অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ মাঘ বিহু বা পুষনা উদ্ যাপন পদ্ধতি

নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:৯১০১৪৬৫৮০৫

 

বিহু অসমৰ জাতীয় উৎসৱ। জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে অসমৰ সকলো জনগোষ্ঠীৰ মানুহে বিহুৰ বিনন্দীয়া ৰূপত বিভোল হৈ নানা ৰং-ৰহইচত মতলীয়া হৈ পৰে।

প্ৰত্যেকটো বিহু উদ্ যাপনৰ লগত সাঙোৰ খাই আছে ভালে সংখ্যক সুনিৰ্দিষ্ট লোকাচাৰ, ভাববোধ,লোক-বিশ্বাস, ৰং-ৰহইচ, খেল-ধেমালি আৰু লোক নৃত্য গীতৰ অনুষ্ঠান।
এই বিলাক অৰ্থনৈতিক, সামাজিক , ধৰ্মীয় আদি বিভিন্ন দিশৰ অনেক প্ৰয়োজনীয় উদ্দেশ্যৰ সম্পূৰক। কৃষি উৎপাদন বৃদ্ধি, পশুধন লালন-পালন, আধ্যাত্মিক আচৰণ, স্বাস্থ্যৰক্ষা তথা শৰীৰ চৰ্চা,প্ৰেম-প্ৰীতি, শ্ৰদ্ধা, ভাৱৰ আদান-প্ৰদান,গঞা,জাতি আৰু আলহী -অতিথিক সেৱা-যত্ন, বল-শক্তি আহৰণৰ কামনা, পৰিয়াল আৰু গঞা ৰাইজৰ, জাতিৰ মঙ্গল কামনা, সামাজিক বন্ধন,ঐক্য-সংহতি আৰু সম্প্ৰীতি আদিৰ তাৎপৰ্য নিহিত হৈ আছে।
বিহু উদ্ যাপনৰ কাৰ্যকলাপ তথা লোকাচাৰবোৰত আকৌ বহু যুগ যুগ ধৰি অতি প্ৰাচীন কালৰে পৰা অনেক জনগোষ্ঠী, জাতি-উপজাতিৰ সাংস্কৃতিক উপাদানৰ সু-সমন্বয় ঘটিছে।
আনহাতে সকলো লেখক-গৱেষকে এই কথাত একমত হৈছে যে, অন্য বহুতো লোক উৎসৱৰ দৰে বিহুও মূলতঃ কৃষি-ভিত্তিক উৎসৱ।
অসমৰ প্ৰধান শস্য শালিধানৰ খেতিৰ লগত জড়িত তিনিটা বিশেষ পৰিৱেশত অনুষ্ঠিত হৈ আহিছে অসমীয়া জাতিৰ তিনিটা বিহু উৎসৱ।

ভাষাতাত্ত্বিক দিশৰ পৰা ” বিহু” শব্দৰ উৎস সম্পৰ্কে বিভিন্ন দৃষ্টি কোণেৰে বিশ্লেষণ কৰা পৰিলক্ষিত হৈছে।
ডঃ মহেশ্বৰ নেওগ দেৱে লিখিছেঃ ভাষাবিদে কয় ,বিষুবৎ ” এই সংস্কৃত শব্দৰ পৰা বিহু শব্দ ওলাইছে।

কিছুমান পণ্ডিতে বড়ো ভাষাৰ বৈখৎ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে বুলি মন্তব্য কৰিছে। চৈয়দ মহিবুল্লাই ” আমাৰ সংস্কৃতিৰ ৰেহ ৰূপ” শীৰ্ষক এটি তত্ত্ব গধুৰ প্ৰৱন্ধত এনেকৈ লিখিছে যে বিহু উৎসৱ কৃষিজীৱি মানুহৰ উৰ্বৰা বিশ্বাসৰ ওপৰত জন্ম। সম্ভৱতঃ অষ্ট্ৰিক সংস্কৃতিয়ে লুইতৰ পাৰত বিকাশ লাভ কৰাৰ সময়তে এই উৎসৱৰো উৎপত্তি হৈছিল।
আজি এই উৎসৱৰ লগত সৰ্ব ভাৰতীয় কিছুমান উৎসৱৰ ধাৰণাৰ মিল পোৱা যায়। এই ক্ষেত্ৰত উৰিষ্যাৰ পোষ-সংক্ৰান্তি, তামিল নাডুৰ পুংগল, কেৰালাৰ বিচু, পঞ্জাৱৰ বৈশাখী ,উত্তৰ ভাৰতৰ ফাকুৱা, পশ্চিমবঙ্গৰ বৈশাখী উৎসৱ, অবিভক্ত গোৱালপাৰা জিলাৰ বিষমা আৰু পুশনা আদি। মাঘ বিহুত অনুষ্ঠিত গৰু বিহু বৈদিক ধাৰণা সিক্ত যেন লাগিলেও গৰুক মাহ-হালধী, বেঙেনা, কেৰেলা, থেকেৰা,জাতি লাউ দি গা ধুওৱা পদ্ধতি অষ্ট্ৰিক জনগোষ্ঠীৰ। সেই দৰে মাঘ বিহুৰ জুইকুৰা অষ্ট্ৰিক সকলৰ পৰা আহিলেও পাছলৈ বৈদিক ধাৰণা আৰু মন্ত্ৰ সংযোজিত হৈছে।

যিকি নহওক, আমি অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ লোকসকলে উদ্ যাপন কৰা মাঘ বিহুৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে এই দেশী জনগোষ্ঠীৰো মাঘ বিহু ( যাক দেশী জনগোষ্ঠীয়ে পুশনা বা দোমাসী বুলি কয় ) সম্পূৰ্ণ ৰূপে কৃষি-ভিত্তিক। কৃষিজীৱি জনসাধাৰণে শালি ধানৰ খেতি উৎপাদন, সংৰক্ষণ, শ্ৰীবৃদ্ধি আৰু চপোৱাৰ অনুষ্ঠান বুলি কব পাৰি।
দৰাচলতে পুহ-মাঘৰ সংক্ৰান্তি বা পুশনা বা দোমাসীক এই দেশী জনগোষ্ঠীৰ জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে আবাল-বৃদ্ধ-বনিতা সকলোৱে অতি ধুমধামেৰে বিভিন্ন পদ্ধতিত উদ্ যাপন কৰে। ।
আঘোণ মাহৰ শেষত ” ন” ধান কটাৰ সময়ত গাঁৱৰ চেঙেৰা সকলোৱে (চেঙেলীয়া ল’ৰাবোৰে) দল বান্ধি ধান, পইচা মাগি ফুৰে । ল’ৰাবোৰে হাতত দাং লাঠি লৈ আৰু বাঁহেৰে সজা কিছুমান বাদ্যযন্ত্ৰ লৈ সেইবোৰ বজাই গীত গাই গাই গোটেই পুহ মাহটো ঘৰে ঘৰে মাগি ফুৰে। ইয়াক অবিভক্ত গোৱালপাৰা জিলাৰ দেশী ভাষাত ” শিৱশিৱো” বা অৰীয়া বা এউৰী বুলি কোৱা হয়।
ইয়াৰ পিছত সংগৃহীত ধান, পইচাৰে দোমাসীৰ ( দোমাহী) দিনাখন ল’ৰাবোৰে লগ ভাত বা পুশনা খায় । পথাৰত নৰাৰে সজোৱা ভেলাঘৰত বা মেজিঘৰত ” পুষনা” খোৱাৰ পিছত ৰাতিপুৱাৰ আগতে ভেলাঘৰটো পুৰি দিয়ে ।
আনহাতে কিছুমান অঞ্চলত লগভাত বা ” পুষনা” খোৱাৰ আগতে চৰণীয়া পথাৰৰ বিৰিণা বনৰ থোপাত ৰাখাল ঠাকুৰক সেৱা আগবঢ়ায়। নতুনকৈ পোৱালী জগোৱা গাইৰ গাখীৰ আনি উক্ত বিৰিণাৰ থোপাত ৰাখাল ঠাকুৰক উদ্দেশ্যে ঢালি দিয়া হয়।
“পুষনা” ৰ আগৰ দিনা দেশী জনগোষ্ঠীৰ সকলো কৃষিজীৱি ৰাইজে ঘৰৰ জীৱ-জন্তুৰ বিশেষকৈ গৰু, ম’হ , ছাগলী আদিক পৰিষ্কাৰকৈ গা ধুৱাই ‘ ন’ পঘাৰে বান্ধি চোতালৰ আগত কুমলীয়া ঘাঁহ বা গছৰ কোমল পাত খাবলৈ দিয়ে। তাৰ পিছত সৰিয়হ তেলেৰে জীৱ-জন্তুবোৰৰ শিং ঘঁহি ঘঁহি চিকচিকীয়া কৰা হয় আৰু জীৱ-জন্তুসমূহ‌ বেমাৰ-আজাৰ বা অপায়-অমঙ্গলৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে লোহা গৰম কৰি গাত ছাব মাৰি দিয়ে । এই অঞ্চলত গো-কেন্দ্ৰিক আচাৰাদি ব’হাগ বিহুৰ পৰিৱৰ্তে পুষনা বা দোমাসিৰ অন্তৰ্গত। ১ – গো-কেন্দ্ৰিক আচাৰ সমূহৰ ভিতৰত আছে গৰুক গা ধুওৱা,খুৰা আৰু শিঙত তেল ঘঁহা,মালা পিন্ধোৱা আৰু গৰুৰ গাত চিত্ৰ-বিচিত্ৰ চাব দিয়া। গৰুৰ গাত চিত্ৰ-বিচিত্ৰ চাব দিয়া আৰু ফোঁট দিয়া অনুষ্ঠানটিক ” গৰু চিতিওৱা” বুলি কোৱা হয়। ২- এই চাব বাঁহৰ চুঙাৰে দিয়া হয়। ৰং হিচাপে বহুতে মেজি পোৰা ছাই ব্যৱহাৰ কৰে যদিও প্ৰকৃততে ইকৰাৰ পৰা উলিওৱা ঘেঁচুলী, পানী লাউৰ কোমল পাত আৰু তেল মিহলাই এই ৰং কৰা হয়। কিছু কিছু অঞ্চলত পিঠাগুড়ি আৰু তেল মিহলাই এই ৰং কৰা হয়। কোনো কোনো অঞ্চলত পিঠাগুড়ি আৰু সৰিয়হৰ ফুলেৰে এই ৰং তৈয়াৰ কৰে। গৰুৰ গাত ফোঁট দিয়াৰ উপৰিও বৰঘৰতো দিয়ে আৰু মানুহেও ফোঁট লয়। অবিভক্ত গোৱালপাৰা জিলাৰ পুষনা বা দোমাসিৰ উল্লেখযোগ্য অংগ হ’ল ” ধুনী” প্ৰজ্বলন।ই সমূহীয়া অনুষ্ঠান। প্ৰতিখন গাঁৱৰ প্ৰতিখন সমাজে সুকীয়াকৈ ” ধুনী” প্ৰজ্বলন কৰে। সংক্ৰান্তিৰ আগদিনা ৰাতি গাৱঁৰ মুৰব্বী জনে স্নান কৰি উঠি এই ” ধুনী” জ্বলায়। তাৰ পিছত গোটেই ৰাতি গাৱঁৰ ৰাইজে ধুনীৰ চাৰিওফালে বহি নাম- কীৰ্তন কৰে। ৰাতি পুৱা উঠি গা পা ধুই গাঁৱে গাঁৱে ঘূৰি ঘূৰি নাম-কীৰ্তন কৰে। নাম-কীৰ্তনৰ ভাষা অবিভক্ত গোৱালপাৰা জিলাৰ গোৱালপৰীয়া ভাষা/দেশী ভাষা/ ৰাজবংশী ভাষা।ই তিনি চাৰি দিন ধৰি চলে। চাৰিদিনৰ পিছত ” ঠগী” (চিৰা ,মাহ-কড়াই আদি ) তোলে । ধুনীৰ ওচৰতে পঞ্চায়ত বহে। ঠগী তোলাৰ আগদিনা সমাজৰ বিভিন্ন দিশৰ পৰ্যালোচনা চলে। কোনোবাই সমাজৰ নিয়ম-নীতি নামানিলে তেওঁৰ ঠগী গ্ৰহণ কৰা নহয়। লোক বিশ্বাস মতে উত্তৰায়ণত পিতামহ ভীষ্মই শৰ শয্যাত দেহ ত্যাগ কৰাৰ সময়ত খৰি দিয়াৰ স্মৃতি হিচাপে এই ধুনী পোৰা হয়। কিন্তু লোক পৰম্পৰাৰ সৈতে ধৰ্মীয় কাহিনীৰ বৰ মিল নাই। আদিম যুগত সময়ত প্ৰচণ্ড জাৰৰ পৰা উদ্ধাৰ পোৱাৰ বাবে আদিম মানুহে জীৱ-জন্তু চিকাৰ কৰি পোৱা বস্তুৰে জুইৰ ওচৰত বহি আনন্দ মনেৰে নাচ গান কৰি ভোজ-ভাত খাইছিল কৰিছিল। পুষনা বা দোমাসিৰ এয়াই আৰম্ভণি বা প্ৰতীকী ৰূপ বুলি কব পাৰি। মেজি, ভেলাঘৰ, পিঠা -কড়াই ভোজ ভাতেৰে এই পুষনা বা দোমাসি হ’ল ভোগৰ পুষনা ; কাৰণ , এই সময়ত মানুহৰ ভঁৰাল ধান আদি শস্যৰে ভৰি থাকে , অভাৱ অনাটন নাই । সেয়ে পুৰণি পৰম্পৰাটি পৰিৱৰ্তনৰ মাজেৰে এতিয়াও প্ৰচলিত হৈ আছে। ইয়াৰ উপৰিও পুষনা বা দোমাসিক কেন্দ্ৰ কৰি এটি অত্যাৱশ্যকীয় অনুষ্ঠানটি হল ” শিৱশিৱো বা উৰিয়া ” গোৱা।
দেশী জনগোষ্ঠীৰ চেঙেৰা সকলোৱে ( চেঙেলীয়া ল’ৰাবোৰে) ঘৰে ঘৰে গাই ফুৰা ” শিৱশিৱো” বা উৰিয়া বোৰ অতি আকৰ্ষণীয় সুৰ-যুক্ত । এইবোৰ গীতৰ মাজেদি কৃষিজীৱি ৰাইজৰ ৰং-বিৰঙৰ চিত্ৰ অতি সুন্দৰকৈ প্ৰস্ফুটিত হৈছে।
তলত কেইটামান গীত উল্লেখ কৰা হ’ল, ——–
“উৰিয়া ৰে উৰিয়া
মাও লক্ষী চড়িয়া,
মাও লক্ষী দিলে বৰ
ধান-কুলাতো বাইৰ কৰ ।”

” সতীন-ৱতীন বহুদূৰ
কিনি আনবে চম্পাফুল
চম্পা ফুলেৰ বাসতে( সুগন্ধি)
সাগাই আইসে পাছতে
টেঙনা মাছেৰ তিন কাঁটা
জামাই( জোঁৱাই)শালা নেজকাটা( নিলাজ

” অৰিয়া ৰে অৰিয়া
হাতীৰ কাণত চড়িয়া
হাতীৰ কাণ ঢলমল কৰে
ঢোপা বাইগন ( বেঙেনা) গাছত ধৰে
ঢোপা বাইগন ছিৰি পাত
ৰাখালে ( গৰখীয়া) খায় কৰকৰা ভাত
কৰকৰা ভাত খায়াৰে
হিন জল তুলি যায়া ৰে
হিন জল তুলিত বাঘেৰ ভয়
বাঘা -বাঘিনী কয়
অ ৰে ৰাখাল ভাই
তোমাৰ গইলত( গোহালিত) কতো গাই
তাৰে আমি দুদু খাই
দুদু ( গাখীৰ) খায়া লৰি চড়ি
ভগৱানক ভৰষা কৰি ।
(বাইগন ( বেঙেনা) কৰ কৰা ভাত ( কৰ্কৰা ভাত)
” কচু পাতা ঢাপা ঢাপা
তাতে ফেলালুং ছাই
হাতী আসিল , ঘোঁৰা আসিল ফুল মনেৰ ভাই ,
ফুল মনেৰ ভাই ৰে
উৰণী কইতৰ ( পাৰ )
উৰি উৰি বেৰায় ৰে ঘোপাৰ ভিতৰ
ঘোপ নাই ,তোপ নাই
সাত খান পিতল
সাত খান পিতলেৰ
আঠ খান নাও
তাতে চড়িয়া বেৰায়
দুৰ্গাৰ মাও,
দুৰ্গাৰ মাও ৰে হাসিছে
কালা কালা চেঙৰীগুলা ( ছোৱালীবোৰে) নাচিছে
আইসো সখী জলে যাই
জলে যাইতে শ্ৰী ফল খাই
শ্ৰী ফল খাইতে লাগিল কাঁটা
হসকাও ৰে সতীনেৰ বেটা।”
এইধৰণে” শিৱশিৱো ” বা অৰীয়া গীতৰ মাজেদি গোটেই পুহ মাহটো ল’ৰাবোৰে চোতালে চোতালে ৰং-ৰহইচ কৰি চাউল বা টকা সংগ্ৰহ কৰি ফুৰে ; উদ্দেশ্য দোমাহীত পুষনা খোৱা।
ঠিক তেনেদৰে ডাঙৰৰ দলটোৱে ঢোল-বাদ্য ,দোতৰা, বাঁহী আদি লৈ কিছুমান ল’ৰাক” ছুকৰী” বনাই গোৱালপৰীয়া লোকগীত যেনে (দেশী ভাওৱাইয়া, চটকালী আদি গীত) আৰু নৃত্যৰে প্ৰতি ঘৰৰ চোতালে চোতালে গৈ আনন্দৰ জোঁৱাৰ তুলি চাউল,ধান,টকা মাগি ফুৰে ; উদ্দেশ্য একেটাই পুষনা খোৱা। ইয়াৰ উপৰিও আন এটি দলে পাহাৰৰ হিংস্ৰ জন্তু বিশেষকৈ বাঘক খেদি পথাৰৰ শইচ বা সন্তান আদিক বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ঢোল-বাদ্য দোতৰা বাঁহী আদি লৈ ” সোণাৰায়ৰ গীত” পৰিৱেশন কৰি ধান, চাউল বা টকা মাগি ফুৰে। তলত ” সোণাৰায়ৰ গীত” ৰ এটি নমুনা দিয়া হ’ল।

” পয়াৰ
বাঘা দুলদুল কৰে
শুনি ভয় লাগে
পদ
হুমহুম গুমগুম বাঘেৰ ঢাকৰোল
মণ্ডপ ছাড়িয়া বাঘা কৰে আগমন
আগে একলা আইলো বাঘা
শুনো তাৰ কথা
মূলাৰ মতো দাঁত বাঘাৰ
ঢাকেৰ মতো মাথা।
আৰো একনা আইলো বাঘা
নাম তাৰ হই
গোৱালক মাৰিয়া বাঘা
নিজে বেচায় দৈ।
আৰো একনা আইলো বাঘা
নাম তাৰ উমা
ৰাখালক মাৰিয়া বাঘা
নিজে দেয় ধূমা ।
আৰো একনা আইলো বাঘা
নাম তাৰ হৰা
চাণ্ডালক মাৰিয়া বাঘা
নিজে মাৰে ঘোঁৰা।
ফকীৰ নোৱায়, ( নহয়) বৈষ্ণম নোৱায়
ভীক্ষা কৰি খায়
সোণাৰায়েৰ নামে মাগিয়া বেৰায় ।”
এনেদৰে ভীক্ষা,দক্ষিণা মাগি মাগি সোণাৰায়ৰ গীত পৰিৱেশন কৰা দলটিয়ে মাঘ বিহুৰ দিনা অৰ্থাৎ দোমাসীত মাছ পুৰি আৰু মঙহেৰে ভাত খাই পৰম তৃপ্তি লাভ কৰে।
থুলমূল ভাবে অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ লোকসকলে মাঘ বিহু বা পুষনা বা দোমাসী উদ্ যাপন কৰা দেখা যায়।
এই পুষনা বা দোমাসী দেশী জনগোষ্ঠীৰ দেশী মুছলমানসকলেও প্ৰাচীন কালৰে পৰা অতোঃপ্ৰোত ভাবে জড়িত হৈ আছিল যদিও বৰ্তমান ধৰ্মীয় গোড়ামীৰ চাপত পৰি কিছু পৰিমাণে পুষনা বা দোমাসী উদ্ যাপন কৰাৰ পৰা বিৰত থকা দেখা যায় যদিও এতিয়া আকৌ নতুনকৈ দেশী মুছলমান সকলৰ ভিতৰত জাতীয়তাবাদী ভাৱধাৰাৰ উত্থান হোৱাৰ ফলত তেওঁলোকেও সমূহীয়াকৈ পুষনা বা দোমাসী উৎসৱ পালনত উঠি পৰি লাগিছে। তথাপি আধুনিকতাৰ কবলত পৰি পুষনা বা দোমাসিৰ অনুষ্ঠানসমূহ আৰু নৃত্য-গীতসমূহ আগৰ দিনৰ দৰে স্বতঃস্ফূৰ্ত ফল্গুধাৰাৰ দৰে প্ৰবাহিত হৈ অবিভক্ত গোৱালপাৰা জিলা তথা দেশী অধ্যুষিত অঞ্চলসমূহত কোবাই যোৱা পৰিলক্ষিত নহয় । এই ক্ষেত্ৰত দেশী জনগোষ্ঠীৰ জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে আবাল-বৃদ্ধ-বনিতাই আগবাঢ়ি আহি জাতীয় উৎসৱ পুষনা বা দোমাসিক পুনৰ্জীৱিত কৰাৰ প্ৰয়োজন আহি গৈছে।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *