শীতকালৰ চুপ

শীতকালৰ চুপ

শীতকালত শৰীৰটো গৰম কৰি ৰাখিবলৈ এই ৫ টা চুপ খাদ্যৰ তালিকাত ৰাখক…

নিৰামিষভোজীৰ বাবেও বহুতো চুপৰ বিকল্প আছে যিবোৰে শৰীৰক গৰম কৰি ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক। গতিকে, আজি এই লেখাটোত আমি আপোনালোকক এনেধৰণৰ ৫টা চুপৰ ৰেচিপি ক’ম যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শীতকালত আপোনাৰ শৰীৰটো গৰম কৰি ৰাখিব পাৰে।

নিৰামিষ চুপ

দেশৰ প্ৰতিটো প্ৰান্ততে ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে । এই সময়ত স্বাস্থ্যৰ অতিৰিক্ত যত্ন লোৱাটো অতি প্ৰয়োজন। শৰীৰটো গৰম কৰি ৰাখিবলৈ গৰম কাপোৰ, হিটাৰ, কম্বল আদি ব্যৱস্থাৰ কৰাৰ প্ৰয়োজন হয় যদিও শীতকালত শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখিবলৈ কিছুমান বিশেষ খাদ্য খোৱাৰো প্ৰয়োজনীয়। সেইবাবেই বহুতে শীতকালত চিকেন চুপক খাদ্যৰ অংশ হিচাপে লয় । কাৰণ ইয়াৰ সোৱাদ ভাল হোৱাই নহয় শৰীৰটো গৰম কৰি ৰখাতো অতি উপকাৰী।

চিকেন চুপত প্ৰটিন আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে যিয়ে ঠাণ্ডাৰ বতৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে । কিন্তু নিৰামিষভোজীৰ বাবেও বহুতো চুপৰ বিকল্প আছে যিবোৰে শৰীৰক গৰম কৰি ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক। গতিকে, আজি এই লেখাটোত আমি আপোনালোকক এনেধৰণৰ ৫টা চুপৰ ৰেচিপি ক’ম যিবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শীতকালত আপোনাৰ শৰীৰটো গৰম কৰি ৰাখিব পাৰে।

হালধি আৰু আদাৰ চুপ
চৰ্দি আৰু কাহৰ বাবে হালধি আৰু আদাৰ চুপ এক উৎকৃষ্ট ঘৰুৱা ঔষধ। হালধিত থকা কাৰকুমিন আৰু আদাত পোৱা এন্টিঅক্সিডেন্টে শৰীৰৰ তাপ বজাই ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। চৰ্দি আৰু কাহৰ পৰা উপশম পোৱাৰ ক্ষেত্ৰটো এই চুপ অতি ফলপ্ৰসূ। হালধি, আদা, জালুক আৰু কুহুমীয়া পানীৰ মিশ্ৰণ তৈয়াৰ কৰি উতলাই লওক। ৰুচি অনুসৰি তাত নেমু আৰু মৌও দিব পাৰে।

বিলাহীৰ চুপ
বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। লগতে শীতকালত শৰীৰক গৰম কৰি ৰখাত সহায় কৰে। বিলাহীৰ চুপ খালে শৰীৰত সতেজতা পোৱাই নহয় হজম শক্তিও উন্নত হয়। বিহালী উতলাই তাৰ পিউৰি বনাই হালধি, পিয়াঁজ আৰু মছলা যেনে জালুক, ক’লা নিমখ আদি দি ৰান্ধিব।

গাজৰ আৰু চালগোমৰ চুপ
গাজৰ আৰু চালগোমৰ চুপে শীতকালত শৰীৰক গৰম কৰি ৰখাই নহয় আপোনাৰ চকুৰ বাবেও উপকাৰী। গাজৰত বিটা কেৰটিন থাকে যিয়ে ছাল আৰু চকুৰ স্বাস্থ্য উন্নত কৰে। আনহাতে চালগোমে শৰীৰৰ তাপ বজাই ৰখাত সহায় কৰে। এই চুপত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত হজম শক্তিও সুস্থ হৈ থাকে। গাজৰ আৰু চালগোম সৰু সৰুকৈ কাটি উতলাই তাৰ পিছত মিক্সাৰত পিউৰি কৰি ৰুচি অনুসৰি নিমখ, জলকীয়া আৰু মছলা দি চুপ প্ৰস্তুত কৰক।

মটৰ আৰু পনিৰৰ চূপ
এই চুপত ভাল পৰিমাণৰ কাৰ্বহাইড্ৰেট আৰু প্ৰটিন থাকে। লগতে পনিৰে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ঠাণ্ডাৰ পৰা ৰক্ষা কৰে। এই চুপত সঠিক পৰিমাণত প্ৰটিন আৰু আঁহ থাকে, যিয়ে আপোনাক দিনটোৰ ভিতৰতে শক্তিশালী কৰি ৰাখে। মটৰ আৰু পনিৰৰ টুকুৰা পানীত দি উতলাই লওক। তাৰ পিছত এই মিশ্ৰণটো ভালদৰে সিজাই মিক্সাৰত পিহি নিজৰ ৰুচি অনুসৰি মছলা দিব।

কচু আৰু মগু দাইলৰ চূপ
কচুত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন কে থাকে, যিয়ে শৰীৰৰ শক্তি বজাই ৰখাত সহায় কৰে। মগু দালি প্ৰটিন আৰু আঁহৰ উত্তম উৎস। বিশেষকৈ এই চুপে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে আৰু শীতকালত শৰীৰক উষ্ণ আৰু সতেজ কৰি ৰাখে । কচু আৰু মগু দালি উতলাই ভালদৰে পিউৰি কৰি তাৰ পিছত ৰুচি অনুসৰি মছলা আৰু নিমখ দি গৰম চুপ প্ৰস্তুত কৰিব লাগে।

 

(বিশেষ দ্ৰষ্টব্যঃ ইন্টাৰনেটৰ সহায়ত লেখাটি প্ৰস্তুত কৰিছে পুতুমা মহন্ত শৰণীয়াই৷)

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *