ্য ল’ৰাৰ দৰে তন্ময়ে তাইক অনুসৰণ কৰিলে৷
[যাৰ জীৱনৰ এমুঠি সঁচাৰ পটভূমিত ৰচিত হ’ল এই গল্প, মৰমেৰে তেওঁৰেই হাতত৷ ]