বিষয়ঃ-জীৱন

বিষয়ঃ-জীৱন

 

মধুমিতা বৰুৱা শইকীয়া

লাইফ ইন এ মেট্ৰ

 

…নীলম স্তব্ধ হৈ গ’ল৷ হা না ক’ব পৰাকৈ নীলমৰ ওচৰত উত্তৰ নাই৷ কাৰণ কথাটো সঁচা৷ আঁৰচকুৰে জিললৈ চালে নীলমে, কোনো প্ৰতিক্ৰিয়া নাই জিলৰ৷ নিৰুদ্বেগচিত্তে ’হৰ্ডিংবোৰ চায় গৈ আছে জিলে৷ যিকোনো কথাকে গ্ৰহণ কৰিব পৰাকৈ পৰিপক্ব হৈ উঠিছে জিল৷ আবদাৰ নকৰা জিল যেন এটা বাওনা ৰবট হৈ উঠিছে৷ সৰু ল’ৰা হৈও জিল যেন এটা একক সত্ত্বা হৈ পৰিছে৷…

কেবখনৰ পাছফালে নীলম আৰু জিল৷

জিলে অহৰহ প্ৰশ্ন কৰি গৈছে৷ নীলমে উত্তৰ দি গৈছে৷ মাকৰ অন্যমনস্কতাখিনি জিলে সদায় দেখাৰ দৰে আজিও দেখিলে৷ পাঁচবছৰৰ পৰা অকালপক্ব জিল৷ প্ৰায় অকলে অকলে বিকশিত হৈছে তাৰ বুদ্ধিৰ প্ৰখৰ গ্ৰাফডাল৷ সৰুতে ক্ৰেশত থকা দিনৰে পৰা আজিলৈকে জিলে চাকৰিয়াল মাক-দেউতাকক ৰাতিহে লগ পায়৷ ভাগৰত লেবেজান মাক দেউতাকে জিলৰ লগত অলপ কথাপাতি নিজৰ নিজৰ ভাগে জিৰনি লয়৷ ভাত খোৱাৰ পৰলৈ জিলৰো টোপনি আহে৷ জোৰকৈ চকুহাল মেলি সি মোবাইলৰ গেম খেলে৷ ঘৰখনত বিৰাজ কৰে ধাতৱ জীৱন যাত্ৰা৷ লেপটপ আৰু মোবাইল ঘৰখনৰ একমাত্ৰ ধাৱমান চালিকা শক্তি৷

…. …… …. কেবখনে ব্ৰেক মাৰিলে৷ হঠাৎ নীলমক আচৰিত কৰি, জিলে সুধিলে তুমি আৰু দেতাই সকলো কথা কডত কিয় পাতা? তোমালোকে নিজৰ মতৰে বেলেগে বেলেগে থাকিবা নহয়নে?
মোৰ স্কুল বন্ধ হ’লে দেতা আৰু নিমী আণ্টিৰ তাত মই থাকিব যাম৷ এম ৰাইট মা?
দুৰ্বল মাতেৰে অলপ অপ্ৰস্তুত আৰু অসহায় হৈ নীলমে সুধিলে, কেনেকৈ জানিলা তুমি জিল?
কোনো জড়তা নোহোৱাকৈ জিলে নীলমক ক’বলৈ ল’লে, আমাৰ লগৰ কিশোৰৰ পৰা জানিলো৷ কিশোৰ আৰু তাৰ মাক দেতাক বেলেগ হোৱাৰ অলপদিন আগৰে পৰা বোলে, তেওঁলোকেও এনেকৈ কডত কথা পাতিছিল৷
নীলম স্তব্ধ হৈ গ’ল৷ হা না ক’ব পৰাকৈ নীলমৰ ওচৰত উত্তৰ নাই৷ কাৰণ কথাটো সঁচা৷ আঁৰচকুৰে জিললৈ চালে নীলমে, কোনো প্ৰতিক্ৰিয়া নাই জিলৰ৷ নিৰুদ্বেগভাৱে হৰ্ডিংবোৰ চায় গৈ আছে জিলে৷ যিকোনো কথাকে গ্ৰহণ কৰিব পৰাকৈ পৰিপক্ব হৈ উঠিছে জিল৷ আবদাৰ নকৰা জিল যেন এটা বাওনা ৰবট হৈ উঠিছে৷ সৰু ল’ৰা হৈও জিল যেন এটা একক সত্ত্বা হৈ পৰিছে৷
আজিকালি ল’ৰাছোৱালীবোৰৰ মানসিক বয়স বাঢ়ি যোৱাৰ কাৰণবোৰ অকল মোবাইল গেমেই নে? নীলম আৰু প্ৰতীকৰ নিজাববীয়াকৈ থাকিব বিচৰা অন্ত: সাৰশূন্য পাৰিবাৰিক জীৱনটোও নহয়নে? নীলম নিজেও নহয়নে?
প্ৰতীকো নহয়নে?
অগতিবোৰ এতিয়া মেট্ৰৰ লাইফ লাইন৷ অগতিৰ এটা দৃষ্টান্ত লাহে লাহে কৈশোৰ গচকিবলৈ যোৱা জিলো নহয়নে?

আপোচহীন জীৱনত গৰ্বিত গৰিমা থাকে৷ মাই লাইফ মাই ৰুলজছ৷
তাৰমাজতেই থাকি যায় সংপৃক্ত হৈ থকা জীৱনৰ কথাবোৰ৷
কিবা কিবা নাই নাই ৰিক্ততা!
নীলমে জিলক সাৱতি ধৰিলে৷ বেপেৰুৱা হৈ পৰা জিল জঁই পৰিছে নীলমৰ বাহুবন্ধনত৷ নীলমৰ মমতাই সাৰ পাইছে৷ জীৱনৰ সহজ সমীকৰণ এটা মিলাব নীলমে৷ তাইক সাৰশূন্যতাই আমুৱাইছে৷

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *