কাগজৰ নাও

কাগজৰ নাও

নিৰ্মালি নয়নতৰা

 

…তাৰ মনত আছে, এবাৰ তাৰ চৌধ্য বছৰীয়া বায়েক নীতিক ৰিলিফ দিবলৈ অহা মানুহ এজনে বৰষুণৰ এদিন অট’মোবাইল এখনলৈ মাতি নিছিল৷ সেইদিনা তাই আন মানুহবোৰতকৈ পাউডাৰ গাখীৰ, বিস্কুট আৰু দাইলৰ টোপোলা এটা এক্সট্ৰাকৈ পাইছিল৷ কিয় পাইছিল সি তেতিয়া নাজানিছিল৷ মাত্ৰ তাৰ মনত আছে, নীতিৰ মুখখন ওন্দোলাই অনা আকাশৰ দৰে ক’লা হৈ আছিল৷ তাই যেন ভয় খাইছিল!…

“সি আচলতে কি কামৰ বাবে প্ৰথমদিনা তাইৰ ওচৰলৈ আহিছিল, তাই তাকো নেজানে৷
জনা হলেও, অঞ্জনাময়ীৰ দৰে নাৰীয়ে কেৱল নিজৰ শৰীৰৰ ক্ষুধা গুচাবৰ বাবেই কেতিয়াও অচিনাকি পুৰুষৰ আগত কাপোৰ নোখোলে৷ তাই কিজানি ভাবিছিল, টকাৰ বিনিময়ত কোনোবাই অলপ পৰ তাইৰ সৈতে কথা পাতিব৷
তাই প্ৰভঞ্জনক পুৰুষ বেশ্যা বুলি তেতিয়াহে জানিছিল কিজানি, যেতিয়া তাৰ চোলাটো খুলি তাই তাৰ পিঠিৰ আঘাতবোৰ দেখিছিল৷ …”

ঃ প্ৰভঞ্জন মানে কি আচলতে?
ঃ মই ….মই নাজানো৷
ঃ প্ৰভাকৰ বুলি মাতিব পাৰিম চাগৈ?
ঃ প্ৰভাকৰ, দিবাকৰ যি বুলিয়েই ইচ্ছা কৰে মাতিব পাৰে৷

সুসজ্জিত দ্ৰয়িং ৰুমটোত বহি থকা সাতাইশ বছৰীয়া ল’ৰাটোলৈ চাই চাই অঞ্জনাময়ীয়ে একেলেঠাৰিয়ে কেইবাটাও প্ৰশ্ন সুধিলে৷
কিন্তু প্ৰশ্নৰ উত্তৰ দিয়াতকৈ সি সোনকালে গুচি যোৱাত বেছি আগ্ৰহ প্ৰকাশ কৰিছিল৷ তাৰ চকুৱে মুখে অস্বস্তিৰ চিন ফুটি উঠিছিল৷
তাৰ ব্যতিব্যস্ততা আৰু উচপিচনিৰ পৰিৱৰ্তে অঞ্জনাময়ীৰ অৱহেলা মিশ্ৰিত অলস মন্থৰ বডিলেংগুৱেজে তাক সঁচাই বিৰক্ত কৰিলে৷
পছিমৰ আকাশখন ক’লাকৈ আহিছে৷ অলপ পিছতেই মুষলধাৰে বৰষুণ নামেহে লাগে!
এই মানুহজনীয়ে বাৰু বৰষুণ অহালৈ ৰৈ আছে নেকি? সি ভাবিলে৷

কি অদ্ভুদ চখ, অদ্ভুদ বিকৃতি থাকে মাইকী মানুহবোৰৰ!
ব্লু পেৰাডাইজৰ নৰ্থব্লকৰ শকত মাইকীমানুহজনীয়ে তাক খাই পেলাব খোজে, জামনগৰৰ পৰা আহি চাকৰিসূত্ৰে ইয়াত থকা ওখ মানুহজনীয়ে তাৰ পিঠি নখেৰে নেফানেফ কৰিব খোজে৷
আৰু হৰিদ্বাৰৰ যে জৈমিনী বোলা ডাইনীজনী!
উস্‌, তাইতো মানুহ নহয়েই!
এলেপা গ্লানি আৰু মনৰ এচুকত এসোপা ক্লেদ সানি অলপ অলপকৈ খোৰাই সি যেতিয়া তাইৰ ঘৰৰ পৰা ওলাই যায়, তেতিয়া এক অদ্ভুত তিৰবিৰণিৰে তাইৰ চকুহাল জলি উঠে৷ এবাৰতো তাই আৰু চাৰিজনী ফ্ৰেণ্ড গোটাই থৈছিল৷
সিহঁতে মাতাল হৈ তাৰ মূৰ্ছিত, অৰ্ধনগ্ন শৰীৰত বমি কৰিছিল, তাক আঁচুৰিছিল, তাক নেফানেফ কৰিব খুজিছিল, তাৰ মৰ্মস্থলত দাঁতেৰে কামুৰি ক্ষতবিক্ষত কৰিব খুজিছিল৷
কোনোমতে সি সাৰিছিল৷
টয়লেট যাওঁ বুলি কৈ আধানাঙঠ শৰীৰেৰে সি নিজক বচাই কেৱল দৌৰিছিল আৰু দৌৰিছিল৷
নিশাৰ ৰাজপথত তাক এক উদভ্ৰান্ত পগলা কুকুৰৰ দৰে দেখা গৈছিল৷

ঃ চাহ খাবা? মই অৱশ্যে চাহতকৈ টিজেন খাওঁ৷
অপৰাজিতা ফুলেৰে বনাম, খাবা?

প্ৰভঞ্জনে মূৰ জোকাৰিলে৷
এইজনী পাগলীয়েইনে কিয়েইনে জানো!
চাহ খাবলৈকে তাই প্ৰভঞ্জনক মাতিব লাগেনে?
অহ্‌ তাইতো প্ৰভঞ্জনক মতা নাই!
তাই মাতিছিল এটা জিগোলোক, এটা পুৰুষ বেশ্যাক৷
সি দিবাকৰ, প্ৰভাকৰ যিয়েই নহওক কিয়, তাতে তাইৰ কি আহে যায়?
ঃ বৰষুণেই দিব এতিয়া৷ ৰ’বা মই খিৰিকিবোৰ জপাই থৈ আহোঁ৷ এছাৰকণি পৰি এবাৰ জানা, মোৰ টেবুলৰ গোটেই কিতাপবোৰ তিতিছিল! আৰু এন্নেকুৱাকৈ উঁৱলি গৈছিল নহয় কি ক’ম তোমাক৷ বৰষুণ আহিলেই মোৰ উচপিচ্‌ লাগে৷ কিবা ফ’বিয়া নে কি জানো!

প্ৰভঞ্জন মনে মনে থাকিল৷
বান আৰু বৰষুণেৰে তাৰ আজন্ম সম্বন্ধ৷
বছৰটোৰ এখিনি সময় ছিগা মথাউৰিৰ পাৰত টিৰ্পাল তৰি সজা ঘৰত তাৰ শৈশৱ আৰু কৈশোৰৰ এখিনি ভয়ানক নৈৰাশ্য আৰু অভাৱৰ দিন ৰাতি পাৰ হৈছে৷
তাৰ মনত আছে, এবাৰ তাৰ চৌধ্য বছৰীয়া বায়েক নীতিক ৰিলিফ দিবলৈ অহা মানুহ এজনে বৰষুণৰ এদিন অট’মোবাইল এখনলৈ মাতি নিছিল৷ সেইদিনা তাই আন মানুহবোৰতকৈ পাউডাৰ গাখীৰ, বিস্কুট আৰু দাইলৰ টোপোলা এটা এক্সট্ৰাকৈ পাইছিল৷ কিয় পাইছিল সি তেতিয়া নাজানিছিল৷ মাত্ৰ তাৰ মনত আছে, নীতিৰ মুখখন ওন্দোলাই অনা আকাশৰ দৰে ক’লা হৈ আছিল৷ তাই যেন ভয় খাইছিল!
বৰষুণ দিলে তাৰ কিতাপবোৰেই নহয়, কাপোৰ কানিবোৰো তিতিছিল৷ পাকঘৰৰ চৌকাটো, পিৰালিত উঠি থকা ছাগলী কেইজনী, পাছবাৰাণ্ডাত থকা আটকীয়া ধানৰ ডুলিটো- সকলো তিতিছিল৷
এতিয়াও বাহিৰৰ ৰচীডালত মেলি থৈ অহা তাৰ কাপোৰবোৰ তিতিছে চাগৈ!

ঃ মই যাব লাগিছিল৷

সি অলপ কঠোৰভাৱে ক’লে৷ প্ৰফেচন এটাত থকা মানুহে টাইম মেনেজমেণ্ট কৰিব নাজানিলে নচলে৷ এই মানুহজনীৰ ঘৰত টিজেন, বৰষুণ আৰু তাৰ নামৰ অৰ্থ আলোচনা কৰি থাকিলেও তাৰ ঘৰ নচলে৷
অঞ্জনাময়ী চোফাৰ পৰা উঠিল৷
তাইৰ দীঘল চুলিকোচাও যেন মানুহজনীৰ সৈতে একেলগে উঠিল৷ বান্ধি থোৱা চুলি একোচা খোপা খুলি মেল খাই পৰিলে চুলিকোচা উঠি অহাৰ দৰেই লাগেচোন! এই চকুত নপৰা কথাটো প্ৰভঞ্জনৰ প্ৰথমবাৰ দেখা যেন লাগিল৷ সাধাৰণ চকু মুখৰ এজনী সাধাৰণ মানুহ৷ মাতটো হৃদয়ৰ আটাইতকৈ কোমল এচুকৰ পৰা ওলায় চাগৈ! সিয়েই মানুহজনীক অসাধাৰণ যেন লগা কৰি তুলিছে৷

অঞ্জনাময়ী নিশব্দে আন এটা কোঠালৈ গ’ল আৰু হাতত ছাতি এটা লৈ উভতি আহিল৷
ঃ এইটো লৈ যোৱা৷ তোমাক ছাতি অনা দেখা নাই মই৷
ঃ কাইলৈ ঘূৰাই দিমহি!

তাই মিঠাকৈ হাঁহিলে৷
ছাতিটো লৈ সি ওলাই গ’ল৷ পুৰণি অন্তৰংগ বন্ধুক বিদায় দিয়াৰ দৰে তাই তাক দুৱাৰমুখলৈকে আগবঢ়াই দিলে৷
ঃ আহিবা দেই! এইবাৰ চাহো নেখালা৷ নেক্সট যেতিয়াই আহিবা, সময় লৈ আহিবা৷

হয়, হয়! পাগলীয়েই হয় এইজনী৷
…………………………………………………………………………

দুদিন ধৰি প্ৰভঞ্জনৰ তমোময় জ্বৰ৷
কলৈকো ওলাব পৰা নাই৷
কাষৰ ৰুমৰ ল’ৰাটোৱে দৰব আনি দিছে৷ ভাত দুটামানো ৰান্ধি দিছে৷
এনেকুৱাতে তাৰ মাকলৈ মনত পৰে৷
পৃথিৱীৰ সকলো মানুহেই এনেকুৱা সময়ত মাকৰ স্পৰ্শ বিচাৰি আকুল হয়, সিয়ো হয়৷
ট্ৰাক ড্ৰাইভাৰ এজনৰ সৈতে গুচি যোৱা নীতি আৰু তাৰ পাছৰে পৰা দুখে খঙে ক্ৰমশ: ৰুগীয়া হৈ পৰা তাৰ মাকৰ মৃত্যু যন্ত্ৰণাৰ দিনবোৰ মনলৈ আহিলে সি চমকি উঠে৷
সিয়ো যেন সেই যন্ত্ৰণাদীৰ্ণ মৃত্যুৰ চিকাৰ হ’ব! ভয় এটাই তাক খেদি ফুৰে৷ সি বিহ৩ল হয়৷

আবেলিলৈ সি অঞ্জনাময়ীৰ ঘৰ ওলালগৈ৷
তাই ঘৰত নাই৷
বনকৰা মানুহজনীৰ কথামতে সি বহিল৷
ছাতিটো দি থৈ যাওঁগৈ বুলি ভাবিও সি বহিল৷ তাৰ মূৰটো আচন্দ্ৰাই ধৰিলে৷
জ্বৰীয়া, অৱশ শৰীৰটোৰে সি নিৰ্জন কোঠাটোৰ চোফাতে বহি থাকিল৷
এসময়ত ঘামি জামি তাই ওলালহি৷
সি যেন খবৰ দিহে ওলাইছেহি, তেনেকৈ তাই সুধিলে, “আহিলা? ”
মূৰটো দুপিয়াবলৈও তাৰ দেহত বল নাছিল৷
: ছাতিটো!
ঃ অহ্‌! দিয়া৷

ছাতিটো ল’বলৈ লৈ তাই সুধিলে৷
ঃ গা বেয়া নেকি তোমাৰ অঞ্জন? উস্‌ নহয়, দিবাকৰ! আস্‌ চ’ৰী ….প্ৰভাকৰ৷

প্ৰভঞ্জনে হাঁহিলে৷
কিন্তু লগে লগে সি বহা ঠাইতে ঢলি পৰিল৷
যেতিয়া সি সাৰ পালে, তেতিয়া সি তাইৰ বেডৰুমৰ এখন বিছনাত৷
বিছনাখন নি(য় তাইৰ নহয়৷ তাৰ বেশভূষাই কয়, এইখনত চাগৈ তাই কেতিয়াবা এনেয়ে পেট পেলায় পঢ়ে, গান শুনে, চিনেমা চায়৷
অঞ্জনাময়ীয়ে নিজৰ বিছনাত বহি কাপত কিবা খাইছিল৷ হয়তোবা টিজেন!
সি চকু মেলা দেখি তাই ক’লে, “ডাক্তৰে কৈছে তুমি খুব দুৰ্বল হৈ পৰিছা হেনো৷ অলপ যত্ন ল’বা বুইছা৷ ”
তাই তাৰ একেবাৰে কাষলৈ আহিল৷
ঃ তুমি বমিও কৰিছিলা৷ চোলা তোলাবোৰ লেতেৰা হ’ল৷ মই ধুবলৈ দিয়ালো৷ তোমাৰ গোটেই পিঠিতে নখ আৰু দাঁতৰ দাগ! বৰ কষ্টত আছা অঞ্জন?

সি একো নক’লে৷
বেৰৰ পিনে চাই থাকিয়ে সি অনুভৱ কৰিলে, তাৰ চকুহাল সেমেকি আহিছে৷
তায়ো আৰু একো নুসুধিলে৷
ঃ মই তোমাক ঘৰলৈকে থৈ আহিম দেই৷ বেয়া নেপালে আজি তুমি ইয়াতো থাকিব পাৰা৷

ৰাতি ভালেমান পৰ হৈছিল৷
সি যাব নে থাকিব একো থিৰাং কৰিব নোৱাৰিলে৷
এসময়ত সি আকৌ টোপনি গ’ল৷

ঃ গুডমৰ্ণিং অঞ্জন! গা ভাল পাইছা চাগৈ?

গা ধুই অহা অঞ্জনাময়ীয়ে চন্দনৰ সুগন্ধি কঢ়িয়াই আনিছে৷
চেলফৰ ধূপদানিটোত গুঁজি দিয়া ধূপডালৰ সুবাসে কোঠাটো আমোলমোলাই উঠিল৷

পৱিত্ৰ মনৰ মানুহৰ মুখত কিবা এক পোহৰ থাকে৷
সেই পোহৰৰ নাম চাগৈ সৰলতা!
অঞ্জনাময়ীয়ে তাক নেজানে৷
সি আচলতে কি কামৰ বাবে প্ৰথমদিনা তাইৰ ওচৰলৈ আহিছিল, তাই তাকো নেজানে৷
জনা হলেও, অঞ্জনাময়ীৰ দৰে নাৰীয়ে কেৱল নিজৰ শৰীৰৰ ক্ষুধা গুচাবৰ বাবেই কেতিয়াও অচিনাকি পুৰুষৰ আগত কাপোৰ নোখোলে৷
তাই কিজানি ভাবিছিল, টকাৰ বিনিময়ত কোনোবাই অলপ পৰ তাইৰ সৈতে কথা পাতিব!
তাই প্ৰভঞ্জনক পুৰুষ বেশ্যা বুলি তেতিয়াহে জানিছিল কিজানি, যেতিয়া তাৰ চোলাটো খুলি তাই তাৰ পিঠিৰ আঘাতবোৰ দেখিছিল৷

খোৱাৰ টেবুলত বহি সি সুধিলে, “তুমি কিয় ইমান ভাল অঞ্জনা? “
সৰু ল’ৰা এটাৰ দৰে সৰল প্ৰশ্নটোৰ উত্তৰটো জটিলৰ পৰা জটিলতৰ হ’বগৈ বুলি ভাবি তাই একোকে উত্তৰ নিদিলে৷
চৌত্ৰিশ বছৰীয়া অঞ্জনাময়ীক ছল্লিশ বছৰীয়া অচ্যুতে বাহী ফুল এপাহৰ দৰে এৰি থৈ গৈছে৷ অৱশ্যে এই বৃহৎ ঘৰটো, গাড়ীখন, ভাৰাঘৰবোৰৰ টকাবোৰ…. সকলো তাইৰ হৈয়েই আছে৷
অচ্যুতে সদায়ে কৈছিল, “তোমাৰ কিবা এটা নাই অঞ্জু! কি নাই আই এম নট চিউৰ৷ বাট আই ফীল ইনকমপ্লিট ৱিথ য়ু! তাতকৈ মোৰ জাহানক ভাল লাগে৷ তুমি ভাল৷ অফকৰ্চ ভাল৷ বাট্‌৷ নাজানো, মানে মই বুজাব জনা নাই৷
বুজাব নাজানিলেও অঞ্জনাই বুজিছিল৷ অচ্যুতে কোনোদিন তাইৰ সৈতে কাজিয়া পেঁচালো লগা নাছিল৷ কেৱল নিৰ্লিপ্তি আৰু প্ৰেমহীনতাৰ বাবেই সিহঁত একেলগে থাকিব নোৱাৰা এটা উশাহবন্ধ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছিল৷

জাহান! জাহানাৰা৷ তাৰ অফিচৰ কলিগ৷
তাইৰ সৈতে অচ্যুত গুচি যোৱাৰ দিন ধৰি অঞ্জনা অকলশৰীয়া হৈ পৰিছিল৷ নিসংগ তাই আগতেও আছিল৷ কিন্তু অচ্যুতক কেন্দ্ৰ কৰি উপগ্ৰহ এটাৰ দৰে ব্যস্ত হৈ ৰ’বলৈকে তাইৰ অন্তত: এটা কক্ষপথ আছিল৷

অফিচত এদিন চেমিমে তাইক সুধিছিল, “টাইম পাছ কৰিবলৈ আজিকালি মানুহ ভাৰাত পায়৷ নম্বৰ দিওঁ নেকি? ”
চেমিমৰ অৰ্থপূৰ্ণ দুষ্টালিৰ হাঁহিটো নেওচি তাই সহজকৈ কৈছিল, “সঁচা নেকি? দেচোন তেনে! ”

চেমিমে নম্বৰ দিছিল৷
তাৰ তিনিদিনৰ পিছত প্ৰভঞ্জন আহিছিল৷
অঞ্জনাই তাক চাহ নে টিজেন খাব সুধিছিল৷
সি যোৱাৰ পাছত ভাবিছিল, ল’ৰাটো বয়সত সৰু হ’লেও বৰ ভদ্ৰ, অমায়িক৷ ইয়াৰ লগত কথা পাতিব পৰা যাব!
সি কেনেধৰণৰ কথা পাতিব জানে, সি কি কামৰ বাবে আহিছে সেয়া তাই নজনাকৈয়ে থাকি গ’ল৷

অঞ্জনাই দৰক লাগি থকা দেখি সি দুনাই একো নুসুধিলে৷
খাই বৈ সি যাবলৈ ওলাল৷
অঞ্জনাই তাক দুৱাৰদলিলৈকে আগবঢ়াই দিলে৷

সি এবাৰ উভতি চাই সুধিলে,

ঃ বৰষুণ দিলে তুমি কি কৰা?
তাৰ প্ৰশ্নটোৰ উত্তৰত অঞ্জনাই হাঁহিলে৷
– একো নকৰোঁ৷ আগতে, সৰুতে পানীৰ ডোঙাত কাগজৰ নাও উটুৱাই দিওঁ৷
ঃ নাও সাজিব জানা?
ঃ ওহোঁ নেজানো৷ ভণ্টিয়ে সাজে৷
ঃ মই সাজি দিম?
ঃ ওঁ৷

অঞ্জনাময়ীয়ে হাঁহিলে৷
কিছুমান নাৰীয়ে হাঁহিলে ৰ’দ এজাক সোণবৰণীয়াকৈ ওলায়, নিজান বুকুৰ পুখুৰী এটাত সৰুকৈ ঢৌ এটা উঠে৷

ঃ বৰষুণ দিলে নাওবোৰ সাজি লৈ আহিম৷ যাওঁগৈ৷
ঃ আঁহাগৈ তেনে! চাহ খোৱাকৈ আহিবা দেই৷
ঃ বেলিফুলৰ চাহ খাম!
ঃ অপৰাজিতাৰহে!
ঃ অহ্‌, হয়তোন! ধেৎ৷

প্ৰভঞ্জন গ’লগৈ৷
অঞ্জনাময়ী বাৰাণ্ডাতে বহি থাকিল৷
এসময়ত তাই পুৰণি বাতৰি কাকত এখিলাৰে নাও এখন সাজিবলৈ ভাঁজ ভুজ দিয়াৰ চেষ্টা এটা কৰি চালে, নহ’লগৈ৷
নিজকে নিজে তাই ক’লে, “প্ৰভঞ্জনে নাওবোৰ আনিবই নহয়! ময়ো সাজিবলৈ শিকি ল’ব লাগিব! ”

প্ৰভঞ্জনে বা বৰষুণৰ দিনত কি কৰে?
অঞ্জনাময়ীৰ জানিবলৈ বৰ মন গ’ল৷
প্ৰভঞ্জনৰ পিঠিত ইমানবোৰ দাঁত আৰু নখৰ চিন কেনেকৈ?
তাইৰ তাকো জানিবৰ মন গ’ল৷ …….

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *