খৰাং

খৰাং

ৰীতা মণি বৰা

 

…আস! সেইটো কথাই তাইৰ মন মগজু ছাটি ধৰিছিল৷ এণ্ট্ৰেন্সৰ কাৰণে দিন-ৰাতি একাকাৰ কৰি পঢ়িছিল তাই৷ তেওঁ কেতিয়াবা তাইৰ টেবুলৰ ওচৰত বহি ৰয়গৈ; কিন্তু মুৰ তুলি চাবলৈ, দেতা বুলি মাত এষাৰ দিবলৈ তাইৰ সময় নাছিল৷ অনবৰত উদ্বিগ্ন হৈ থকা ছোৱালীজনীক বাহিৰৰ পৃথিৱীখনলৈ উলিয়াই লৈ যাবলৈ তেওঁৰ মন গৈছিল- আবেলি এটাত সূৰ্যাস্তৰ আকাশ, পথাৰ এখন দেখুৱাবলৈ, নহ’লেও ভাল লগা গান এটা গুণগুণাবলৈ তাইক তেওঁ পঢ়াৰ টেবুলৰ পৰা উঠাই আনিব খুজিছিল; কিন্তু মিতাৰ কাঢ়া চকুৰ সমুখত সেয়া সম্ভৱ নাছিল৷…

“…..আজিও- এয়া, তাই মূুৰ থৈছিলহি তেওঁৰ বুকুত৷ তেওঁ এতিয়াও পাই আছে তাইৰ কোমল শৰীৰৰ ফুলৰ দৰে গোন্ধ, চৰাইৰ পাখিৰ দৰে উষ্ণতা তেওঁ অনুভৱ কৰিছে৷ চকুপানী মোহাৰি তেওঁ জোনাকী পৰুৱাটোলৈ চাই আছে৷ এসময়ত তেওঁ দেখিলে- তেওঁৰ ওচৰত দুটামান পাক মাৰি জোনাকীটো ভেণ্টিলেছেনেৰে ওলাই গ’ল৷ তেওঁৰ এনে লাগিল, যেন সেয়া তাই- তেওঁক দুখৰ অথাই সাগৰত পেলাই থৈ তাই অচিন পৃথিৱীলৈ উৰি গুচি গৈছে৷ …..”

চিলমিলকৈ টোপনি আহিছিলহে মাত্ৰ, বুকুৰ ওপৰত যেন এটা হেঁচা- কোমল, আলসুৱা৷ চৰাইৰ পাখিৰ দৰে কুহুমীয়া উষ্ণতাৰ৷ মন প্ৰাণ জুৰাই নিয়া ফুলৰ দৰে গোন্ধ এটা যেন তেওঁৰ নাকত লাগিছে৷ ধৰমৰাই সাৰ পাই উঠিল দীপক কাকতি৷ তাই গুচি যোৱাৰ পাছত তেওঁক যেন টোপনিয়েও এৰি গৈছে৷ বহুত দিনৰ মুৰত কেতিয়াবা চিলমিলকৈ আহে আৰু টোপনিৰ মাজতে তাই আহি এনেকৈ তেওঁৰ বুকুত মুৰ গুঁজি শুই থাকেহি৷ দুই চকুৱেদি বৈ অহা চকুপানী মচি তেওঁ ৰুমটোৰ চাৰিওফালে চালে৷ ভেণ্টিলেছনৰ মাজেৰে সামান্য পোহৰ সৰকি আহিছে৷ ৰুমটোত জোনাকী পৰুৱা এটাই ইফালৰ পৰা সিফাললৈ উৰি ফুৰিছে৷ তেওঁ জোনাকী পৰুৱাটোলৈকে চাই ৰ’ল৷

তাইকো তেওঁ আগতে কেতিয়াবা জোনাকী বুলি মাতিছিল৷ আচলতে তাইক কি বুলি মাতে তাৰ সঠিক নাছিলেই৷ মামানু, আইমানু, সোণজনী, কলিজা -অনেক অনেক নাম৷
তাইৰ ডেৰবছৰতে ল’ৰাটো জন্ম হোৱাৰ কাৰণে তাই মাকৰ পৰা আঁতৰিব লগা হৈছিল৷ মিতাৰ স্বাস্থ্য এনেয়ো ভাল নাছিল৷ দুটা ল’ৰা ছোৱালী সমানে চম্ভালিব পৰা নাছিল আৰু সেইটো কাৰণতে তাই তেওঁৰ লগতে বেছি সময় থাকিব লগা হৈছিল৷ তেওঁৰ বুকুৰ ওপৰত মুৰ থৈ অথবা এটা হাতেৰে তেওঁক সাৱটি ধৰি তাই টোপনি গৈছিল৷ আৰু তেওঁ? পৰম মমতাৰে তাইৰ কোমল, কুহুমীয়া শৰীৰৰ ফুলৰ দৰে গোন্ধ এটা সাৱটি স্বৰ্গ সুখ পাইছিল৷

বৰ সোনকালে তাই ডাঙৰ হৈছিল যেন৷ দেতা -দেতা বুলি তেওঁৰ পাছে পাছে লাগি ফুৰা ছোৱালীজনীয়ে এদিন ডাক্তৰণী হোৱাৰ সপোন দেখিছিল৷ তেওঁ কোৱা নাছিল তাইক – “পঢ়া, ভালকৈ পঢ়িবই লাগিব, ভাল ৰিজাল্ট কৰিবই লাগিব৷ ” কিন্তু মিতা নাচোৰবান্দা- পঢ়িবই লাগিব৷ নীট ক্লিয়েৰ কৰিবই লাগিব৷ তেওঁৰ সৈতে সেইটো কথাতে মিতাৰ মতানৈক্য৷ তেওঁ তাই নুশুনাকৈ প্ৰায়েই কয় – “কিয় প্ৰেছাৰ দিছা তাইক? চাপ নিদিবা – যি পঢ়ে পঢ়িব৷ অনবৰত পঢ় পঢ় কৰি নাথাকিবাচোন৷ ” মিতাই নুশুনে৷ ছোৱালীয়ে মেডিকেল আৰু ল’ৰাই ইঞ্জিনিয়াৰিং পঢ়িব- সিদ্ধান্ত লৈছিল মিতাই৷

আস! সেইটো কথাই তাইৰ মন মগজু ছাটি ধৰিছিল৷ এণ্ট্ৰেন্সৰ কাৰণে দিন-ৰাতি একাকাৰ কৰি পঢ়িছিল তাই৷ তেওঁ কেতিয়াবা তাইৰ টেবুলৰ ওচৰত বহি ৰয়গৈ; কিন্তু মুৰ তুলি চাবলৈ, দেতা বুলি মাত এষাৰ দিবলৈ তাইৰ সময় নাছিল৷ অনবৰত উদ্বিগ্ন হৈ থকা ছোৱালীজনীক বাহিৰৰ পৃথিৱীখনলৈ উলিয়াই লৈ যাবলৈ তেওঁৰ মন গৈছিল- আবেলি এটাত সূৰ্যাস্তৰ আকাশ, পথাৰ এখন দেখুৱাবলৈ, নহ’লেও ভাল লগা গান এটা গুণগুণাবলৈ তাইক তেওঁ পঢ়াৰ টেবুলৰ পৰা উঠাই আনিব খুজিছিল; কিন্তু মিতাৰ কাঢ়া চকুৰ সমুখত সেয়া সম্ভৱ নাছিল৷

পৰীক্ষা তাইৰ ভাল হৈছিল; কিন্তু ৰিজাল্টত তাই ব্যৰ্থ৷ তেওঁৰ অনেক বুজনিয়েও তাইৰ বিষণ্ণতা আঁতৰাব পৰা নাছিল৷ তাই খাবলৈ এৰিছিল, হাঁহিবলৈ এৰিছিল৷ কেইবাদিনো তেওঁ তাইক ঘৰৰ পৰা উলিয়াই নিব খুজিছিল – তাই নগ’ল৷

আৰু তাই তেওঁক একেবাৰে নিঃশেষ কৰি গুচি গ’ল৷ ল’ৰাটোৰ অসুখ দেখুৱাবলৈ যোৱাৰ সময়ত শূন্য ঘৰটোত, তাইৰ ৰুমৰ শূন্যতাত নিজেই ওলমি ৰ’ল৷

সকলো সলনি হৈ গ’ল তেওঁৰ৷ মিতাই তেওঁলৈ, তেওঁ মিতাৰ চকুলৈ চাব নোৱাৰা হ’ল৷ চালেই চকুপানী বাগৰি আহে৷ মিতাৰ মুখত কথা হেৰাই গ’ল৷ অপৰাধবোধ? তেওঁৰ বুকুৰ পৰা তাইক আঁতৰাই পঠোৱাৰ দৰে এটা অঘটনৰ ক্ৰীড়নক বুলি মিতাই নিজকে ভাবি লৈছে?

তাৰ পাছত? দিনবোৰ তেওঁৰ বাবে অসহনীয় হৈ গ’ল৷ ঘৰটো উদং৷ বিছনা উদং৷ কেনেকৈ থাকে তেওঁ? কিন্তু থাকি গ’ল৷ থাকিবই লাগিব৷ গতানুগতিকভাৱে চাকৰি, খোৱা-বোৱা, বজাৰ সমাৰ, মিতা আৰু ল’ৰাটোৰ লগত কথা-বতৰা – বাহিৰত সকলো স্বাভাৱিক হৈ গ’ল; কিন্তু ৰাতি ৰাতি তেওঁ প্ৰায়েই উজাগৰে থাকে৷ টোপনি তেওঁৰ নাহেই৷ আহিলেও তাইৰ সেই ফুলৰ দৰে গোন্ধ, চৰাইৰ পাখিৰ দৰে কুহুমীয়া শৰীৰ!

হাতৰ ঠাৰিৰে চকু ঢাকি তেওঁ পৰি ৰয় বিছনাত৷ তেওঁৰ অনুতাপ হয় -বুকুত সামৰি লৈ কিয় কোৱা নহ’ল তাইকঃ তাইক শিকোৱা নহ’ল পৰীক্ষাতকৈও এই জীৱনৰ আহিব লগা প্ৰতিটো ঘণ্টাৰ প্ৰতিটো খোজৰ আন এটা নামেই পৰীক্ষা৷
বেটল অৱ লাইফ- না কোনো পৰীক্ষাকেন্দ্ৰ, না নিৰ্ধাৰিত ছিলেবাছ, না এডমিট কাৰ্ড৷ ক’ত কেতিয়া সেই পৰীক্ষা দিব লাগে সেয়াও অনিৰ্ণীত৷
পৰীক্ষাৰ বাবে অহৰহ উদ্বিগ্ন হৈ থকা, ভয় খোৱা ছোৱালীজনীক কোনোদিনে মাজনী বুলি মৰমত সাৱটি ধৰি অপত্য স্নেহ দেখুৱাব নোৱাৰিলে কিয়?

তেওঁ ভাবে- আমিতো সেই বয়স পাৰ কৰিছোঁ৷ মেট্ৰিক পৰীক্ষাৰ দহদিন আগত তেওঁৰ বায়েকৰ বিয়া আছিল৷ এবাৰো কোনেও সেইকথা ভবা নাই৷ ঘৰত আলহী, পঢ়িবলৈ বাদেই শুবলৈকে ঠাই নাই৷ তেনেকৈয়ে পৰীক্ষাৰ প্ৰস্তুতি৷ এতিয়া কিন্তু সন্তানৰ পৰীক্ষা বুলিলে ঘৰলৈ আত্মীয় কুটুম অহা নিষেধ৷ আমাৰ দিনত লক্ষ্য থাকিলেও প্ৰাণ-পণ চেষ্টা নাই৷ কিন্তু এই প্ৰজন্মক ইমান কম বয়সৰ পৰাই প্ৰতিযোগিতাত নমাই প্ৰতিষ্ঠাৰ চিকমিক পথ দেখুৱাই পিতৃ-মাতৃয়ে ›কৃত দায়িত্ব, কৰ্তব্য পালন কৰিছেনে? এইফালৰ পৰা তেৱোঁতো দোষী৷

এই সময়ৰ ল’ৰা ছোৱালীবোৰে শৈশৱ-কৈশোৰৰ অগাধ শান্তিত নিজৰ ইচ্ছামতে জীয়াই থকাৰ অধিকাৰ যেন হেৰুৱাই পেলাইছে৷

মাজৰাতিৰ নিঃশব্দ পৃথিৱীত তেওঁ সাৰে থাকে- তেওঁ ভাবে বৰ ভুল হ’ল৷ বৰ ভুল হ’ল৷ তাইৰ মৃত্যুত পৃথিৱীয়ে এজনী ডাক্তৰ হেৰুৱালে, কিন্তু আমি যে গাৰ মঙহ এটুকুৰা হেৰুৱালোঁ৷
তেওঁ কান্দি থাকে৷ উজাগৰে৷ কেতিয়াবা চিলমিল টোপনিত পিতৃৰ অপত্য স্নেহৰ সুধাৰে অশৰীৰী ছোৱালীজনীৰ লগত শূন্যতে কথা পাতে৷

আজিও- এয়া, তাই মূুৰ থৈছিলহি তেওঁৰ বুকুত৷ তেওঁ এতিয়াও পাই আছে তাইৰ কোমল শৰীৰৰ ফুলৰ দৰে গোন্ধ, চৰাইৰ পাখিৰ দৰে উষ্ণতা তেওঁ অনুভৱ কৰিছে৷ চকুপানী মোহাৰি তেওঁ জোনাকী পৰুৱাটোলৈ চাই আছে৷ এসময়ত তেওঁ দেখিলে- তেওঁৰ ওচৰত দুটামান পাক মাৰি জোনাকীটো ভেণ্টিলেছেনেৰে ওলাই গ’ল৷ তেওঁৰ এনে লাগিল, যেন সেয়া তাই- তেওঁক দুখৰ অথাই সাগৰত পেলাই থৈ তাই অচিন পৃথিৱীলৈ উৰি গুচি গৈছে৷ …..

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *