শলাগৰ শৰাই

শলাগৰ শৰাই

 

দীপাঞ্জলি কাকতি হাজৰিকা

…মঞ্জুমালাই আৰু কথা ক’ব নোৱাৰিলে৷ ইমানদিনে সাঁচি ৰখা চকুপানীখিনিক তাই বাধা দিব নোৱাৰিলে৷ তাই হুকহুকাই কান্দি দিলে৷…

 

কিবা এটা শব্দত মঞ্জুমালাৰ টোপনি ভাঙি গ’ল৷ ওচৰতে শুই থকা সৰু নাতি ছোৱালীজনীয়ে সাৰ পাব বুলি ভাবি তাইৰ গাত হাতখন থৈ উঠি বহিল৷ চাৰিওফালে চাই একো নেদেখি মাত দিলে,
“মালতী কি হৈছে? ”
“একো হোৱা নাই আইতা৷ ”
“বৰ ডাঙৰ কিবা শব্দ শুনা যেন পালোঁ হ’বলা৷ তই নাই শুনা নেকি? ”
“নাই শুনা দেখোন আইতা৷ ”
“জানো পাই কি শুনিলোঁ৷ হ’ব দে৷ ” কথাকেইটা কৈ মঞ্জুমালা আকৌ বিছনাত বাগৰিল৷

মালতী মঞ্জুমালাৰ লগত থকা ছোৱালী৷ তেওঁৰ লগত থকা বাৰ বছৰ হ’ল৷ মাক-দেউতাক ঢুকুৱাৰ পাছত এদিন তাইৰ বৰদেউতাকে তাইক লৈ আহিছিল মঞ্জুমালাৰ ঘৰলৈ আৰু কৈছিল,
“বাইদেউ, এইজনী মোৰ ভতিজা ছোৱালী৷ আপোনাক চমজাই দিলোঁ৷ তাইৰ দায়িত্ব ল’ব৷ আমি বৰ দুখীয়া মানুহ৷ আমাক মৰম কৰিব বাইদেউ৷ টকা-পইচা নালাগে৷ তাইক আখৰকেইটা চিনাকি কৰাই দিব৷ মই মাজে সময়ে আহি খবৰ বাতৰি লৈ থাকিম৷ ”
তাৰপাছত মালতীক উদ্দেশ্য কৰি কৈছিল,
“আই অ’ মালতী, বাইদেউক নিজৰ ‘মা’ যেন জ্ঞান কৰি ভালদৰে চলিবি দেই৷ ”
অলপ পাছত চাহজলপান খাই মালতীৰ বৰদেউতাকে কান্ধত থকা গামোচাখনেৰে চকুপানী মুচি মুচি গুচি গৈছিল৷
সেইদিন ধৰি মালতী মঞ্জুমালাৰ লগতে আছে৷
মঞ্জুমালা দুৱৰা এই সৰু চহৰখনৰ এগৰাকী সৰবৰহী মহিলা৷ কৰ্মসূত্ৰে শিক্ষয়িত্ৰী মানুহগৰাকী বৰ মৰমিয়াল আৰু বিচক্ষণ আছিল৷ সকলোৰে লগত সমব্যৱহাৰ কৰি মৰম বুটলিবলৈ সক্ষম হৈছিল৷ বিয়া হৈছিল নিজৰে চিনাকি অবিনাশ দুৱৰাৰ লগত৷

সাংসাৰিক জীৱন সুখৰ আছিল তেওঁলোকৰ৷ উচ্ছ পদস্থ চাকৰিয়াল হৈও অবিনাশে মঞ্জুমালাক যথেষ্ট সময় দিবলৈ যত্ন কৰিছিল৷ কিছুদিন বৰ সুখ শান্তিৰে তেওঁলোকৰ সংসাৰ চলি আছিল৷ ফলশ্ৰুতিত সংসাৰলৈ দুটা ল’ৰা সন্তানৰ আগমন ঘটিছিল৷ ল’ৰা স্কুল যোৱাৰ পাছৰে পৰা সিহঁতক ৰাতিপুৱা উলিয়াই পঠোৱা, টিফিন দিয়া, ছুটীত আনিবলৈ যোৱা ইত্যাদি বিভিন্ন সমস্যাক লৈ স্বামী-স্ত্ৰী দুয়োজনৰে মাজত মনোমালিন্য সৃষ্টি হ’বলৈ ধৰিছিল৷ পৰিণতিত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হ’ল৷

দুয়োটা ল’ৰা মঞ্জুমালাক চমজাই দি অবিনাশ দুৱৰা গাঁৱৰ পুৰণা ঘৰলৈ গুছি গ ’ল৷ তাৰ পৰাই গাড়ীৰে অহাযোৱা কৰি চাকৰি কৰি এতিয়া অৱসৰ লৈছে৷ বৰ মানসিক কষ্টত জীয়াই আছে মানুহজন৷ বয়স হ’লে অকলশৰীয়া জীৱন যাপন কৰিবলৈ বৰ কষ্ট হয়৷ বিশেষকৈ নিজৰ পৰিবাৰ জীয়াই থকা অৱস্থাত৷ তথাপিও জীয়াই আছে অবিনাশ দুৱৰা৷ লগত বনকৰা ল’ৰা মলয়৷ নিজৰ দেউতাকৰ দৰে মলয়ে অবিনাশৰ শুশ্ৰূষা কৰে৷ কেতিয়াবা মঞ্জুমালাৰ খবৰ লয় ফোন কৰি৷ মঞ্জুমালাই সদায় ভালে থকা বুলিয়ে কয়৷ অবিনাশৰ মাজে মাজে সন্দেহ হয় পত্নী কিমান সুখত আছে কথাটো ভাবি৷ আনৰ মুখত শুনা কিছুমান কথা বিশ্বাস নকৰো বুলি ভাবিলেও দেখোন অবিশ্বাসো নহয়৷

অবিনাশে শুনা কথাবোৰ প্ৰক.ততে সম্পূৰ্ণৰূপে সত্য৷ মঞ্জুমালাই বাহিৰৰ পৰা দেখাতকৈ বহুত কষ্টত জীয়াই আছে৷ দুজনী বোৱাৰী৷ সমাজৰ সকলোৱে শলাগে৷ ভাল ঘৰৰ ছোৱালী৷ উচ্ছ শিক্ষিত বোৱাৰী দুজনীক লৈ মঞ্জুমালাই আজিও মানুহৰ আগত গৌৰৱ কৰে; কিন্তু মনৰ ভিতৰৰ বেদনাখিনি কাৰো আগত প্ৰকাশ নকৰে৷

প্ৰকৃততে শাহু হিচাবে বোৱাৰী দুজনীক জোখতকৈ বেছি মৰম কৰে নেকি মঞ্জুমালাই! সেয়ে কিজানি মাজে মাজে বেজাৰ পাব লগা হয়৷
“মলয়া চাহ খোৱাহি আহা৷ ” চাহ বাকিবলৈ ঠিক কৰি ডাঙৰ বোৱাৰীক মাতে৷
“মা আপুনি খাওকচোন, মই গৈ আছোঁ৷ ”

চাহৰ কাপকেইটা আগত লৈ মঞ্জুমালা বহি থাকে৷ ডাঙৰ নাতিনীয়েক পাপৰী ওলাই আহি কয়, “আইতা, তুমিনো কিয় মাক চাহ বনাই মাতিব লাগে? মাই নিজে আহি বনাব নহয়৷ ”
“নহয় অ’ মাজনী৷ অকলে বেয়া লাগে কাৰণেহে৷ হ’ব দিয়া আজিৰ পৰা নামাতো৷ এতিয়া আমি দুজনীয়ে চাহ খাও আহা৷ ”
আইতাকৰ লগত বহি পাপৰীয়ে চাহ খায়৷

চাহ খাই হোৱাত পাপৰী পঢ়া টেবুললৈ যায়৷ আইতাকক লগ ধৰে তাইৰ লগত; কিন্তু আইতাক নাযায়৷
নিজৰ ছোৱালী নথকা মঞ্জুমালাই ল’ৰা দুটা ডাঙৰ হোৱাৰে পৰা ভাবি আছিল “মোৰ নিজৰ ছোৱালী নাথাকিলে কি হ’ব, ল’ৰা দুটালৈ যি দুজনী বোৱাৰী আনিম সিহঁতকে নিজৰ ছোৱালীৰ দৰে মৰম কৰিম৷ ৰাইজৰ চকু কপালত উঠিব৷ ”

বোৱাৰী ঘৰলৈ অহাৰ পাছৰে পৰা মঞ্জুমালাই পূৰ্বৰে পৰা ভাবি থকা ধৰণৰেই সিহঁতক মৰম কৰিবলৈ লৈছিল৷ ছোৱালী নে বোৱাৰী সেই কথা তেওঁৰ মনলৈ কাহানিও অহা নাছিল৷ সেয়ে আগৰ দৰেই ঘৰখনৰ কামবোৰ কৰিছিল৷ কোনোদিনে বোৱাৰীয়ে কৰিব বুলি কোনো কাম পেলাই থোৱা নাছিল৷ নিজৰ কোনোবাই কামৰ কথা কিবা এষাৰ ক’লেও গুৰুত্ব নিদিছিল৷ এনেদৰেই দিনবোৰ পাৰ হ’ব বুলি আশা কৰিছিল তেওঁ৷ পিছে দিনে দিনে দেখোন পৰিবেশবোৰ সলনি হ’বলৈ ধৰিলে৷ সকলো অনুমান কৰিব পাৰিও নাতিনী দুজনীৰ মৰমতে ল’ৰা-বোৱাৰীৰ লগতে থাকে মঞ্জুমালা৷

মালতীয়ে মাত দিয়াতহে মঞ্জুমালাই যেন সাৰ পালে৷ “আইতা, চাহ নাখালে দেখোন৷ চেঁচা হৈ গ’ল৷ গৰম কৰি আনো ৰ’ব৷ ”
“নালাগে দে গৰম কৰিব৷ তাকে খাম৷ ”

চাহকাপ খাই উঠি মঞ্জুমালা বাৰাণ্ডাতে বহিলগৈ৷ অবিনাশৰ কথা মনলৈ আহিল৷ বহুদিন হল অবিনাশে ফোন নকৰা৷ নম্বৰটো হেৰুৱালে নেকি! এইবোৰ ভাবি থাকোঁতেই নাতিনীয়েকে ম’বাইলটো দি ক’লে,
“আইতা, আপোনাক কোনোবাই বিচাৰিছে৷ ”
নাতিনীয়েকৰ পৰা মবাইলটো লৈ ভাবিলে “মোকনো কোনে বিচাৰিব পাৰে? ”
তথাপি ফোনটো ধৰি ক’লে, “হেল্ল’ কাক বিচাৰিছে? ”
“তুমি মঞ্জু নহয় জানো? ”
মাতটো চিনি পাবলৈ মঞ্জুমালাৰ এক মুহূৰ্তও সময় নালাগিল৷ তাই আবেগত উথলি উঠিল৷ ম’বাইলটো কানত লৈ ক’লে, “হয়৷ আজি ইমান বছৰৰ মূৰত মনত পেলাই খবৰ ল’লে যে! ”
“আচলতে প্ৰতি মুহূৰ্ততে তোমালৈ মনত পৰি থাকে; কিন্তু প্ৰথমে তুমি খবৰ ল’বা বুলি ভাবি থাকোঁতেই বহু পলম হৈ গ’ল৷ তুমিতো ল’ৰা, বোৱাৰী, নাতিৰ সৈতে সুখতে আছা৷ মইযে একেবাৰে অকলশৰীয়া৷ তোমাক বিনা কাৰণত শাস্তি দিয়াৰ ফল মই ভুগি আছো৷ ”
“তেনেকৈ নক’ব৷ মই মহা পাপী সেয়েহে এনেকৈ জীয়াই থাকিব লগা হৈছো৷ ”
মঞ্জুমালাই আৰু কথা ক’ব নোৱাৰিলে৷ ইমানদিনে সাঁচি ৰখা চকুপানীখিনিক তাই বাধা দিব নোৱাৰিলে৷ তাই হুকহুকাই কান্দি দিলে৷ ভিতৰৰ পৰা বোৱাৰীয়েক ওলাই আহি চিঞৰ বাখৰ লগালে৷
“ঘৰখনত আপুনি থকা কাৰণে একোতো উপকাৰ হোৱাই নাই৷ এতিয়া আকৌ কান্দি কাটি মানুহক দেখুৱাবলৈ আৰম্ভ কৰিছে যে বোৱাৰীয়েকে কিমান শাস্তি দিয়ে৷ আপুনি ইয়াত থকাত একো লাভ হোৱা নাই৷ গুছি যাব ইয়াৰ পৰা৷ ”
“হ’ব বোৱাৰী, তোমালোকৰ কাৰণে, এই নাতিনী দুজনীৰ কাৰণে যিখিনি কৰিলো তাৰ প্ৰতিদান মই বিচৰা নাই; কিন্তু তোমালোকৰ কাৰণে একো কৰা নাই বুলি কোৱা কাৰণে বেজাৰ পাইছো৷ এতিয়া আন্ধাৰ হ’ল যাবলৈ অসুবিধা হ’ব৷ কালিলৈ ৰাতিপুৱাই মই ঘৰলৈ যামগৈ৷ ”
“বেয়া নাপাব৷ আপুনি কৰাখিনিৰ বাবে শলাগৰ শৰাই দিব নোৱাৰিলো৷ ”
“এটা কথা, মালতীক ইয়াতে থৈ যাম৷ নহলে অকণমান দুজনীয়ে কষ্ট পাব নহয়৷ তাইক মৰম কৰি ৰাখিবা৷ আচলতে শহুৰ দেউতাৰাই আজি ফোনতে বৰ বেজাৰ কৰিলে৷ সেয়েহে যোৱাৰ সিদ্ধান্তটো ললো৷ ”
“সেইখিনি নীতিশিক্ষা মোক দিব নালাগে৷ তাইক কেনেকৈ ৰাখিব লাগে মই জানো৷ মই এতিয়া শোওঁগৈ৷ ”
অলপ পাছতে ল’ৰা আহিল৷ মঞ্জুমালাই ক’লে, “কথা এটা ভাবিছো অ’৷ ৰাতিপুৱাই মই গাঁৱৰ ঘৰলৈ যামগৈ৷ ”
“ কিয় হঠাতে যাওঁ বুলি ওলালা মা৷ বোৱাৰীয়ে কিবা বেয়াকৈ কৈছে নেকি? ”
“নাই নাই৷ মই নিজেহে গাঁৱৰ ঘৰখনলৈ মনত পৰা কাৰণে যোৱাৰ কথা ভাবিলো৷ বোৱাৰীক কৈছো৷ ”
“যাব বিচাৰিছা যেতিয়া যাবাগৈ৷ মই ড্ৰাইভাৰক এতিয়াই কৈ থ’ম ৰাতিপুৱা তোমাক লৈ যাবলৈ৷ ”
“এতিয়া শুই থাকগৈ যা৷ যোৱাৰ সময়ত মাত নিদিও আৰু তহঁতক৷ সময় পালে নাতি দুজনীক লৈ গাঁৱলৈ যাবি৷ ”
……………………………………………………………..

গল্পকাৰৰ ঠিকনা

.বৰবাৰী, হেঙেৰাবাৰী
গুৱাহাটী ৩৬

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *