অৰুণিমা

দীপাঞ্জলি কাকতি হাজৰিকা

কোঠাৰ মেলি থোৱা খিৰিকীৰ পৰ্দাবোৰ বতাহে কোবাই ওপৰলৈ তুলি দিয়া শব্দত অৰুণিমাৰ তন্দ্ৰা ভাগিল। তাইৰ বৰ চিনাকী কিবা এটা মনত পৰা যেন লাগি গ’ল। পুনৰ চকুহাল মুদি মনত পেলাব খুজিলে। হয়, ঠিকেই। সেই যে অনলৰ লগত বিয়াৰ পাছতে ফুৰিবলৈ গৈছিল হৰিদ্বাৰলৈ। গংগাৰ পাৰত বতাহৰ কুঁ কুঁৱনী শব্দটো ইমান ভাল লাগিছিল। “
তাই ওচৰতে বহি থকা অনললৈ চালে। সি কিবা ভাৱসাগৰত ডুব গৈ থকা যেন লাগিল। তাই অনলক উদ্দেশ্য কৰি কৈ গ’ল,
“অনল, তোমাৰ মনত পৰিছেনে, তুমি যে সেইবছৰ ফাকুৱাত আমাৰ ঘৰলৈ বুন্দিয়া লাড়ু লৈ আহিছিলা? তোমাৰ লগত তেতিয়া বিশেষ চিনাকীও নাছিল। মাত্ৰ তুমি আমাৰ ঘৰৰ নিচেই কাষতে থকা ঘৰটোত ভাৰাতীয়া হিচাবে আছিলা। তোমাক দেউতাৰ লগত কথা পাতিবলৈ কৈ মই চাহ কৰিবলৈ ভিতৰ সোমাই গৈছিলো।
তুমি অনা লাড়ুৰে সৈতে আমি আটায়ে চাহ খাইছিলো।
তাৰ অলপ দিনৰ পাছতেই তুমি চাকৰিৰ ট্ৰেন্সফাৰ হোৱা কাৰণে আমাৰ ওচৰৰ ভাড়াঘৰটো এৰি গুছি গৈছিলা।
মোৰ কলেজৰ পঢ়া শেষ হৈছিল। দেউতাই মোক বিয়া দিয়াৰ কথা চিন্তা কৰিছিল। তেনেকুৱাতে তুমি এদিন আমাৰ ঘৰলৈ আহি দেউতাৰ লগত বহু সময় কথা-বতৰা পাতিছিলা। দেউতাই মোক মাতি চাহ জলপানৰ ব্যৱস্থা কৰিবলৈ কৈছিল।
চাহ-জলপান খাই তুমি আমাৰ ঘৰৰ পৰা বিদায় লৈ গৈছিলাগৈ।
তুমি যোৱাৰ পাছত দেউতাই শয্যাশায়ী মাৰ ওচৰলৈ গৈ তোমাৰ লগত মোৰ বিয়া পাতিব বুলি কথাখিনি কৈছিল। মই মনে মনে কথাবোৰ শুনি আছিলো। মাৰ মুখত পৰিতৃপ্তিৰ হাঁহিটো মই দুৱাৰৰ ফাঁকেৰে লক্ষ্য কৰিছিলো।
তাৰ কেইমাহমানৰ পাছতে তুমি মোক বিয়া কৰাই তোমাৰ ঘৰলৈ লৈ আনিছিলা। তোমাৰ মনত আছেনে এইবোৰ কথা? “
“কেনেকৈ পাহৰিম মোৰ হৃদয়ৰ কথাবোৰ। তোমাক প্ৰথম দেখা দিনাই মই তোমাৰ প্ৰেমত পৰিছিলো। তুমি যে পিঠিত কিতাপৰ বেগটো লৈ চাদৰ-মেখেলা পিন্ধি লেডী চাইকেলখন চলাই স্কুললৈ গৈছিলা, তুমি গম নোপোৱাকৈ মই তোমাক সদায় চাইছিলো। তেতিয়া তুমি দশম মানৰ ছাত্ৰী আছিলা। তোমাক কিবা এষাৰ ক’লে তোমাৰ পঢ়াত ব্যাঘাট জন্মে বুলি মই তোমাৰ পৰা নিলগত আছিলো।
তেতিয়া মোৰ বয়সো বেছি হোৱা নাছিল। মাত্ৰ পঁচিশ বছৰ হৈছিল। তোমাৰ কথা মোৰ মাৰ আগত কৈছিলো। মায়ে একো কোৱা নাছিল যদিও তোমালোকৰ ঘৰখনক পচন্দ কৰা বুলি বুজি পাইছিলো। ফাকুৱাৰ সুবিধাটোকে লৈ সেয়ে তোমালোকৰ ঘৰলৈ গৈছিলো। “
“কথাবোৰ মনত পৰি মনটো ৰোমাঞ্চিত হৈ পৰিছে। বিয়াৰ বিষয়ে একো জ্ঞান নোহোৱাকৈয়ে মই বিয়া হৈ গুছি আহিছিলো। শয্যাশায়ী মাৰ লগত দেউতাৰ বৰ কষ্ট হৈছিল। মাজে মাজে মিতিৰৰ ছোৱালী এজনী আহি মাৰ পৰিচৰ্য্যা কৰিছিল। সেইকাৰণেই আমাৰ মায়ে প্ৰতি সপ্তাহতে এবাৰকৈ হ’লেও তোমালোকৰ ঘৰলৈ যাবলৈ কৈছিল। “
“এতিয়া চোৱাচোন দুয়োজনী মা নোহোৱা হ’ল। তুমি অফিচলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা মোৰ অকলে অকলে থাকি বৰ বেয়া লাগে। সেইকাৰণেহে তোমালৈ ঘনে ঘনে ফোন কৰি থাকো। “
“মোৰো তোমাক ঘৰখনত অকলে থৈ অফিচত মনটো বেয়া লাগি থাকে। সেয়েহে মই এটা কথা ভাবিছো। তোমালোকৰ দেউতাক আমাৰ ঘৰলৈ লৈ আনো নেকি? কথাটো ভাবি চাবাচোন। “
“কিন্তু দেউতা মান্তি হ’ব জানো!! অৱশ্যে তোমাৰ কথা শুনিব পাৰে। কাৰণ তোমাক দেউতাই বৰ ভাল পায়। “
“চাওচোন কি হয়। ”
দেউতাক অনলৰ কথাত মান্তি হ’ল এটা চৰ্তত। প্ৰতি সপ্তাহৰ শণিবাৰে দেউতাক ঘৰলৈ যাব আৰু সোমবাৰে আহিব।
কথামতেই শণিবাৰে অফিচ ছুটীত অনল আৰু অৰুণিমা দেউতাকৰ ঘৰলৈ গ’ল। ৰাতিটো থাকি দেওবাৰে দেউতাকৰ বয়বস্তুবোৰ চিজিল লগাই থৈ তিনিও গুৱাহাটীৰ ঘৰলৈ গুছি আহিল। বাটত সোনাপুৰৰ ধাৱাত সোমাই হেপাহ পলুৱাই ভাত খাই আহি ঘৰ পালেহি।
পিছদিনাৰ পৰা অনলে বৰ শান্তিৰে অফিচত থাকিব পৰা হ’ল। অৰুণিমাইও ঘৰত দেউতাকক লৈ ব্যস্ত হৈ থাকিবলৈ ল’লে।
দেউতাকে আগতে লেখাপঢ়া কাম কৰিছিল, কিন্তু ঘৰুৱা বিশৃংখলতাই বহুবছৰ সেইবোৰৰ পৰা আঁতৰাই ৰাখিছিল। । সুবিধা বুজি অৰুণিমাই দেউতাকক পঢ়িবলৈ কেইখনমান কিতাপ, অলপ কাগজ আৰু কলম আনি দিলে। মানুহজনে যেন সেইখিনি বস্তুৰ প্ৰয়োজনৰ কথা ভাবি আছিল!!
বৰ আগ্ৰহেৰে বস্তু কেইপদ গ্ৰহন কৰি অৰুণিমাৰ দেউতাকে এটা সন্তুষ্টিৰ হাঁহি মাৰিলে। ক্ষন্তেক পিছতে তেওঁ আন্মনা হৈ পৰিল।
“কি হ’ল দেউতা? ”
জীয়েকৰ কথাত যেন সম্বিত ফিৰি আহিল দেউতাকৰ।
“নাই অ’ মাৰলৈ মনত পৰি গ’ল হঠাতে
। আগতে মই দুদিনমান নিলিখা দেখিলেই মাৰে মোক লিখিবলৈ খতিয়াই আছিল। হয়, মই মাৰৰ কথা মনত ৰাখিয়েই লিখিব লাগিব। তেতিয়া মাৰৰ আত্মাই শান্তি পাব। ”
কথাখিনিয়ে অৰুণিমাক বৰ শান্তি দিলে। অনলেও বৰ ভাল পাব। তাকে ক’বলৈ তাই মোবাইলটো হাতত লৈ তাইৰ শোৱা কোঠা পালেগৈ।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *