বৈদিক গণিত

বৈদিক গণিত

বৈদিক গণিত হ’ল গণিতৰ বিভিন্ন সূত্ৰ থকা এখন গ্ৰন্থ, যাৰ সহায়ত কিছুমান পাটিগণিতীয় অংক সহজে কৰিব পৰা যায়৷ এই গ্ৰন্থখন ১৯৬৫ চনত লেখক স্বামী শ্ৰীভাৰতী কৃষ্ণ তীৰ্থৰ মৃত্যুৰ পাঁচ বছৰৰ পাছত প্ৰকাশ পাইছিল৷ গ্ৰন্থখনত মুঠতে ১৬ টা সূত্ৰ আছে, যাৰ সহায়ত ডাঙৰ ডাঙৰ পূৰণ-হৰণ সহজে কৰিব পৰা যায়৷

যোৱা ১১ নবেম্বৰত দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা দিৱস৷ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ২০০৮ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে৷ সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী মৌলানা আবুল কালাম আজাদ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫৮ চনৰ ২ ফেব্ৰুৱাৰীলৈকে দেশৰ শিক্ষা মন্ত্ৰীৰ দায়িত্বত আছিল৷ তেওঁ শিক্ষাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল৷

আনহাতে, এনে এটা দিনতে দেশজুৰি আলোচিত হৈছে বৈদিক গণিতৰ প্ৰচলন আৰু পাঠ্যক্ৰমৰ পৰা ‘India’ৰ ঠাইত ‘ভাৰত’ কৰাৰ সিদ্ধান্ত৷ অৱশ্যে বৈদিক গণিতৰ অসমত প্ৰচলনৰ এক কচৰৎ কামৰূপ মহানগৰ জিলাত পাইলট প্ৰজেক্ট হিচাপে অহা ফেব্ৰুৱাৰী মাহলৈকে চলিব৷ তাৰ পাছত আগন্তুক শিক্ষা বৰ্ষত এই বৈদিক গণিত পাঠ্যক্ৰম সংযোগ এক প্ৰকাৰ নিশ্চিত বুলি ধৰিব পাৰি৷ আনহাতে, এনচিইআৰটি পাঠ্যক্ৰমৰ পৰা ‘India’ ৰ ঠাইত ‘ভাৰত’ কৰাটো এই চৰকাৰে সিদ্ধান্ত লৈছে, যিটো এক আ(ৰ্যকৰ সিদ্ধান্ত৷

অৱশ্যে এনচিইআৰটি কৰ্তৃপক্ষই এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই৷ উল্লেখযোগ্য যে বৈদিক গণিত হ’ল গণিতৰ বিভিন্ন সূত্ৰ থকা এখন গ্ৰন্থ, যাৰ সহায়ত কিছুমান পাটিগণিতীয় অংক সহজে কৰিব পৰা যায়৷ এই গ্ৰন্থখন ১৯৬৫ চনত লেখক স্বামী শ্ৰীভাৰতী কৃষ্ণ তীৰ্থৰ মৃত্যুৰ পাঁচ বছৰৰ পাছত প্ৰকাশ পাইছিল৷ গ্ৰন্থখনত মুঠতে ১৬ টা সূত্ৰ আছে, যাৰ সহায়ত ডাঙৰ ডাঙৰ পূৰণ-হৰণ সহজে কৰিব পৰা যায়৷ লেখকৰ মতে, এই সূত্ৰ আৰু উপ-সূত্ৰসমূহ হিন্দু ধৰ্মৰ গ্ৰন্থ বেদসমূহৰ পৰা লোৱা৷
কিন্তু লেখকৰ এই দাবী তেতিয়াৰে পৰাই বহু গৱেষকে অগ্ৰাহ্য কৰি আহিছে৷ ভাৰতী কৃষ্ণ তীৰ্থই এই সূত্ৰ সমূহৰ প্ৰকৃত উৎসসমূহৰ তথ্য দিয়াত ব্যৰ্থ হৈছিল৷ গৱেষকসকলে এই সূত্ৰসমূহৰ সংযোগ পুৰণি বৈদিক সময়ত প্ৰচলিত ভাৰতীয় গণিতৰ লগত নাই বুলিয়েই ক’ব বিচাৰে আৰু এই সূত্ৰসমূহক ক্ষীপ্ৰভাৱে পাটিগণিতীয় অংক কৰিব পৰা কিছুমান কৌশল বুলি ক’ব বিচাৰে৷ এই গণিতে প্ৰচলিত গাণিতিক বিধিসমূহক উলংঘা কৰি ছাত্ৰ-ছাত্ৰীক বিপদত পেলাব বুলি বিজ্ঞ মহলে আশঙ্কা প্ৰকাশ কৰিছে৷

গণিতভীতি দূৰ কৰাৰ পৰিৱৰ্তে ই ছাত্ৰ-ছাত্ৰীসকলৰ অতিৰিক্ত বোজাহে হ’ব৷ যিটো সময়ত পাঠ্যক্ৰমৰ বোজা কমোৱাৰ নামত পাঠ্যক্ৰমৰ পৰা মোগলৰ অধ্যায় আঁতৰাই পেলোৱা হৈছে, সেই সময়তে বৈদিক গণিতৰ অন্তৰ্ভুক্তি এক নুবুজা সাঁথৰ৷ বৈদিক গণিতত মুঠতে ১৬ টা সূত্ৰ আৰু ১৩ টা উপ-সূত্ৰ আছে৷ এই সূত্ৰ, উপ-সূত্ৰসমূহৰ যোগেদি পূৰণ-হৰণৰ পৰা আৰম্ভ কৰি বৰ্গমূল নিৰ্ণয়, বিভাজ্যতা নিৰ্ণয় আদিও কৰিব পাৰি৷ ইয়াৰ লগতে গ্ৰন্থখনত এলজেব্ৰা, জ্যামিতি, কেলকুলাছ আদিৰো উল্লেখ আছে৷
কৃষ্ণ তীৰ্থৰ মৃত্যুৰ পাঁচ বছৰৰ পিছত অৰ্থাৎ ১৯৬৫ চনত প্ৰথম প্ৰকাশ পোৱা এই গ্ৰন্থখন মূলত ৩৬৭ পৃষ্ঠাৰ চল্লিশটা অধ্যায়ৰে গঠিত আৰু ইয়াত তেওঁৰ বক্তৃতাৰ জৰিয়তে তেওঁ প্ৰচাৰ কৰা গাণিতিক কৌশলসমূহ সামৰি লৈছিল৷ ভাৰতীয় জনতা পাৰ্টী ক্ষমতালৈ অহাৰ কিছু সময়ৰ পিছতে এই গ্ৰন্থখন মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল৷ অভিযোগ উঠিছিল যে শিক্ষা-ব্যৱস্থাত ভাৰতীয় হিন্দুত্ববাদৰ প্ৰভাৱ বিস্তাৰৰ উদ্দেশ্যে বিষয়টো বাছি লোৱা হৈছিল৷

দীননাথ বাত্ৰাই বৈদিক গণিতক ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ [এনচিইআৰটি] পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে এক দীঘলীয়া অভিযান চলাইছিল৷ তাৰ পিছত এনচিইআৰটিৰ পৰা বৈদিক গণিতক কেইবাটাও ফ্ৰিঞ্জ ছ্যুডো-বৈজ্ঞানিক বিষয়ৰ [বৈদিক জ্যোতিষ আৰু অন্যান্য] সৈতে মানক শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আহিছিল৷ এছ জি ডানিৰ নেতৃত্ব তথা ৰাজনৈতিক দলৰ সমৰ্থিত কেইবাজনো শিক্ষাবিদ আৰু গণিতজ্ঞই পূৰ্বতে আলোচনা কৰা যুক্তিৰ ভিত্তিত এই প্ৰচেষ্টাসমূহৰ বিৰোধিতা কৰি এই পদক্ষেপক হিন্দুত্ববাদৰ ৰাজনৈতিকভাৱে নিৰ্দেশিত প্ৰচেষ্টা বুলি সমালোচনা কৰাৰ পিছত এই সমগ্ৰ পৰিকল্পনাটো স্থগিত ৰখা হৈছিল৷

চৰকাৰী প্ৰতিবেদনসমূহেও ইয়াক আধুনিকীকৰণৰ বাবে মাদ্ৰাছা শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল৷ ২০১৪ চনত বিজেপি পুনৰ ক্ষমতালৈ অহাৰ পিছত তিনিখন বিশ্ববিদ্যালয়ে এই বিষয়ত পাঠ্যক্ৰম আগবঢ়াবলৈ আৰম্ভ কৰাৰ বিপৰীতে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এটা টেলিভিছন চেনেলো আৰম্ভ কৰে; এই বিষয়টোৰ বাবে উদাৰ শিক্ষা আৰু গৱেষণা অনুদানো আবণ্টন দিয়া হৈছে ৷

তদুপৰি, এনচিইআৰটিৰ পাঠ্যক্ৰমত এতিয়াৰে পৰা ‘India’ৰ সলনি ‘ভাৰত’ সন্নিবিষ্ট কৰিবলৈ উচ্ছ পৰ্যায়ৰ সমিতিয়ে নাম পৰিৱৰ্তনত অনুমোদন জনোৱাৰ পাছত এনচিইআৰটিৰ বিষয়াসকলে অৱশ্যে কয় যে পেনেলৰ পৰামৰ্শ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ সমিতিয়ে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছে যে ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত ‘ভাৰত’ নামটো ব্যৱহাৰ কৰিব লাগে৷ লগতে পাঠ্যপুথিত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ধ্ৰুপদী ইতিহাস’ৰ প্ৰৱৰ্তনৰো পৰামৰ্শ দিছে সমিতিখনে৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *