এই সংখ্যাৰ অতিথি
বিশিষ্ট লেখিকা, অভিনেত্ৰী তন্দ্ৰালী মুৰ্ছনা
সাক্ষাৎগ্ৰহণঃ দীপ্তি দেৱী কোঁৱৰ
বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, পেচা, দাম্পত্য জীৱন ইত্যাদি৷
তন্দ্ৰালী ঃ নমস্কাৰ৷ মই প্ৰথমেই বিন্দুৰ পৰিয়ালটিক কৃতজ্ঞতা জ্ঞাপন কৰিছো মোৰ জীৱনৰ কিছু কথা জানিব খোজাৰ বাবে৷ মোৰ জন্ম ডিব্ৰুগড় জিলাৰ বামুণবাৰীত৷ শিক্ষা প্ৰথমে বামুণবাৰী প্ৰাথমিক বিদ্যালয়, ক্ৰমান্বয়ে মৰাণ উচ্ছমাধ্যমিক বিদ্যালয়, শিৱসাগৰ ছোৱালী কলেজ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, এচ কে হাজৰিকা কলেজ [ডি.এল.এড]৷ বৰ্তমান মই মৰিগাঁও জিলাত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰী৷ এঘাৰ বছৰ দাম্পত্য জীৱনৰ পাছত বৰ্তমান মই নিসংগ যদিও সুখী৷
বিন্দুঃ আপোনাৰ লেখক জীৱনৰ বিষয়ে জানিব বিচাৰো৷ কেতিয়াৰ পৰা সাহিত্য জগতলৈ আহিল?
তন্দ্ৰালী ঃ প্ৰাথমিক বিদ্যালয়ৰ পৰা কবিতা লিখিছিলো৷ প্ৰয়াস কৰিছিলো- অনুভৱৰ শব্দবোৰ গুঁঠি এটি এটিকৈ বাক্য সাজিবলৈ৷ নিতাই পুখুৰী মহাবিদ্যালয়ৰ প্ৰবক্তা মোৰ মা আৰু বামুণবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কৰবী বৰুৱা মাহী আছিল মোৰ পথিকৃৎ৷
বিন্দুঃ এতিয়ালৈকে আপুনি সাহিত্যৰ দিশটোত কি কি কাম কৰিলে? কিমানখন গ্ৰন্থ ৰচনা কৰিলে? গ্ৰন্থকেইখনৰ বিষয়ে অলপ কওকচোন! গ্ৰন্থকেইখনকলৈ আপুনি সন্তুষ্টনে?
তন্দ্ৰালী ঃ প্ৰথমে কবিতা তাৰ পাছত গল্প, প্ৰবন্ধ আৰু উপন্যাসৰ প্ৰয়াস কৰিলো৷ পাঁচখনকৈ গ্ৰন্থই ছপা ৰূপ পাইছে৷ (1) এভৰিথিং ইজ পছিবল [২০১৩], (2) তুমি বেনামী বেদুইন [২০১৩], (3) ত্ৰিবেনী সংগম [২০১৮], (4) নিছিদ্ৰ তমসা [২০২০], (5) ট্ৰন্সেজেণ্ডাৰ [২০২১]৷ গ্ৰন্থকেইখন মোৰ এক ধৃষ্টতা বুলিয়েই ভাবো৷ অনুভৱবোৰ ব্যক্ত কৰি গৈ থাকোঁতে প্ৰতিবাৰেই নতুন নতুন অভিজ্ঞতা হৈছে৷ কি লিখো মই নিজে ক’ব নোৱাৰিম৷ পাঠকে মৰম দিলে সুখী হওঁ৷ আচলতে বুকুৰ অব্যক্ত অনুভূতিবোৰে ছপা ৰূপ পোৱাটোৱেই এক সন্তুষ্টি৷ বাকী পাঠকৰ বাবে এৰিছো৷
বিন্দুঃ আপোনাৰ দৃষ্টিত সাহিত্যনো কি?
তন্দ্ৰালী ঃ ইয়াৰ সংজ্ঞা প্ৰত্যেকৰে বাবে পৃথক পৃথক৷ মোৰ ভাৱেৰে মনোজগতত বিচৰণ কৰি ফুৰা অনুভৱবোৰ শব্দ, ভাষাৰ লালিত্যৰ লেখক সজীৱ কৰি তোলাৰ লগতে পাঠকৰ বাবে মনোগ্ৰাহী কৰি তুলিব পৰা মৈলামৰ সৃষ্টিয়েই সাহিত্য৷
বিন্দুঃ বৰ্তমান অসমৰ সাহিত্যজগতখনকলৈ আপুনি সন্তুষ্টনে? ঠিকে ঠাকে আগবাঢ়িছে বুলি ভাবে নে লেখকসকলে আৰু অধিক কৃচ্ছ্ৰসাধনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে?
তন্দ্ৰালী ঃ সাহিত্যৰ কোনো এটা সৃষ্টিকেই মই বেয়া বুলি নাভাবো৷ কিয়নো সেয়া লেখকৰ হৃদয়ৰ গুণগুণনি৷ সদৰ্থক দিশ যেনেকৈ থাকে নঞৰ্থক দিশো নি(য় আছে৷ কিন্তু অনুভূতি লিখা মানুহ হিচাপে কওঁ, লিখাৰ সমানে অধ্যয়নৰো প্ৰয়োজনীয়তা আছে৷ পাঠকৰ বাবে গুণগত বাৰ্তা প্ৰেৰণ কৰিব পৰা লেখা সৃষ্টি কৰাটো প্ৰতিজন লিখকৰ দায়িত্ব হোৱা উচিত৷
বিন্দুঃ এগৰাকী লেখিকা হিচাপে আপুনি আপোনাৰ লিখনিত কোনবোৰ কথাক প্ৰাধান্য দিয়ে?
তন্দ্ৰালী ঃ মোৰ লেখাবোৰত বাস্তৱবাদ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে৷ সমাজৰ পিছপৰা শ্ৰেণী, নিৰ্যাতিত ব্যক্তি, নতুবা প্ৰত্যাহ্বানমূলক জীৱন মোৰ কলমৰ বিষয়বস্তু হিচাপে নিৰ্বাচিত হয়৷
বিন্দুঃ এগৰাকী লেখিকা হোৱাৰ উপৰি এগৰাকী সফল অভিনেত্ৰী হিচাপেও আপুনি অসমৰ সাংস্কৃতিক জগতত পৰিচিত৷ কওকচোন, কেনেকৈ জড়িত হৈ পৰিল অভিনয়ৰ সৈতে?
তন্দ্ৰালী ঃ মই এতিয়াও সফল হ’ব পৰা নাই৷ অভিজ্ঞতা বুটলিছো আৰু শিকি আছো৷ স্কুল, কলেজত একক অভিনয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো৷ খুব কল্পনাপ্ৰৱণ আছিলো আৰু আনক অবিকল কৰি ঘৰৰ মানুহক অভিনয় কৰি দেখুৱাইছিলো৷ তেনেকৈ আৰম্ভণি আৰু পাছলৈ নাটক, থিয়েটাৰ, চিৰিয়েল, ছবিৰ যাত্ৰা৷
বিন্দুঃ অভিনয় জগততৰ অভিজ্ঞতাসমূহ বিন্দুৰ পাঠকে জানিব বিচাৰিব৷ ক্ষেত্ৰখনত উল্লেখনীয় কামবোৰৰ বিষয়ে জনাওকচোন৷
তন্দ্ৰালী ঃ কলেজত পঢ়ি থাকোঁতে শিৱসাগৰৰ জনপ্ৰিয় অভিনেতা পুণ্য দাল ডাঙৰীয়াৰ “ধান খুন্দা কল” নামৰ নাটকখন কৰি অসমৰ বিভিন্ন ঠাইত শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ বুটলিছিলো৷ সেই সময়তে ‘হিয়া’ নামৰ বোলছবি এখনত অভিনয়ৰ সুবিধা পাইছিলো৷ নায়িকা হিচাপে চিনেমাৰ ৭৫% শ্বুটিং হৈ যোৱাৰ পাছতো কিয় বাকীখিনি সম্পূৰ্ণ হৈ নুঠিল আজিলৈকে নাজানিলো৷ বোকাখাতৰ পৰা ওলোৱা ‘কিদৰে পাহৰো মই’ নামৰ ছবিখনত নায়িকাৰ অভিনয় কৰি সন্মান বুটলিছিলো৷ সেই সময়ত বোকাখাতৰ লগতে আৰু চাৰিটামান হলতহে চিনেমাখন দিছিল৷ তাৰ পাছতেই এই ই টিভিৰ ‘দিঠকৰ বাহিৰত’ নামৰ চিৰিয়েলখনত আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰি চিৰিয়েল জগতত পদাৰ্পণ কৰো৷ চিৰিয়েলখনৰ পৰিচালক আছিল মুন্না আহমেদ ডাঙৰীয়া৷ অসীম বৈশ্য আৰু আইমী বৰুৱাৰ স’তে তাৰ পাছতেই ‘অজলা সুফন্দিৰ হাংগামা’ বুলি এখন ভিচিডিত মুখ্য চৰিত্ৰত অভিনয় কৰো৷ ভিচিডিখনৰ পৰিচালক আছিল প্ৰবাল খাউণ্ড ডাঙৰীয়া৷ ক্ৰমান্বয়ে বিভিন্ন গান, দূৰদৰ্শনৰ কমিছনৰ চিৰিয়েল, জোনাক চেনেলাৰ এখন মেগা চিৰিয়েল আৰু ৰাজতিলক থিয়েটাৰত দুটা বছৰ অভিনয় কৰিলো৷ মাজে মাজে বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখনত সুবিধা অনুযায়ী অভিনয়ৰ বাবে যাওঁ৷ বৰ্তমান মই শিক্ষকতা বৃত্তিৰ লগত জড়িত বাবেই অভিনয়ৰ জগতত কাম কৰিবলৈ কিছু অসুবিধা হৈছে৷ তথাপি ‘নিশা কলিতা অফিচিয়েল’ ভিডিঅ’ত ‘লাহন বাইদেই’ হিচাপে মোক খণ্ডবোৰত দেখা পাব৷ জানুৱাৰী 5 তাৰিখে মোৰ অভিনীত দ্বিতীয়খন বোলছবি ‘কইনা কন্দা শিল’ ছবিঘৰলৈ আহিল৷ যিখন লোবছবিয়ে চাৰিটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা বুটিলিবলৈ সক্ষম হ’ল৷ বাকী ঈশ্বৰে সুবিধা দিলে অভিনয় জগতত আৰু কাম কৰি যোৱাৰ সপোন আছে৷
বিন্দুঃ অভিনেত্ৰী বুলিয়েই আইদেউ সন্দিকৈক হেনো বিয়া কৰাবলৈ কোনো আগবাঢ়ি নাহিল৷ অভিনেত্ৰীসকলৰ প্ৰতি থকা তাহানিৰ সেই ঋণাত্মক দৃষ্টিভংগী আজিৰ সমাজতো কম বেছি পৰিমাণে বিৰাজমান বুলি আপুনি অনুভৱ কৰেনে?
তন্দ্ৰালী ঃ তাহানিৰ সেই দৃষ্টিভংগী বৰ্তমা সমাজত নাই যেন মোৰ অনুমান হয়৷ কিয়ৱো কন্যা সন্তানক অভিভাৱকে বিভিন্ন নাট কৰ্মশালা, অভিনয় শিক্ষাৰ অনুষ্ঠানত জড়িত কৰোৱা দেখিছো৷ কিন্তু অভিনয় কৰা মানেই বেয়া কামত লিপ্ত হৈ থকা বুলি ভবা মানুহো আছে৷ প্ৰতিটো স্তৰতে সমাজৰ দুটা চিন্তাধাৰাৰ ব্যক্তি আছেই আৰু এয়া স্বাভাৱিক৷
বিন্দুঃ আপুনি তপন দাসকে ধৰি বহু বিখ্যাত অভিনেতাৰ সৈতে বহু কাম কৰিছে৷ এগৰাকী নাৰী হিচাপে এনেবোৰ ক্ষেত্ৰত কেতিয়াবা কাচিৎ কোনোধৰণৰ নিৰ্যাতনৰ সমুখীন হ’ব লগা হৈছেনে?
তন্দ্ৰালী ঃ মই কেতিয়াও কোনো নিৰ্যাতনৰ সন্মুখীন হ’বলগা হোৱা নাই৷
বিন্দুঃ পুৰুষ সম্পৰ্কে যদি আপোনাক এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ কোৱা হয় তেন্তে এগৰাকী নাৰী হিচাপে কেনেধৰণে সেই সংজ্ঞা নিৰূপণ কৰিব?
তন্দ্ৰালী ঃ পুৰুষক এটা সংজ্ঞা নিৰ্ধাৰণ কৰাটো মোৰ বাবে বৰ জটিল কথা৷ কিয়নো মানুহ চিনি পোৱাত মই সদায় বিফল৷ তথাপি জীৱনৰ প্ৰত্যাহ্বান নেওচি সকলো সংঘাতক অকলে আদৰণি জনাব খোজা ব্যক্তিজনেই ‘পুৰুষ’ বুলি মই ভাবো৷ মহিলাতকৈ পুৰুষ বহুক্ষেত্ৰত কঠিন বা স্বাৰ্থপৰ হয়৷ কিন্তু সেয়া পৰিস্থিতি সাপেক্ষে৷ কাৰণ কোমল হ’লেই তেওঁলোক দুৰ্বল হৈ পৰিব পাৰে৷ বাকী আৰু নকওঁ৷
বিন্দুঃ বৰ্তমান সময়ত বিশ্বজুৰি হিংসা, হত্যা, সন্ত্ৰাস, আগ্ৰাসন, যুদ্ধ বিগ্ৰহ আদিয়ে সমগ্ৰ মানৱ জাতিলৈকে কঢ়িয়াই আনিছে এক দুৰ্ঘোৰ সংকট৷ মূল্যবোধৰ অৱক্ষয় হৈছে৷ মানৱতা ভুলুণ্ঠিত হৈছে৷ এনে সময়ত সাহিত্যৰ ভূমিকা আপুনি কিদৰে নিৰূপন কৰিব?
তন্দ্ৰালী ঃ ‘মানৱতা’ সাহিত্যই ঘূৰাই আনিব পাৰবি বুলি কোৱাটো মোৰ বোধেৰে ভুল হ’ব৷ মেলামৰ সৃষ্টিৰে মানুহৰ মাজত সম্প্ৰীতি ঘূৰাই আনিবলৈ আমি সকলোৱে প্ৰয়াস কৰো৷ কিন্তু যান্ত্ৰিকতাই মানুহকল বহু কথাই পাহৰাই পেলাইছে৷ বিশ্বাস, মৰম, সন্মান, প্ৰেৰণা, মমতা ইত্যাদিবোৰ মানৱ সমাজত জীয়াই থাকিবলৈ হ’লে মানুহে নিজক পাহৰি যাব লাগিব৷ জীৱশ্ৰেষ্ঠ ছপা আখৰত প্ৰকাশ হোৱাতকৈ শ্ৰেষ্ঠতা প্ৰতিপন্ন আমিহে কৰিব লাগিব৷ সুদিন বা দুৰ্দিনৰ আঁৰত সদায় জীন শ্ৰেষ্ঠই থাকে৷
বিন্দুঃ শেহতীয়াভাবে ৰাজ্যত নাৰী সম্পৰ্কীয় এনে কিছু হিংসাত্মক ঘটনা দৈনিক পোহৰলৈ আহিব লাগিছে যিবোৰ আমাৰ সমাজৰ বাবে একেবাৰে খাপ নোখোৱা ধৰণৰ৷ এইক্ষেত্ৰত অবলা নাৰীও পিছপৰি থকা নাই৷ অপুনি এনে অবাঞ্চিত ঘটনাবোৰৰ সম্পৰ্কত কি বক্তব্য ৰাখিব?
তন্দ্ৰালী ঃ নাৰীৰ ক্ষেত্ৰত সঁচাই বৰ অসহনীয় ঘটনাৰ পুনৰাবৃত্তি হৈ আছে৷ যিসকলে এনে ঘটনা সংঘটিত কৰে তেওঁলোকক মই মানসিক ৰোগী নতুবা উশাহ লৈ থকা একোটাকৈ পিশাচ বুলি ভাবো৷ আইনী ব্যৱস্থা এওঁলোকৰ বাবে কঠোৰ যদিও দোষী কম দিনত মুক্ত আকাশৰ তলত বিচৰণ কৰাৰ সুবিধা পায়৷ যেতিয়ালৈ প্ৰকৃত ন্যায় নহ’ব এই বৰ্বৰতাই বন্ধ নহ’ব৷
বিন্দুঃ সাহিত্য চৰ্চা আৰু অভিনয়ৰ উপৰি আপুনি এগৰাকী শিক্ষয়িত্ৰীও৷ এগৰাকী শিক্ষক হৈছে একোখন সমাজৰ ভাগ্যনিয়ন্তা, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যৎ বহু পৰিমাণে এজন শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰে৷ আপুনি কেনেদৰে গ্ৰহণ কৰিছে শিক্ষকতা বৃত্তিটোক? তেওঁলোকৰ চৰিত্ৰ গঠনত আপুনি কিমান সহায়ক হ’ব পাৰিছে বুলি নিজকে ভাবে?
তন্দ্ৰালী ঃ সাহিত্য, সংস্কৃতিৰ জগতত বিচৰণ কৰি থাকোঁতে শিক্ষকতা বৃত্তিত জড়িত হ’ব পাৰিম বুলি কেতিয়াও ভবাই নাছিলো৷ কিন্তু এই বৃত্তিত জড়িত হৈ ছাত্ৰ-ছাত্ৰীৰ স’তে কটোৱা সময়বোৰ মোৰ জীৱনত উল্লেখনীয় সময় বুলি মই ভাবো৷ তেওঁলোকৰ গুণগত মানদণ্ডৰ শিক্ষাৰ লগত চৰিত্ৰ গঠনতো যিমান পাৰো শিক্ষাদান কৰাৰ প্ৰয়াস কৰিছো৷ নৱ প্ৰজন্মৰ মাজত আধ্যাত্মিকতাবাদ নোহোৱা হৈ গৈছে৷ যাৰ বাবে উচ্ছৃঙ্খল পৰিৱেশৰ সৃষ্টি হয়৷ সেয়ে পাঠদানৰ জৰিয়তে নৈতিক শিক্ষা দিয়াৰ লগতে পুৱা গধূলি প্ৰাৰ্থনা কৰা, সমাজৰ বিভিন্ন ক্ষেত্ৰত দায়বদ্ধ হোৱা ইত্যাদি কথাবোৰতো যিমান পাৰো গুৰুত্ব প্ৰদান কৰিবলৈ চেষ্টা কৰো৷ আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই কথাবোৰ অনুধাৱন কৰি আগবাঢ়িছে বাবে আমি সুখী৷
বিন্দুঃ সমুখত ভেলেণ্টাইন ডে’৷ এই দিৱসটোক আপুনি কেনেধৰণে গ্ৰহণ কৰি আহিছে?
তন্দ্ৰালী ঃ প্ৰেমৰ বিশেষ দিন নাথাকে বুলি মই ভাবো৷ ভেলেণ্টাইনৰ প্ৰেমিকাৰ প্ৰতি থকা শ্ৰদ্ধাক নমন কৰো৷ সঁচা ভালপোৱা সকলোৰে হৃদয়ত উজ্জীৱিত হৈ থাকক বুলি মনে-প্ৰাণে কামনা কৰো৷ এই যে ‘সঁচা’ বুলি শব্দ এটা আছে, সেয়া দেখোন হৃদয়ৰ অভিধানত নোহোৱা হৈ গৈছে যেন লাগে৷ সেয়ে প্ৰেমৰ দিৱস উদ্যাপন কৰাসকলক দেখিলে প্ৰশ্ন হয় এই প্ৰেম শৰীৰৰ, মগজুৰ নে হৃদয়ৰ? উত্তৰ আহে ‘এই প্ৰেম কেৱল মিলনৰ…৷ যি মিলনৰ কোনো শিৰোনামা নাথাকে, কোনো স্বীকৃতি নাথাকে৷ একাংশৰ বাবে সময়ৰ পাৰ কৰাৰ গোপন প্ৰতিযোগিতা৷
বিন্দুঃ জীৱন আৰু প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা?
তন্দ্ৰালী ঃ জীৱন মানেই যুদ্ধৰ প্ৰাপ্তি আৰু প্ৰেম মানেই শূন্যতাৰ প্ৰাপ্তি৷
বিন্দুঃ প্ৰিয় ফুল?
তন্দ্ৰালী ঃ গোলাপ৷
বিন্দুঃ প্ৰিয় মানুহ?
তন্দ্ৰালী ঃ যি আপোনাৰ ভাষা বুজি পায়৷
বিন্দুঃ প্ৰিয় ৰাজনৈতিক নেতা?
তন্দ্ৰালী ঃ ৰাজনীতি মই বেয়া পাওঁ৷ সেয়ে প্ৰিয় নেতাও নাই৷
বিন্দুঃ প্ৰিয় ৰং?
তন্দ্ৰালী ঃ প্ৰিয় ৰং ৰঙা৷
বিন্দুঃ প্ৰিয় ঠাই?
তন্দ্ৰালী ঃ জন্ম ঠাই৷ ডিব্ৰুগড় জিলাৰ বামুণবাৰী৷
বিন্দুঃ প্ৰিয় কিতাপ?
তন্দ্ৰালী ঃ ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অন্তৰীপ’ উপন্যাস৷
বিন্দুঃ প্ৰিয় ব্যঞ্জন?
তন্দ্ৰালী ঃ শুকানকৈ ভজা যিকোনো মাংস৷
বিন্দুঃ প্ৰিয় সময়?
তন্দ্ৰালী ঃ মাৰ স’তে কটোৱা সময়বোৰ৷
বিন্দুঃ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনলো৷ আপুনি আন হেজাৰজনৰ কৰ্মপ্ৰেৰণা হওক তাৰে কামনা কৰিছো৷