ৰাশিফল- ফেব্ৰুৱাৰী মাহ ২০২৪

ৰাশিফল- ফেব্ৰুৱাৰী মাহ ২০২৪

ৰাশিফল- ফেব্ৰুৱাৰী মাহ ২০২৪
জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫

মেষ ৰাশি [অ, ল] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ পাবলগীয়া ধন প্ৰাপ্তিত সুখ লাভ৷ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ গৃহ উন্নয়নৰ নতুন পৰিকল্পনা৷ বিদ্যাৰ্থীয়ে জ্যেষ্ঠজনৰ পৰা সহায় লাভ কৰিব৷ সাংস্কৃতিক দিশৰ লগত জড়িত ব্যক্তিৰ সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়৷ ভাতৃৰ লগত মতানৈক্য হ’ব পাৰে৷ সামাজিক দিশত গোপন শত্ৰুৰ পৰা ক্ষতি হ’ব পাৰে সতৰ্ক হ’ব৷ ব্যৱসায়িক দিশত নতুন কাৰ্যৰ সংযোজন হ’ব পাৰে৷ প্ৰেমত মত পাৰ্থক্য৷ দূৰ ভ্ৰমণত আনন্দ প্ৰাপ্তি৷

বৃষ ৰাশি [ই, উ, ব] ঃ শৰীৰৰ আৰোগ্য লাভ৷ পুৰণি ৰোগ বৃদ্ধি হ’ব পাৰে৷ বিদ্যাৰ্থীয়ে মনৰ আশা পূৰণত বাধাৰ সন্মুখীন হ’ব লাগিব৷ সন্তানৰ কাৰ্যত সচেতন হ’ব৷ কৰ্মত দায়িত্ব বৃদ্ধি৷ শত্ৰুৰ দ্বাৰা প্ৰৰোচিত হ’ব পাৰে৷ বিপৰীত লিঙ্গৰ পৰা সতৰ্ক হ’ব৷ ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হ’ব লাগিব৷ আৰ্থিক উপাৰ্জনত মিশ্ৰিত ফল৷

মিথুন ৰাশি [ক, ছ] ঃ শৰীৰ মধ্যম৷ যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ গৃহ কাৰ্যত মনোমালিন্য হ’ব পাৰে৷ কাৰ্যত আত্মীয় স্বজনৰ লগত মতভেদৰ লগতে দুঃ সংবাদ পাব পাৰে৷ বিদ্যাৰ্থীৰ আশা কৰা কাৰ্যত পূৰ্ণতা প্ৰাপ্তিত জটিলতা বাঢ়িব৷ দাম্পত্যত সু সামঞ্জস্য বৰ্তি থাকিব৷ মাংগলিক কাৰ্যত মানসিক সুখ বাঢ়িব৷ কৰ্মত প্ৰশংসা লাভ কৰিব যদিও মনত ভয় শংকা বাঢ়িব৷ ভ্ৰমণত শুভাশুভ৷

কৰ্কট ৰাশি [ড, হ] ঃ শৰীৰৰ আৰোগ্য লাভ৷ ধন সম্পদ প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব৷ নতুন যানবাহন ক্ৰয়ত আনন্দ প্ৰাপ্তি৷ ভাতৃৰ লগত কাৰ্যত মতভেদ হ’ব পাৰে৷ মাতৃৰ লগতে বিশ্বাসভাজন জ্যেষ্ঠ জনৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ বিপৰীত লিংগৰ পৰা প্ৰতাৰিত হ’ব পাৰে, সতৰ্ক হ’ব৷ আত্মীয়স্বজন কলহ৷ কাৰ্যত মানসিক উৎকণ্ঠা বাঢ়িব অৱশ্যে সামাজিক দিশত কৃতিত্ব প্ৰাপ্তিৰ যোগ দেখা যায়৷ সাহিত্য, ক্ৰীড়াৰ লগত জড়িত ব্যক্তিয়ে প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব৷

সিংহ ৰাশি [ম, ট] ঃ পুৰণা ৰোগে অশান্তি বৃদ্ধি কৰিব পাৰে৷ যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ পাবলগীয়া ধন সম্পদ প্ৰাপ্তিত বাধাৰ সন্মুখীন হ’ব লাগিব৷ আত্মীয়স্বজনৰ কাৰ্যত সহযোগ লাভ কৰিব৷ মাঙ্গলিক কাৰ্যত আনন্দ প্ৰাপ্তি৷ কৰ্মত নতুন যোগাযোগৰ বাৰ্তা লাভ কৰিব৷ বিদ্যাৰ্থীৰ শিক্ষাগত দিশত অগ্ৰসৰ৷ বিশ্বাসভাজন পাত্ৰৰ পৰা ধন হানি হ’ব পাৰে৷ ব্যৱসায়ত মিশ্ৰিত ফল৷

কন্যা ৰাশি [প, ঠ] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ ধন সঞ্চিত হ’ব৷ পাবলগীয়া ধন সম্পদ প্ৰাপ্তিত সুখ বাঢ়িব৷ বিদ্যাৰ্থীয়ে আত্মপ্ৰকাশৰ সুযোগ লাভ কৰিব৷ কৰ্মত নতুন কাৰ্যৰ পৰিকল্পনা৷ আত্মীয়স্বজন কলহ৷ সামাজিক দিশত সুনাম অৰ্জন৷ ব্যৱসায়ত মিশ্ৰিত ফল৷ দাম্পত্যত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব৷ সন্তানৰ জ্ঞান বুদ্ধি বিকাশত অগ্ৰসৰ হ’ব৷ দূৰ ভ্ৰমণত সতৰ্ক হ’ব৷

তুলা ৰাশি [ৰ, ত] ঃ শৰীৰৰ প্ৰতি যত্ন ল’ব৷ সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে৷ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ ভাতৃ ভগ্নীৰ লগত সামান্য মনোমালিন্য হ’ব পাৰে৷ সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তিৰ সুনাম অৰ্জন৷ কৰ্মত সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়৷ দূৰ ভ্ৰমণত সতৰ্ক হ’ব৷ হঠাৎ পোৱা দুঃসংবাদে মনত কষ্ট দিব৷ ব্যৱসায়ত ধৈৰ্যৰে আগবাঢ়ক৷ প্ৰেম প্ৰীতিত ভয় শংকা ভাৱ বৃদ্ধি৷ ব্যৱসায়ত শুভাশুভ৷

বৃশ্চিক ৰাশি [ন, য] ঃ শৰীৰ মধ্যম৷ পুৰণা ৰোগে অশান্তি বৃদ্ধি কৰিব৷ ধন খৰচৰ পৰিমাণ বাঢ়িব৷ আত্মীয় স্বজনৰ দুঃসংবাদ পাব পাৰে৷ গৃহ কাৰ্যৰ উন্নয়নত মানসিক সুখ প্ৰাপ্তি৷ বিদ্যাৰ্থীৰ কষ্ট, সততা আৰু একাগ্ৰতাৰে আগবাঢ়ক সফলতা লাভ কৰিব৷ কৰ্মত উদ্বেগ বৃদ্ধি৷ ন্যায্য প্ৰাপ্তিৰ বাবে বিবাদ হ’ব পাৰে৷ সামাজিক আৰু আধ্যাত্মিক দিশত প্ৰশংসা লাভ৷ ব্যৱসায়ত মিশ্ৰিত ফল৷

ধনু ৰাশি [ধ, ফ, ভ] ঃ আয়ৰ পৰিমাণ বাঢ়িব লগতে ধন সঞ্চিত হ’ব৷ ধন-সম্পদ বৃদ্ধিত আত্মসন্তুষ্টি লাভ কৰিব৷ ভাতৃ, আত্মীয়স্বজনৰ লগত কাৰ্যত মনোমালিন্য হ’ব পাৰে৷ সন্তানৰ সফলতাত আনন্দ প্ৰাপ্তি৷ বিদ্যাৰ্থীৰ সাহিত্য- সংস্কৃতিত সুনাম অৰ্জন৷ কৰ্মত নতুন যোগাযোগে উৎসাহিত কৰিব যদিও সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব৷ প্ৰেমত মিশ্ৰিত ফল৷

মকৰ ৰাশি [খ, জ] ঃ শৰীৰৰ প্ৰতি যত্ন ল’ব৷ যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হ’ব৷ আনৰ হিতৰ বাবে ধন খৰচৰ পৰিমাণ বাঢ়িব৷ আত্মীয় স্বজনৰ পৰা শুভ বাৰ্তা লাভ কৰিব৷ কাৰ্যত বন্ধুৰ পৰা পোৱা সহায়ত লাভান্বিত হ’ব৷ কাৰ্যত বিপৰীত লিংগৰ পৰা অপবাদ পাব পাৰে সতৰ্ক হ’ব৷ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব৷ ধন সম্পদ বৃদ্ধিত আনন্দ৷ বিদ্যাৰ্থীৰ সুনাম অৰ্জন৷ দূৰ ভ্ৰমণ হ’ব পাৰে৷

কুম্ভ ৰাশি [গ, শ, স] ঃ শৰীৰৰ প্ৰতি যত্ব ল’ব৷ পুৰণা ৰোগে অশান্তি বৃদ্ধি কৰিব পাৰে৷ সঞ্চিত ধন হঠাৎ খৰচত উদ্বিগ্নতা বাঢ়িব৷ ভাতৃৰ পৰা কাৰ্যত সহযোগ লাভ কৰিব৷ ধন সম্পদ বৃদ্ধিত আত্মসন্তুষ্টি লাভ কৰিব৷ বিদ্যাৰ্থীৰ যশ-মান বৃদ্ধি৷ গৃহ কাৰ্যত মানসিক উদ্বেগ বাঢ়িব৷ পুৰণি সমস্যাৰ সমাধানৰ শুভ-বাৰ্তা লাভ কৰিব৷ প্ৰেমত অশান্তি, ভয় বাঢ়িব৷ সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব৷

মীন ৰাশি [দ, চ] ঃ শৰীৰৰ আৰোগ্য লাভ৷ হঠাৎ সঞ্চিত ধন খৰচ হ’ব পাৰে৷ ন্যায্য প্ৰাপ্তিত বাধাৰ সন্মুখীন হ’ব লাগিব৷ মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি৷ পিতৃ মাতৃৰ আৰোগ্য লাভ৷ বিদ্যাৰ্থীৰ আশানুৰূপ ফল প্ৰাপ্তিত মনৰ অশান্তি বাঢ়িব৷ কৰ্মত ধৈৰ্য আৰু সততাৰে আগবাঢ়ক৷ আধ্যাত্মিক আৰু সামাজিক দিশত দায়িত্ব বাঢ়িব৷ মাটি-বাৰী, আইন সংক্ৰান্তিয় দিশত জয়লাভ কৰিব৷ প্ৰেমত জেদ ভাৱৰ বাবে সু সম্পৰ্কত মতভেদ বাঢ়িব৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *