গল্পঃ ৰক্ত জবাৰ অঞ্জলি

গল্পঃ ৰক্ত জবাৰ অঞ্জলি

আজি ছেইণ্ট ষ্টিফেস একাডেমীত এক উৎসৱ মুখৰ পৰিৱেশ৷ চহৰৰ এখন অভিজাত ইংৰাজী মাধ্যমৰ স্কুল৷ আজি পৰীক্ষাৰ ফলাফলৰ দিন৷ সমগ্ৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰে স্কুল প্ৰাংগন মুখৰিত৷ ৰাতিপুৱাই স্কুলৰ অধ্যক্ষাই নতুনকৈ নিৰাপতস্তাৰক্ষী হিচাপে যোগ দিয়া বলেনক মাতি কৈছে– ‘‘বলেন, তুমি কিন্তু সকলো ক্ষেত্ৰতে শৃংখলা বজাই ৰাখিবা, কোনোধৰণৰ যাতে খেলি মেলি নহয়৷’’ বলেনৰো ৰাতিপুৱাৰ পৰাই ব্যস্ততাৰ অন্ত নাই/সুদৃশ্য গাড়ীসমূহ আহি স্কুলৰ পৰিসৰ ভৰি পৰিছে৷ বলেনেও তাৰ দায়িত্ব সুকলমে নিৰ্বাহ কৰিছে৷ এনেতে এখন অত্যাধুনিক গাড়ীৰ পৰা নামি এগৰাকী ধুনীয়া মহিলাই তেওঁৰ সন্তানটিৰ লগত শ্ৰেণীকোঠাৰ ফালে খৰখেদাকৈ যোৱা বলেনৰ দৃষ্টিগোচৰ হ’ল৷ এয়া কি? সপোন নে দিঠক? প্ৰায় ত্ৰিশ বছৰ আগতে বহুতো অন্তৰঙ্গ মুহূৰ্ত একে লগে পাৰ কৰা জোনালী যেন লাগিছে৷ নাই তাৰ ভুল হ’বই নোৱাৰে৷ আজি ওৰেতো জীৱন যাৰ ছবি হৃদয়ত অংকন কৰি এক নিসংগ জীৱন কটালে তাৰ বাবে আজি এয়া বাস্তৱ৷

ব্ৰহ্মপুত্ৰৰ পাৰৰ এখনি সেউজী গাঁও৷ সেইখন আছিল বলেনহঁতৰ গাঁও৷ গছ-পাহাৰ, খেতি পথাৰ, নৈ, জান জুৰিৰ মাজতেই বলেনহতৰ জীৱন৷ সৰুৰে পৰাই বলেন দেখাই শুনাই বৰ মৰম লগা৷ দেউতাকৰ লগৰবোৰে প্ৰায়ে কয় ‘‘নৰহৰি, তোমাৰ সংসাৰত কিন্তু ই সাইলাখ কাত্তিৰ্ক হিচাপে জন্ম লৈছে’’ তাৰ দেউতাকেও ৰগৰ কৰি কয়, মোক কাত্তিৰ্ক নহ’লেও হ’ব৷ ই বিশ্বকৰ্মা হ’লেই হ’ল৷ বলেন তেতিয়া দশম শ্ৰেণীত৷ ওচৰৰ চহৰৰ স্থুল এখনলৈ পঢ়িবলৈ যায়৷ সিদিনা শ্ৰেণী আৰম্ভ হৈছিলহে মাত্ৰ৷ প্ৰধান শিক্ষকে শ্ৰেণীলৈকে আহি ঘোষণা কৰিলে– ‘‘ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ শ্ৰেণীলৈ এগৰাকী নতুন ছাত্ৰী আহিছে৷ এয়া জোনালী৷ সকলোৱে তাইক সহযোগ কৰিবা৷’’ জোনালীয়েও সকলোৰে ফালে চায় মূৰ দুপিয়ালে৷ প্ৰথমবাৰৰ বাবে জোনালীক দেখি বলেনৰ যেন হৃদয়ত যৌৱনৰ আধাফুলা ৰক্তিম গোলাপটি পূৰ্ণ প্ৰস্ফুটিত হ’ল৷ বলেনে ৰ’ব নোৱাৰিলে৷ শ্ৰেণী শেষ হোৱাৰ পিছত জোনালীৰ লগত চিনাকি হ’বলৈ আগবাঢ়ি গ’ল৷ ‘‘মোৰ নাম বলেন, তুমি আগতে ক’ত পঢ়িছিলা? ইয়ালৈ কেনেকৈ আহিলা?’ একে উশাহতে প্ৰশ্ন কৰি বলেনৰ মুখখন ৰঙচুৱা হৈ পৰিল৷ সহজভাৱে জোনালীয়ে উত্তৰ দিলে– ‘মোৰ দেউতা এইখন চহৰলৈ ডি.এচ.পি. হিচাপে বদলি হৈ আহিছে৷ মই আগতে তিনিচুকীয়াত পঢ়িছিলো৷ তোমাৰ লগত চিনাকি হৈ ভাল লাগিল৷ পিছে নামটো কি কৈছিলা?’ ‘অ, মোৰ নামটো বলেন, ঘৰ মোৰ ওচৰৰে মিঠা পুখুৰী গাঁওত৷’ ‘ঠিক আছে দিয়া, এতিয়া সদায় লগ পাই থাকিম৷’ বলেনৰ মন মগজুত প্ৰথম প্ৰেমৰ তীৱ আলোড়ন৷ কি যে এক সন্মোহিনী শক্তি/প্ৰৰভাতী যৌৱনৰ কোমল পৰশত জোনালীৰ দেহৰ প্ৰতিটো ভাঁজ যেন প্ৰাণৱন্ত হৈ উঠিছে৷ বলেনক অনৱৰতে লাগে জোনালীৰ সান্নিধ্য৷ অংক শিকাৰ চলেৰে অধিক নিবিড় ভাবে জোনালীক লগ পাব বিচাৰে বলেনে৷ তাইৰ দেহৰ মিঠা মিঠা গাভৰু গোন্ধটিত বলেনৰ ৰন্ধে বন্ধে হাজাৰ ভŒI×ৰ বিদু্যতৰ তৰংগ পাৰ হৈ যায়৷ ‘মোক তুমি অসমীয়াৰ দুটা প্ৰশ্ন উত্তৰ লিখি দিব পাৰিবা নেকি?’ জোনালীয়েও কোনো আপত্তি নকৰে৷ তাইৰ হাতৰ গোটা গোটা ধুনীয়া আখৰ কেইটাত বলেনে সকলোৰে অলক্ষিতে মিঠা চুমাৰে ওপচায় পেলাই৷ জোনালীয়ে কি ভাবে সি নাজানে৷ বহুদিন অকলশৰীয়া মুহূত্তৰ্ত হৃদয়ত গোপনে সাঁচি ৰখা দুৰ্বাৰ মৰম ব্যক্ত কৰিব খুজিও থমকি ৰয়৷ ‘তুমিযে মোক কিবা এটা কথা কবলৈ মাতি আনিলা, কি কথানো?’ বলেন বাকৰুদ্ধ হৈ পৰে৷ সি অন্য প্ৰসংগ উলিয়াই৷ বলেনৰ ওচৰত প্ৰেমৰ এছাটি বতাহে যেন জোনালীকো কোবাই যায়৷ কিন্তু পৰিস্থিতিৰ সতে তাই নিজকে চম্ভালি লয়৷ আজি স্কুলৰ বিদায়ী সভা৷ জোনালীক ইতিমধ্যে দেউতাকে উচ্ছ শিক্ষাৰ বাবে দিল্লীৰ কোনো এখন স্কুলত নাম লগাই দিছে৷ মেট্ৰিকৰ পিছতেই তাইৰ যাত্ৰা আকাশ চুমিবলৈ৷ কথাটো বলেনক কোৱাৰ লগে লগে বলেনৰ হৃদয়ত যেন তীব্ৰ এপাট শেলে আহি বিন্ধিব ধৰিলে৷ সি আজি আৰু মনৰ একো বাধা নামানে৷ ইমানদিনে কওঁ নকওঁ কৈ ৰখা অন্তৰৰ গোপন কথাখিনি প্ৰকাশ কৰি দিলে৷ ‘মই তোমাক বৰ ভাল পাওঁ, জোনালী৷ তোমাৰ ছবি মই অন্তৰৰ গভীৰ কোণত আঁক ৰাখিছে৷ তুমি মোক পাহৰি নাযাবা দেই সোণ৷’’ দগ্ধ হৃদয়ৰ উত্তাপত তাৰ মাতটো থোকাথুকি হৈ পৰিল৷ ‘তোমাকো মোৰ ভাল লাগে, বলেন৷ তুমি ভালদৰে পঢ়া শুনা কৰিবা৷ ঈশ্বৰে বিচাৰিলে আমি নি(য় লগ হ’ম৷’ কথাখিনি কৈ আৱেগত জোনালীয়ে বলেনৰ হাতখন জোৰকৈ খামুচি ধৰিলে৷ সেই মিঠা স্পৰ্শৰ অনুভতি বলেনে আজিও পাহৰিব পৰা নাই৷ পঢ়া শুনাত বলেনে বৰ বেছি আগুৱাব নোৱাৰিলে৷ জীৱনৰ কঠিন সংগ্ৰামত তাৰ প্ৰেম কৰবাত নিস্তেজ হৈ পৰি ৰ’ল৷ আজি ত্ৰিশ বছৰৰ মূৰত জোনালীক দেখিও হৃদয় তাৰ নিৰুত্তাপ৷ হয়তো জোনালীৰ বাবেও সেই প্ৰেম পাহৰণিৰ অটল গহ্ৰত৷ কিছুদিন হ’ল৷ বলেনে জোনালীৰ সন্তানটোক স্কুলত দেখা নাই৷ সি খবৰ লৈ গম পালে জেনালীৰ হেটডনো ভীষণ অসুখ৷ হস্পিটালত ভত্তিৰ্ হৈ আছে৷ তাইক প্ৰয়োজন দুৰ্লভ শ্ৰেণীৰ তেজৰ৷ বলেনৰো তেজ সেই একে শ্ৰেণীৰ৷ সি বহুতকে বিপদত তেজ দান কৰি জীৱন ৰক্ষা কৰিছে৷ খবৰটো শুনি সি ৰ’ব পৰা নাই৷ হস্পিটাললৈ গৈ ৰক্তদানৰ বাবে বিছনাখনত শুই পৰিল৷ বলেনে তাৰ শৰীৰৰ পৰা এটোপ এটোপকৈ জমা হোৱা তেজৰ বটলটোলৈ চায় অনুভব কৰিলে এয়া যেন তাৰ পবিত্ৰ প্ৰেমৰ বেদীত একাঁজলি ৰক্ত জবাৰ অঞ্জলি৷ গভীৰ প্ৰশান্তিত তাৰ চকু যুৰি মুদ খাই গ’ল৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *